অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাকাশ-খাদ্য

মহাকাশ-খাদ্য

 

খোৱাৰ কথা আহিলে, আমি বেছিভাগেই যিহকে পা‍ই তাকেই পেটত ভৰা‍ই দিওঁ বাপ্পেকে! বৰ সোৱাদ লগা বা প্ৰিয় খাদ্য বহুদিনৰ মূৰত পালেতো কথা‍ই না‍ই – পুৰা দমে দবাই দিওঁ। পিছে মহাকাশচাৰীসকলে বাৰু কি খাই কেইবা মাহো ধৰি মহাকাশত জীয়া‍ই থাকে? শূন্য মহাকৰ্ষণ বা কম আৰু নূন্যতম মহাকৰ্ষণত আন দৈনন্দিন কাম কাজৰ লগতে খাদ্য তৈয়াৰ কৰাৰো নিশ্চয় বহু সমস্যা? মহাকাশযান বা মহাকাশযাত্ৰীৰ কথা শুনিলে, দেখিলে বা পঢ়িলে এনে বহু প্ৰশ্ন মনত উদয় নহয়নে? আনফালে কাকত-আলোচনী বা টিভি আদিতো মহাকাশৰ খাদ্যৰ বিষয়ে কমকৈ আলোচনা হয়। আমাৰ অসমীয়া পিঠা-পনাৰ পৰা কে. এফ. চি., মেক ডি. আৰু বহু দেশী-বিদেশী খাদ্য আৰু তাৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে জনাৰ পিছত আহকচোন এ‍ইবাৰ মহাকাশৰ খাদ্যৰ সম্ভেদ লওঁ…

মহাকাশচাৰীসকলৰ বাবে তৈয়াৰ কৰা (ডিজা‍ইন কৰা আচলতে) সকলো খাদ্য প্ৰথমতে পুষ্টি কাৰক, সহজে হজম হোৱা আৰু সাধাৰণভাৱে সন্তোষজনক হ’ব লাগে। খাদ্যবোৰ শূন্য মহাকৰ্ষণত গ্ৰহণযোগ্য হ’বলৈ পাতল, বহুদিন আনকি বহুমাহ সাঁচি ৰাখিব পৰাকৈ ভালদৰে পেকিং কৰা তথা সহজে বিতৰণ কৰিব পৰা আৰু নূন্যতম আৱৰ্জনা সৃষ্টিকাৰী হ’ব লাগিব।

প্ৰথমাৱস্থাত (১৯৫৯-১৯৬৩) মহাকাশ আস্থানত ৰুছ আৰু আমেৰিকান মহাকাশচাৰীসকলক কেৱল নলীকাৰ পাত্ৰত থকা মলমজাতীয় খাদ্য (পেষ্ট), কিউব বা টেবলেট আৰু শুকান শীতল গুৰি খাদ্যহে খাবলৈ দিয়া হৈছিল। তেনে খাদ্যই মহাকাশচাৰীসকলক অভোক আৰু খাদ্য গ্ৰহণত বৰ অসন্তুষ্টি দিছিল। পিছলৈ মহাকাশত গ্ৰহণযোগ্য খাদ্যৰ ওপৰত আৰু অধিক গৱেষণা চলে। জেমিনী, এপোলো, মীৰ, ক্সা‍ইলেব, চযুজ আদি প্ৰতিটো মহাকাশ আস্থানতে বিভিন্ন মহাকাশ খাদ্যৰ বিভিন্ন পৰীক্ষামূলক ভোজন আৰু পিছলৈ মহাকাশচাৰীসকলৰ পুষ্টি সাধন হোৱাকৈ তেনে খাদ্যৰ তালিকা অতি সুচাৰুৰূপে তৈয়াৰ কৰা হয়- আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে‍ই আজিৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত মহাকাশচাৰীসকলৰ খাদ্য নিৰূপণ কৰা হয়।

বৰ্ত্তমান ‘আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান’ত (‘আমআ’ বুলিম নেকি?) গ্ৰহণযোগ্য খাদ্যৰ নিৰ্বাচনৰ প্ৰথম চৰ্তটো হ’ল মানসিক গ্ৰহণযোগ্যতা – তাৰ পিছতে‍ই (ক) বহুদিনলৈ সাঁচি ৰাখিব পৰা, (খ) নূন্যতম পেলনীয়া সামগ্ৰী সৃষ্টি কাৰক, (গ) পাতল, (ঘ) ‘আমআ-গেলেৰী’ (পুনৰ্জলীকৰণ আৰু ক’নভেক্সন অ’ভেন)ত সহজে প্ৰস্তুত কৰিব পৰা আৰু (ঙ) মহাকাশত সহজে গ্ৰহণ কৰিব পৰা আদি মানদণ্ড আৰু চৰ্তৰ ওপৰত ভিত্তি কৰিহে খাদ্য নিৰ্বাচন কৰা হয়। ওপৰোক্ত মানদণ্ডৰ উপৰিও সোৱাদ, ৰং, গোন্ধ আৰু গঠনৰ ওপৰত ভিত্তি কৰিও খাদ্যসমূহ বাচনি কৰা হয়।

মহাকাশচাৰীসকলে মুখ্যতঃ সান্দ্ৰ খাদ্য, কণী (স্ক্ৰাম্ব’ল্ড), ভাপ সিদ্ধ খাদ্য আদিহে গ্ৰহণ কৰে। বেছিকৈ আৱৰ্জনা সৃষ্টি কৰিব পৰা ব্ৰেড আদি কমকৈ খোৱা হয়। নিমখ পানীত দ্ৰৱণীয় কৰি আৰু মৰিছ আদি তেলত ঢালিহে খোৱা হয়।

মহাকাশ যাত্ৰাৰ কেইমাহমান আগৰে পৰা প্ৰতিজন মহাকাশচাৰীৰ ব্যক্তিগত পচন্দ মতে খাদ্যসমূহ নিৰ্বাচন কৰা হয়। ‘আমআ’ত সীমিত শীতলীকৰণ সুবিধাৰ বাবে পৃথিৱীৰ পৰাই কেইবামাহো সাঁচিব পৰাকৈ খাদ্যবোৰ বিশেষভাৱে প্ৰস্তুত আৰু পেকিং কৰি পঠোৱা হয়, যাতে মহাকাশচাৰীজনৰ সমগ্ৰ মহাকাশ-যাত্ৰা সে‍ই খাদ্যসম্ভাৰৰেই পৰ্য্যাপ্ত হয়।

সাধাৰণতে মহাকাশচাৰীসকলে প্ৰতিদিনে তিনিবাৰ মুখ্য আহাৰ আৰু এবাৰ বিস্কুট গ্ৰহণ কৰে। সুস্থ আৰু পুষ্টিকৰ আহাৰে শূন্য মহাকৰ্ষণৰ ফলত হ’ব পৰা হাড়, পেশী আৰু বিভিন্ন মানসিক অস্থিৰাৱস্থা নিয়ন্ত্ৰণত সহায় কৰে। মহাকাশ আস্থানৰ মেন্যু মতে প্ৰতিজন মহাকাশচাৰীয়ে প্ৰতিদিনে ১৯০০ ৰ পৰা ৩২০০ কেল’ৰিৰ ভিতৰত খাদ্য গ্ৰহণ কৰিব লাগে, অৱশ্যে এয়া লিংগ আৰু ওজনৰ সাপেক্ষে বেলেগ বেলেগ।

মহাকাশত গ্ৰহণযোগ্য খাদ্যবোৰ সাধাৰণতে বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে, তাৰ ভিতৰত:

১) সতেজ খাদ্য – আপেল, কমলা আদি ফল-মূল জাতীয় খাদ্য যিবোৰ পঠোৱাৰ প্ৰথম দুই দিনৰ ভিতৰতে খাই শেষ কৰিব লাগে; মানসিক ভাৰসাম্যতা বজাই ৰখাৰ বাবে এনেবোৰ খাদ্য পঠোৱা হয়।

২) মধ্যমীয়া আৰ্দ্ৰতাৰে ভৰপুৰ খাদ্য – যেনে: শুকান গো-মাংস, শুকান এপ্ৰিকোট আদি। এনেবোৰ খাদ্য মাত্ৰ কিছু দিনলৈহে সাঁচি ৰাখিব পাৰি।

৩) ইৰেডিয়েটেড (Irradiated) খাদ্য ‌- যেনে: বিফষ্টিক, যিবোৰ radiation ionization পদ্ধতিৰে উষ্ণ আৰু বিশুদ্ধ কৰা হয়।

৪) প্ৰাকৃতিক খাদ্য – যেনে: বাদাম, বিস্কুট আদি।

৫) পুনৰ্জলীকৰণ খাদ্য (Rehydratable Foods) – এনেবোৰ খাদ্য গৰম কৰি, অ’ছ্ম’চিছ বা হিম-শোষক আদি বিভিন্ন পদ্ধতিৰে শুকুৱাই (খাদ্যত বেক্টেৰিয়াৰ সৃষ্টি কমাবলৈ নিৰ্জলীকৰণ কৰি) মহাকাশলৈ প্ৰেৰণ কৰা হয়- যিবোৰ গ্ৰহণ কৰাৰ আগতে মহাকাশ আস্থানত পুনৰ্জলীকৰণ কৰি লোৱা হয়। চাহ, কফি, লেম’নাড আদি অন্তৰ্ভুক্ত সকলো পানীয়ই পুনৰ্জলীকৰণ খাদ্যত পৰে। কফি, চাহ আদিৰ হিম-শুকান গুৰি মহাকাশচাৰীসকলৰ ব্যক্তিগত পচন্দ অনুসৰিহে পঠোৱা হয়।

৬) থাৰ্মোষ্টেবিলা‍ইজড – যেনে ট্যুনা চালাড, মটৰ চুপ আদি। এ‍ই পদ্ধতিৰে খাদ্য নষ্ট কাৰী সকলো বেক্টেৰিয়া আৰু অনুজীৱ ধংস কৰা হয়।

৭) দীৰ্ঘজীৱী খাদ্য – এ‍ই প্ৰকাৰৰ খাদ্য যেনে ৱাফেল, স্কোন আদি প্ৰায় ১৮ মাহ মানলৈ সাঁচি ৰাখিব পাৰি।

৮) আচাৰ বা কেটচআপৰ দৰে খাদ্য, লুণীয়া দ্ৰৱণ, মায়’নিজ আদিও কম পৰিমাণে হ’লেও মহাকাশলৈ পঠোৱা হয়।

‘আমআ’ত ৰুছ মহাকাশচাৰী সকলৰ বাবে ৩০০ ৰো অধিক খাদ্য বিকল্প আছে। বিখ্যাত ৰুছ বোৰ্ছ মহাকাশতো উপলব্ধ, তাৰোপৰি বিভিন্ন বাদাম জাতীয় খাদ্য, আপেল ছিপছ, ভাত, বাটুন (ৰুটী-কম পৰিমাণে), শুকান গো-মাংস, আংগুৰ ৰস, গুলাছ চুপ, চেনীবিহীন কফি, চেনীযুক্ত চাহ আদি। জাপান মহাকাশ অনুসন্ধান সংস্থাই তেওঁলোকৰ মহাকাশচাৰীসকলৰ বাবে বিশেষভাৱে নিৰ্মিত জাপানী খাদ্য যেনে ছুছি, য়াকান, ৰামেন, উমযুক্ত ভাত, মাটছা আদি পঠিয়া‍ই। ২০০৮ চনত দক্ষিণ-কোৰিয়াৰ প্ৰথম মহাকাশচাৰীজনে কিমছি নামৰ কোৰিয়াৰ জাতীয় খাদ্যবিধ মহাকাশলৈ নিছিল। উল্লেখযোগ্য যে বন্ধাকবিৰে বনোৱা খাদ্য মহাকাশত গ্ৰহণৰ উপযোগ্য হ’বলৈ বহু মিলিয়ন ডলাৰ খৰচৰ গৱেষণা কৰা হৈছিল। চীনা সকল মহাকাশত নতুন – ২০০৩ চনৰ মানৱ অভিযানত চীনদেশৰ প্ৰথম মহাকাশচাৰীজনে বিশেষভাৱে বনোৱা গাহৰি, কাং-পো মুৰ্গী, ভাত আৰু চীনা বনৌষধি চাহ খাইছিল। ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে মহাকাশলৈ আমাৰ অতিকৈ প্ৰিয় চিংৰা (চামোছা)ও লৈ গৈছিল।

পেকেজিং – মূলতঃ সংৰক্ষণৰ লক্ষ্যেৰে মহাকাশৰ খাদ্যবোৰ বিশেষ ধৰণৰে পেকেজিং কৰা হয়; পাতল, কম আৱৰ্জনা সৃষ্টিকাৰী আৰু মহাকাশত সহজে প্ৰস্তুত কৰিব পৰা খাদ্যহে অন্তৰ্ভুক্ত কৰা হয়। সকলো খাদ্য পেকেট বাৰ-কোড যুক্ত কৰা হয় যাতে প্ৰতিজন মহাকাশচাৰীৰ ব্যক্তিগত পুষ্টিৰ নিৰীক্ষণ সহজে কৰিব পাৰি। আকৌ লেবেলবোৰত খাদ্য তৈয়াৰ কৰাৰ নিয়ম বা প্ৰণালীসমূহ ইংৰাজী আৰু ৰুছ দু‍ইটা ভাষাতে লিপিবদ্ধ কৰা থাকে। ৰুছ খাদ্যসমুহ প্ৰধানতঃ কেন আৰু টিনত পেক কৰি পঠোৱা হয়- যিবোৰ অ’মিক পদ্ধতিৰে সহজে ‘আমআ’ ত গৰম কৰিব পাৰি বা কেন-খোলকৰ সহায়ত খুলি সহজে গ্ৰহণ কৰিব পাৰি। বোৰ্ছ নামৰ বিখ্যাত ৰাছিয়ান চুপবিধো মহাকাশচাৰীসকলৰ বাবে অলপ ডাঠ মলম হিচাপে তৈয়াৰ কৰি ‘ভদকা’ নামকৰণেৰে মহাকাশলৈ প্ৰেৰণ কৰা হয়। নাছাই পঠোৱা খাদ্যসমূহ retort pouches বা হিম-শুকান পদ্ধতিৰে পেকিং কৰা হয়। আকৌ খাদ্যপেকিংবোৰ ওলোমোৱাৰ সুবিধা থকা বিশেষ ট্ৰেত বান্ধি দিয়া হয়।

মহাকাশচাৰীসকলে যিকোনো পানীয়ই খোৱাৰ বাবে নলী ব্যৱহাৰ কৰিবই লাগিব – অন্যথা শূন্য মহাকৰ্ষণৰ বাবে পানীয় খিনি টোপাল টোপাল হৈ চাৰিওফালে ওপঙি থাকিব। কোকা-কোলা, পেপছি আদি শীতল পানীয়ও পৰীক্ষামূলকভাবে মহাকাশচাৰীসকলক খাবলৈ দিয়া হৈছে। শূন্য মহাকৰ্ষণৰ বাবে এনে শীতল-পানীয়ইূ পেটত গৈ তৰল আৰু গেছ পৃথক কৰাৰ ক্ষেত্ৰত হোৱা সমস্যাৰ বাবে মহাকাশচাৰীসকলৰ বমি হয়। বীয়েৰ আদি সুৰাজাতীয় পানীয়ও মহাকাশত পৰীক্ষামূলক ভাবে পান কৰা হৈছে।

পানী – উল্লেখনীয় যে ‘জ্জেজদা’ (ৰাছিয়ান) আৰু ‘ডেন্সিটি’ (আমেৰিকান) নামৰ ৰিকোভাৰী চিষ্টেমৰ সহায়ত মহাকাশচাৰীসকলৰ গা ধোৱা পানী, ঘাম, প্ৰস্ৰাৱ আদি পুনঃব্যৱহাৰযোগ্য তথা খাব পৰা পানীলৈও পুনঃৰূপান্তৰ কৰা হয়।

খাদ্য যোগান – মহাকাশ যাত্ৰাৰ সময়তে প্ৰতিজন মহাকাশযাত্ৰীৰে সমগ্ৰ অভিযানটোৰ বাবে‍ই পৰ্য্যাপ্ত খাদ্য লৈ যোৱা হয় যদিও সময়ে সময়ে ৰুছ, জাপান আৰু আমেৰিকাৰ মানৱবিহীন মহাকাশ যানে (মডুল) প্ৰয়োজনীয় নতুন আৰু সতেজ খাদ্য (আৰু আন প্ৰয়োজনীয় সামগ্ৰী)ৰ যোগান ধৰে। এ‍ই ক্ষেত্ৰত শেহতীয়া ভাবে ব্যক্তিগত খণ্ডৰ স্পেছ-এক্স আৰু অৰ্বিটেল-চা‍ইণ্স নামৰ কোম্পানীদুটায়ো ‘আমআ’লৈ পুনঃযোগান মহাকাশযান পঠা‍ইছে।

দীৰ্ঘ দূৰত্বৰ আৰু দীঘলীয়া সময়ৰ মহাকাশ অভিযানৰ বাবে মহাকাশ খাদ্য- (হিউম্যেন চিষ্টেম ইঞ্জিনিয়াৰিং) নাছাৰ ‘Advanced Food Technology Project’ আৰু ইউৰোপ, ৰুছ আৰু চীনদেশৰ প্ৰকল্প মাৰ্ছ-৫০০ ত দীৰ্ঘ দূৰত্ব আৰু দীঘলীয়া সময়ৰ (২-৫ বছৰ বা তাতোকৈ বেছি) মানৱ মহাকাশ অভিযানত মহাকাশচাৰী সকলৰ খাদ্যৰ বাবে বিভিন্ন অধ্যয়ন কৰা হৈছে। এনে অভিযানৰ বাবে অতিকৈ কম ভৰৰ, উচ্চ পুষ্টি যুক্ত আৰু বহু দীৰ্ঘ জীৱনকালৰ কম আৱৰ্জনা সৃষ্টিকাৰী খাদ্যহে উন্নত পেকেজিং প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত (ডিজা‍ইন) আৰু দীৰ্ঘসময় মহাকাশ ৰশ্মিৰ পৰিবেশত সংৰক্ষণ কৰাৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে।

আমাৰ অসমীয়া লাড়ু-পিঠাও কেতিয়াবা মহাকাশ পাবগৈ – অনাগত ভবিষ্যতত কোনো অসমীয়া‍ই মহাকাশৰ বুকুতো উৰুকা পালন কৰিব, তাৰেই কামনা কৰিলোঁ |~

উৎস: ৰুছ, আমেৰিকা, জাপান আৰু কেনাডা মহাকাশ সংস্থা, মাৰ্ছ-৫০০, ইংৰাজী আৰু ৰুছ ৱিকিপিডিয়া।

* ‘আমআ’ – আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান (International Space Station, ISS)

লিখক: ধনজিৎ কুমাৰ শৰ্ম্মা

3.0125
চন্দন কুমাৰ দাস Jun 09, 2017 01:14 PM

জানি ভাল লাগিল-মোৰ শিশু লৰাজনে সুধিছিল-মহাকাশত কি খায়

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top