মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / যাদুকৰী গুণেৰে সমৃদ্ধ ''চজিনা'':
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যাদুকৰী গুণেৰে সমৃদ্ধ ''চজিনা'':

যাদুকৰী গুণেৰে সমৃদ্ধ ''চজিনা''ৰ বিষয়ে লিখা হৈছে ।



চজিনা সাধাৰণতে গ্ৰীষ্মপ্ৰধান অঞ্চল বা তাৰ আশে পাশে হোৱা এবিধ গছ। ই এবিধ পৰ্ণপাতী উদ্ভিদ আৰু প্ৰায় ১০-১২ মিটাৰ ওখ হয়। ইয়াৰ কাণ্ডৰ ব্যাস প্ৰায় ৪৫ ছেন্টিমিটাৰ পৰ্যন্ত হয়। এই গছৰ বাকলি গাঢ় ধোঁৱা বৰণৰ হয় আৰু পাত বিলাক উপবৃত্তাকাৰ ওপৰফালে সেউজীয়া আৰু তল ফালে শেঁতা বৰণৰ হয়। সাধাৰণতে ইয়াৰ ফুল গোটেই বছৰেই পোৱা যায়। ফুলবিলাক উভয়লিংগী, সুগন্ধি, পাঁচটা বগা বা হালধীয়া বৰণৰ পাহিৰে আগুৰি থাকে। ফুলবিলাক গছৰ ডালৰ পৰা একো একোডাল মাৰি বা লাঠীৰ নিচিনাকৈ ওলমি থাকে আৰু ফলৰ ভিতৰত বহুতো ঘূৰণীয়া বীজ থাকে।
চজিনাৰ বিভিন্ন নাম সমূহ- ইয়াৰ বৈজ্ঞানিক নাম Moringa oleifera, ই moringacea পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক moringa বৰ্গত অন্তৰ্ভুক্ত কৰা হয়। সংস্কৃতত ইয়াক শিগ্ৰু নামেৰে জনা যায়, হিন্দীত সহিজন, মুনাগা, তামিলত মুনগ্নি, কানাড়াত নাগ্গি মাৰা, নাগ্গি কায়ী, মাৰাঠীত চেভগা, মালায়ালমত মুৰিংগা, সিংহলীত মুৰুংগা, গুজৰাটীত সাৰাগ্যো, উড়িয়াত সুজুনা, পাঞ্জাৱীত সুৰ্জানা, নেপালীত সাজিৱান নামেৰে জনা যায়।ইংৰাজীত ইয়াক drum stick, magician plant, horse radish tree নামেৰে জনা যায়।
আবাসভূমি - ছজিনা বা শিগ্ৰু ভাৰতবৰ্ষৰ থলুৱা উদ্ভিদ হয় আৰু হিমালয়ৰ পাদদেশত আৰু উত্তৰ ভাৰতত বেছিকৈ পোৱা যায়। পৃথিৱীৰ গ্ৰীষ্মপ্ৰধান অঞ্চলবিলাকত আৰু তাৰ আশে পাশে ইয়াক পোৱা যায়। বিশেষকৈ ইথিওপিয়া, ছুডান, ফিলিপাইনছ, পশ্চিম, পূব আৰু দক্ষিণ আমেৰিকা, এছিয়া, ফ্লৰিডা আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ সমূহত ইয়াক পোৱা যায়। ই যিকোনো প্ৰকাৰৰ মাটিতেই হব পাৰে আৰু খুব কম পানীৰ দৰকাৰ।
ব্যবহৃত অংশ-

ইয়াৰ ফল, বীজ, পাত, ফুল, বাকলি ঔষধী হিচাপে বা খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু ইয়াৰ শিপা খোৱাৰ উপযোগী নহয়। কাৰণ শিপাত স্পাইৰচিন নামৰ এবিধ স্নায়ু বিকৃতি বা বিকলকাৰী বিষাক্ত পদাৰ্থ থাকে।
চজিনাত থকা পোষকতত্ব –

ছজিনা গছৰ পাতত প্ৰচুৰ পৰিমানে প্ৰ'টিন থাকে আৰু লগতে প্ৰায় ৯২ বিধ পোষকতত্ব পোৱা যায় যাক অন্য উদ্ভিদত পোৱা টান । ফলমূল আৰু শাক পাচলিত থকা সকলোবিলাক ভিটামিন ইয়াত পোৱা যায়। প্ৰায় ৩০০ মান বেমাৰৰ বাবে ই উপকাৰী হয় আৰু স্বাস্থ্যৰ বাবে পৰম হিতকাৰী। ই এণ্টি অক্সিডেণ্ট গুণ সমৃদ্ধ আৰু জৈৱিক ভাবে সক্ৰিয় বহুতো পদাৰ্থ ইয়াত পোৱা যায়। এই গছৰ পাতত প্ৰধানত ভিটামিন বি১, ভিটামিন বি২, ভিটামিন বি৩, ভিটামিন বি৬, ভিটামিন বি৭, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে, ভিটামিন এ প্ৰচুৰ মাত্ৰাত পোৱা যায়। একাপ (প্ৰায় ২১ গ্ৰাম) ছজিনা গছৰ পাতত তলত দিয়া পৰিমাণৰ খাদ্য পদাৰ্থ তথা ভিটামিন পোৱা যায় -  প্ৰটিন ২ গ্ৰাম, লগতে আমাৰ শৰীৰৰ দৈনন্দিন প্ৰয়োজনৰ ভিটামিন বি৬ - ১৯%, ভিটামিন চি - ১২%, আইৰণ- ১১%, ভিটামিন এ (বিটা কেৰটিনৰ পৰা)- ৯%, মেগনেছিয়াম- ৮% ইয়াত পোৱা যায়। তেনেদৰে চজিনাৰ ফল বা ছেঁইতো বহু ধৰণৰ ভিটামিন আৰু খনিজ লৱণ থাকে, বিশেষকৈ ভিটামিন চি প্ৰচুৰ মাত্ৰাত পোৱা যায়।
চজিনাৰ ব্যৱহাৰিক দিশ -
* ছজিনা এবিধ এণ্টি- অক্সিডেণ্ট গুণযুক্ত গছ। ই আমাৰ শৰীৰক বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে তথা ফ্ৰী - ৰেডিকেলচ প্ৰতিৰোধ কৰে।
*চজিনাৰ পাত আৰু বাকলিৰ গুড়ি হৃদয় আৰু ৰক্তসঞ্চালন তন্ত্ৰত ক্ৰিয়া কৰে তথা তেজৰ কলেষ্টেৰল কমায়। যাৰ ফলত উচ্চ ৰক্তচাপ তথা হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
*চজিনাৰ পাত, ফল আৰু ফলৰ বীজবিলাক প্ৰদাহ হৰণকাৰী গুণযুক্ত। সেয়েহে আৰ্থাটিচ, ৰিউমেটিজম, গাউট ইত্যাদি বেমাৰত ই পৰম গুণকাৰী।
*চজিনাৰ বীজে শৰীৰক আৰ্ছেনিকৰ বিষাক্ত প্ৰভাৱৰ পৰা ৰক্ষা কৰে।
*এই গছবিধত যথেষ্ট পৰিমাণে কেলছিয়াম আৰু মেগনেছিয়াম পোৱা যায়। সেয়েহে ই দাঁত আৰু হাড় মজবুত কৰে আৰু অস্থিওপৰচিছ ইত্যাদি হাড়ৰ বিভিন্ন বেমাৰত উপযোগী।
*চজিনাৰ পাতৰ গুড়ি স্বাস্থ্যবান আৰু উজ্জ্বল ছালৰ বাবে ব্যৱহাৰ কৰা হয়।
*ইয়াৰ পাত মূৰত ঘঁহিলে অতিমাত্ৰা মূৰৰ বিষত আৰাম পোৱা যায়।
*ইয়াৰ সংক্ৰমণ বিৰোধী আৰু প্ৰদাহ বিৰোধী ধৰ্মৰ বাবে ইয়াক ঘাঁ বা স্খতস্হানত ব্যৱহাৰ কৰিলে সোনকালে ঘাঁ শুকায়।
*চজিনাৰ পাতৰ পৰা বনোৱা চাহ গেষ্ট্ৰিক আলচাৰ আৰু ডায়েৰিয়া ৰোগত ব্যবহাৰ কৰা হয়।
*চজিনাৰ ফলৰ পাউদাৰ স্কাৰ্ভি আৰু বিভিন্ন ছালৰ সংক্ৰমণত ব্যৱহাৰ কৰা হয়।
*যৌন সংক্ৰমিত ৰোগ আৰু ফোঁহাৰ চিকিৎসাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়।
*এই গছৰ কাণ্ডৰ পৰা ওলোৱা ৰস মূত্ৰবৰ্দ্ধক, পেশী বা কলা সংকোচনকাৰী, গৰ্ভপাতকাৰী আৰু এজ্মা ৰোগৰ বাবে খুব ফলকাৰী।
*এই গছৰ পাত ব্ৰংকাইটিছ, জ্বৰ, চকু আৰু কাণৰ সংক্ৰমণ প্ৰতিৰোধত সহায়ক হয়।
*চজিনা গছ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাত সহায়ক হয়। ই বিশেষকৈ স্তন, মহিলাৰ ডিম্বাশয়, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি, গুদ্যদ্বাৰ, কলন ইত্যাদিৰ কৰ্কট ৰোগ প্ৰতিৰোধ তথা চিকিৎসাত সহায়ক হয়।
*ইয়াত আইৰণ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে পৰম গুণকাৰী।
*ইয়াত ভিটামিন এ থকা বাবে চকুৰ ৰেটিনা আৰু দৃষ্টিশক্তিৰ বাবে উপকাৰী।
*ই ডায়েবেটিজ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা ভিটামিন বি ১ য়ে শৰ্কৰাক শক্তিলৈ ৰূপান্তৰিত কৰে।
*ইয়াত থকা গ্লাইচিনে শৰীৰৰ নতুন কোষ উৎপন্ন কৰাত সহায় কৰে।
*চজিনাত গ্লুটামিক এচিড নামৰ এবিধ জৈৱিক পদাৰ্থ থাকে যিয়ে মস্তিষ্কৰ বিকাশৰ বাবে দৰকাৰী।
*ইয়াত থকা প্ৰটিনে শৰীৰৰ মাংসপেশীৰ বিকাশত সহায় কৰে।
*চজিনাত প্ৰচুৰ পৰিমাণে আয়ডিন পোৱা যায় বাবে হাইপোথাইৰয়ডিজম সমস্যাত ইয়াক ব্যৱহাৰ কৰা হয়।
আমাৰ ককা, আইতা হতে কয় চ'ত মাহত চজিনা খালে বসন্ত ৰোগৰ পৰা হাত সাৰিব পাৰি।
পাৰ্শ্চক্ৰিয়া:-
*এই গছৰ শিপাত থকা স্পাইৰচিন নামৰ পদাৰ্থবিধে স্নায়ু বিকৃতি ঘটাব পাৰে।
*সৰহ পৰিমাণত সেৱন কৰিলে ডায়েৰিয়া হব পাৰে ।
মোখনিত এটা কথাই কব পাৰি যে ইমানবিলাক গুণেৰে ভৰপূৰ তথা প্ৰায় সকলোধৰণৰ পোষক দ্ৰব্যযুক্ত হোৱা বাবে চজিনাক যাদুকৰী গছ হিচাপে আখ্যা দিয়া হয়।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top