- বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।
- মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়।
- সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কাৰ্যকৰী।
- আধা লিটাৰ গাখীৰত ২৫০ গ্ৰাম মিছিৰি আৰু ১৭৫ গ্ৰাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্ৰতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্ট্ৰিক ভাল হয়।
- সদায় পুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।
- যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেই ক্ষেত্ৰত এচামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সতে কিছুদিন খুৱালে সমস্যা দূৰ হয়।
- মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।
- সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।
লিখক: অঞ্জন শৰ্মা( দৈনিক অগ্ৰদূতৰ ‘স্বাস্থ্য বাৰ্তা’ৰ পৰা সংগৃহিত)।
শেহতীয়া উন্নীতকৰণ: : 3/13/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.