মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ভেষজ গুণসমৃদ্ধ মধুৰি আম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেষজ গুণসমৃদ্ধ মধুৰি আম

ভেষজ গুণসমৃদ্ধ মধুৰি আমৰ বিষয়ে লিখা হৈছে

মধুৰি আম-

 

মধুৰি আম সুস্বাদু আৰু খুবেই পুষ্টিকৰ। উদ্ভিদ বিজ্ঞানত মিৰটেচি গোত্ৰৰ অন্তর্গত মধুৰি আমৰ বৈজ্ঞানিক নাম চিডিয়াম গুৱাভা (Psidium guava)।

মধুৰি আমৰ উপকাৰিতা-

 

মধুৰি আমৰ পাত আৰু ফল নানা নহয়, ঔষধি গুণেৰে সমৃদ্ধ। মধুৰিআমৰ পুষ্টি গুণৰ বাবে ইয়াৰ পৰা উৎকৃষ্ট জাম, জেলী, চৰ্ব্বত আদি প্রস্তুত কৰা হয়। পকা মধুৰি আম শাৰীৰিক আৰু মানসিক শক্তিৰ উৎকৃষ্ট টনিক। ই ৰক্ত পৰিষ্কাৰ কৰি শৰীৰত হিম'গ্লবিনৰ মাত্ৰাও বৃদ্ধি কৰে। মুখৰ ঘা, দুৰ্গন্ধ, দাঁতৰ পায়োৰিয়া আদি ৰোগতেই মহৌষধৰ কাম কৰে। বদহজম বা পাকস্থলীৰ সমস্যাত দীর্ঘদিন ধৰি আক্রান্তসকলে নিয়মীয়াকৈ মধুৰি আম খাই এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰে। পকা মধুৰি আম আৰু ইয়াৰ কুমলীয়া পাত নিয়মীয়াকৈ খালে ছাল মসৃণ আৰু উজ্জ্বল হয়। মূৰৰ বিষ, গাঁঠিৰ বিষ, কটা-ছিঙা, অৰ্শ, গ্রহণী আনকি ডায়েৰীয়া ৰোগতো মধুৰি আম সুফলদায়ক।

  • দৈনিক ২০০ মিঃ লিঃ মধুৰি আমাৰ ৰস দুপৰীয়াৰ আহাৰৰ লগত খালে ৰক্ত পৰিষ্কাৰ হোৱাই হিম'গ্লবিনৰ মাত্ৰাও ই বৃদ্ধি কৰে।
  • গুটিবিহীন মধুৰি আম, সৈন্ধৱ লৱণ, জালুকৰ গুড়ি আৰু নেমুৰ ৰস মিহলাই চাটনি কৰি সপ্তাহত দুই-তিনিদিনকৈ খালে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে সকাহ পাব পাৰে।
  • মধুৰিআমৰ কুঁহিপাতৰ ক্কাথ সামান্য নিমখ মিহলাই দিনে দুই-তিনিবাৰকৈ মুখ কুলি কুলি কৰিলে ডিঙিৰ সুৰসুৰণি, প্রদাহ আদি দূৰ হয়।
  • কৌষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ পুৱাৰ জলপানত বা দুপৰীয়াৰ আহাৰৰ আগেয়ে গুটিবিহীন পকা মধুৰিআম নিয়মীয়াকৈ খাব পাৰে।
  • গুটি গুচোৱা মধুৰি আমাৰ কেইটামান টুকুৰাত ৩-৪ টোপাল কেঁচা হালধিৰ ৰস দি পুৱা খালী পেটত দুই-তিনি দিন খালে পেলুৰ পৰা শীঘ্ৰে সকাহ পাব পাৰে।

লিখক: প্ৰসাদ দাস, অসম বাণী।

3.03225806452
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top