মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মানৱ জীৱনত ভিটামিন-ডিৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানৱ জীৱনত ভিটামিন-ডিৰ প্ৰয়োজনীয়তা

মানৱ জীৱনত ভিটামিন-ডিৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

আগকথা -

“গ' গ' গ' গ' গ' আউটচাইড

খোলো অপনী আঁখে ৱাইড

চান (Sun) বোলে - লে লো ভিটামিন-ডি কী ৰাইড”

.......এয়া আছিল ৰেপাৰ বাবা চাইগেলৰ গীত৷ গীতৰ প্ৰসংগ হ'ল আমাৰ দেশ ভাৰতবৰ্ষত বিশাল আকাৰ ৰূপ ধাৰণ কৰা জনতাৰ মাজত ব্যাপ্ত ভিটামিন-ডিৰ অভাৱৰ বিপৰীতে সজাগতাৰ সৃষ্টি কৰা৷ হয়, ইন্টাৰনেশ্বনেল অষ্টঅ'পৰচিচ ফাউণ্ডেচনে জনাইছে ভাৰতৰ ৮০ শতাংশ নগৰত বসবাস কৰা লোকৰ মাজত ভিটামিন-ডিৰ অভাৱ প্ৰমাণিত হৈছে৷ চিকিৎসকে মত পোষন কৰে গ্ৰামাঞ্চলটো সেই একেই ছবিয়েই দেখা যাব৷ আনহাতে ভিটামিন-ডিৰ এক সহজ উৎস হ'ল আমাৰ দেশত সহজে উপলব্ধ ৰ'দ৷ আনহাতে আন এক প্ৰকাশিত সমীক্ষামতে বিশ্বত এহেজাৰ নিযুত (অৰ্থাৎ দহ হাজাৰ কোটি বা এক বিলিয়ন) লোক ভিটামিন-ডি অভাৱত কম-বেচি পৰিমাণে আক্ৰান্ত৷ গতিকে আজিৰ আলোচনাৰ বিষয় বস্তু হ'ল - আমাৰ শৰীৰৰ বাবে ভিটামিন-ডি কিয় লাগতিয়াল(?)
ক'ত ক'ত ভিটামিন-ডি উপলব্ধ ?

ভিটামিন-ডি থকা খাদ্যসমূহ হ'ল -

তেলী মাছ যেনে টুনা, চলমান, মেকেৰেল, চাৰডিন৷ কড লিভাৰ অইল, ডায়েৰী প্ৰডাক্ট, পনীৰ, কমলাৰ ৰস, চয়া মিল্ক, গো মাংসৰ লিভাৰ, কণী আৰু ঘেঁহু-মাহ জাতীয় শস্য৷ কিছুমান নিৰ্বাচিত প্ৰজাতিৰ মশৰুমত ভিটামিন-ডি থাকে৷

শৰীৰৰ কমেও ৪০ শতাংশ উন্মুক্ত অংশত সপ্তাহত ৩৷৪দিন ২০ৰ পৰা ৩০মিনিটৰ ৰ'দেই ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিবলৈ যথেষ্ট৷ বগা চামৰাৰ তুলনাত ক'লা চামৰাৰ লোকক তুলনামূলকভাবে অধিক সময়ৰ ৰ'দৰ প্ৰয়োজন৷ দিনৰ ১১বজাৰ পৰা ১বজালৈ আলট্ৰাভায়লেট ৰশ্মিৰ প্ৰভাৱ (290-320nm) ভিটামিন-ডিৰ সৃষ্টিৰ বাবে আটাইতকৈ উপযুক্ত বুলি জনা গৈছে৷ গাত চান স্ক্ৰীণ মলম ঘঁহি ৰ'দ ল'লে ভিটামিন-ডিৰ নিৰ্মাণ নহয় ৷

আমাৰ শৰীৰক নিতৌ কিমান পৰিমাণৰ ভিটামিন-ডিৰ প্ৰয়োজন ?

  • নৱজাতকৰ পৰা এবছৰীয়া শিশুক দৈনিক প্ৰয়োজন ৪০০ ইন্টাৰনেশ্বনেল ইউনিট (১০ মাইক্ৰ গ্ৰাম)।
  • এ বছৰৰ পৰা ৭০বছৰ বয়সৰ লোকক দৈনিক প্ৰয়োজন ৬০০ ইন্টাৰনেশ্বনেল ইউনিট (১৫ মাইক্ৰ গ্ৰাম)।
  • ৭০ বছৰৰ ওপৰৰ বয়সৰ লোকক দৈনিক প্ৰয়োজন ৮০০ ইন্টাৰনেশ্বনেল ইউনিট (২০মাইক্ৰ গ্ৰাম)।

ভিটামিন-ডি আমাক কিয় লাগে ?

আমাৰ শৰীৰত কেলচিয়াম আৰু ফচফোৰাচৰ গতিবিধি নিয়ন্ত্ৰিত কৰি হাঁড়ৰ গাঁঠনি সঠিক কৰি ৰাখিবলৈ ভিটামিন-ডিৰ একান্ত প্ৰয়োজন৷ ভিটামিন-ডিৰ অভাৱত শিশুৰ ৰিকেট (Rickets) আৰু প্ৰাপ্তবয়স্কৰ অষ্টিঅ'মেলাচিয়া (Osteomalacia)ৰোগ হয়৷ কেলচিয়াম আৰু ভিটামিন-ডিয়ে হাড়ৰ ক্ষয় (Osteoporosis) ৰোধ কৰে৷

হাঁড়ৰ বিকাশৰ ওপৰিও ভিটামিন-ডি -

  • স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ শ্ৰীবৃদ্ধি,
  • শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা,
  • ইনফ্লেমেচন কমোৱা আদিৰ বাবে লাগতিয়াল বুলি প্ৰমাণিত হৈছে৷
  • ভিটামিন-ডি আৰু কেলচিয়াম একেলগে গ্ৰহণ কৰিলে হাঁড়ৰ ঘনত্ব (Bone density) বৃদ্ধি হয়৷

ভিটামিন-ডিয়ে কেনেকৈ ক্ৰিয়া কৰে?

ৰ'দ বা খাদ্যৰ যোগেদি আহৰণ কৰা ভিটামিন-ডি সক্ৰিয় ৰূপত নাথাকে৷ পোনতে লিভাৰত ৰাসায়নিক প্ৰক্ৰিয়া হৈ ই কেলচিডিঅ'ল (Calcidiol বা ২৫-হাইড্ৰক্সিভিটামিন-ডি)লৈ পৰিবৰ্তিত হয়৷ পুনৰ কিডনিত ক্ৰিয়া সংঘটিতহৈ সক্ৰিয় ৰূপ পায় কেলচিট্ৰায়ল (Calcitriol বা ১,২৫ ডাইহাইড্ৰক্সিভিটামিন-ডি) নামেৰে৷ উল্লেখযোগ্যযে ভিটামিন-ডি হ'ল পানীত অঘোলনশীল পদাৰ্থ৷ ই ফেটৰ মাধ্যমতহে ঘোল খায়৷

পাক প্ৰণালীত ভিটামিন-ডিয়ে কেলচিয়াম আৰু ফচফোৰাচ আহৰণত সহায় কৰে৷ তেজত থকা কেলচিডিঅ'লৰ পৰিমাণে আমাৰ শৰীৰত থকা ভিটামিন-ডিৰ অৱস্থিতিক বুজায়৷ তেজত ইয়াৰ অৰ্ধ-আয়ুস (Half life) ১৫ দিন হোৱাৰ বিপৰীতে কেলচিট্ৰায়লৰ অৰ্ধ-আয়ুস ১৫ঘন্টা৷ ৰ'দৰ পৰা আহৰণ কৰা ভিটামিন-ডি শৰীৰৰ চৰ্বি (Fatty tissue)ত জমা হয় আৰু পৰৱৰ্তী সময়ত ইয়াৰ পৰাই মুকলি হয়৷

কি কি পৰিস্থিতিত ভিটামিন-ডিৰ অভাৱ হব পাৰে ?

১) সূৰ্য্যৰ পোহৰ অৰ্থাৎ ৰ'দৰ পৰা যি কোনো কাৰণতে বঞ্চিত হোৱা-

ভৌগলিক অৱস্থান, ধৰ্মীয় বা সামাজিক কাৰণত সম্পূৰ্ণ শৰীৰ ঢকা বস্ত্ৰ পৰিধান কৰা, কৰ্তব্যৰ খাতিৰত বা আন অজুহাতত ঘৰৰ ভিতৰতে ২৪ঘন্টাই সোমাই থকা আদিৰ বাবে৷ কেনেডা, উত্তৰ আমেৰিকা আদি ঠাইত বসতি কৰা লোকসকলে প্ৰাকৃতিক কাৰণত উচিত পৰিমাণৰ ৰ'দৰ মুখ দেখা নাপায়৷

২) দৈনিক প্ৰয়োজনীয় পৰিমাণত ভিটামিন-ডিযুক্ত খাদ্য গ্ৰহণ নকৰা –

সাধাৰণতে এনে হব পাৰে যিসকলে কঠোৰভাবে নিৰামিষ খাদ্য গ্ৰহণ কৰা হেতুকে কণী, মাছ, মাংস একোৱেই স্পৰ্শ নকৰে৷

৩)কিডনিৰ অক্ষমতাৰ হেতু যদি ভিটামিন-ডি সক্ৰিয় অৱস্থালৈ ৰূপান্তৰিত হব নোৱাৰে –

বাৰ্ধক্যজনিত কাৰণত এনে হোৱাটো সম্ভৱপৰ৷

৪) স্বাস্থ্যজনিত কাৰণত পাক প্ৰণালীৰ পৰা পৰ্য্যাপ্ত পৰিমাণত খাদ্যৰ যোগেদি উপলব্ধ ভিটামিন-ডি আহৰণ (Absorb) কৰিব নোৱাৰিলে-

ক্ৰনছ ডিজিজ, চিলিয়াক ডিজিজ, চিষ্টিক ফাইব্ৰচিচ আদি ৰোগৰ ফলত এনে হোৱাটো সম্ভৱপৰ৷

৫) মেদবহুলতা- যিসকল লোকৰ বডি মাচ ইনডেক্স (BMI) ৩০ৰ ওপৰত-

তেনেলোকৰ তেজত সাধাৰণতে ভিটামিন-ডি অপৰ্য্যাপ্ত পৰিমাণত থকা দেখা যায়৷ বিজ্ঞানীসকলে অনুসন্ধান কৰি পাইছে যে জেনেটিক কাৰণত শকত লোকসকলৰ ভিটামিন-ডিৰ অভাৱ হয়৷ আনহাতে ভিটামিন-ডিৰ অভাৱ হোৱা মাত্ৰকেই দেহ মেদবহুল নহয়৷

৬) ছালৰ ডাঠ ক'লা বৰণ মেলানিন পিগমেন্টৰ আধিক্যৰ বাবে হয়৷ এনে লোকৰ ভিটামিন-ডিৰ অভাৱ হোৱাৰ সম্ভাৱনা অধিক৷

৭) ৬৫ বছৰৰ ওপৰৰ বয়সিয়াল লোকৰ শৰীৰত থকা ৰিচেপ্তৰ কেন্দ্ৰসমূহৰ সক্ৰিয়তা কমি যোৱাৰ ফলত ৰ'দৰ পৰা ভিটামিন-ডি আহৰণ কৰাৰ ক্ষমতা হ্ৰাস পায়৷ তদুপৰি কিডনিৰ বিকাৰেও এনে লোকৰ ক্ষেত্ৰত ভিটামিন-ডিৰ অভাৱৰ সম্ভাৱনা বৃদ্ধি কৰে৷

ভিটামিন-ডিৰ অভাৱ চিনাক্তকৰণ কেনেকৈ কৰিব ?

তেজত ২৫-হাইড্ৰক্সিভিটামিন-ডি বা কেলচিডিঅ'ল (Calcidiol)ৰ পৰিমাণ ২০ৰ পৰা ৫০নেনগ্ৰাম প্ৰতিমিলিলিটাৰ থকাটো বাঞ্চনীয়৷ ১২নেনগ্ৰাম প্ৰতি মিলিলিটাৰ বা তাৰ কম পৰিমাণে ভিটামিন-ডিৰ অভাৱক সূচায়৷

ভিটামিন-ডিৰ অভাৱত কি কি লক্ষণ দেখা দিয়ে ?

সাধাৰণতে হাঁড়ৰ বিষ আৰু মাংসপেশীৰ দূৰ্বলতা দেখা দিব পাৰে৷ ভিটামিন-ডিৰ অভাৱত ভোগা লোকৰ মাজত নিম্নলিখিত ৰোগৰ প্ৰাধান্য দেখা যায় –

  • হৃদৰোগ,
  • বয়সিয়াল লোকৰ মনোৰোগ,
  • শিশুৰ হাপানি ৰোগ,
  • নানাবিধ কৰ্কট ৰোগ৷

বিজ্ঞানীসকলে গবেষণা কৰি পাইছে যে ভিটামিন-ডিয়ে-

  • টাইপ-১আৰু টাইপ-২ডায়েবেটিজ,
  • উচ্চ ৰক্তচাপ,
  • মাল্টিপল স্কেৰ'চিচ আদি ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধত লাগতিয়াল ভূমিকা পালন কৰিব পাৰে৷

ভিটামিন-ডি অভাৱৰ চিকিৎসা কিদৰে কৰা হয় ?

সাধাৰণতে ভিটামিন-ডিৰ অভাৱৰ চিকিৎসাৰ ক্ষেত্ৰত দৈনিক ৪০০০ ইউনিটক নিৰাপদ বুলি চিকিৎসকসকলে গণ্য কৰে৷ পিছে তেজত প্ৰয়োজনীয় (Optimal level) ভিটামিন-ডিৰ পৰিমাণ বাহাল ৰাখিবলৈ সপ্তাহত ৫০,০০০ ইউনিট ৬ৰ পৰা ১২ সপ্তাহলৈ লোৱাৰ পৰামৰ্শ দিয়া হয়৷ ভিটামিন-ডিৰ অভাৱৰ চিকিৎসাত ৬লাখ ইউনিটৰ বেজীও (Arachitol নামেৰে)উপলব্ধ৷

বিভিন্ন শাৰিৰীক অৱস্থাত ভিটামিন-ডি কিদৰে ব্যৱহৃত হয় চাওক -

  • হাঁড়ৰ ক্ষয় (Osteoporosis) ৰোধ কৰিবলৈ - দৈনিক ১০০০ৰ পৰা ২০০০ ইউনিট ভিটামিন-ডি ৩৬ মাহলৈ দিয়া হয়৷ লগত দৈনিক ৫০০ৰ পৰা ১২০০ মিলিগ্ৰাম কেলচিয়াম দিয়া উচিত৷
  • ষ্টেৰয়েড ব্যৱহাৰৰ বাবে হোৱা হাঁড়ৰ ক্ষতি ৰোধ কৰিবলৈ ২০০০ ইউনিট বা তাতোকৈ বেচি ভিটামিন-ডি ৬ৰ পৰা ৩৬ মাহলৈ দিব পাৰি৷ ইয়াৰ বাবে কেলচিট্ৰায়ল বা আলফা কেলচিডিঅ'ল ব্যৱহৃত হয়৷
  • কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ – দৈনিক ১১০০ ইউনিট ভিটামিন-ডি (ক'লিকেলচিফেৰল ৰূপত) +দৈনিক ১৫০০ মিলিগ্ৰাম কেলচিয়াম ৭ বছৰ পৰ্য্যন্ত দিয়া হয়৷
  • হাৰ্ট ফেইলাৰৰ চিকিৎসাত- দৈনিক ৮০০ ইউনিট ভিটামিন-ডি(ক'লিকেলচিফেৰল ৰূপত)+দৈনিক ১০০০ মিলিগ্ৰাম কেলচিয়াম ৩ বছৰ পৰ্য্যন্ত দিয়া হয়৷

হাইপাৰ পেৰাথাইৰয়েড ৰোগত- দৈনিক ৮০০ ইউনিট ভিটামিন-ডি (ক'লিকেলচিফেৰল ৰূপত)দিয়া হয়৷

  • মাল্টিপল স্কেৰচিচ ৰোগত-দৈনিক ৪০০ ইউনিট ভিটামিন-ডি(ক'লিকেলচিফেৰল ৰূপত) সতৰ্কতামূলক ব্যৱস্থা হিচাবে দিয়া হয়৷
  • শ্বাসজনিত ৰোগ প্ৰতিৰোধ কৰিবলৈ- দৈনিক ৩০০ৰ পৰা ৪০০০ ইউনিট ভিটামিন-ডি (ক'লিকেলচিফেৰল ৰূপত) দিয়া হয়৷
  • বৃদ্ধকালৰ দন্তক্ষয় ৰোধ কৰিবলৈ-দৈনিক ৭০০ ইউনিট ভিটামিন-ডি(ক'লিকেলচিফেৰল ৰূপত)+দৈনিক ৫০০ মিলিগ্ৰাম কেলচিয়াম ৩ বছৰ পৰ্য্যন্ত দিয়া হয়৷
  • শিশুৰ শ্বাসপ্ৰণালীৰ বিভিন্ন ৰোগৰ সুৰক্ষা দিবলৈ দৈনিক ১০০০ ইউনিট ভিটামিন-ডি (ক'লিকেলচিফেৰল ৰূপত) গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হয়৷
  • শেহতীয়াকৈ জটিল চৰ্মৰোগ চ'ৰিয়াচিচৰ চিকিৎসাত কৃত্ৰিমভাবে নিৰ্মাণ কৰা কেলচিপ'ট্ৰেইন (Calcipotriene) নামৰ ভিটামিন-ডিৰ ক্ৰিম (ষ্টেৰইড ক্ৰিমৰ সৈতে বা অকলে) উপকাৰী সিদ্ধ হোৱাটোৱে তেনে ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷

ভিটামিন-ডি বেচি হলে কি কি পাৰ্শ্বক্ৰিয়া দেখা যায় ?

ভিটামিন-ডিৰ ড'জ বেচি হ'লে হব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ'ল –

  • বমি,
  • ওকালি,
  • শৌচ-কচা হোৱা,
  • অৰুচি,
  • অতিপাত পিয়াহ লগা,
  • প্ৰসাব বেচি হোৱা,
  • হাঁড়ৰ বিষ,
  • মাংসপেীৰ দূৰ্বলতা অনুভৱ হোৱা,
  • শৰীৰৰ ওজন হ্ৰাস হোৱা,
  • ভ্ৰম হোৱা,
  • কিডনিৰ পাথৰ হোৱা ইত্যাদি৷

ভিটামিন-ডিৰ প্ৰয়োগত লবলগীয়া সতৰ্কতা আৰু আন ঔষধিৰ সৈতে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া (Drug interaction):

  • এন্টাচিড (এলুমিনিয়ামযুক্ত),
  • চিমেটিডিন,
  • হেপাৰিন,
  • ডিগক্সিন,
  • ডিলটিয়াজেম,
  • ভেৰাপ্ৰামিল,
  • থায়েজাইড ডাইয়ুৰেটিক আদি দৰবৰ সৈতে ভিটামিন-ডিৰ ৰাসায়নিক ক্ৰিয়া (Drug interaction) সংঘটিত হয়৷

সেয়ে এনে ঔষধি সেৱন কৰি থকা লোকে ভিটামিন-ডি গ্ৰহণ কৰাৰ আগতে নিজৰ চিকিৎসকৰ লগত খৰচি মাৰি আলেচনা কৰাৰ প্ৰয়োজন৷

মোখনিত কেইটিমান লাগতিয়াল কথা –

  • আমি গ্ৰহণ কৰা এটা ডাঙৰ কণীৰ কুহুমত থকা ভিটামিন-ডিৰ পৰিমাণ হ'ল ৪১ ইউনিট, এপিয়লা গাখীৰত থকা ভিটামিন-ডিৰ পৰিমাণ হ'ল ১১৫ ইউনিট, এগিলাচ কমলাৰ ৰসত থকা ভিটামিন-ডিৰ পৰিমাণ হ'ল ১৩৭ ইউনিট, ১০০ গ্ৰাম টুান মাছত থকা ভিটামিন-ডিৰ পৰিমাণ হ'ল ১৬০ ইউনিট, ১০০ গ্ৰাম চালমন মাছত থকা ভিটামিন-ডিৰ পৰিমাণ হ'ল ৪৫০ ইউনিট৷ এইবিলাকৰ বিপৰীতে এক ডাঙৰ চামুচ কড মাছৰ লিভাৰৰ তেলত ১৩৬০ ইউনিট ভিটামিন-ডি থাকে৷
  • আমাৰ প্ৰয়োজন হোৱা দৈনিক ৪০০ৰ পৰা ৮০০ ইউনিট ভিটামিন-ডি আমি গ্ৰহণ কৰা খাদ্যৰ পৰাই মূলতে আহৰণ কৰোঁ সেয়ে অভাৱত নপৰিবলৈ নিজৰ খাদ্য তালিকাৰ পৰা নিজে গ্ৰহণ কৰা মুঠ ভিটামিন-ডিৰ মূল্যায়ন কৰি লব পাৰে৷ ইয়াৰ বাবে নেটত নানান স্ৰোতে যোগান ধৰা তালিকাৰ সহায় লব পাৰে৷
  • বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি বিশ্বৰ বিভিন্ন দেশৰ (আমাৰ দেশো ব্যতিক্ৰম নহয়) চৰকাৰে খাদ্যসমূহত ভিটামিন-ডি অতিৰিক্তভাবে সংযোগ কৰাৰ (Fortification with Vitamin D)আঁচনি লৈছে৷ তদুপৰি শিশুক ভিটামিন-ডি প্ৰতিষেধক টিকাৰ সৈতে খুৱাবলৈ লোৱা হৈছে৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং:  +৯৭৪৩৩৭৩৮৭২২

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top