মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মানুহ দীৰ্ঘজীৱী হোৱাত নিৰামিষ আহাৰৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানুহ দীৰ্ঘজীৱী হোৱাত নিৰামিষ আহাৰৰ ভূমিকা

মানুহ দীৰ্ঘজীৱী হোৱাত নিৰামিষ আহাৰৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

বৰ্তমান সময়ত নিৰামিষ আহাৰ খোৱা উচিত বুলি মানুহে উপলব্ধি কৰিছে-

 

ভাৰতৰ ভালেমান ৰাজ্যত কিছুমানক মানুহৰ মাজত পুৰুষাণুক্ৰমে নিৰামিষ আহাৰ খোৱাৰ অভ্যাস চলি আহিছে। এই লোকসকলৰ মতে আমিষ আহাৰ খোৱাটো নীতি বিৰুদ্ধ আৰু ধৰ্মবিৰুদ্ধও। ইংলেণ্ড আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত চলোৱা এটা সমীক্ষামতে নিৰামিষ আহাৰ খোৱা মানুহ দীৰ্ঘজীৱী হয় আৰু তেওঁলোকৰ শৰীৰত অযথা মেদ জমা নহয়। পাকিস্তানৰ হুনজা আৰু মেক্সিকোৰ গুটম, জনগোষ্ঠীৰ মানুহে নিৰামিষ আহাৰ খায় কাৰণেই তেওঁলোকৰ স্বাস্থ্য সুন্দৰ আৰু বেছিভাগ মানুহেই তজবজীয়া দেহাৰে এশবছৰ পাৰ কৰে।

পিছে নিৰামিষ আহাৰৰ দোষো আছে। ভালকৈ বাছি খাব নাজানিলে ভিটামিন-‘চি’, ‘বি’ গোষ্ঠীৰ আৰু ভিটামিন-‘ডি’ৰ অভাৱজনিত ৰোগবোৰ হ’ব পাৰে। নিৰামিষ আহাৰৰ সম্ভাব্য দোষ-গুণবোৰ এই ক্ষেত্ৰত বিচাৰ কৰি চাব লাগে। যদি ইয়াৰ দোষবোৰ গুচাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তেনেহ’লে নিৰামিষ আহাৰ বেয়া বুলি কোৱাৰ কোনো যুক্তি নাথাকে।

নিৰামিষ আহাৰ খোৱা তিনিবিধ মানুহে আছে। এবিধ তেনেই গোড়া। তেওঁলোকে জন্তুৰ পৰা পোৱা একো বস্তুকে নেখায়। এবিধে আকৌ গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্যবোৰ খায়। তৃতীয় বিধে কেৱল মঙহহে নাখায়, মাছ হ’লে খায়। প্ৰথমবিধ নিৰামিষ আহাৰ সঁচাকৈয়ে শৰীৰৰ বাবে অপকাৰী। কাৰণ সেই আহাৰত প্ৰোটিনৰ অভাৱ থাকে। জান্তৱ পুষ্টি ৰহিত খাদ্যত বাৰু কি নাথাকে? পোনপটীয়া উত্তৰ হ’ল এয়ে যে এনে খাদ্যত প্ৰোটিন নাথাকে।

শৰীৰৰ গঠন মেৰামতিকাৰী প্ৰোটিন হ’ল কিছুমান এমাইনো এচিডৰ সমষ্টি। এই এচিডবোৰৰ ২২টা শৰীৰে নিজে গ্ৰহণ কৰে।

ইয়াৰ ১৪টা শৰীৰে নিজেই উৎপন্ন কৰে। কিন্তু বাকী ৮টা আমাৰ আহাৰৰ পৰা আহিবই লাগিব। এই আঠটা এমাইনো এচিডক প্ৰয়োজনীয় এমাইনো এচিড বোলে। দেহত উপকাৰ সাধিবলৈ হ’লে খাদ্যত পোৱা প্ৰোটিন যথাযথ বা সম্পূৰ্ণ প্ৰোটিন হ’ব লাগিব। ইয়াৰ সহজ অৰ্থ হ’ল, এবাৰ খোৱা আহাৰত কম-বেছি পৰিমাণে এই আঠটা প্ৰয়োজনীয় এমাইনো এচিড থাকিবই লাগিব। কাৰণ, অসম্পূৰ্ণ প্ৰোটিনে শৰীৰৰ গঠন আৰু মেৰামতিৰ কাম কৰিব নোৱাৰে। মঙহক সম্পূৰ্ণ প্ৰোটিন খাদ্য বোলা হয়। কাৰণ ইয়াত সঠিক অনুপাতত আঠটা প্ৰয়োজনীয় এমাইনো এচিড আছে। অৱশ্যে সকলো প্ৰোটিনৰ ভিতৰত কণীত আৰু মাতৃ দুগ্ধত থকা প্ৰোটিনেই সৰ্বোৎকৃষ্ট।

আনহাতেদি উদ্ভিদজাত প্ৰোটিন হ’ল অসম্পূৰ্ণ প্ৰোটিন, কিয়নো তাত এটা বা দুটা প্ৰয়োজনীয় এমাইনো এচিড নাথাকে। সেয়েহে দাইল আৰু বাদাম আদি প্ৰোটিনৰ ক্ষেত্ৰত বেচ চহকী যদিও সেইবোৰ প্ৰোটিনৰ লগত অন্যান্য নিৰামিষ আহাৰ সুচিন্তিতভাৱে খাব নোৱাৰিলে শৰীৰত বিশেষ কামত নাহে।

সেই কাৰণেই আগতে কোৱা হৈছে যে দাইলত, যেনে- মগুমাহ, বুটমাহ, ৰহৰমাহ, মাটিমাহ আদিত শতকৰা ২০ৰ পৰা ২৮ ভাগলৈ প্ৰোটিন থাকিলেও ঘেঁহুৰ আটাৰ লগত নাখালে এই প্ৰোটিনে দেহৰ উপকাৰ সাধিব নোৱাৰে। দাইলৰ প্ৰোটিনত ‘লাইচিন’(Lysine) নামৰ এমাইনো এচিড যথেষ্ঠ পৰিমাণে থাকে। সিফালে ঘেঁহুৰ আটাত থাকে আন আন গন্ধকবিহীন এমাইনো এচিড। এই দুই প্ৰকাৰৰ এমাইনো এচিড। এই দুই প্ৰকাৰৰ এমাইনো এচিডে পৰিপূৰকৰ কাম কৰে আৰু দুয়োৰে সংমিশ্ৰণৰ ফলত শৰীৰে প্ৰায় সম্পূৰ্ণ প্ৰোটিন পায়।

প্ৰোটিনৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে ইয়াৰ গুণৰ ওপৰতহে, পৰিমাণৰ ওপৰত নহয়। গতিকে শৰীৰে বিচৰা সম্পূৰ্ণ প্ৰোটিনখিনি পাবলৈ হ’লে যথেষ্ট পৰিমাণৰ নিৰামিষ আহাৰ খাবলগা হয়। কিন্তু তাকে পাবলৈ কেইডোখৰমান মঙহ খালেই হ’ল। পিছে আমিষ আহাৰ খোৱা লোকসকলৰ প্ৰধান দোষ হ’ল এয়ে যে তেওঁলোকে সুবিধা পালে জোখতকৈ অধিক খোৱা লোকসকলৰ প্ৰধান দোষ হ’ল এয়ে যে তেওঁলোকে সুবিধা পালে জোখতকৈ অধিক মঙহ খায়, লগতে আন বস্তুও খায়। ফলত শৰীৰে বেছি কে’লৰি পায় আৰু খাওঁতাজনৰ অযথা ওজন বাঢ়ে।

মঙহত থকা চৰ্বিক পৰিগতিত চৰ্বি বোলে। ই তেজত কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়। আনহাতেদি উদ্ভিদজাত প্ৰোটিনত কলেষ্টেৰল নাথাকে বাবে নিৰামিষ আহাৰ খোৱা লোকৰ তেজত কলেষ্টেৰলৰ মাত্ৰা কম থাকে। সেইকাৰণে তেনে ব্যক্তিৰ ধমনীৰ ৰক্তস্ৰোত বন্ধ হৈ মৃত্যু হোৱাৰ আশংকা কম।

সাধাৰণতে মাংস খোৱা মানুহে কম শাক-পাচলি খায় আৰু তেওঁলোকৰ অন্যান্য আহঁযুক্ত আহাৰৰ প্ৰতিও ৰুচি কম। ইয়াৰ ফলত তেওঁলোক প্ৰায়েই কোষ্ঠবদ্ধতাত ভোগে।

মাংসৰ দৰে কম আঁহযুক্ত আহাৰে পাচকতন্ত্ৰৰ মাজেদি মন্থৰভাৱেহে গতি কৰে। ফলস্বৰূপে বিষ্ঠা শুকান হয় আৰু ই তললৈ গতি কৰাটো টান হৈ পৰে।

মাংসৰ দৰে কম আঁহযুক্ত আহাৰে পাচকতন্ত্ৰৰ মাজেদি মন্ত্ৰৰভাৱেহে গতি কৰে। ফলস্বৰূপে বিষ্ঠা শুকান হয় আৰু ই তললৈ গতি কৰাটো টান হৈ পৰে। আনহাতেদি শাক-পাচলিয়ে পানী ধৰি ৰাখে আৰু পৰিমাণ বেছি কাৰণেই অনাসায়ে পাচন তন্ত্ৰইদি ওলাই যাব পাৰে। যদি নিৰামিষ আহাৰ খাবলগীয়া হয়, তেনেহ’লে,

শৰীৰৰ উপকাৰৰ বাবে তলৰ কথাকেইটামানলৈ লক্ষ্য কৰা উচিত-

 

  • লেচেৰামাহ জাতীয় খাদ্য বেছিকৈ খাব লাগে আৰু ইয়াক ঘেঁহুৰ আটা বা ভাতৰ লগত খাব লাগে। তেতিয়াহে শৰীৰে সম্পূৰ্ণ প্ৰোটিন পাব।
  • জাঁটত পিহা আটা বা ঢেঁকীত বন্য চাউল ব্যৱহাৰ কৰিব লাগে। লগতে বন্ধাকবি, গাজৰ, বিলাহী আদি যথেষ্ট পৰিমাণে খাব লাগে।
  • চেনি, চৰ্বি আৰু তেল কমকৈ খাব লাগে। কম চৰ্বি থকা গাখীৰ আৰু কণী খাব লাগে।
  • শাক-পাচলি সিজাওঁতে অধিক পানী দিব নালাগে। কমকৈ জুই দি সিজাব লাগে।
  • আহাৰত কণী-গাখীৰ, নাথাকিলে সেউজীয়া শাক-পাচলি খাব লাগে।
  • নিৰামিষ আহাৰত কম কেলৰি থাকিলে ইয়াৰ অভাৱ দূৰ কৰিবলৈ বাদাম দহ-বাৰটামান খাব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top