মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মগজুৰ কল শ্ৰীবৃদ্ধিত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মগজুৰ কল শ্ৰীবৃদ্ধিত :

মগজুৰ কল শ্ৰীবৃদ্ধিত, সেই বিষয়ে লিখা হৈছে ।

কল খালে বল বাঢ়ে বুলি কয় অথচ বৃদ্ধি বাঢ়ে বুলি নকয়। বুদ্ধিৰ ভঁৰাল মগজু আৰু সম্প্ৰতি প্ৰকাশ হোৱা মতে, কলে মগজুৰ উন্নতি সাধন কৰে।

মগজুক স্মৰণ শক্তিৰ লগত জড়িত কৰা হয়, যি শক্তি মানসিক তথা কায়িক সামৰ্থ্যৰ কাৰক। ই তথ্য মনত সঞ্চয় কৰে আৰু উপযুক্ত সময়তে তথ্য মনত স্মৰণ কৰি কামত লগাব পাৰে।

আৱশ্যক হোৱা পৰত লাগতিয়াল তথ্য মনত পেলাব নোৱৰা লোক নিৰ্বোধ বুলি পৰিগণিত হয়।

নানা জাতৰ কল পোৱা যায়, যেনে-

  • আঠিয়া,
  • মনোহৰ,
  • মালভোগ,
  • চেনিচম্পা,
  • বৰতমণি,
  • জাহাজী,
  • জুৰমণি আদি।

প্ৰত্যেকৰে সোৱাদ সুকীয়া ধৰণৰ। কল সাধাৰণতে পকিলে খায়। অৱশ্যে কেঁচা কলো তৰকাৰী হিচাপে খোৱা হয়।

পূৰঠ হোৱাৰ আগেয়ে জাহাজী কলো এই কামত লগায়। ইয়াৰ সঁচ বিদেশৰপৰা জাহাজেৰে অনা হৈছিল বাবে এনে নাম।

সাম্প্ৰতিক কালত কলৰ ৰাসায়নিক বিশ্লেষণ কৰি বৈজ্ঞানিক উপায়েৰে ইয়াৰ উপযোগিতা ঠাৱৰ কৰা হৈছে।

পকা কলত চেনি উভৈনদী হোৱাৰ উপৰি কম পৰিমাণে প্ৰ’টিন, খনিজ পদাৰ্থ তথা যথেষ্ট খাদ্যপ্ৰাণ থাকে।

দেহৰ বৃদ্ধিৰ বাবে প্ৰ’টিন অপৰিহাৰ্য বাবে বাঢ়নীয়া শিশুক অধিক পৰিমাণে প্ৰ’টিনৰ আৱশ্যক। শৰীৰৰ আৱশ্যক অনুসৰি কলত সম পৰিমাণৰ লো থাকে।

কলত যথেষ্ট পৰিমাণে ক, খ তথা গ খাদ্যপ্ৰাণ থাকে। দেহক ক খাদ্যপ্ৰাণৰ নাটনি হ’লে মানুহ কুকুৰীকণা হয়। চকুৰ অক্ষিপটত বা ৰেটিনা দুবিধ স্নায়ুকোষেৰে গঠিত- দণ্ড আৰু শংকু কোষ।

অক্ষিপটত পোহৰ পৰিলে এই কোষবোৰে শোষণ কৰি ৰাসায়নিক তথা বিদ্যুৎ শক্তিত পৰিণত কৰে বাবে আমি দেখো।

দণ্ডকোষত ৰ’ড’পছিন নামৰ আলোক সংবেদী ৰাসায়নিক পদাৰ্থ থাকে যি ক খাদ্যপ্ৰাণৰ সৃষ্টি। এই খাদ্যপ্ৰাণৰ অভাৱত ৰ’ড’পছিন প্ৰস্তুত নহয় বাবে দণ্ডকোষ অকামিলা হয়, ফলত মানুহে কম পোহৰত দেখা নাপায় সেই সমস্যাই হৈছে কুকুৰীকণা।

পকা কল বৰ পুষ্টিকৰ আৰু সহজে জীন যায়। পকা কল খালে জুলাপৰ দৰে কাম কৰি কোষ্ঠকাঠিন্য বিদূৰ কৰে।

কেঁচুৱাৰ বাবে ই এবিধ উত্তম আহাৰ, যাক প্ৰথম গোটা খাদ্য হিচাপে খুৱায়। কলৰ কেলৰি মূল্য যথেষ্ট বেছি, যাৰপৰা দেহে প্ৰচুৰ পৰিমাণে উত্তাপ তথা কৰ্মশক্তি লাভ কৰে।

মধ্যম আকৃতিৰ পকা কল এটাৰপৰা দেহে ৯০ কেল’ৰি শক্তি লাভ কৰে। কলত চৰ্বি মাথোন ০.২ শতাংশ থাকে বাবে ই শৰীৰৰ মেদ বৃদ্ধি নকৰে।

তদুপৰি ই ক’লেষ্টেৰল বিহীন হোৱা হেতুকে ৰক্তবাহী নলী ঠিকে থাকে। কল প্ৰচূৰ পৰিমাণে পটাছিয়াম সমৃদ্ধ হোৱা হেতুকে দেহত পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰে। এটা কলতে তিনিটা আপেলৰ সমান ৪৫০ মিলিগ্ৰাম পটাছিয়াম থাকে।

মগজু কাৰ্যক্ষম হৈ থাকিবলৈ বিশেষ ধৰণৰ খাদ্যৰ আৱশ্যক যি সুস্থ চৰ্বি, ফল-মূল, শাক-পাচলি, চৰ্বি নথকা মাংস আৰু প্ৰচুৰ খাদ্যপ্ৰাণ তথা খনিজ লৱণেৰে সমৃদ্ধ হোৱা প্ৰয়োজন।

এই খাদ্য সামান্য পৰিমাণে গ্ৰহণ কৰিলে মগজু দুৰ্বল হয়। এইবোৰ সঠিক পৰিমাণে খালে মগজু সবল হোৱাৰ লগত স্মৰণ শক্তি তথা মনোযোগ উন্নত হয়।

মগজুৰ সুস্বাস্থ্যৰ বাবে তোলাল মাছ উপকাৰী, যিবোৰ সাগৰত থাকে।

এইক্ষেত্ৰত-

  • ব্ৰ’কলি,
  • ৰঙালাউৰ গুটি,
  • কণী,
  • সুমথিৰা,
  • হালধি,
  • সেউজীয়া চাহ,
  • কল,
  • বাদাম জাতীয় ফল অতিশয় উপকাৰী।

মগজুৰ সুস্থতা তথা স্মৰণ শক্তিৰ উন্নতি সাধন কৰিবলৈ কল অতি উত্তম খাদ্য। ইয়াত শক্তিৰ পৰিমাণ নিচেই সামান্য, চৰ্বিৰ পৰিমাণো অতি কম, ক’লেষ্টেৰ’লবিহীন, য’ত যথেষ্ট আঁহ থাকে।

ইয়াত থকা ফ্ৰুক্ট’জ নামৰ পদাৰ্থ শক্তিৰ আধাৰ, য’ত থকা খ খাদ্যপ্ৰাণ তথা মেগনেছিয়াম বোধ শক্তিৰ বিকাশৰ কাৰক। কলত থকা নানা জৈৱিক, ৰাসায়নিক পদাৰ্থবোৰে ছেৰ’টনিন, ড’পামাইন উৎপাদন কৰে যিবোৰে আমাৰ মেজাজ নিয়ন্ত্ৰণ কৰে।

মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসা কেন্দ্ৰৰ মতে, দেহে এই এমাইন’ অম্লবোৰ যথেষ্ট পৰিমাণে পালে মানুহক শান্ত তথা মনোযোগী কৰি উদ্বেগ তথা মানসিক চাপৰপৰা মুক্তি কৰে।

শক্তি উৎপাদনৰ বাবে শৰীৰৰ কোষত খাদ্যৰপৰা এম’নিয়া উৎপাদন কৰে যিয়ে স্মৰণ শক্তি তথা মনোযোগ বিঘ্নিত কৰে। কলত প্ৰচুৰ পৰিমাণে থকা মেগনেছিয়ামে এম’নিয়াক ইউৰিয়াত পৰিণত কৰি দেহৰ বাহিৰ কৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষনাৰ ফল অনুসৰি নিয়মিতভাৱে বাদাম জাতীয় তেলাল ফল খালে মানুহ দীৰ্ঘজীৱি হোৱাৰ লগতে স্মৰণ শক্তি বাঢ়ে। এক লাখ লোকৰ ওপৰত চলোৱা গৱেষনাই নিয়মিয়াকৈ বাদাম খোৱা লোকৰ মৃত্যুৰ হাৰ বাদাম নোখোৱা লোকতকৈ কুৰি শতাংশ কমে বুলি জনাইছে। কিন্তু স্মৰণ শক্তিৰ বেলিকা সকলো বাদাম জাতীয় ফলৰ অৰিহণা একে নহয়। কাঠ বাদাম, চীনা বাদাম আদি মগজুৰ অতিশয় উপকাৰী।

লেখক: আনন্দ দেৱগোস্বামী(দৈনিক অসম)

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top