মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / যিকেইটা ভিটামিন মহিলাই খোৱা উচিত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যিকেইটা ভিটামিন মহিলাই খোৱা উচিত

ভিটামিন খোৱাৰ বিষয়ে লিখা হৈছে ।

:

বৰ্তমান যুগৰ মহিলাসকলে ঘৰে-বাহিৰে সমানেই কাম কৰিব লগা হয়,ফলত তেওঁলোকৰ ওপৰত তেওঁলোকে সহ্য কৰিব পৰাতকৈ বেছি হেঁচা পৰে।তদুপৰি অন্তহীন কৰ্মব্যস্ততাৰ ফলত তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈকো যথেষ্ট সময় নাপায়।এনে অৱস্থাত নিজৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে মহিলাসকলে সুষম আহাৰ খোৱাৰ উপৰি কেইটামান বিশেষ ভিটামিন নিয়মিতভাৱে খোৱা উচিত।এই ভিটামিনকেইটাই কৰ্মব্যস্ত মহিলাসকলৰ ৰোগ প্ৰতিৰোধৰ শক্তি বৃদ্ধি কৰে-

‘এ’ ভিটামিন –

সকলো বয়সৰ মহিলাৰ কাৰণেই এই ভিটামিনটো অতিশয় প্ৰয়োজনীয়।ই শৰীৰৰ হাড় আৰু দাঁত মজবুত কৰাৰ উপৰি শৰীৰৰ কোষ,ছাল আৰু পেশী মজবুত কৰি ৰাখে।নিয়মিতভাৱে ‘এ’ভিটামিন খাই থাকিলে দীৰ্ঘস্থায়ী অসুস্থতাৰ প্ৰণৱতা হ্ৰাস পায়।দৃষ্টিশক্তিৰ উন্নতি হয় আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো বিলম্বিত হয়।যিবোৰ খাদ্যত ‘এ’ ভিটামিন বেছিকৈ পোৱা যায় সেই খাদ্যকেইটা হ’ল বিলাহী,তৰমুজ,মধুৰিআম,অমিতা,ব্ৰ’কলী ,গাখীৰ আৰু পশু-পক্ষীৰ কলিজা।

ভিটামিন ডি-

‘ডি’ভিটামিনে শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয় কেলচিয়াম,ফছফৰাছ আৰু খনিজ দ্ৰব্য যোগান ধৰে।সুৰ্যৰ পোহৰৰ পৰা বঞ্চিত হ’লে হাড়ত ‘ডি’ভিটামিনৰ অভাৱ ঘটে।সামুদ্ৰিক মাছ,চৰ্বিযুক্ত মাছ,কণী আৰু গাখীৰে এই অভাৱ পুৰণ কৰিব পাৰে।

ভিটামিন বি-

শৰীৰত ৰঙা ৰক্ত কণিকা বৃদ্ধি কৰিবলৈ ‘বি’ভিটামিনৰ প্ৰয়োজন হয়।স্মৃতিশক্তিৰ বৃদ্ধিৰ কাৰণেও ‘বি’ ভিটামিন একান্ত প্ৰয়োজনীয়।‘বি’ ভিটামিনে বিশেষকৈ উচ্চ ৰক্তচাপ,ড্ৰিপ্ৰেছন,হৃদৰোগ আৰু স্মৃতিশক্তি হেৰুওৱাৰ সমস্যা হ্ৰাস কৰি ৰাখে।প্ৰতিদিনৰ আহাৰত ভিটামিন-বি কমপ্লেক্স,অৰ্থাৎ কেইবাবিধৰ ‘বি’ ভিটামিন থকাটো অতি দৰকাৰ।যিবোৰ খাদ্যত ‘বি’ ভিটামিন বেছিকৈ পোৱা যায় সেইকেইটা হ’ল-মাছ,মাংস,শাক-পাচলি,বীন জাতীয় পাচলি,বিভিন্ন প্ৰকাৰৰ ফল আৰু ওটছ ইত্যাদি।

ভিটামিন ই-

‘ই’ভিটামিনে শৰীৰৰ কেইবাটাও উপকাৰ কৰে।ই বাৰ্ধক্যক বাধা দিয়ে।হৃৎ পিণ্ড সুস্থ কৰি ৰাখে।কেন্সাৰ প্ৰতিৰোধ কৰে।গাৰ ছাল আৰু মুৰৰ চুলি সুস্থ কৰি ৰাখে।বাদাম,কড লিভাৰ অইল,শাক আৰু সুৰ্যমুখী ফুলৰ গুটিত ‘ই’ ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়।

‘চি’ভিটামিন-

ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ‘চি’ ভিটামিনে এটা ডাঙৰ ভুমিকা লয়।ই শৰীৰৰ ভিতৰৰ কোষবোৰ শক্তিশালী কৰে আৰু বিভিন্ন প্ৰকাৰৰ কেন্সাৰ প্ৰতিৰোধ কৰে।নেমু,সুমথিৰা,আঙুৰ,জামু,জেতুলি পকা,ব্ৰ’কলী ইত্যাদি খাদ্যত ‘চি’ ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়।

উৎস: জি এনআৰচি স্বাস্থ্য

 

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top