অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লতাবেল :

লতাবেলৰ বিষয়ে লিখা হৈছে ।

লতাবেল, তাৰ গছজোপা লতাজাতীয় হোৱাটো অতি স্বাভাৱিক । ইংৰাজী Passion fruit, বৈজ্ঞানিক নাম Passifiora edulis  ইয়াৰ ফলবোৰ টেনিছ বল এটাতকৈ অলপহে ডাংৰ । প্ৰায় গোলনেমু একোটাৰ সমান বুলি ক’ব পাৰি । কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া হয় । মিঠা মিঠা লগা গোন্ধ এটাও আছে । লতাবেলৰ চৰবত খাবলৈ ভাল লাগে । ৰসখিনি হালধীয়া বৰণৰ । ফলটোৰ ভিতৰত থুপথুপীয়া ৰসৰ লগতে বহুত গুটিও থাকে। চৰবত প্ৰস্তুত কৰোতে গুটিবোৰ ছেকি উলিয়াই পেলাব লাগে । ইয়াৰ সোৱাদ আগতে কৈ অহা বজাৰৰ পানীয়া ৰাস্নাৰ সৈতে একে । ইয়াৰ সোৱাদ আগতে কৈ অহা বজাৰৰ পানীয় ৰাস্নাৰ সৈতে একে। বহুতে এই ফলবিধক ‘চৰবতি টেঙাও’ বোলে।

ইয়াৰ গছ অতি সহজে গুটিৰ পৰা হয় । গজিবলৈ ১০-২০ দিন সময় লাগে । গছজোপা ডাঙৰ গছ বা চাঙৰ সহায়তহে বগাব পাৰে । একোজোপা গছ ৫-৭ বছৰ পৰ্যন্ত বাচি থাকে । কুমলীয়া ফলবোৰ সেউজীয়া । পুৰঠ হ’লে ডাঠ বেঙুনীয়া হয় । প্ৰতিটো গাঁঠিৰ পৰাই ফুল ওলায় । ফুলপাহ ৫-৬ চে:মি: । প্ৰতিমাহত তিনিটা সেউজীয়া বৰণৰ চুপহি থাকে । ফুলপাহ সুগন্ধিযুক্ত । লতাবেল অম্লযুক্ত মাটিত ভাল হয় । প্ৰখৰ ৰ’দৰ পৰা বচাবলৈ ছাঁৰ আৱশ্যক । ইয়াৰ খেতিত যথেষ্ট পানীৰ প্ৰয়োজন হয় । বিশেষকৈ ফুল-ফল ধৰাৰ সময়ত । গছজোপাত কলম দি থাকিলে প্ৰচুৰ ফল পোৱা যায় । ইয়াৰ পুলি ২৫ ছে:মি: মান ওখ হ’লে ৰোৱাৰ উপযোগী হয় । খেতি হিচাপে কৰিলে সেৰেঙা কৰি ৰুব লাগে । বৰ্তমান হ’ৰম’নৰ দ্ৰৱত ডুবাই ইয়াৰ পূৰঠ ডালো ৰুই কৃষক উপকৃত হৈছে । ইয়াৰ বাবে ৯০ দিনমান ৰ’ব লগা হয় । লতাবেল আগষ্ট-ছেপ্টেম্বৰ মাহত ফুলে । কিছুমান প্ৰজাতিৰ ফুল মাৰ্চ-এপ্ৰিলত ফুলি জুন-জুলাইত ফল পকে । অন্য কিছুমান প্ৰজাতি আকৌ আগষ্ট মাহত ফুলি নৱেম্বৰ-ডিচেম্বৰত ফলবোৰ পূৰঠ হৈ খোৱাৰ উপযোগী হয় । একোজোপা গছতে হালধীয়া আৰু ডাঠ বেঙুনীয়া ফলো হয় । ফলবোৰ ২-৭ চে:মি: পৰ্যন্ত হয় । একোটা ফলত ২৫০ টাৰো অধিক ক’লা-মুগা ৰঙৰ গুটি (বীজ) থাকে । টান গুটিবোৰ বিজলুৱা পদাৰ্থৰে আৱৰা।

লতাবেলত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আছে। তদুপৰি বিভিন্ন খনিজ পদাৰ্থৰ লগতে ভিটামিন-বিও আছে । সুমথিৰা ৰঙৰ শাহটো বগা সৰু সৰু সূতাৰ দৰে ৰছীৰে গোটেইটো আৱৰা ।মাজত কাটিলে শাহটোৰ সৈতে গুটি ওলাই পৰে । চামুচেৰে ৰুকি আনিহে পাত্ৰত থ’ব পৰা যায় । তেতিয়া ৰসখিনি ছেকি চেনি-নিমখ দি চৰবত প্ৰস্তুত কৰা হয় । মুঠৰ ওপৰত ই এবিধ সুস্বাদু চৰবত । লতাবেলত থকা অন্যান্য উপাদানৰ ভিতৰত কাৰ্বহাইড্ৰেট, শৰ্কৰা, চৰ্বি, আঁহ, প্ৰ’টিন, ভিটামিন-এ-বি-চি, ফটেট, ৰাইব’ফ্লেবিন, নায়াছিন, কেলচিয়াম, আইৰন, মেগনেছিয়াম, জিংক, ফছফৰাছ, পটাছিয়াম আদি উল্লেখযোগ্য।

লতাবেল বিভিন্ন পানীয় প্ৰস্তুত কৰাতো ব্যৱহাৰ হয় । ইয়াৰ ৰস দামী হোটেলত আহাৰ গ্ৰহণৰ পিছত খাবলৈ দিয়ে । ইয়াৰ পৰা জাম, জেলী প্ৰস্তুত কৰাৰ উপৰি বিভিন্ন চালাড, কেক, পুডিং, আইচক্ৰীম , সুগন্ধি দৈ, ফলৰ মাখন, বিভিন্ন পিঠা আৰু অন্য ফলৰ ৰসত মিহলায়ো চৰ্বত কৰি খায় । খাদ্য গ্ৰহণৰ পিছত ই এক উপাদেয় পানীয় । ৰঙচুৱা লতাবেলত টেঙাৰ পৰিমাণ কম। ই গাঢ় আৰু সুগন্ধিযুক্ত।

লতাবেলৰ উৎপত্তি স্থান ব্ৰাজিল । ইয়াৰ পিছত পাৰাগুৱেৰ পৰা উত্তৰ-পূব আৰ্জেণ্টিনালৈ আহে । আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, ইজৰাইল, ভেনিজুৱেলা, হাৱাই, পেৰু, জিম্বাবৱে, ভিয়েটনাম, ইণ্ডোনেছিয়া, কলম্বিয়া, ইকুৱেডৰ, মেক্সিকো, কষ্টাৰিকা, হাইটি, শ্ৰীলংকা, টাঞ্জানিয়া আদি দেশত এই ফলৰ খেতি কৰে । অঞ্চলভেদে ইয়াৰ নাম বেলেগ বেলেগ।

সাধাৰণতে দুই ধৰণৰ লতাবেল দেখা যায়-

১) ডাঠ বেঙুনীয়া বা ৰঙচুৱা

২) হালধীয়া

ডাঠ বেঙুনীয়াবিধক ইংৰাজীত কোৱা হয় Purple passion fruit আৰু হালধীয়াবিধক কোৱা হয়  Golden passion fruit বুলি । ৰঙচুৱা লতাবেলৰ আকাৰ  সৰু গোলনেমু এটাৰ সমান আৰু হালধীয়া ৰঙৰবিধ টেনিছ বল একোটাৰ পৰা আৰম্ভ কৰি ৰবাব টেঙা এটাৰ সমান ডাঙৰ হয়। ৰঙচুৱাবিধৰ জন্মস্থান ব্ৰাজিল । এইবিধ লতাবেল প্ৰথম ক’ত উৎপত্তি হৈছিল কোৱা টান । ১৮৮০ চনত প্ৰথম হাৱায়ে অষ্ট্ৰেলিয়াৰ পৰা সঁচ আনি নিজ দেশত কৰে । এই দেশৰ প্ৰায় ব্যক্তিৰ ঘৰতে লতাবেলৰ খেতি কৰে। অষ্ট্ৰেলিয়াই কুইন্সলেণ্ডকে ধৰি মহাদেশখনৰ বিভিন্ন ঠাইত আৰু উপকূল অঞ্চলত ১৯০০ চনৰ পৰা বাণিজ্যিক ভিত্তিত ইয়াৰ খেতি কৰিবলৈ লয়। একোজোপা লতাবেল ৪-৬ চে:মি:লৈকে বাঢ়ে।

লতাবেলৰ ঔষধি গুণো আছে। ই দেহৰ পৰিপুষ্টি সাধন কৰে। উচ্চ ৰক্তচাপ থকা ৰোগীৰ ৰক্তচাপ নিয়মীয়া কৰে। তদুপৰি কৰ্কট ৰোগ হোৱা কোষ ধ্বংস কৰে বুলিও ফ’ৰিডা বিশ্ববিদ্যালয়ৰ এখন গৱেষণা-পত্ৰত প্ৰকাশ পাইছে। লতাবেলৰ ৰসে ভোক বঢ়ায়, হজম কৰে, মূত্ৰাশয় তথা মূত্ৰনলীৰ ৰোগ নিৰাময় কৰে, নিদ্ৰাজনিত ৰোগীক আৰাম দিয়ে । প্ৰসূতিজনিত ৰোগৰ উপশম ঘটায়, হুপিং কাহ, হাঁওফাঁও, হৃৎপিণ্ড ৰোগৰ উপশম ঘটায় । ইয়াৰ ৰস কামোদ্দীপকো। বিশেষকৈ বহুমূত্ৰ ৰোগীৰ বাবে ই উত্তম পানীয়। হাড়ৰ ক্ষয়জনিত ৰোগৰ বাবেও লতাবেল বৰ উপকাৰী।

আমাৰ দেশতো বাণিজ্যিক ভিত্তিত ইয়াৰ খেতি কৰিলে বহুতো কৃষক অৰ্থিকভাৱে লাভান্বিত হ’ব। অৱশ্যে ইয়াৰ এখন বজাৰো পাব লাগিব।

লেখিকা :- ৰুণু তামুলী বৰা

উৎস :- জি এনআৰচি স্বাস্থ্য

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top