মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মাছ খোৱাৰ প্ৰমাণভিত্তিক স্বাস্থ্য উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছ খোৱাৰ প্ৰমাণভিত্তিক স্বাস্থ্য উপকাৰিতা

মাছ খোৱাৰ প্ৰমাণভিত্তিক স্বাস্থ্য উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ বেছিভাগ মানুহেই মাছপ্ৰিয়। বহুতৰ আকৌ দিনটোৰ যিকোনো এসাঁজত মাছ নাথাকিলে ভাত খোৱা-নোখোৱাটো একেই বুলিয়েই ভাৱে। অৱশ্যে সেইটো বেয়া কথা নহয়। কাৰণ মাছৰ যথেষ্ট উপকাৰিতাও আছে। শৰীৰক গুৰুত্বপুৰ্ণ পুষ্টি যোগানত মাছে যথেষ্ট সহায় কৰে। প্ৰ’টিন আৰু ভিটামিন-ডিৰ উপৰি মাছত যথেষ্ট পৰিমাণে ওমেগা-৩ ফেটী এচিড পোৱা যায়। যি আমাৰ শৰীৰৰ লগতে মস্তিষ্কৰ বাবে অবিশ্বাস্যভাৱে গুৰুত্বপুৰ্ণ। বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ পৰা দেখা গৈছে যে মাছ খোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত ১১ টা সুফল পাব পাৰি।

মাছ এবিধ অতি উচ্চমানৰ পুষ্টিসম্পন্ন খাদ্য: সাধাৰণতে সকলো ধৰণৰ মাছেই উপকাৰী। ইয়াত বিভিন্ন ধৰণৰ উচ্চমানৰ পুষ্টিদায়ক উপাদান পোৱা যায়-যিবোৰ মানুহে আনধৰণৰ খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণে নাপায়। মাছত অতি উচ্চমানৰ প্ৰ’টিন, আয়’ডিন, ভিটামিন তথা খনিজ পদাৰ্থ থাকে। যদিও সকলো মাছেই উপকাৰী, কিছুমান মাছ আনবোৰতকৈ অধিক পৰিমাণে উপকাৰী। তাৰ ভিতৰত যেনে-ছালমন, ট্ৰাউট, ছাৰডাইন, টুনা আৰু মেকৰেলৰ দৰে ফেটী মাছবোৰত যথেষ্ট পৰিমাণে ওমেগা-৩ ফেটী এচিড আৰু ভিটামিন-ডি পোৱা যায়। ওমেগা-৩ ফেটী এচিডে শৰীৰৰ লগতে মগজুৰ বিকাশত যথেষ্ট সহায়ক। তদুপৰি বিভিন্ন অন্য ৰোগৰ পৰাও শৰীৰক ৰক্ষা কৰে। অৰ্থাৎ তেনে ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা কমায়। একেদৰে ভিটামিন-ডিয়ে শৰীৰৰ বাবে ষ্টেৰইড হৰম’নৰ দৰে কাম কৰে। আজিকালি বেছিভাগ লোকৰে ভিটামিন-ডিৰ অভাৱ হোৱা দেখা যায়। যাৰ ফলত হাড়ৰ বিষ, মাংসপেশীৰ বিষ আদি আমাৰ বহুতৰে সঘনে শুনা যায়। শৰীৰত ওমেগা-৩ ফেটী এচিডৰ প্ৰয়োজনীয়তা পুৰাবলৈ সপ্তাহত এবাৰ বা দুবাৰ ফেটী মাছ খোৱা উচিত।

মাছে হাৰ্ট এটেক বা ষ্ট্ৰ’ক হোৱাৰ সম্ভাবনা হ্ৰাস কৰে -

পৃথিৱীৰ বহু লোকৰ অকাল মৃত্যুৰ মুখ তথা সাধাৰণ কাৰণ হ’ল হাৰ্ট এটেক বা ষ্ট্ৰ’ক। এটি সুস্থ হাৰ্টৰ বাবে মাছ আটাইতকৈ বেছি ভাল খাদ্যবোৰৰ ভিতৰত এবিধ। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকে মাছ খায়, তেওঁলোকৰ হাৰ্ট এটেক, ষ্ট্ৰ’ক তথা হাৰ্টৰ যিকোনো বেমাৰ হোৱাৰ সম্ভাৱনা আনতকৈ কম। আমেৰিকাত হোৱা এক গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ৪০,০০০ স্বাস্থ্যখণ্ডৰ লগত জড়িত পুৰুষৰ মাজত যিসকলে সপ্তাহত এবাৰ বা তাতোকৈ বেছিবাৰ মাছ সেৱন কৰিছে, তেওঁলোকৰ আনতকৈ হাৰ্টৰ বেমাৰ হোৱাৰ সম্ভাৱনা ১৫ শতাংশ কম আছিল। গৱেষকসকলৰ মতে ফেটী মাছৰ গুণাগুণ সাধাৰণ মাছতকৈ বেছি। কাৰণ ইয়াত ওমেগা-৩ ফেটী এচিডৰ পৰিমাণ বেছি থাকে।

মাছত শৰীৰৰ বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিদায়ক উপাদান থাকে -

শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে ওমেগা-৩ ফেটী এচিড যথেষ্ট উপযোগী। Docosahexaenoic acid  (DHA) ওমেগা-৩ ফেটী এচিড যথেষ্ট উপকাৰী, কাৰণ ই মগজু আৰু চকুৰ বিকাশত সহায়ক হয়। সেয়েহে গৰ্ভৱতী অৱস্থাত পৰ্যাপ্ত পৰিমাণে মাছ খোৱাটো জৰুৰী, যাতে শৰীৰত ওমেগা-৩ ফেটী এচিডৰ পৰিমাণ কম নহয়। এই ক্ষেত্ৰত অৱশ্যে এটা কথা মনত ৰখা উচিত যে কিছুমান মাছত মাৰ্কাৰী (Mercury) ৰ পৰিমাণ বেছি হয়, যি মগজুৰ বিকাশত বাধা জন্মাবও পাৰে। সেয়েহে কম মাৰ্কাৰীযুক্ত মাছ যেনে- ছালমন, টুনা, ৰৌ, মেকৰেল (Indian), ৰাণী, (Pink perch) পমফ্ৰেট (Indian butter fish), ইলিছ, ঝিনগা (Indian butter Prown)তথা যিকোনো সচৰাচৰ পোৱা বোৱঁতী পানীৰ মাছ সপ্তাহত ৩৪০ গ্ৰাম মানকৈ খাব লাগে। গৰ্ভৱতী মহিলাই মাছ কেঁচা অথবা আধা সিজোৱাকৈ খোৱা উচিত। কাৰণ কেঁচা বা আধা সিজোৱা মাছত বীজাণু থাকিব পাৰে, যিয়ে গৰ্ভস্থ সন্তানটিৰ বাবে ক্ষতিকৰ হ’ব পাৰে।

মাছে মগজুৰ ‘গ্ৰে মেটাৰ’ বৰ্ধনত সহায় কৰে আৰু ই বৃদ্ধাৱস্থাৰ লগত জড়িত মগজুৰ বেমাৰৰ পৰা ৰক্ষা কৰে:

বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ মগজুৰ ৰোগ যেনে-ডাইমেনচিয়া (Dimencia) বা এলঝেইমাৰ (Alzheimer)ৰোগ তথা অন্য (Neurodegerative) ৰোগ আদিয়ে দেখা দিয়ে। সাধাৰণ মগজুৰ অৱনতি বয়সৰ লগে লগে হোৱাটো স্বাভাৱিক। কিন্তু ওপৰত উল্লেখ কৰা এলঝেইমাৰ আদিয়ে যথেষ্ট গুৰুতৰ ৰুপ ল’ব পাৰে। কিন্তু আচৰিত ধৰণে বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে যিসকলে পৰ্যাপ্ত পৰিমাণে মাছ খায়, তেওঁলোকৰ বৃদ্ধ বয়সত মগজুৰ অৱনতি হোৱাৰ মাত্ৰা যথেষ্ট কম। অৰ্থাৎ ক’ব পাৰি যে তেওঁলোকৰ বৃদ্ধ বয়সত মগজুৰ ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। ইয়াৰ এটা কাৰণ হ’ব পাৰে-মাছে মগজুৰ ‘গ্ৰে মেটাৰ’ৰ পৰিমাণ বঢ়োৱাত সহায় কৰে। এই গ্ৰে মেটাৰে মগজুৰ অনুভুতি (Emotion) আৰু মনত ৰখাৰ যি ক্ৰিয়া, তাক সন্তুলিত অৱস্থাত ৰখাত সহায় কৰে।

মাছে মানসিক চাপ প্ৰতিৰোধ কৰে আৰু আপোনাক অধিক ফুৰ্তিবাজ কৰি ৰখাত সহায় কৰে -

আজিকালিৰ দ্ৰুত গতিৰ জীৱনশৈলীত লোক ডিপ্ৰেছন, অৰ্থাৎ হতাশাত খুব ভোগা দেখা যায়। মানুহ হতাশাত ভুগিলে মন মাৰি থাকে। দুখত থাকে, দুৰ্বল অনুভৱ কৰে তথা কোনো কামতে মন দিব নোৱাৰা হয়। গৱেষণাৰ পৰা জনা যায় যে সচৰাচৰ মাছ খোৱা লোকৰ হতাশাত ভোগাৰ সম্ভাৱনা বহুত কম। বৈজ্ঞানিক পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে ওমেগা-৩ ফেটী এচিডে হতাশাত ভোগাৰ পৰা ৰক্ষা পোৱাত সহায় কৰে তথা হতাশাৰ বাবে ব্যৱহৃত ঔষধৰ ক্ষমতা বঢ়োৱাত সহায় কৰে। তদুপৰি অন্য মানসিক ৰোগ যেনে-  আদিত মাছ যথেষ্ট সহায়ক হয়।

ভিটামিন –ডিৰ এক ভাল উৎস হ’ল মাছ -

আজিকালি ভিটামিন-ডি যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে। কাৰণ বেছিভাগ লোক পৰ্যাপ্ত পৰিমাণে সুৰ্যৰ পৰা ভিটামিন ডি পাবলৈ অসমৰ্থ। চহৰ অঞ্চলৰ বেছিভাগ লোকৰ দিনটোৰ ব্যস্ততা তথা অফিচ বা কৰ্মস্থলীত দিনটো এটি কোঠাত বহি পাৰ কৰোৱাটোও এক কাৰণ। ভিটামিন-ডি শৰীৰৰ বাবে যথেষ্ট প্ৰয়োজনীয়। ই শৰীৰত হৰম’ন হিচাপে কাম কৰে। মাছ বা মাছৰ দ্বাৰা প্ৰস্তুত খাদ্যত ভিটামিন-ডি পোৱা যায়। বিশেষকৈ ফেটী মাছ যেনে-ছালমন, হেৰিং আদি ভিটামিন-ডিৰ পৰিমাণ অধিক। এনেকি ১১৩ গ্ৰাম ৰন্ধা ছালমনত ১০০ শতাংশই প্ৰয়োজনীয় ভিটামিন-ডি পোৱা যায়। কিছুমান মাছৰ তেল যেনে-ক’ড লিভাৰ তেলত ভিটামিন-ডিৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে। সেয়েহে যদিহে আপুনি দিনটোৰ ৰ’দৰ পৰা বঞ্চিত আৰু মাছো নাখায়, ভিটামিন-ডিৰ খোৰাক পুৰাবলৈ ঔষধ ল’বলৈ বাধ্য।

১) ডায়েবেটিছৰ লগতে Autoimmuno Diseaset  ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত মাছৰ ভুমিকা আছে-

যেতিয়া শৰীৰৰ (Immune System)বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ শৰীৰে কৰা ক্ৰিয়াটোৱে ভুলবশত: অম্ল কোষত কলাবোৰক ক্ষতি কৰিবলৈ লয় তাক Auto Immunodisease বোলা হয়। উদাহৰণস্বৰুপে ডায়েবেটিছ শৰীৰৰ Auto Immuno ৱে পেংক্ৰিয়াছৰ ইনছুলিন প্ৰস্তুত কৰা কোষবোৰক আক্ৰমণ কৰে। মাছত পোৱা ওমেগা-৩ ফেটী এচিডে এই সমস্যাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰে। এনেকি ই Rhcumatoid Arthritis  হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে।

শিশুসকলৰ হাপানী (Asthma) ৰোগ ৰোধ কৰাত মাছে সহায় কৰে -

হাপানী বা  Asthma খুব সঘনাই দেখা দিয়া এবিধ ৰোগ। গৱেষণাৰ পৰা দেখা গৈছে যে সচৰাছৰ মাছ খোৱাৰ ফলত শিশুসকলৰ মাজত হাপানী হোৱাৰ সম্ভাৱনা ২৪ শতাংশ হ্ৰাস পায়।

মাছে টোপনিৰ গুণগত মানো বঢ়ায় (Improve Sleep Quality):

টোপনি ক্ষতি অথবা ভালদৰে টোপনি নহাটোও বিশ্বত দিনে দিনে বাঢ়ি আহিছে। টোপনিৰ মান কমাৰ বিভিন্ন কাৰণ আছে। তাৰ ফলত এটা হ’ল ভিটামিন-ডিৰ অভাৱ। ছমাহলৈ ৯৫ জন মধ্য বয়সীয়া লোকক সামৰি কৰা এক গৱেষণাৰ দ্বাৰা দেখা গৈছে যে সপ্তাহত তিনিবাৰ ছালমনযুক্ত মাছ সেৱনৰ ফলত টোপনিৰ মান উন্নত হৈছে।

মাছ খুব সোৱাদমুক্ত আৰু সহজতে তৈয়াৰ কৰিব পাৰি:

এইটো যদিও সুস্বাস্থ্যৰ লগত জড়িত নোহোৱা এটা বিষয়, কিন্তু যথেষ্ট জৰুৰী। কাৰণ মাছ সহজতে বনাব পাৰি, বিভিন্ন সুস্বাদু ব্যঞ্জন হিচাপে ব্যৱহাৰ হয় আৰু বহু লোকৰে প্ৰিয় খাদ্য। মাছ সপ্তাহত কমেও দুৱাৰ সেৱন কৰিলেও যথেষ্ট উপকাৰ পোৱা যায়। যদিও সাগৰীয় মাছকেইবিধ অথবা আন কিছু বোৱঁতী নৈত পোৱা মাছৰ কথা বেছিকৈ উল্লেখ কৰা হৈছে। শৰীৰৰ বাবে সকলো মাছেই উপকাৰী। সৰু মাছৰ পৰা পোৱা হাড়-কাঁইট আদিৰ পৰা কেলচিয়াম তথা অন্য খনিজ পদাৰ্থও পোৱা যায়।

মুঠতে সহজতে পোৱা যিকোনো মাছেই আপুনি খোৱাটো অভ্যাস কৰিব পাৰে। সপ্তাহত দুবাৰ-তিনিবাৰ মাছ সেৱনে শৰীৰৰ যথেষ্ট উপকাৰ সাধে। সেয়েহে মাছ পোৱা ৰাজ্য এখনত থাকি, সৰহসংখ্যক মাছপ্ৰিয় মানুহেৰেভৰি থকা ঠাই এখনত থাকি মাছ নোখোৱাকৈ থকাটো নিশ্চয় ভুল। দৈনন্দিন খাদ্য তালিকাত সপ্তাহত ২-৩ বাৰ মাছ অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব।

লেখিকা: ড° মনীষা চৌধুৰী (জি এনআৰচি স্বাস্থ্য)

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top