মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মগু মাহৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মগু মাহৰ ঔষধি গুণ :

মগু মাহৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

মগু এবিধ মাহজাতীয় উদ্ভিদ। ইয়াৰ মাখি পাতৰ সংখ্যা বিযোৰ। ইয়াৰ চিৰা(ফল) ১০ ৰ পৰা ১২ চেন্টিমিটাৰমান দীঘল হয় আৰু ০.৫ চেন্টিমিটাৰমান বহল হয়। চিৰাবোৰত প্ৰায় ১০-১২ টামানকৈ বীজ থাকে। ইয়াক সাধাৰণতে দাইল হিচাপে খোৱা হয় যদিও বিভিন্ন পূজাত প্ৰসাদ হিচাপেও আগ বঢ়োৱা হয়। মগু মাহ এনেয়ো তিয়াই খোৱা হয়। ই এবিধ পুষ্টিকৰ খাদ্য। ই প্ৰ’টিনযুক্ত। মগু মাহৰ পৰা বৰফি, হালোৱা আদি উপাদেয় খাদ্য তৈয়াৰ কৰা হয়। ইয়াক পিহি আদা-নহৰু, জলকীয়াৰে তৈয়াৰ কৰা চাটনিও সোৱাদযুক্ত। মগুমাহৰ ঔষধি গুণো আছে। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*পিত্তশূল ৰোগীৰ বাবে মগুমাহ উপকাৰী।

*মগু মাহ সহজে হজম হয় কাৰণে ইয়াক ৰোগীৰ পথ্য হিচাপে ব্যৱহাৰ কৰা হয়।

*গোটা মগুমাহ তিয়াই পুৱা খালী পেটত খালে কোষ্ঠকাঠিন্য দূৰ হয়।

*মগুমাহ বটি মুখত লগালে ছাল নিমজ আৰু সজীৱ হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top