অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিঠা আলু :

মিঠা আলুৰ বিষয়ে লিখা হৈছে ।

মিঠা আলু(Sweet potato) মূলতঃ মাটিৰ তলত মূল(Root)ৰ ৰূপত বিকশিত হয় আৰু ইয়াৰ কাণ্ড অংশই মাটিৰ ওপৰেদি পাৰ্শ্বীয়ভাৱে বংশ বিস্তাৰ কৰে। এইবিধ আলুৰ আদিভূমি মধ্য আৰু দক্ষিণ আমেৰিকা বুলি জনা যায়। অসমৰ পৰ্বত-ভঈয়াম আনকি চহৰাঞ্চলৰো ওখ চানেকীয়া মাটিত ইয়াৰ খেতিয়ে গুৰুত্ব পোৱা পৰিলক্ষিত হৈছে।

মিঠা স্বাদ হৈছে এই আলুৰ প্ৰধান বৈশিষ্ট্য। উল্লেখ্য যে এই আলুৰ লগতে ইয়াৰ গছৰ পত্ৰ অংশও শাক হিচাপে খোৱাত ব্যৱহাৰ কৰিব পৰা যায়।

সমগ্ৰ বিশ্বত ইয়াৰ ৪০০ টা মান প্ৰজাতি পোৱা হয় বুলি তথ্য পোৱাৰ বিপৰীতে আমাৰ ৰাজ্যত প্ৰধানকৈ তিনিটা ৰঙৰ বগা, মুগা আৰু ৰঙচুৱা বৰণৰ তিনিটা প্ৰজাতি পোৱা যায়।

ইবিলাকক সামূহিকভাৱে ইংৰাজীত sweet potato কোৱা হ’লেও প্ৰজাতিভেদে সুকীয়া সুকীয়া বৈজ্ঞানিক নাম যেনে-

  • Impoca,
  • Batatas,
  • Pachirzos angulatus আদিৰে বুজোৱা হয়।

এইটো উল্লেখনীয় যে মিঠা আলুৰ বৰণ তথা প্ৰজাতিভেদে সিবিলাকৰ পুষ্টি উপাদানৰো সামান্য তাৰতম্য থাকে। তথাপি সামগ্ৰিকভাৱে ইয়াৰ ১০০ গ্ৰামত পোৱা মুখ্য উপাদানসমূহ এনে-

  • পানী ৭০ গ্ৰাম,
  • প্ৰ’টিন ১.৬ গ্ৰাম,
  • চৰ্বি ০.৩ গ্ৰাম,
  • কাৰ্ব’হাইড্ৰেট ২০ গ্ৰাম,
  • আঁহ ১ গ্ৰাম,
  • কেলছিয়াম ২৫ মিলিগ্ৰাম,
  • পটাছিয়াম ৩৩৭ মিলিগ্ৰাম,
  • মেগনেছিয়াম ৬ মিলিগ্ৰাম,
  • আইৰণ ১ মিলিগ্ৰাম,
  • ছ’ডিয়াম ৫৫ মিলিগ্ৰাম,
  • ভিটামিন ‘এ’ ১০০ আই ইউ,
  • বি১ ০.১ মিলিগ্ৰাম,
  • বি২ ০.০৪ মিলিগ্ৰাম,
  • চি ৩০ মিলিগ্ৰাম আৰু
  • শক্তি ৮৬ কেলৰি।

ইয়াত পোৱা ভিটামিন ‘এ’খিনি বিটা-কেৰ’টিনৰ ৰূপত নিহিত হৈ থাকে। এইবিধ ভিটামিনে আমাৰ দৃষ্টিশক্তি অক্ষুণ্ণ ৰখাত সহায় কৰে। জনা যায়, ৰঙীণ আলুত এইবিধ ভিটামিন বেছি পৰিমাণে পোৱা যায়।

লক্ষণীয় ৰঙীণ আলুত এনথোছায়েনিন জাতীয় ফাইট’কেমিকেল বেছিকৈ থকাৰ লগতে তেনে আলুত ভিটামিন ‘চি’ৰ পৰিমাণো বেছিকৈ থকাৰ হেতুকে তেনে আলুবোৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বগা বা মুগা আলুতকৈ বেছি বুলি কোৱা হয়।

তেনেকৈ, মিঠা আলুৰ এক গুৰুত্বপূৰ্ণ দিশ এয়ে যে আমাৰ সাধাৰণ আলুতকৈ এই আলুত থকা মুঠ কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ কিছু বেছি যদিও এই আলু(মিঠা আলু)ৰ গ্লাইচিমিক সূচ্যাংক(Glycimic index) সাধাৰণ আলুতকৈ কম হোৱাৰ বাবে মধুমেহ ৰোগীৰ বাবে এই আলু কম ক্ষতিকাৰক বুলি কোৱা হয়।

প্ৰাপ্ত তথ্য মতে সাধাৰণ আলুত গ্লাইচিমিক সূচ্যাংক  ৭৮ হোৱাৰ বিপৰীতে মিঠা আলুৰ উক্ত সূচ্যাংক হৈছে ৬৩। সেয়ে হ’লেও এনে অভিমতৰ গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত সন্দেহ নথকা নহয়। প্ৰসংগক্ৰমে, মিঠা আলুৰ অন্য এক উল্লেখনীয় দিশ হৈছে- ইয়াৰ প্ৰ’টিন ভাগত স্পৰামিন(Sporamin) নামৰ এবিধ উপাদান পোৱা যায়, যি অপজাৰক(Antioxidant) গুণসম্পন্ন বুলি পোহৰলৈ অহাত এই আলুৰ ৰোগ প্ৰতিৰোধী তথা কৰ্কট প্ৰতিৰোধী ক্ষমতাও সাধাৰণ আলুতকৈ বেছি বুলি কোৱা হৈছে। সেয়ে মিঠা আল্য খোৱাত আমি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top