মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মানৱ শৰীৰৰ প্ৰয়োজনীয় খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানৱ শৰীৰৰ প্ৰয়োজনীয় খাদ্য :

মানৱ শৰীৰৰ প্ৰয়োজনীয় খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

'এস্ বোপাই, তহঁতৰ দৰৱ সোপা খাই থকাটো নিচাই নে কি নাজানো, আমাৰ দিনত আজিকালিৰ দৰে ডাক্তৰো নাছিল, দৰৱো নাছিল আৰু বেমাৰ আজাৰো নহৈছিল' হয় এয়া ষাঠি সত্তৰ দশকত যুৱক হৈ থকা বৰ্তমান তিনিমুৰীয়া বৃদ্ধ ককা এজনৰ ভাষ্য। তেতিয়া কি সচাকৈয়ে মানুহৰ বেমাৰ আজাৰ হোৱা নাছিল নে তেওঁলোকে নিজকে ৰোগ প্ৰতিৰোধী কৰি ৰাখিছিল এয়া আমাৰ মনত এক ডাঙৰ প্ৰশ্ন। কিন্তু অনুমান কৰিব পাৰি যে সেই সময়ত জনসংখ্যা বহু কম আছিল, হাবি বননি বেছি আছিল গতিকে মানুহে অধিক ফল মূল আৰু অপৰ্য্যাপ্ত তাজা শাক পাচলি খাইছিল। কৃষিভূমিত জৈৱিক সাৰ ব্যৱহাৰ কৰিছিল। ফলস্বৰূপে মানুহৰ শৰীৰ আভ্যন্তৰীণ ভাৱে ৰোগ প্ৰতিৰোধক হৈছিল। কিন্তু বৰ্তমান ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখিবলৈ পোৱা যায়।

মানুহৰ শৰীৰত বেমাৰ হলে বিভিন্ন উপায়েৰে তাৰ উপশম ঘটাব পাৰি, কিন্তু বেমাৰ আজাৰ নোহোৱা সুস্থ শৰীৰৰ অধিকাৰী কেনেদৰে হব পাৰি সেইটোহে সকলোৰে বোধগম্য হোৱা দৰকাৰ। সুস্থ শাৰিৰীক স্বাস্থ্য অটুট ৰাখিবলৈ কিছুমান বিষয়ৰ ওপৰত দৃষ্টি ৰখা অতি আৱশ্যকীয়। সেইবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ বিষয় হ'ল - খাদ্য, পেয়, বতাহ, পোহৰ, পৰিৱেশ, পোছাক পৰিচ্ছদ, স্নান, শ্ৰম, বিশ্রাম ইত্যাদি। এই বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যদি নিয়মৰ মাজেৰে চলা যায় তেতিয়া মানৱ শৰীৰত সহজে ৰোগে আক্ৰমণ কৰিব নোৱাৰে। এই লিখনিত কেৱল খাদ্যৰ ওপৰত এটা চমু আভাস দিবলৈ চেষ্টা কৰা হৈছে।

পুষ্টিকৰ খাদ্য খালেই যে শৰীৰ সুস্থ সবল হৈ থাকে এইটো এটা ভুল ধাৰণা। কোনো এবিধ খাদ্য খোৱাৰ আগতে চাব লাগিব আমাৰ শৰীৰৰ, সেই খাদ্যবিধ হজম কৰিব পৰা শক্তি আছেনে নাই। খাদ্যৰ পৰিপাক প্ৰনালী পৰিশ্ৰমৰ ওপৰত যঠেষ্ট নিৰ্ভৰশীল। গতিকে শাৰিৰীক বা মানসিক শ্ৰম অনুযায়ী পুষ্টিকৰ খাদ্য খাব লাগে। সহজে হজম কৰিব নোৱাৰা, অধিক মছলাযুক্ত খাদ্য, তেল বা ঘিউ বেছি পৰিমানে থকা খাদ্য নোখোৱাই ভাল।

সুসিদ্ধ, হজম হব পৰা খাদ্য, লাহে লাহে চোবাই খোৱা উচিত। খাদ্য খোৱাৰ সময়ত বা খোৱাৰ পিছতেই বেছি পানী খাব নালাগে, কিছু সময় পিছত খাব লাগে। খাদ্যৰ লগে লগে পানী খালে পাকস্থলীৰ অম্লৰস পাতল আৰু হজমশক্তি কমি যায়। দুপৰীয়া খাদ্য খোৱাৰ পিছত কিছু সময় বিশ্ৰাম লব লাগে। কিন্তু ৰাতিৰ আহাৰৰ পিছত কিছুসময় খোজ কাঢ়িব লাগে। পাকস্থলী পূৰ্ণ কৰি খাদ্য খাব নাখাই অৰ্ধাংশ খাদ্য, এক চতুৰ্থাংশ পানী আৰু বাকী এক চতুৰ্থাংশ খালী ৰাখিব লাগে।

বহুসময় খালি পেটে থকাৰ পিছত অধিক পৰিমাণৰ খাদ্য খোৱা উচিত নহয়। প্ৰথমতে কিছুসময় বিশ্ৰামৰ মাজেৰে লঘু আহাৰ খাই তাৰ কিছুসময় পিছতহে ভাত আদি খাব লাগে। ৰাতিপুৱাৰ আহাৰ ৰজাই খোৱাৰ নিচিনা খাব লাগে, দুপৰীয়া সাধাৰণ আহাৰ আৰু ৰাতি ভিক্ষাৰীৰ নিচিনা আহাৰ খোৱা উচিত। পঞ্চাশোৰ্ধ মানুহৰ খাদ্যৰ পৰিমাণ কম আৰু যথাসম্ভৱ লঘুপাচ্য হব লাগে।

খাদ্য প্ৰধানতঃ ছয় প্ৰকাৰৰ -

১।প্ৰটিন জাতীয় খাদ্য : মাছ, মাংস, কণী, গাখীৰ, বুট, দাইল আদিত পোৱা যায়। ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ পুষ্টি আৰু মাংসপেশীৰ ক্ষয় পূৰণ আৰু সবল হয়।

২। স্নেহ জাতীয় খাদ্য : ঘিউ, মাখন, তেল, চৰ্বি, বাদাম ইত্যাদি। ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ উপযোগী উষ্ণতা, পৰিশ্ৰম কৰাৰ বাবে প্ৰয়োজনীয় শক্তি বৃদ্ধি কৰে। শৰীৰৰ মেদ স্নেহ জাতীয় খাদ্যৰ পৰা গঠন হয়।

৩। শৰ্কৰা জাতীয় খাদ্য : ভাত, চিৰা, ময়দা, আটা, আলু, চেনী, গুড়, মিচিৰি, খেজুৰ ইত্যাদি। এই ধৰণৰ খাদ্যৰ পৰা শৰীৰৰ ওজন, উষ্ণতা বাঢ়ে, মেদ গঠন হয় আৰু শৰীৰ কাৰ্যক্ষম হয়।

৪। লৱণ জাতীয় খাদ্য : খোৱা নিমখ, লৌহ গঠিত লোণ, চূণ গঠিত লৱণ, ডাইল ইত্যাদি। এইবোৰৰ দ্বাৰা আমাৰ শৰীৰৰ ৰক্তশোধিত হয় আৰু আভ্যন্তৰীণ অংগ সমূহ আৰু হাড়ৰ গঠন হয়।

৫।পানী

৬। ভিটামিন বা খাদ্যপ্ৰান জাতীয় খাদ্য : ভিটামিন বা খাদ্যপ্ৰান বেছি থাকে শাক, ফল মূল, কেচাঁ পাচলি, মটৰ, গাখীৰ আদিত। এই ভিটামিন বা খাদ্যপ্ৰান বহু প্ৰকাৰৰ আছে। ভিটামিনৰ অভাৱ হ'লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু নানা ধৰণৰ বেমাৰ আজাৰ হয়। জীৱদেহৰ কাম কাজ কৰাৰ বাবে অপৰিহাৰ্য্য, অতি কম মাত্ৰাত থকা, অথচ প্ৰবল শক্তিসম্পন্ন জৈৱ ৰাসায়নিক পদাৰ্থবিধকে খাদ্যপ্ৰান বা ভিটামিন বোলা হয়।

ভিটামিন নানা প্ৰকাৰৰ। যেনে vitamin A, B Complex, C, D, E, K, H বা বায়োটিন ইত্যাদি।

ভিটামিন A : ভিটামিন 'এ'ৰ দুটা ৰূপ। A1 বা ৰেটিনেল আৰু A2 বা ডিহাইড্ৰৰেটিনেল। ভিটামিন Aৰ অভাৱত কুকুৰীকণা, চকু আৰু কাণৰ ৰোগ, ঘনে ঘনে চৰ্দি লগা, কাহ, ঠাণ্ডা লগা, মূত্ৰ পাথৰ, আদি হয়। ইয়াৰ কাৰণ হ'ল ভিটামিন A ৰ অভাৱ হলে দেহৰ শ্লৈশ্মিক আৱৰণ (mucus membrane) ক্ষয়প্ৰাপ্ত হয়, যাৰ ফলত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা যঠেষ্ট কমি যায়।
পালেং শাক, বিলাহী, গাজৰ, ৰঙা আলু, মটৰ, অমিতা, পকাঁআম, আদি সেউজীয়া আৰু হালধীয়া শাক ফলমূলত আৰু গাখীৰ, মাখন, কণী, মাছ, খাহী আৰু ভেৰাৰ চৰ্বি আদি স্নেহজাতীয় খাদ্যত প্ৰচুৰ ভিটামিন A থাকে।

ভিটামিন বি কমপ্লেক্স : ভিটামিন বি ৰ বিভিন্ন অংশ বা factor আছে।

ভিটামিন B 1 বা থায়ামিন ৰ অভাৱত বেৰিবেৰি, নাড়ী বা নাৰ্ভৰ দুৰ্বলতা, হৃদয়ৰ দুৰ্বলতা, আদি ৰোগ হয়।

ভিটামিন B 2 বা ৰাইব'ফ্লবিনৰ অভাৱত হজম শক্তি কমে, বৃদ্ধি ব্যাহত হয়, ওঠ আৰু জিভাৰ ঘা, মুখৰ চুক ফটা, স্নায়ুতন্ত্ৰ, চকুৰ অসুখ হয়।

ভিটামিন B 3 বা পেন্টোথেনিক এচিডৰ অভাৱত হজম শক্তি কমে, ছালৰ সৌন্দৰ্য্য কমে, চুলি অকালতে পকে আৰু adrenal cortex ৰ ক্ষমতা কমে।

ভিটামিন B 4 বা নিয়াচিনামাইড ৰ অভাৱত স্নায়ুতন্ত্ৰ দুৰ্বল হয়, ওজন কমে, বৃদ্ধি ব্যাহত হয় আৰু হজম শক্তি কমে।

ভিটামিন B 5 বা ফলিক এচিডৰ অভাৱ হলে গৰ্ভাৱস্থাত থকা মহিলাৰ ৰক্তহীনতা, দেহৰ ওজন হ্ৰাস পায়।

ভিটামিন B 6 বা পাইৰ'ডক্সিন ৰ অভাৱত বৃক্কৰোগ হয়, জনন ক্ষমতা হ্ৰাস পায় আৰু বিভিন্ন চৰ্মৰোগ হয়।

ভিটামিন B 12 বা চায়েনোকোবালামিন ৰ অভাৱ হলে শৰীৰৰ স্নায়ুতন্ত্ৰ দুৰ্বলতা, ৰক্তহীনতা, মুখগহ্বৰ আৰু জিভাৰ ঘা হয, আৰু পৰিপাক প্ৰনালী দুৰ্বল হৈ পৰে।

চাউল, ঘেহু, গম, মাকৈ, বাদাম, দাইল, গাজৰ, বীট, ফুলকবি, পালেং, ৰঙা আলু আদি শাক পাচলি, কণী, গাখীৰ, গুড়, দৈ গাখীৰ আদিত প্ৰচুৰ পৰিমাণে ভিটামিন বি কমপ্লেক্স থাকে।

ভিটামিন C বা এচকৰবিক এচিডৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। ইয়াৰোপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। শিশুৰ হাড় আৰু দাতঁ দুৰ্বল হয়। দাতঁৰ আলুৰ ৰোগ এই ভিটামিনৰ অভাৱত বেছি হয়।

সকলো প্ৰকাৰৰ ফল, যেনে - নেমুটেঙা, কমলা, মৌচুমী, আমলখি, আনাৰস, লিছু, ক্লিনিকেলি, তৰমুজ, গাজিবুট-মগু, ফুলকবি, বন্ধাকবি আদি শাক পাচলি, পিয়াজ, দৈ গাখীৰ আদি ভিটামিন C ৰে সমৃদ্ধ। উল্লেখযোগ্য যে ভিটামিন C অধিক তাপমাত্ৰাত নষ্ট হৈ যায়, গতিকে এই খাদ্য সমূহ যথাসম্ভৱ টাত্কা আৰু কম তাপমাত্ৰাত ৰান্ধি খোৱা উচিত।

# ভিটামিন D বা কোলিকেলচিফেৰল ৰ অভাৱত শিশু বিলাকৰ ৰিকেট, বয়সীয়া সকলৰ দন্তক্ষয়, হাড়ৰ ৰোগ যেনে অস্টিওপোৰোচিচ, অষ্টিওমাইলাইটিচ আদি হয়। খাদ্যৰ পৰা কেলছিয়াম, ফছফৰাছ আদি লৱণ জাতীয় পদাৰ্থ আহৰণ কৰি দেহত সেইবোৰৰ যথাযথ ক্ৰিয়াত সহায় কৰাই ভিটামিন D ৰ কাম।

খাটি সৰিয়হৰ তেল শৰীৰত মালিচ কৰি সূৰ্যোদয়ৰ পিছতে বা সূৰ্যাস্তৰ আগে আগে ৰ'দ লগালে দেহত প্ৰচুৰ পৰিমাণে ভিটামিন D সঞ্চয় হয়। ক'ডলিভাৰ তেল, মাছৰ কণী, ছাগলীৰ মাংস, কণী, গাখীৰ, মাখন, পাপৰ, ঘি, তিওৱা বুটমাহ আদিত এই ভিটামিন পোৱা যায়। এইবিধ ভিটামিনো অধিক তাপত নষ্ট হৈ যায়।

ভিটামিন E বা 'টোকোফেৰল'ৰ অভাৱ হলে গৰ্ভস্থ সন্তান বেয়া হৈ যায়, বাৰে বাৰে গৰ্ভপাত হয়। সেইবাবে ইয়াক গৰ্ভৰক্ষক ভিটামিন বোলা হয়। ইয়াৰোপৰি মহিলাৰ স্তনৰ কৰ্কট, চিষ্ট, মাংসপেশীৰ দুৰ্বলতা, ভৰি হাতৰ বিষ, ধমনীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱা আদি হয়। এই ভিটামিনে বন্ধ্যাত্ব দূৰীকৰণতো সহায় কৰে।

নাৰিকল, কল, গাখীৰ, চয়াবিন, মাংস, কণী, আটা, গাজি মগু, কেচাঁ শাক পাচলি আদিত প্ৰচুৰ ভিটামিন E থাকে।

ভিটামিন K বা ফাইটাইল নেপ্থোকুইনোন তিনি প্ৰকাৰৰ, যেনে K 1, K2, K 3, । ইয়াৰ অভাৱত শৰীৰৰ ৰক্ত সঞ্চালন ত ব্যাঘাত হয়। ইয়াৰ অভাৱ হলে শৰীৰৰ যিকোনো ৰক্তক্ষৰণ সহজে বন্ধ নহয়।

বন্ধাকবি, বিলাহী, চয়াবিন, কণী, কেচাঁ শাক পাচলি আদিত ভিটামিন K থাকে।

ভিটামিন H বা বায়োটিনৰ অভাৱ হলে চুলি আৰু ছালৰ স্বাস্থ্য নষ্ট হয়।

আখৰুট, খেজুৰ, গুড়, ফলমূল, শাক পাচলি, মটৰ, ফুলকবি আদিত ভিটামিন H বা বায়োটিন থাকে।

ভিটামিনৰ উপৰিও আমাৰ শৰীৰৰ বাবে কেলছিয়াম, লৌহ, তাম, ফছফৰাছ, ছালফাৰ, ছডিয়াম, পটাছিয়াম, মেংগানিজ, আয়ডিন আদি খনিজ পদাৰ্থৰ যঠেষ্ট প্ৰয়োজনীয়তা আছে যিবিলাক বিভিন্ন খাদ্য সামগ্ৰীৰ পৰা শৰীৰে আহৰণ কৰি লয়।

লেখক: ডাঃ মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top