মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / মেথিৰ বিষয়ে জানিবলগীয়া বহু কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেথিৰ বিষয়ে জানিবলগীয়া বহু কথা :

মেথিৰ বিষয়ে জানিবলগীয়া বহু কথাৰ বিষয়ে লিখা হৈছে ।

 

প্ৰায় সকলো ভাৰতীয় লোকৰ ঘৰত মেথি গুটি মছলা হিচাবে ব্যৱহৃত হয়৷ ৰন্ধনত ব্যৱহৃত হোৱা পাঁচফোৰণৰ তত্বকেইটা হ’ল – চফ, জিৰা, জালুক, কালজিৰা আৰু মেথি৷ মেথি শাকৰ পৰঠাৰ জুতি অপূৰ্ব৷ আজিকালি বহুতে ডায়েবেটিজ ৰোগ নিয়ন্ত্ৰণৰ বাবে ঘৰুৱা বাবে মেথি গুটিৰ গুৰি ব্যৱহাৰ কৰাৰ কথা শুনিবলৈ পোৱা যায়৷ এই নিবন্ধৰ যোগেদি মেথি গুটি আৰু মেথি শাকৰ উপযোগিতাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম৷

মেথিৰ ব’টানিকেল নাম হ’ল- Trigonella foenum-graecum আৰু ইয়াৰ বংশাৱলী হ’ল Fabaceae (Pea family)৷ ইংৰাজীত ইয়াৰ পৰিচয় Fenugreek, লেটিন ভাষাত ফেনু গ্ৰেইচাম, টাৰ্কি ভাষাত চিমেন অটু, ভিয়েটনামত কে থাও লিন্ লাং, আৰবীকত হিলবেহ্ বুলে৷ ভাৰতীয় ভাষাত মেথি (অসমীয়া,বাংলা, হিন্দী, ওৰিয়া, নেপালী, পাঞ্জাবী, গুজৰাটী), মেথ্যা (মাৰাঠী), মেনথ্যা (কানাড়া), মেনথুলো (তেলেগু), উলুভা (মলয়ালম) আদি নামেৰে পৰিচিত৷

প্ৰাপ্তিস্থান -

মেথিৰ সৰ্ববৃহৎউৎপাদনকাৰী দেশ হ’ল ভাৰতবৰ্ষ৷ আকৌ ভাৰতৰ ভিতৰত ৮০শতাংশ উৎপাদন ৰাজস্থানত হয়৷ আন আন মেথিৰ খেতি কৰা প্ৰদেশৰ নাম হ’ল – পঞ্জাব, হৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু উত্তৰাঞ্চল৷ ভাৰতৰ বাহিৰে আন আন মেথিৰ উৎপাদনকাৰী দেশ হ’ল পাকিস্তান,বাংলাদেশ, নেপাল, আফগানিস্তান, চীন, আৰ্জেন্টিনা, ইৰাণ, তুৰস্ক, ফ্ৰান্স, জাৰ্মানী,স্পেইন, মৰক্কো, ইজিপ্ত আৰু উত্তৰ আফ্ৰিকাৰ ভূমধ্য সাগৰীয় অঞ্চল আদি ৷

মেথি গছৰ বৰ্ণনা -

মেথি হ’ল এবিধ বাৰ্ষিক উৎপন্ন হোৱা সেউজীয়া উদ্ভিদ য’ত সৰু সৰু আকৃতিৰ বগা বৰণৰ পুষ্প ফুলে৷ এজোপা গছ ২ৰ পৰা ৩ফুটলৈ ওখ হব পাৰে৷ গুটি এচিৰাত ১০ৰ পৰা ২০টা বীজ থাকে৷ এই মেথিৰ বীজৰ বৰণ মূগা-হালধীয়াৰ মিশ্ৰণ৷ স্বাদ তীক্ষ্ন আৰু বিশিষ্ট সুগন্ধিযুক্ত৷

মেথিত কি কি তত্ব অন্তৰ্নিহিত থাকে?

১০০গ্ৰাম মেথিৰ পাতত-

*কেলৰি থাকে ৪৯ কিলোকেলৰি,

*৮৯ শতাংশ পানী,

*৬ শতাংশ কাৰ্বোহাইড্ৰেট,

*৪ শতাংশ প্ৰটিন আৰু

*১ শতাংশ ফেট থাকে৷

ডায়েটেৰী ফাইবাৰ, ভিটামিন, খনিজ আদি থাকে পৰ্য্যাপ্ত পৰিমাণত৷ মেথিৰ বীজত থকা খনিজ সমূহ হ’ল – আইৰণ, ক’পাৰ, কেলচিয়াম, প’টেচিয়াম,মেগনেচিয়াম, মেংগানিজ,চেলেনিয়াম, জিংক৷ ভিটামিনসমূহ হ’ল- থায়ামিন, ৰাইবোফ্লেবিন, ফলিক এচিড, নিয়াচিন, পাইৰিডক্সিন, ভিটামিন -এ আৰু ভিটামিন- ডি৷ তদুপৰি আছে এন্টিঅক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্ট, চেপনিন, পেক্টিন, হেমিচেলোলুজ, টেনিন, মিউচিলেজ আদি৷ মেথিৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ থকা দেখা যায়৷

কি দৰে ইয়াৰ ব্যৱহাৰ হয়?

পৰম্পৰাগত ঔষধি হিচাবে মেথিৰ প্ৰয়োগ: – খৃষ্টপূৰ্ব ১৫০০চনৰ পৰা ইজিপ্তৰ সাঁচিপাত জাতীয় পুথিত মেথিৰ প্ৰয়োগৰ লিখিত বিবৰণ পোৱা যায়৷

ইয়াৰ ওপৰিও বিভিন্ন দেশত লোক চিকিৎসাত মেথিৰ প্ৰয়োগ কৰা হৈছিল – প্ৰসৱত সহায় কৰিবলৈ, মাতৃ দুগ্ধৰ পৰিমাণ বঢ়াবলৈ, ঘাঁ-খহু শুকুৱাবলৈ, পেটৰ বিষ-গ্ৰহণী-আভোক আদিৰ নিৰাময়ৰ বাবে ৷

“হু-লা-বা” হ’ল মেথিৰ বীজৰ পৰা নিৰ্মিত চীনা পৰম্পৰাগত ঔষধ৷ ইয়াক কিডনি আৰু লিভাৰৰ অসুখ, খহু-ঘাঁ- চৰ্মৰোগ আদিৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে৷

আমাৰ দেশ ভাৰতবৰ্ষতো নানান ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত মেথিৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে৷ মেথিৰ বিষয়ে বিজ্ঞানীসকলে কৰা গৱেষণাৰ বিৱৰণ দেশ-বিদেশৰ জাৰ্ণেলসমূহত সময়ে সময়ে প্ৰকাশিত হৈ আহিছে৷

খাদ্য হিচাবে মেথিৰ ব্যৱহাৰ -

মেথিৰ সৰু সৰু বীজক স্বাদিষ্ট মছলা হিচাবে সমগ্ৰ দক্ষিণ এচিয়াত ব্যৱহাৰ হয়৷ মেথি গুটি উতলাই চাহৰ দৰে খাব পাৰি৷ মেথিৰ আচাৰ বনাব পাৰি৷ চাটনি, আঞ্জা আৰু চাম্ভৰত পিচা মেথি গুটি দিয়া হয়৷ মেথি শাক কূটি লৈ ভাজি বনাই বা পৰঠা বনাই খোৱা হয়৷

বিভিন্ন উপকাৰী প্ৰয়োগ -

*মাতৃদুগ্ধৰ পৰিমাণ মেথিৰ সেৱনে বৃদ্ধি কৰে।

*ডায়েবেটিজ ৰোগ নিয়ন্ত্ৰণত মেথি অতি উপকাৰী সিদ্ধ হৈছে৷ নিয়মীয়া মেথিৰ সেৱনে কাৰ্বোহাইড্ৰেটৰ শোষণ বা আহৰণ কমাই দিয়ে আৰু শৰীৰৰ ভিতৰৰ ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে৷ Hb1Cৰ লেভেল কমোৱাত সহায়ক ৷

*হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷ অহিতকাৰী ক’লেষ্টৰল, এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ তেজৰ পৰা কমায় আৰু উপকাৰী এইচ ডি এলৰ পৰিমাণ বৃদ্ধি কৰে৷

*তেজৰ নলীত চৰ্বিৰ পৰত জমা হবলৈ নিদিয়ে যাৰ দ্বাৰা Atherosclerosis, Stroke ৰোধ হয়৷

*হৃদগতি আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷

*মেদবহুলতা ৰোধ কৰে৷

*চুলি অকালতে পকা আৰু সৰা ৰোধ কৰে৷ উফিৰ সমস্যা পিচা মেথি আৰু দৈৰ মিশ্ৰণ চুলিত সপ্তাহত ২/৩দিন ঘঁহিলেই আতৰ হয়৷

*শালমন, খহু, মুখৰ ঘাঁ আদিত পিচা মেথি লগালেই সোনকালে উপশম ঘটে৷

*মহিলাৰ নানাবিধ সমস্যা আৰোগ্য কৰে – অনিয়মীয়া মাহেকীয়া, বগাস্ৰাবৰ ,এনিমিয়া,ৰজোনিবৃত্তিৰ চিকিৎসা আদিত ফলপ্ৰসু৷

*মহিলাৰ স্তনৰ বিকাশ :- মেথি,চফ,মিচিৰি পিচি গাখীৰত মিহলাই খালে সৰু আকাৰৰ স্তনৰ আকাৰ বৃদ্ধি হব ধৰে৷

*পেটৰ অসুখ গ্ৰহণী,বদহজমি, বিষ আদিৰ উপশম ঘটায়৷

*শৌচ-কচা আতৰ কৰে৷

*Anorexia Nervosa নামৰ ভোক নলগা ৰোগৰ চিকিৎসাত উপযোগী৷

*কলোন, প্ৰষ্টেট আদিৰ কৰ্কটৰোগ প্ৰতিৰোধক৷

*শ্বাসৰোগ,হাপানীৰ চিকিৎসাত উপযোগী৷

*চৰ্মৰ উজ্বলতা বঢ়াবলৈ, বয়সৰ আঁচোৰ কমাবলৈ মুখমণ্ডলৰ দাগ আতৰাবলৈ, একজিমা আদিত মেথি পিচি প্ৰলেপ লগাব লাগে৷

*ডিঙিৰ বিষ আৰু কাহৰ উপশম ঘটোৱাত সহায়ক৷

*গাৰ বিষ,বাতৰ বিষৰ চিকিৎসাত উপকাৰী৷

*কিডনি আৰু লিভাৰক মেথিয়ে সুৰক্ষিত ৰাখে৷

*পুৰুষৰ যৌন শিথিলতা (Erectile Dysfunction) আতৰোৱাত সহায়ক৷

*চাবন আৰু প্ৰসাধন সামগ্ৰী মেথি গুটিৰ পৰা নিৰ্মাণ হয়৷

সতৰ্কতা আৰু পাৰ্শ্বক্ৰিয়া:

*বেচি পৰিমাণত মেথি ভক্ষণে জয়াৰুৰ সংকোচন ঘটাই গৰ্ভৱতী মহিলাৰ গৰ্ভপাত কৰাব পাৰে৷

*ডায়েবেটিজৰ দৰবৰ লগত মেথি ভক্ষণে তেজৰ শৰ্কৰাৰ পৰিমাণ যাতে অতিমাত্ৰা (Hypoglycemic stateলৈ ) নকমায় তালৈ সতৰ্ক হোৱা বাঞ্চনীয়৷

*খালি পেটত বেচি পৰিমাণত বেচিদিনলৈ মেথি খালে এচিডিটি হব পাৰে৷

ঔষধ হিচাবে মেথি গুটিৰ এদিনৰ ড’জ হ’ল ১০ৰ পৰা ৩০গ্ৰাম ৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

3.21428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top