বিভিন্ন গুণৰ বাবে গুড়ক ‘মিঠৈৰ ৰজা’ বুলি কোৱা হয়। গুড় স্বাস্থ্যৰ বাবে বৰ উপকাৰী। নগৰ-চহৰৰ কথাতো বাদেই, আজিকালি গাঁৱে-ভূঞেও গুড়ৰ ব্যৱহাৰ একেবাৰে নোহোৱাৰ নিচিনাই হৈ পৰিছে। উৎসৱ পাৰ্বনৰ পিঠা-পনাৰ বাহিৰে দৈনন্দিন জীৱনত গুড়ৰ ব্যৱহাৰ কৰিবলৈ মানুহে আজি লাজ পোৱা হ’ল বুলিলেই ক’ব পাৰি।
কিন্তু বছৰ আগলৈকে গাঁৱত গুড়ৰ ব্যৱহাৰ পূৰামাত্ৰাই আছিল। গাঁৱলীয়া লোকৰ প্ৰায়ভাগেই চেনিৰ পৰিৱৰ্তে গুড়ৰ ব্যৱহাৰেই বেছিকৈ কৰিছিল। বিয়া-সবাহত গুড়ত ব্যৱহাৰ আছিল। এতিয়া সৰ্বত্ৰতে গুড়ৰ বিপৰীতে চেনিৰ ‘দৌৰাত্ম্য’, গুড় দূৰতে বিদূৰ।
চেনিৰ সৈতে গুড়, এই কাৰণেই তুলনীয় যে দুয়োবিধ বস্তুৰে জন্ম একে কুঁহিয়াৰৰপৰাই হয়। কিন্তু গুণগত দিশৰ পৰা চেনিয়ে গুড়ৰ লগত কোনোপধ্যে ফেৰ মাৰিব নোৱাৰে। কিয়নো চেনি যি ৰাসায়নিক প্ৰক্ৰিয়াৰদ্বাৰা উৎপাদিত হয়, সেই প্ৰক্ৰিয়াত কুঁহিৰৰ ৰসৰ প্ৰায়বোৰ প্ৰাকৃতিক গুণ বিনষ্ট হয়। ইয়াৰ বিপৰীতে গুড়ৰ উৎপাদন কাৰ্যত কুঁহিয়াৰৰ প্ৰাকৃতিক গুণৰ আটাইবোৰেই ৰক্ষা পৰে। আচাৰ্য সুশ্ৰুতৰ মতে-
সকলো প্ৰকাৰৰ কুঁহিয়াৰৰ ৰস পিত্ত নাশক আৰু মূত্ৰকাৰক। ৰক্তাল্পতা(এনিমিয়া), অম্লপিত্ত আদিতো ই অতি উপকাৰী। মানুহৰ পাচন ক্ৰিয়া ঠিক কৰি ভোক বঢ়োৱাত ই উত্তম ‘টনিক’ৰ দৰে কাম কৰে। ইয়াক পান কৰিলে ক্লান্তি নিমিষতে দূৰ হয়।
কাৰণ ইয়াত থকা লৌহ-তত্ত্বই শৰীৰক ততালিকে শক্তি প্ৰদান কৰে। কোষ্ঠ-কাঠিন্য তথা ‘গেষ্ট্ৰিক’ বেমাৰতো ই অতি উপকাৰী। ই যকৃতৰ কাৰ্যক্ষমতা বঢ়োৱাতো যথেষ্ট সহায় কৰে।
গুড়ৰ গুণ:
প্ৰাকৃতিক চিকিৎসক আৰু আহাৰবিদ সকলে গুড়ক শতমুখে শলাগিছে আৰু চেনিক ‘বগা বিহ’ বুলি অভিহিত কৰিছে। গুড়ত চেনিৰ তুলনাত প্ৰায় সাত গুণ অধিক খনিজ পদাৰ্থ আৰু দুগুণ অধিক শৰ্কৰা পোৱা যায়। গুড়ত-
থলুৱাভাৱে প্ৰস্তুত কৰা জুলীয়া ‘পেৰা মিঠৈ’ত ইয়াৰ মাত্ৰা বজৰুৱা গুড়তকৈ বহু বেছি। শিশু-কিশোৰৰ দৈহিক বিকাশত আইৰণ, কেলছিয়াম তথা ফছফৰাছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। হাড়ৰ গঠন প্ৰক্ৰিয়াত ই যথেষ্ট সহায়ক।
আইৰণৰ উপস্থিতিয়ে সকলো মানুহৰেই ৰক্তাল্পতা দোষ দূৰ কৰে। গৰ্ভৱতী মাতৃৰ বাবেও ই যথেষ্ট উপকাৰী। বৃদ্ধাৱস্থাৰ অস্থিক্ষয়ৰ সমস্যাটো নিয়মিতভাৱে গুড় সেৱনৰ দ্বাৰা বহু পৰিমাণে লাঘৱ কৰিব পাৰি।
কিছুমান ৰোগ আৰোগ্যৰ ক্ষেত্ৰত গুড়ে বিশেষ ভূমিকা গ্ৰহণ কৰে বুলি প্ৰাকৃতিক চিকিৎসাবিদসকলে প্ৰমাণ কৰি দেখুৱাইছে। শ্বাস আৰু যক্ষ্মা ৰোগীৰ বাবেও গুড় অতি উপকাৰী বুলি প্ৰাচীন চিকিৎসা শাস্ত্ৰত পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰত গুড়ক ত্ৰিদোষ নাশক তথা ৰক্ত-বীৰ্যবৰ্দ্ধক বুলি কোৱা হৈছে।
গুড়ে দেহৰ ৰক্তৰ অম্লতা দূৰ কৰি ৰক্ত বৰ্দ্ধন কৰে, যাৰ ফলত দেহৰ বিভিন্ন চৰ্মৰোগ আৰু প্ৰস্ৰাৱ সম্বন্ধীয় সমস্যাবোৰ দূৰীভূত হয়। অনেক আয়ুৰ্বেদিক ঔষধৰ গুড় এবিধ অত্যাৱশ্যকীয় উপাদান আৰু অনুপান। আধুনিক চিকিৎসা গৱেষণাতো গুড় ৰক্ৰচাপ, হৃদৰোগ আদিত অতি উপকাৰী বুলি প্ৰমাণিত হৈছে।
লেখক: ভুৱনেশ্বৰ ডেকা(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 5/4/2020