অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছ খাওক

মাছ খাওক

সমগ্ৰ বিশ্ববাসীৰে এটি চিনাকি নাম হৈছে মাছ। ই জলচৰ হোৱাৰ হেতুকে পৰিৱেশত উপলব্ধ নৈ, বিল, খাল, হ্ৰদ, সাগৰ, মহাসাগৰ মুঠতে সকলো প্ৰকাৰৰ জলতে বিহাৰ কৰি আহিছে। এই প্ৰাণীবিধৰ এনে বিশেষত্ব এয়ে যে ইহঁত হৈছে বিশ্বৰ প্ৰথম মেৰুদণ্ডী প্ৰাণী। হিন্দুৰ শাস্ত্ৰ ভাগৱতত উল্লেখ থকা মতে ভগৱানৰ দশাৱতাৰৰৰ্প্ৰথম অৱতাৰ হৈছে মাছ বা মতস-‘মতস্য ৰুপে অৱতাৰ ভৈলা প্ৰথমত/উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত।’ শীতলৰক্তী এইবিধ প্ৰাণীয়ে গ্ৰসনীয় কলক্লোম (যাক আমি ফুল আখ্যা দিও)ৰ দ্বাৰা শ্বাস-প্ৰশ্বাস কাৰ্য সম্পাদন কৰে আৰু গাত থকা পাখিৰ সহায়ত দেহৰ ভাৰসাম্য ৰক্ষা কৰি চলে। প্ৰাণীবিজ্ঞানৰ দৃষ্টিত ইহঁত কৰ্ডাটা পৰ্বৰ, মেৰুদণ্ডী উপবৰ্গৰ আৰু হনুমুক্ত অতিশ্ৰেণীৰ অন্তৰ্গত। আজিৰ্পৰা প্ৰায় ৫০০ নিযুত বছৰৰ পূৰ্বে ছিলুৰিয়ান কল্পত এই মাছৰ প্ৰথম আৱিৰ্ভাৱ হয় বুলি জীৱাস্মবিদসকলে ঠাৱৰ কৰিছে আৰু লগতে ইয়াকো ব্যক্ত কৰা হৈছে যে আজিৰ মাছ আৰু আদ্যাৱস্থাৰ মাছৰ মাজত বহুত পাৰ্থক্য বিদ্যমান। কেৱল আজিৰ পৰা প্ৰায় ২৫০ নিযুত বছৰৰ সময়তহে জৈৱ-বিৱৰ্তনৰ জৰিয়তে আজিৰ মাছৰ ৰুপ পৰিগ্ৰহণ হয় বুলি প্ৰমাণ পোৱা গৈছে। বৰ্তমান বিশ্বত মাছৰ ২১,৭২৩ টা প্ৰজাতি পোপৱা হয় বুলি কোৱা হৈছে। ই বিলাকৰ ভিতৰৰ শতকৰা ৫৮ ভাগ প্ৰজাতিৰ মাছ সমূদ্ৰৰ লুণীয়া পানীত, শতকৰা ৪১ ভাগ অলুণীয়া আৰু লুণীয়াৰ্মিশ্ৰিত পানীত বাস কৰে।

এইটো জনা যায় যে প্ৰাগ ঐতিহাসিক কালৰ পৰাই মানুহে মাছক খাদ্য ৰুপে গ্ৰহণ কৰি আহিছে। অৱশ্যে ইয়াৰ কেচেমা-কেচেম গোন্ধে হয়তো কেঁচা অৱস্থাত ভক্ষণ কৰাত প্ৰথমে সমস্যাই দেখা দিছিল। কিন্তু জুইৰ আৱিস্কাৰৰ পিছত সেই বাধা আঁতৰাত মানুহৰ চিন্তা আঁতৰাৰ ফলত নিশ্চিন্তে মাছ ভক্ষণৰ পথ মুকলি হ’বলৈ ধৰে। তাতেই ইয়াৰ সহজলভ্যতা, পুষ্টিকাৰিতা, সহজ পৰিপাকিতা আৰু তৃপ্তিদায়কতাই ইয়াক গ্ৰহণৰ প্ৰতি মানুহৰ উতসুকতা বৃদ্ধি ঘটোৱাতো সহজ হৈ উঠিবলৈ ধৰে। আৰু সম্প্ৰতি বিশ্বৰ বেছিভাগ লোকৰ মাজত মাছ চিহ্নিত হোঐ উঠিছে এক আৱশ্যকীয় খাদ্যত। সমান্তৰালভাৱে সমগ্ৰ বিশ্বত মাছৰ জনপ্ৰিয়তাও বৃদ্ধি পাব লাগিছে। মাছৰ জনপ্ৰিয়তা বৃদ্ধিৰ মুলতে অন্য কিছু কাৰক হৈছে-ইয়াক খাদ্যোপযোগী অৰ্থাত গ্ৰহণক্ষম কৰাটো সহজ। পুৰি, ভাজি, খৰিকাত দি, চুঙাত সিজাই, তৰকাৰী কৰি নতুব জলা, টেঙা বা খাৰৰ লগত মিলাই বিভিন্ন ধৰণৰ উপভোগ্য আহাৰ কৰি খোৱাটোও সম্ভৱ।ইফালে ঘৰৰ ভিতৰত কৃত্ৰিম উপায় অৱলম্বনেৰে স্বল্প সময়ৰ বাবে পোহনীয়া/জীয়নীয়া মাছৰ ৰুপত পোৱাৰ উপায় কৰিব পাৰি।

স্বাস্থ্য ৰক্ষাত মাছৰ ভুমিকা

এইটো উল্লেখ নকৰিলেও হয় যে মাছৰ পুষ্টিকাৰিতাৰ বিষয়ে জ্ঞাত হোৱাৰ পূৰ্বৰ পৰাই মানুহে মাছ খোৱাত প্ৰবৃত্ত হৈ আহিছে। বিশ্বত মাছ খোৱাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে জাপানীসকল। আমাৰ দেশতো অল্পস্ংখ্যক লোকৰ বাহিৰে সকলোৱে মাছ খায় বুলি ক’ব পাৰি। অসমৰ লোকৰ যে মাছ অতি প্ৰিয় খাদ্য তাক দোহৰাৰ প্ৰয়োজন নাই। কেৱল কিবা কাৰণত ব্ৰত কৰিব লগা হোৱাৰ সময়তহে মাছ নোখোৱাকৈ থাকিলেও ব্ৰত ভ্ংগ হোৱাৰ পিছত পুনৰ মাছ খোৱাত লাগে। উদাহৰণ স্বৰুপে পিতৃ তথা মাতৃৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত উদ্‌যাপিত শ্ৰাদ্ধ পৰ্যন্ত মাছ খোৱাৰ পৰা বিৰত থাকিলেও তাৰ পিছত মতস্যস্পৰ্শ কাৰ্যৰ দ্বাৰা পুনৰ মাছ খোৱাত মনোনিৱেশ কৰা হয়।উল্লেখ্য সময় বাগৰৰ লাগে লগে মাছৰ দেহত থকা পুষ্টি উপাদান সম্পৰ্কত বিভিন ধৰণৰ তথ্যসমূহ পোহৰলৈ অহাৰ পিছত এইটো প্ৰতিপন্ন হ’ব ধৰিছে যে সঁচাই মাছ এবিধ অতি পুষ্টিকৰ খাদ্য-যাক বয়স আৰু লিংগ নিৰ্বিশেষে গ্ৰহণ কৰিব পৰা যায়। অৱশ্যে আমাৰ সাধাৰণ ধাৰণাত মাছৰ শক্তি প্ৰদান ক্ষমতা কণী বা মাংসতকৈ কিছু কম যেন লাগে।কিন্তু আধুনিক গৱেষণাৰ জৰিয়তে উদ্ধাৰ হোৱা তথ্যই দেখুৱায় যে আমাৰ ধাৰণা সত্য নহয়। কিয়নো, এইটো প্ৰকাশ পাইছে যে সাধাৰণভাৱে, মাংস বা কণীতকৈ মাছৰ শক্তি প্ৰদান ক্ষমতা ভালেখিনি বেছি। কিয়নো ১০০ গ্ৰাম মাছৰ শক্তি প্ৰদানকাৰী ক্ষমতা ১৯৩ কেল’ৰি হোৱাৰ বিপৰীতে ছাগলী মাংসৰ ১৪৩ কেলৰি,অগৰু মাংসৰ ১১৪ কেলৰি আৰু কুকুৰা কণীৰ ১৭৩ কেলৰিহে। তেনেকৈ মাছত থকা প্ৰ’টিনৰ পৰিমাণো বহু সময়ত মাংসতকৈ বেছি বেছি থকাটো পৰিলক্ষিত হয়।  উদাহৰণস্বৰুপে শিঙি(২২৮ গ্ৰাম/১০০ গ্ৰাম), ভেট্‌কী(২২২ গ্ৰাম/১০০গ্ৰাম), আদিৰ বিপৰীতে ছাগলী, গৰু আৰু গাহৰিত থকা প্ৰ’টিনৰ পৰিমাণ ক্ৰমে হৈছে ২০ গ্ৰাম/১০০গ্ৰাম, ২২৬ গ্ৰাম/১০০গ্ৰাম, আৰু ১৮৭ গ্ৰাম/১০০গ্ৰামহে মাত্ৰ। মাছৰ প্ৰ’টিনৰ ক্ষেত্ৰত আকৌ অন্য এক বিশেষত্ব এয়ে যে মাংসৰ প্ৰ’টিনৰ তুলনাত মাছৰ প্ৰ’টিনভাগ আমাৰ শৰীৰত কম সময়তে বিশোষিত হয়। এনে হোৱাৰ মূলতে বোলে মাছত থকা খাদ্যোপযোগী কলা আৰু এল্‌বুমিনৰ পৰিমাণ বেছিকৈ থকা। এনে তথ্যৰ পৰা এটা দিশ পৰিস্ফুট হৈ উঠে যে আমাৰ দেশত প্ৰ’টিনৰ অভৱত ভোগা বৃহতস্ংখ্যক পুষ্টিহীন(গ্ৰামাঞ্চলৰ ২৬ শতাংশ) লোক মাছ ভক্ষণৰ দ্বাৰা এনে অভাৱ পূৰণ কৰাটো সম্ভৱ। মাছত প্ৰচুৰ পৰিমাণে খনিজ লৱণ আৰু ভিটামিন পোৱা যায়। সাগৰীয় কড মাছৰ তেলত ভিটামিন-ডি প্ৰচুৰ পৰিমাণে আৰু তেনেকৈ বায়ুশ্বাসী মাছ, যেনে-শিঙি, মাগুৰ আদিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ক’পাৰ পোপৱা যায় বুলি কোৱা হয়। সাধাৰণতে প্ৰায় সকলো মাছতে ভিটামিন-এ পোৱাত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ দৃষ্টিশক্তি ভালে ৰখাৰ বাবে দৰকাৰী বুলিজ পৰামৰ্শ আগবঢ়োৱা হৈছে। ইফালে বৃদ্ধসকলৰ বেছিভাগৰ ক্ষেত্ৰতে উদ্ভৱ হোৱা আল্‌ঝেইমাৰ বা স্মৰণশক্তি  হ্ৰাস পোৱা ৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবে মাছৰ তেল উপযোগী বুলি কোৱা হৈছে। মাছৰ তেলত এনে ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে বুলি লুই ছেইনা বিশ্ববিদ্যালয়ত চলোৱা গৱেষণাৰ দ্বাৰা পোহৰলৈ আহিছে বুলি প্ৰকাশ পাইছে। প্ৰণিধানযোগ্য এই ৰোগৰ এতিয়ালৈ কোনো ফলপ্ৰসু চিকিৎসা তথা ঔষধ নোলোৱালৈ চাই মাছৰ তেলেৰেই কিছু হ’লেও উপকাৰ পোৱাটো নি:সন্দেহে এক সুখবৰেই হ’ব।মাছৰ তেলত অন্য কিছু উপাদানো পোৱা যায়, যিখিনিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ লগতে অন্য বহু উপকarও সাধন কৰে বুলি তথ্য পোৱা গৈছে। ইয়াৰ তেলত বোলে যথেষ্ট পৰিমাণে ডি এইচ এ আৰু ই পি এ থাকে, যি দুবিধ উপাদানৰ লগতে ওমেগা-৩ ফেটী এচিড স্ংযুক্ত হৈ থকাত এই তেল গৰ্ভৱতী মহিলাৰ বাবে অত্যাৱশ্যকীয় হৈ পৰে। কাৰণ এনে উপাদানৰ অভাৱত গৰ্ভস্থ সন্তানৰ দৈহিক বৃদ্ধি বাধাগ্ৰস্ত হয় ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকে চলোৱা গৱেষণাৰ দ্বাৰা এইটোও ব্যক্ত হৈছে যে গৰ্ভৱতী মহিলাই দৈনিক নিৰ্দিষ্ট পৰিমাণৰ মাছ খালে পৰৱৰ্তী সময়ত শিশুৰ ফুড এলাৰ্জী ব খাদ্যৰ পৰা হ’ব পৰা এলাৰ্জীৰ প্ৰৱণতা আৰু এজ্‌মাৰ প্ৰৱণতা হ্ৰাস পোৱাৰ অৱকাশ থাকে। সেই গৱেষণাত বোলে এইটোও উদ্ধাৰ হৈছে যে প্ৰতিদিনে ৩৩ গ্ৰাম মাছৰ তেল সেৱন কৰিলে উশাহ-নিশাহত কষ্ট পোৱা ৰোগীয়ে সকাহ পোৱাৰ স্থল থাকে। ইবিলাকৰ উপৰি মগজুত ডি এইচ এৰ পৰিমাণ কমাৰ ফলত উদ্ভৱ হোৱা হতাশাগ্ৰস্ততা বা আত্মহত্যাৰ প্ৰৱণতা হ্ৰাসৰ ক্ষেত্ৰত মাছৰ তেল ব্যৱহাৰ কৰি সুফল পোৱাৰ লগতে মগজুৰ কাম-কাজ সুৰাৰুৰুপে সম্পন্ন হৈ ভাল টোপনি হোৱাৰ পৰিৱেশ ৰচিত হয়। ইফালে প্ৰতিদিনে ২৫ গ্ৰামকৈ মাছৰ তেল সেৱন কৰা মহিলাই স্তনৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰি থকাটোও সম্ভৱ বুলি প্ৰকাশ কৰা হৈছে।

মাছৰ তেলৰ উপকাৰিতাৰ সন্দৰ্ভত এটাৰ পিছত এটাকৈ সম্প্ৰতি নতুন দিশ উন্মোচিত হ’ব লাগিছে। মাছৰ তেল নিয়মিতভাৱে সেৱন কৰি থাকিলে পাৰ্কিনচন ডিজিজৰ পৰা সকাহ পোৱাটোও সম্ভৱ। এইবিধ ৰোগ স্নায়বিক ৰোগ হোৱাত মাছৰ তেলত থকা ওমেগা-৩ ফেটী এচিডে মস্তিস্কত থকা গুৰুত্বপূৰ্ণ অংশ ডোপামিনৰ স্বাভাৱিক কাৰ্য সুচাৰুৰুপে চলাত সহায় কৰা বাবে এই ৰোগৰ সৃষ্টি ব্যাহত হয় বুলি গৱেষণাৰ দ্বাৰা ব্যক্ত কৰা হৈছে। আনফালেদি মাছৰ তেলত থকা ওমেগা-৩ ফেটী এচিডেআমাৰ দেহত সৃষ্টি হোৱা ট্ৰাইগ্লিচাৰাইড জাতীয় ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ কমাই এইচ ডি এল জাতীয় উপকাৰী কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে-যাৰ ফলত ধমনীৰ বেৰ ঠেক হৈ ৰক্তপ্ৰবাহ বাধাগ্ৰস্ত হোৱাৰ স্থল নাথাকে। মন কৰিব লগা যে তাকে নহৈ বেয়া কলেষ্টেৰলৰ পৰিমাণ বাঢ়িলে ধমনীৰ বেৰত সেইবোৰ জমা হৈও ৰক্তপ্ৰৱাহত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি হৃদৰোগৰ সম্ভাৱনা উজ্জ্বল হৈও উঠা সম্ভৱ।

জাপানৰ বিজ্ঞানীয়ে চলোৱা গৱেষণাৰ দ্বাৰা এইটো ব্যক্ত কৰিছে যে দৈনিক ২ গ্ৰামকৈ মাছৰ তেল খালে মানুহৰ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ সহায়ক হয়। তেনেকৈ সাগৰীয় মাছত আয়’ডিন থাকে বাবে তেনে মাছ খোৱা লোকে গয়টাৰৰ পৰা বাচি থকাটো সম্ভৱ। উল্লেখযোগ্য যে সাধাৰণভাৱে মাছ বা মাছৰ তেলে স্মৃতিৰক্ষকৰ ভূমিকা লোৱাৰ লগতে কিন্তু সাগৰীয় মাছ টোনা এইএক্ষেত্ৰত বেছি ফলদায়ক বুলি কোৱা হয়। যি নহওক মাছৰ প্ৰতি যে বেছিভাগ অসমীয়া লোকৰ দূৰ্বলতা থাকে তাক দোহোৰাৰ প্ৰয়োজন নাই। অসমত বিভিন্ন প্ৰকাৰে মাছ খোৱাৰ লগতে তাৰ তেল পেটু খোৱাৰ অভ্যাসো অসমীয়া মানুহৰ আছে। তথাপি এজন প্ৰাপ্তবয়স্ক লোকে সুস্বাস্থ্য ৰক্ষাৰ বাবে বছৰি বিশ্ব স্বাস্থ্য স্ংস্থাএ হিচাপত খাব লগা ১৯ কেজি মাছৰ বিপৰীতে বোলে অসমৰ লোকে বছৰি জনমূৰি ৮.৩ কেজিহে মাছ খায়। গতিকে ইয়াৰ পৰাই ওলাই পৰে যে মাছ খোৱাৰ হাৰত অসম এতিয়াও পিছ পৰি আছে। সেয়েহে এনে দিশত গুৰুত্ব দিয়াৰ লগতে ৰাজ্যত মতস্য উতপাদনত গুৰুত্ব দিয়াটো অতিকে প্ৰয়োজনীয় বুলি ক’ব পাৰি।

অৰ্পণ দত্ত, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

3.01886792453
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top