মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মহানিমৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহানিমৰ উপকাৰিতা :

মহানিমৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

আমাৰ চৌপাষে আমি সদায় দেখি থকা মহানিম গছজোপাৰ বিষয়ে আমি কিমান জানো বাৰু? মোৰ বিশ্বাস আজিৰ এই চমু লিখনিটো পঢ়াৰ পিছত আপুনি দেখি থকা মহানিম গছজোপাক আপোনাৰ বেচি আপোন যেন লাগিব৷

মহানিমৰ আন আন নাম হ'ল - ইংৰাজীত Indian Lilac আৰু margosa৷ বাংলা, নেপালী, মণিপুৰী, সিন্ধী আৰু উৰ্দুত অসমীয়াৰ সৈতে একে নিম৷ মাৰাঠীত কডুনিম্ব, কানাড়াত বেভু, গুজৰাটীত ধনুজহাদা, মলয়ালমত আৰ্য়াভেপু ,পঞ্জাবীত নিমহ্, তেলেগুত ভেপা বোলে৷ জাৰ্মানীত Indischer zedrach, ফৰাচীত Azadirac de l'Inde, পাৰ্চি ভাষাত Azad Darakth e hind আৰু নাইজেৰিয়াত Dongoyaro বোলে৷ সংস্কৃতত মহানিমক এৰিষ্টা, পকভক্ৰিটা আৰু নিম্বক বোলে৷ সংস্কৃত নামাকৰণৰ ভাৱাৰ্থ হ'ল-অবিনাশী, স্বয়ংসম্পূৰ্ণ আৰু সঠিক৷

নিম বা মহানিমৰ ব'টানিকেল নাম হ'ল Azadirachta indica ৷

মহানিমৰ বৰ্ণনা পৌৰাণিক 'শ্ৰুসুতসংহিতা' আৰু 'চৰকসংহিতা' গ্ৰন্থত পোৱা যায়৷ মহানিমৰ প্ৰধান ওপজা স্থান হ'ল ভাৰতভূমি- সেয়ে হেজাৰ বছৰ আগৰ পৰা এই মহানিম গছক ভাৰতীয় সকলে জনজীৱনত নানাধৰণে প্ৰয়োগ কৰি আহিছে৷ আয়ুৰ্বেদৰ উৎপত্তিস্থলো হ'ল ভাৰতবৰ্ষ৷ আয়ুৰ্বেদত মহানিমৰ নানান প্ৰয়োগৰ বিতং বিৱৰণ উপলব্ধ৷ আমাৰ দেশৰ পিছতে মহানিমৰ গছ সৰহকৈ পোৱা দেশসমূহ হ'ল- ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ড, কম্বোডিয়া, লাউচ, নেপাল, বাংলাদেশ, পাকিস্তান, ইৰাণ আৰু শ্ৰীলংকা।

অস্ট্ৰেলিয়া মহাদেশলৈ ১৯৪০চনত পোন প্ৰথমবাৰৰ বাবে মহানিম গছৰ ৰপ্তানি হয়৷ ১৯৬০চনৰ পৰা ১৯৮০চনলৈ অস্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত মহানিম গছৰ বৃক্ষৰোপন চলি থাকে৷ বৰ্তমান বিশ্বৰ প্ৰায় সকলো অঞ্চলতেই কম বেচি পৰিমাণে মহানিমৰ উপস্থিতি দেখা যায়৷ এই চিৰসেউজ গছৰ বিশেষত্ব হ'ল যে ই কম পানীতো জীয়াই থাকিব পাৰে৷ সেয়ে ইয়াক মৰুভূমি ৰোধকৰণৰ বাবে ব্যৱহাৰ কৰা হয়৷ মধ্যপ্ৰাচ্যৰ মৰুময় দেশ সংযুক্ত আৰব আমীৰাট আৰু কাটাৰ দেশলৈ ভাৰতবৰ্ষৰ পৰা হেজাৰ হেজাৰ মহানিমৰ পুলি প্ৰতিবছৰে ৰপ্তানিহৈ আহিছে।

মহানিম গছৰ উচ্চতা ৬০ ফুটৰ পৰা ১২০ ফুট বা ততোধিক হব পাৰে৷ ই এবিধ ক্ষিপ্ৰভাবে ঠাল-ঠেঙুলি মেলি বহল ডাঙৰ হোৱা স্বভাবৰ গছ৷ ফলত গছে ভাল ছাঁ দিয়ে৷ এই গছৰ বা স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি অতীজৰ পৰা ভাৰত বাসীসকলে ভাবি আহিছে৷ ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু ইয়াত মাৰ্বলতকৈ সৰু আকৃতিৰ দেখিবলৈ জলফাই আকৃতিৰ ফল লাগে৷ ইয়াৰ মিহি মিহি পাতবোৰৰ স্বাদ খাবলৈ তিতা৷ মহানিম গছৰ কিছু সাদৃশ্য ঘোঁৰা নিম গছৰ সৈতে দেখা যায়৷

মহানিম আৰু ঘোঁৰা নিম দুবিধ বেলেগ গছ৷ দুয়োবিধ গছক পাঠকে সুকীয়াকৈ চিনাক্ত কৰাটো লাগতিয়াল কথা৷ কিয়নো ঘোঁৰা নিম এবিধ বিষাক্ত গছ৷ ইয়াৰ পাত বা গুটি মানুহে ভক্ষণ কৰিলে শৰীৰৰ অনেক ক্ষতিসাধন হব পাৰে৷ বমি, ডায়েৰিয়া, তেজ হাগনি, মূৰৰ বিষ, অৱশতা, পেৰলাইচিচ, স্নায়বিক দূৰ্বলতা আদি হব পাৰে৷ কিয়নো ইয়াৰ ৰস হ'ল - Neurotoxic৷

কেনেকৈ_গছ_দুবিধ_চিনিব?

মহানিমৰ পাতৰ ৰঙ উজ্বল সেউজীয়া৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ পাতল সেউজীয়া৷ ঘোঁৰা নিম গছৰ পাতৰ ৰঙ মহানিমৰ পাতৰ ৰঙতকৈ যথেষ্ট পাতল৷ মহানিমৰ পাত চুবলৈ মিহি৷ ঘোঁৰা নিমৰ পাত মিহি নহয়৷ আনহাতে ডাল বিন্যাস দুয়োবিধ গছৰ বেলেগ বেলেগ৷

এতিয়া ঘোঁৰা নিমৰ বিষয়ে দুআষাৰ কৈ লওঁ:

বঙালীসকলেও এই গছক ঘোঁড়া নিম নামেৰেই মাতে৷ ঘোঁৰা নিমৰ আন পৰিচিত নামসমূহ হ'ল- Persian lilac, Chinaberry, Ceylon cedar, White cedar আদি৷

মূলত: এই গছৰ প্ৰধান বসতিস্থল হ'ল - ভাৰত, চীন আৰু অস্ট্ৰেলিয়া৷ চৰাইয়ে ঘোঁৰা নিমৰ গুটি খাই সিঁচৰিত কৰি দিয়াৰ ফলত এই গছ হাবিয়ে-বননীয়ে নিজে নিজে হয়৷ চৰাইৰ বাবে ই বিষাক্ত নহয়৷

উপযোগিতা- পাইন কাঠৰ দৰেই এই গছৰ কাঠৰ ভাল ফাৰ্নিচাৰ বনাব পাৰি৷ কাঠৰ ৰঙ হ'ল মুগা বা ৰঙচুৱা৷ ইয়াৰ ওপৰিও কীটনাশক হিচাবেও ঘোঁৰা নিম ব্যৱহৃত হয়৷

খাদ্য হিচাবে মহানিম -

মহানিমৰ পাত নিমখ আৰু তেল দি শুকানকৈ পাপৰৰ নিচিনাকৈ ভাজক৷ ভাতৰ লগত খাই জুতি পাব৷ সপ্তাহত দুদিন বা তিনিদিন এইদৰে খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী। বঙালীসকলে নিমপাত বেঙেনাৰ সৈতে ভাজি খায়৷ ই হ'ল ৰুচিবৰ্ধক খাদ্য৷

আগৰ বাৰ্মা বা এতিয়াৰ ম্যানমাৰত মহানিমৰ ফুল আৰু কুমলীয়া গুটি তেতেলিৰ সৈতে সিদ্ধ কৰি খায়৷ বিলাহী আৰু মাছৰ সৈতেও নিমৰ কুমলীয়া পাতৰ আঞ্জা খায়৷

অন্ধ্ৰ, তামিলনাডু, কৰ্ণাটকত মহানিমৰ ফুল আৰু ৰঙচুৱা চেনিৰে এবিধ জলপান নৱবৰ্ষৰ প্ৰাকক্ষণত বনোৱাৰ পৰম্পৰা এটা সময়ত আছিল যাক 'উগাডি' বোলা হয়৷ উগাডি খোৱাৰ দ্বাৰা পৰিয়ালটো আগন্তুক বৰ্ষত জীৱনৰ তিতা-মিঠাৰ সন্মুখীন হবলৈ মানসিকভাবে প্ৰস্তুত হয়৷

মহানিমত ৰাসায়নিকভাবে কি কি তত্ব থাকে?

মূল তত্ববিধৰ নাম হ'ল- এযোডায়ৰাচিটিন (Azadirachtin) ৷ অন্যান্য পদাৰ্থবিলাকৰ নাম হ'ল-নিম্বিন, নিম্বিডল, নিম্বডিন, চডিয়াম নিম্বিনেট, যেডুনিম, চেলাননিন, ক্ৱেৰচেটিন, কেইবিধমান ফেটি এচিড আদি৷

এই তত্বসমূহ থকাৰ ফলত মহানিমৰ গুণসমূহ হ'ল: মানৱ দেহত প্ৰয়োগ- ভেঁকুৰ,ভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, বিষনাশক৷

কীট-পতংগ বিনাশক, সাৰ হিচাবে উপযোগী, খৰি হিচাবে জুয়ে মহ-ডাঁহ খেদাত সহায়ক৷

কি কি ধৰণে মহানিম আমাৰ জীৱনত ব্যৱহৃত হয়?

সৰুৰে পৰা দেখি আহিছোঁ কাৰোবাৰ ঘৰত বসন্তজাতীয় অসুখ (Chicken pox, Measles) হলে নিমপাত উতলোৱা পানীৰে গা ধুবলৈ দিয়ে৷ স্কেবিজ- খজুৱতি,খৰ,চ'ৰিয়াচিচ আদিতো নিমপাত সিজোৱা পানীৰে গা-ধোৱা উপযোগী৷ বায়ু শুদ্ধ কৰিবলৈ বুলি প্ৰতি কোঠালিত মহানিমৰ ডাল-পাত ওলমাই দিয়ে৷ গাওঁৰ ঘৰত শুকান নিমপাত কাপোৰ,কিতাপ আৰু ভৰালৰ শস্য পোকে নাখাবলৈ ব্যৱহাৰ কৰা হয়৷ বহু ঠাইত আজিকালিও মহানিম গছৰ ডালৰ দাতুনৰ ব্যৱহাৰ প্ৰচলিত৷

আধুনিক যুগত মহানিমৰ প্ৰয়োগ -

গছজোপাৰ ডাল-পাত-ফুল-গুটি-গছ-বাকলি -শিপা প্ৰতিটো অংশই মানুহে নানাধৰণে ব্যৱহাৰ কৰে৷ নিমতেল ঘাইকৈ গুটিৰ পৰা ওলোৱা হয়৷ মহানিমৰ টুথপেষ্ট, চাবন, শ্বেম্পু, চুলিৰ তেল, ছালত -ঘঁহা ক্ৰিম, এন্টিডায়েবেটিক কেপচুল, বডিলোচন আদি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ সংগী৷ গ্ৰামীন লোকসকলে নিমৰ তেল কাঠৰ গাড়ীৰ চকাত ঢালে৷ নিমৰ পৰা অৰ্গেনিক কীটনাশক প্ৰস্তুত কৰা হয়৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top