মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মাছ, ফলমূল, শাক-পাচলি আৰু স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছ, ফলমূল, শাক-পাচলি আৰু স্বাস্থ্য :

মাছ, ফলমূল, শাক-পাচলি আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

শাৰীৰিক স্বাস্থ্যৰ সুস্থতাৰ ক্ষেত্ৰত খাদ্যৰ বিশুদ্ধতাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। খাদ্যৰ বিশুদ্ধতাই শাৰীৰিক সুস্থতা প্ৰদান কৰে আৰু ৰোগৰ পৰা আৰ্তৰত ৰাখে। অসমীয়া মানুহৰ প্ৰধান খাদ্য ভাত আৰু আমি ভাতৰ সৈতে শাক-পাচলি, মাছ-মাংস গ্ৰহণ কৰোঁ।

কিন্তু খাদ্যৰ বিশুদ্ধতা বৰ্তমান গভীৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে।

মাছত ফৰ্মেলিন, ফলমূলত কাৰ্বাইড, শাক-পাচলিত ইউৰিয়া আৰু কিবা মিহলি হৈ থাকে। ইয়াৰ উপৰি ঔষধৰ ভেজালকৰণ আছে। আমি যদি গ্ৰহণ কৰা প্ৰতিটো খাদ্য দ্ৰব্যত শৰীৰৰ ক্ষতিকাৰক উপাদান ব্যৱহাৰ কৰা হয়, তেনেহ’লে সুস্বাস্থ্য সম্ভৱ নহয়।

অসমত প্ৰয়োজন হোৱা মাছৰ ক্ষেত্ৰত পৰিসংখ্যা দিয়া হৈছে যে ৯২.৭ শতাংশ মাছ অসমত উৎপাদন হয়। বাকী ৭.৩ শতাংশ মাছ অন্ধ্ৰপ্ৰদেশ, কাণপুৰ, পশ্চিমবংগৰ পৰা আমদানি হয়। আনহাতে অসমত ২১৭ প্ৰজাতিৰ মাছ আছে।

মাছৰ উৎসৰ ক্ষেত্ৰত ২ খন নদী, ৫৩ খন উপনদী, ১,১৯৭ খন বিল, ৩,৮৮২ টা জলাশয় আৰু ৩,৬৯,৩০৮ টা পুখুৰী আছে। গতিকে মাছৰ বৃহৎ সংখ্যক উৎস থকাৰ পিছতো মাছৰ আমদানিৰ প্ৰয়োজন নাথাকে। কিন্তু আমি সেইটো কৰিব পৰা নাই।

মাছৰ প্ৰসংগৰে যদি চোৱা হয় এইটো দেখা যায় যে কিছুমান খাদ্য দ্ৰব্য যেনে- কণী, গাখীৰ, মাহজাতীয় শস্যৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

মাছ, ফলমূল, শাক-পাচলিৰ শৰীৰৰ ক্ষতিকাৰক দ্ৰব্য থকাটো আমি জানো। কিন্তু নিঃসহায়ভাৱে আমি সেইবোৰক গ্ৰহণ কৰি আছোঁ।

চহৰ অঞ্চলৰ মানুহে প্ৰয়োজনীয় শাক-পাচলি, মাছ, কণী, গাখীৰ বজাৰৰ পৰা কিনিবলৈ বাধ্য। কাৰণ নিজাববীয়াকৈ উৎপাদন কৰিব পৰা ব্যৱস্থা নাই। কিন্তু গাঁৱৰ মানুহেও মোনা লৈ বজাৰলৈ যাবলৈ পছন্দ কৰে।

ফলমূলক পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে প্ৰাকৃতিক ব্যৱস্থাৰেও পকাব পাৰি। কিন্তু তাৎক্ষণিকভাৱে প্ৰাপ্তিৰ হেঁপাহে কাৰ্বাইড দিবলৈ বাধ্য কৰায়। আনহাতে সতেজতা আৰু দেখিবলৈ ভাল লগাৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণৰ কাৰণে ব্যৱসায়ীয়েও ৰং দিয়া কৌশল অৱলম্বন  কৰে।

থলুৱা মাছতকৈ চালানী মাছৰ দাম কম। অন্ধ্ৰপ্ৰদেশ, কাণপুৰ, পশ্চিমবংগৰ পুখুৰীৰ পৰা মাছ অসম পাবলৈ পৰিবহণ খৰচৰ উপৰি চৰকাৰী কৰ সংযোজিত হয়। কিন্তু স্থানীয়ভাৱে উৎপাদিত মাছত চালানী মাছৰ দৰে পৰিবহণ কৰ নাথাকে।

তেনেহ’লে কি কাৰণত চালানী মাছৰ দাম থলুৱা মাছতকৈ চালানী মাছৰ দাম থলুৱা মাছতকৈ কম হয়? এই প্ৰভেদ কণীৰ ক্ষেত্ৰতো দেখা যায়। এইটো বাৰু কৌশলগতভাৱে উদ্ভাৱন কৰিছে নেকি যে থলুৱাভাৱে উৎপাদিত মাছ-কণীৰ বিশেষ গুণ আছে। থলুৱাৰ চাহিদা বৃদ্ধি কৰিবলৈ উৎপাদনকাৰী, বিক্ৰেতা, গ্ৰাহক উভয়ে জাতীয়বাদী মানসিকতা প্ৰকট কৰাব লাগিব।

জৈৱিক সাৰ প্ৰয়োগৰ দ্বাৰা শাক-পাচলিৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। পচন সাৰ খেতিৰ কাৰণে অতিকৈ উপযোগী। কিন্তু পচন সাৰ প্ৰস্তুত হওঁতে দীঘলীয়া সময়ৰ প্ৰয়োজন হয় কাৰণে দুটি গাঁত সাৰ প্ৰস্তুতৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। কিন্তু এনেধৰণে পচন সাৰ প্ৰস্তুত কৰিবলৈ ধৈৰ্য, আগ্ৰহ নাই আৰু সাৰৰ দোকানলৈ যাওঁ।

মাছ, গাখীৰ, শাক-পাচলি, কণী আমাৰ খাদ্য তালিকাৰ অবিচ্ছেদ্য উপাদান।

আনহাতে ফলমূলৰো চাহিদা আছে। গতিকে সামগ্ৰীৰ দ্বাৰা থলুৱা অৰ্থনীতি গঢ়াৰ সুবিধা আছে। এইক্ষেত্ৰত চৰকাৰৰ ওপৰতে সকলোখিনি এৰি দিয়াটো উচিত নহয়। ৰাইজৰ গঠনমূলক সহযোগিতা অবিহনে চৰকাৰ সফল হ’ব নোৱাৰে।

অসমৰ উন্নতি সাধন কৰিবলৈ হ’লে মানুহৰ স্বাস্থ্যগত দিশ ভাল হ’ব লাগিব। ব্যক্তিগত লাভালাভ পৰিহাৰ কৰি সামুহিক স্বাৰ্থৰ প্ৰতি দৃষ্টি থাকিব লাগিব। বহিঃৰাজ্যৰ পৰা অহা মাছৰ দামৰ সৈতে থলুৱা মাছৰ দাম সমপৰ্যায়ৰ হ’ব লাগিব আৰু কণীৰ ক্ষেত্ৰতো একে দৃষ্টিভংগী পোষণ কৰিব লাগিব।

উৎপাদনৰ কাৰণে অসম এখন উৰ্বৰা ক্ষেত্ৰ। এই মাটিতে উৎপাদন কৰি সতেজ আৰু বিশুদ্ধ খাদ্য খাই অসমৰ মানুহে সুস্বাস্থ্য গঢ়িব পাৰে। প্ৰয়োজন মাথোঁ মানসিকতা গঢ়াৰ, তেতিয়াহে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিম।

লেখক: কৰেন্দ্ৰ চক্ৰৱৰ্তী

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top