মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মৌ ৰসৰ উপকাৰী গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৌ ৰসৰ উপকাৰী গুণ

মৌ ৰসৰ উপকাৰী গুণৰ বিষয়ে ইয়াত দিয়া হৈছে।

মৌ ৰসৰ পুষ্টিকাৰিতা আৰু ঔষধীয় বা বনৌষধীয় গুণনিহিত হৈ থাকে। মৌ ৰসৰ গুণাগুণৰ বিষয়ে প্রাচীন যুগৰ পৰাই চলি আহিছে। মৌ হৈছে মৌ-মাখিবিলাকে বিভিন্ন ফুলৰ পৰা সংগ্রহ কৰা মৌচাকত ৰখা এবিধ অমৃততুল্য খাদ্য। মৌৰ উপকাৰিতাৰ বিষয়ে ভাৰত, গ্ৰীচ, মিছৰ আদিৰ গ্ৰন্থসমূহত পোৱা যায়। আনহাতে মৌৰ উপকাৰিতাৰ বিষয়ে প্লেট', পি জি উডহাউছ, ৰাছেল আদি দার্শনিকৰ গ্ৰন্থত পোৱা যায়।

মৌৰ উপকাৰিতা

মৌ খালে ছালৰ মৃত কোষবিলাক সজীব হৈ উঠে আৰু ছালৰ উজ্জ্বলতা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে। তাৰ বাবেই মৌক বিভিন্ন প্রসাধন,ঔষধ, ক্ৰীম, লোচন আদিত ব্যবহাৰ কৰে। ছালৰ সৌন্দর্য বর্ধনত মৌ উৎকৃষ্ট।

  • এচামুচ মৌ ৰসৰ লগত সম পৰিমাণৰ আদাৰ ৰস আৰু নির্দিষ্ট পৰিমাণৰ নিমখ মিহলাই পান কৰিলে কৌষ্ঠ-কাঠিন্য ৰোগৰ পৰা হাত সাৰিব পাৰি।
  • এচামুচ মৌৰ লগত সম পৰিমাণৰ তুলসীৰ ৰস মিহলাই খালে শৰীৰৰ পৰা কাহ আঁতৰি যায়। মৌ খালে চর্দি, এলাৰ্জী আদি ৰোগে দেখা নিদিয়ে।
  • মৌ কণ কণ শিশুৰ বাবে মহৌষধ। এচামুচ মৌ পানীৰ লগত খালে শাৰীৰিক পৰিশ্ৰমত হোৱা অৱসাদ ভাব আঁতৰি যায়। ঘা শুকুৱাবলৈ মৌ ভাল।
  • কফৰ পৰা উপশম পাবলৈ দৈনিক এচামুচ মৌৰ লগত আদাৰস, নেমুৰস মিহলাই খালে সোনকালে ভাল হয়। নিয়মীয়াকৈ এচামচ মৌ খালে চৰ্মৰোগ, ব্রংকাইটিছ, বেক্টেৰিয়াজনিত ৰোগ আদিৰ পৰা আঁতৰি থাকিব পাৰি।
  • মৌ ৭৯ শতাংশ ১৭ বিধ জটিল শৰ্কৰা জাতীয় দ্রব্যৰে, বিশেষকৈ ফ্ৰুক্টজ আৰু গ্লুক'জেৰে গঠিত। ই চেনিতকৈ মিঠা। ইয়াত থকা নিম্ন পৰিমাণৰ কেলৰি বৰ প্রয়োজন। মৌত থকা শৰ্কৰা, ফ্ৰুক্ট’জ আৰু গ্লুক’জে মাংসপেশী, মস্তিষ্কত পুষ্টি যোগোৱাৰ লগতে নিদ্রাহীনতা দূৰ কৰাত সহায় কৰে।
  • মৌ যদিও শিশু আৰু প্রাপ্তবয়স্কৰ কাৰণে পুষ্টিকৰ খাদ্য হিচাপে ধৰা হয়, তথাপি এবছৰতকৈ কম বয়সৰ শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত বাধ্য-বাধকতা আছে।
  • মৌৰ পুষ্টিকাৰিতা আৰু ঔষধীয় দুয়োটা গুণেই নিহিত থকা বাবে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত যথেষ্ট অৰিহণা যোগায়। মৌ সৌন্দর্য চর্চাৰ এক উত্তম উপায়। নিয়মিতভাবে মৌ খোৱাৰ অভ্যাস কৰক। আপোনাৰ স্বাস্থ্য সতেজ-সবল হোৱাৰ উপৰি সুন্দৰ হ’ব ধৰিছে।

লিখক: ভৃগু প্ৰতিম ডেকা।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top