মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মাখনা (Fox Nut) এবিধ উৎকৃষ্ট খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাখনা (Fox Nut) এবিধ উৎকৃষ্ট খাদ্য :

মাখনা (Fox Nut) এবিধ উৎকৃষ্ট খাদ্য, সেই বিষয়ে লিখা হৈছে ।



শঙ্খ,চক্ৰ, গদা,পদ্ম এই চাৰিটা শ্ৰীকৃষ্ণৰ হাতত থাকে। সৰস্বতী আৰু অন্যান্য দেৱ-দেৱীৰ হাতটো শোভা পায় পদ্ম বা পদূম ফুল। প্ৰায় সকলো পূজাত প্ৰয়োজন হয় পদূম ফুল। এই শ্ৰেষ্ঠ পদূম ফুলৰ গুটিও এবিধ পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন। পদূম ফুলৰ চকাত থকা গুটিক মাখনা বুলি কোৱা হয়। সাধাৰণতে সোঁত নোহোৱা স্থিৰ জলাশয়, পুখুৰী, বিল আদিত পদূম ফুল বা মাখনা উদ্ভিদ পোৱা য়ায়। পুৰঠ পদূমৰ গুটিৰ বাকলি এৰুৱাই ৰদত শুকুৱাই বহুত দিন সংৰক্ষিত কৰি ৰাখিব পাৰি। পদূম ফুলৰ চকাত থকা গুটিবোৰ কেছাকৈ চোবাই খাই বৰ মজা লাগে। মচলা দিয়া আঞ্জা, ঘুগুণী, শুকান ভাজি আদি সকলোতে নিজ ইচ্ছানুযায়ী ৰান্ধি খাব পাৰি।
(১) মধূমেহ বা ডায়েবেটিচ ৰোগীয়ে মাখনা খালে এই ৰোগৰ পৰা উপসম পায়। মাখনা খালে অগ্নাশয়ত থকা বিটা কোষৰ সক্ৰিয়তা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই বিটা কোষবোৰে অধিক পৰিমাণে ইনচুলিন হৰমণ উৎপাদন, নি:সৰণ কৰি তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে মধূমেহ ৰোগীয়ে কিছুদিন ৰাতিপুৱা খালিপেটত ৫-৬ টা মাখনা খালে খালে এই ৰোগৰ পৰা মুক্ত হব পাৰিব । অৱশ্যে বংশগতৰ ক্ষেত্ৰত সুফল নাপাবও পাৰে।
(২) ৰাতি শোৱাৰ সময়ত এগিলাচ গাখীৰৰ সৈতে ৫-৬ টা মাখনা খালে ভাল টোপনি আহে, মানসিক চিন্তা আতৰ হয় আৰু স্নায়ু শক্তিশালী হোৱা বাবে স্নায়বিক ৰোগ উপসম হয়।
(৩) মাখনা এন্টিঅক্সিডেন্ট হোৱা বাবে একেৰাহে কিছুদিন ব্যৱহাৰ কৰিলে শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ যেনে চৰ্দি লগা, কাহ,হাপানী, এলাৰ্জি আদি ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি।
(৪) মাখনাই আমাৰ শৰীৰৰ ভিতৰত থকা প্লীহা পৰিস্কাৰ কৰি ৰখাৰ উপৰিও ইয়াৰ কোষসমূহ শক্তিশালী কৰিব পাৰে। সেয়েহে প্লীহাৰ ৰোগ কমকৈ হোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি ই কিডনী পৰিস্কাৰ কৰি ৰাখিব পাৰে বাবে কিডনীৰ ৰোগ হোৱাৰ পৰা ৰক্ষা পাব পাৰি।
(৫) মাখনাত কেলচিয়াম থাকে বাবে নিয়মীয়াকৈ মাখনা খোৱা ব্যক্তিৰ অষ্টিঅ' আৰথ্ৰাইটিচ নামৰ বাতবিষ কমকৈ হয়।
(৬) মাখনা খালে ৰক্তসঞ্চালন ভালদৰে হয়,উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়, হৃদপিণ্ড শক্তিশালী হয়। সেয়েহে হৃদৰোগ হোৱাৰ সম্ভাৱনা কমকৈ হয়‌।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top