মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মধুমেহ প্ৰতিৰোধী পাচলি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মধুমেহ প্ৰতিৰোধী পাচলি

মধুমেহ প্ৰতিৰোধী পাচলি ভেণ্ডিৰ বিষয়ে লিখা হৈছে

ভেণ্ডি এবিধ সেউজীয়া ফল, যাক পাচলিৰূপে খোৱা হয়। জলকীয়াও সেউজীয়া তথাপি পূৰঠ হ’লে ৰঙা বৰণ লয়। ভেণ্ডি পূৰঠ হ’লে টান তথা খোৱাৰ অনুপযোগী হয় যদিও বহুতে পূৰঠ ভেণ্ডি টেঙা দি ৰান্ধি খায়, তেতিয়া ই পাতল হালধীয়া বৰণ লয়।

ভেণ্ডি জহকালিৰ পাচলি, খাবলৈ জুতি লগা আৰু ইয়াৰ উপকাৰ অনেক। কুমলীয়া ভেণ্ডি বীজলুৱা পদাৰ্থৰে ভৰা। ভেণ্ডিত যথেষ্ট পৰিমাণে ভক্ষ্য আঁহ থাকে। আঁহ থকা খাদ্য সহজে জীন যায়। আঁহবোৰে পাচ্য খাদ্যৰ সঞ্চালন নিয়মীয়া কৰে। ইয়াৰ ফলত খাদ্য হজম হ’বলৈ সৰহ পৰ নালাগে। ভেণ্ডি বীজলুৱা হোৱাৰ মূলতে ইয়াত পেকটিন নামৰ পদাৰ্থ থাকে। এইবিধ উপাদানে পানী শোষণ কৰি ফুলি উঠে। ফুলি উঠা পেকটিন কণিকাবোৰে বৰ্জ্য। পদাৰ্থবোৰ সহজে অন্ত্ৰৰ পৰা বাহিৰ উলিয়াই দিয়ে। এই প্ৰক্ৰিয়াত কোষ্ঠকাঠিন্য দূৰ হয়। ভেণ্ডি নিয়মিতভাৱে খাদ্য হিচাপে গ্ৰহণ কৰিলে বিপাক ক্ৰিয়াৰ উন্নতি সাধন হয়।

সাম্প্ৰতিক কালৰ স্বাস্থ্য সচেতন লোকসকলে দেহৰ ওজনৰ ওপৰত সততে নজৰ ৰাখে। শৰীৰৰ ওজন বাঢ়ি গ’লে চলন ফুৰণত অতিশয় অসুবিধাৰ সৃষ্টি হোৱাৰ উপৰিও মেদবহুল শৰীৰ নানা বেমাৰৰ বাহ হৈ পৰে। খাদ্য হিচাপে গ্ৰহণ কৰিলে ভেণ্ডিয়ে দেহৰ ভাৰ বৃদ্ধি হ’বলৈ নিদিয়ে।

এশ গ্ৰাম সতেজ ভেণ্ডিয়ে মাথোন ত্ৰিছ কিলো কেলৰি শক্তিহে যোগান ধৰিব পাৰে। তাৰোপৰি এই খাদ্যত অধিক পৰিমাণে ভক্ষ্য আঁহ থাকে বাবে দেহৰ ওজন হ্ৰাস কৰাত ই উপযোগী খাদ্য। ই শৰীৰক সৰ্বনিম্ন শক্তি যোগান ধৰাৰ লগতে ইয়াত থকা ভক্ষ্য আঁহে আমাৰ ভোক সহজে নিবাৰণ কৰি ভূৰি ভোজনত বাধ প্ৰদান কৰে। এই পচলি নিয়মিতভাৱে খাদ্য তালিকাত অন্তৰ্ভুক্ত হ’লে মেদবহুলতা এৰাই চলিব পাৰি।

কলেষ্টেৰল নামৰ পদাৰ্থই শৰীৰ মেদবহুল কৰাৰ উপৰিও কলিজাৰ বিকাৰ ঘটোৱা কাৰকবোৰক প্ৰভাৱিত কৰে। এই পদাৰ্থ সাধাৰণতে দুই প্ৰকাৰৰ বহু বছৰ আগৰে পৰা জনা মতে সংপৃক্ত চৰ্বিতে তেজৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, আনহাতে অসংপৃক্ত চৰ্বিয়ে তেজৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। তেজত ভাল তথা বেয়া কলেষ্টেৰলৰ অনুপাত সঠিক কৰি ৰাখে। সেইবাবে বাদাম, সৰিয়হ, বেলিফুল, চাউলৰ মল আদিৰ পৰা আহৰণ কৰা উদ্ভিদজাত তেল নিৰোগী বুলি পৰিগণিত হৈছে। পেকটিনে তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। ফলত ৰক্তবাহী নলীত কলেষ্টেৰল জম হোৱাত বাধা জন্মায়। যাৰ ফলত তেজৰ ডকা বন্ধ ৰোধ কৰাটো সম্ভৱপৰ। ভেণ্ডিত পলিফেলনৰ দৰে দৰে প্ৰতিজাৰক পদাৰ্থও থাকে। এই প্ৰক্ৰিয়াৰ বাবে কলেষ্টেৰলৰ জাৰণত বাধা প্ৰদান হয় আৰু ৰক্তবাহী নলী তেজ চলাচলৰ উপযোগী কৰি ৰাখে। ফলত কলিজাৰ বিকাৰ প্ৰতিহত কৰে।

নিয়মিতভাৱে ভেণ্ডি খাদ্য হিচাপে গ্ৰহণ কৰি মধুমেহ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াত থকা উচ্চ মানৰ ভক্ষণীয় আঁহে দেহৰ পাকস্থলী অন্ত্ৰনলীৰ পৰা শৰ্কৰা শোষণৰ হাৰ নিয়ন্ত্ৰণ কৰে। ফলত তেজৰ শৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰে। তাৰোপৰি কাৰ্বোহাইড্ৰেটৰ বিপাকৰ বাবে লাগতিয়াল উৎসেচকৰ ক্ৰিয়া ৰোধ কৰি তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে। ভেণ্ডিত উচ্চ মাত্ৰাৰ প্ৰতিজাৰক পদাৰ্থ থাকে। ফলত মুক্তমূলকৰ নিঃসৰণ প্ৰ্তিৰোধ কৰি কোষবোৰক হানিৰ পৰা ৰক্ষা কৰে আৰু প্ৰকাৰান্তৰে শৰীৰক কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰে।

এই পাচলিত থকা উচ্চ মাত্ৰাৰ ভক্ষণীয় আঁহবোৰে অন্ত্ৰক কৰ্কট ৰোগৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰে। ইয়াত থকা পেকটিনে শৰীৰক মেলান’মা ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। ভেণ্ডিত ‘খ’ খাদ্যপ্ৰাণ-৯ অথবা ফলিক অম্ল থাকে, যিয়ে লোহিত ৰক্ত কণিকাৰ গঠনত বিশেষ ভূমিকা পালন কৰে।

ভেণ্ডিত পেকটিন নামৰ পদাৰ্থ বুজন পৰিমাণে থাকে, যিবোৰে ছালৰ কৰ্কট ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে। ইয়াত থকা ‘ক’ খাদ্যপ্ৰাণ তথা বিটা কেৰোটিনে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত বিশেষ ধৰণৰ অৰিহনা যোগায়। এই পাচলিত ‘গ’ খাদ্যপ্ৰাণ যথেষ্ট পৰিমাণে থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা সঠিকভাৱে ৰাখে। ভেণ্ডিয়ে ছালখন চিকমিকিয়া কৰাৰ উপৰিও কৰাৰ উপৰিও সতেজতা প্ৰদান কৰে।

ভেণ্ডিত প্ৰচুৰ পৰিমাণে ‘খ’ খাদ্যপ্ৰাণ অথবা ফলিক অম্ল থাকে। সেয়ে মহিলাৰ গৰ্ভাৱস্থাত ভেণ্ডি খাই থাকিবলৈ পৰামৰ্শ দিয়া হয়। ফলেট নামৰ পদাৰ্থই মহিলাৰ গৰ্ভধাৰণ সহজ কৰাৰ উপৰিও ভ্ৰূণৰ বিকাশত সহায় কৰি গৰ্ভধাৰণ প্ৰতিৰোধ কৰে। ভেণ্ডিত ফলেট আৰু ‘কে’ খাদ্যপ্ৰাণ থাকে, ফলত ভেণ্ডি খালে ৰক্তহীনতাৰ চিকাৰ নোহোৱাকৈ ৰাখে। ভেণ্ডিত থকা ফলিক অম্ল মগজুৰ ভাল পুষ্টি হোৱা হেতুকে এই পাচলি নিয়মীয়াকৈ সেৱন কৰি মস্তিষ্ক সবল কৰি ৰাখিব পাৰি।

লেখক: আনন্দ দেৱ গোস্বামী

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top