মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / লালটিৰ মহত্ত্ব আৰু ইয়াৰ চমৎকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লালটিৰ মহত্ত্ব আৰু ইয়াৰ চমৎকাৰিতা

লালটিৰ মহত্ত্ব আৰু ইয়াৰ চমৎকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

লালটি গ্ৰন্থিত লালটি উৎপন্ন হয়। মানুহৰ প্ৰতিদিনে 0.5 ৰ পৰা 1.5 লিটাৰ লালটি উৎপন্ন হয়। লালটিৰ PH value 5.75 ৰ পৰা 7.05 ভিতৰত থাকে। কিন্তু ৰাতিপুৱাৰ লালটিত PH 8.4 ৰ ওচৰত থাকে আৰু যিটো ক্ষাৰীয় হয়। শুই উঠাৰ পৰা এক ঘণ্টালৈকে এই ক্ষাৰীয় গুণ ক্ৰিয়াশীল হৈ থাকে। লালটিত প্ৰায় 18 বিধ পোষক তত্ত্ব পোৱা যায় যিবোৰ মাটিতো থাকে।
প্ৰতিমিলিলিটাৰ লালটিত প্ৰায় 109 বিধ বেক্টেৰিয়া পোৱা যায়। কিন্তু, ৰাতিপুৱাৰ লালটিত বেক্টেৰিয়া অত্যন্ত কম থাকে আৰু ডাঠ হয় বাবে ই ব্যৱহাৰৰ উপযোগী হয়।।

মানুহৰ লালটিত প্ৰায় 99% পানী থাকে। ছডিয়াম, পটাচিয়াম, মেগনেছিয়াম, ক্লৰাইড, ফচফেট, আয়ডিন আদি পোষক তত্ত্বও পোৱা যায়। ইয়াৰ উপৰিও লালটিত শ্লেমা, এনজাইম, Opiorphin, white blood cells, Epithelial cells, antibacterial components ইত্যাদি থাকে।

লালটিৰ ব্যৱহাৰ আৰু উপকাৰিতা -


লালটি লগোৱাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু ৰাতিপুৱাৰ বাহি লালটিহে লগোৱা উচিত কিয়নো ৰাতিপুৱাৰ লালটিত বেক্টেৰিয়া অত্যন্ত কম থাকে।ৰাতি শোৱাৰ আগতে দাত,মুখ আৰু হাতদুখন ভালদৰে পৰিষ্কাৰ কৰি লব লাগে আৰু শুই উঠিয়েই বাহি মুখৰ লালটি পৰিষ্কাৰ হাতেৰে ব্যৱহাৰ কৰা উচিত।

পেটৰ এচিড নিয়ন্ত্ৰণৰ বাবে -

পেটৰ ভিতৰৰ হাইড্ৰক্লৰিক এচিড নিয়ন্ত্ৰণৰ বাবে ৰাতিপুৱাৰ বাহি লালটি ফলপ্ৰসূ। ৰাতিপুৱাৰ লালটি ক্ষাৰীয় হোৱা বাবে ই এচিড নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ কাৰণে ৰাতিপুৱা পানী অলপ অলপকৈ লাহে লাহে খাব লাগে। আমি এনেয়ে থু পেলোৱা অনুচিত। অত্যন্ত কফ বা মুখৰ ভিতৰত বেয়া বস্তু সোমালেহে থু পেলোৱা উচিত। এই থু বা লালটিয়ে আহাৰ জীণ যোৱাত সহায় কৰে।

ছাল পৰিষ্কাৰ আৰু দাগ আতৰাবলৈ -

ৰাতিপুৱাৰ বাহি লালটি মুখমণ্ডলত লগাই কিছুসময় লাহে লাহে মালিচ কৰিব লাগে আৰু এঘণ্টা মান পিছত পানীৰে মুখখন ধুব লাগে। ইয়াৰ ক্ষাৰীয় গুণৰ বাবে মুখখনৰ মলিবোৰ আতৰি ছালখন উজ্জ্বল হৈ পৰিব। এনেকৈ একেৰাহে ৬ মাহৰ পৰা এবছৰ ব্যৱহাৰ কৰিলে মুখমণ্ডলৰ বিভিন্ন দাগ যেনেঃ- শালমইনাৰ দাগ, চকুৰ গুৰি কলা পৰা, কটা দাগ বা অন্যান্য দাগ আতৰ হয়।।

সাধাৰণ জুইয়ে পোৰাত আৰু পৰুৱাই কামোৰিলে -

আমাৰ ককা-আইতাহতক দেখিছিলো কেনেবাকৈ আমাৰ দেহত সামান্যভাৱে জুই বা গৰম বস্তুৱে পুৰিলে তেওঁলোকে তাত থু ছটিয়াই দিছিল। পৰুৱাই কামোৰিলে বা কৰবাত আঘাত পালেও আমাক তেওঁলোকে মুখেৰে চুপিব কোৱা মনত পৰে। হঠাৎ ভয় খালে তেওঁলোকে আমাৰ বুকুত থু ছতিয়াবলৈ কৈছিল। আচলতে লালটিত থকা Opiorphin এবিধ বিষ, জ্বলন নিবাৰক আৰু ইয়াৰ প্ৰভাৱতেই পোৰা বা আঘাত পোৱা ঠাইত লালটি লগালে বিষ, জ্বলন হ্ৰাস কৰাত সহায়ক হয়।পিছৰাতি পেট শুকাই যোৱাৰ দৰে হৈ পেট টানি ধৰি বিষ হলে লালটিৰে কিছুসময় নাভিত মালিচ কৰিলে বহুত আৰাম পোৱা যায়  ।চকুৰ বিভিন্ন ৰোগত লালটিয়ে চকুৰ বিভিন্ন ৰোগ যেনেঃ-চকু ৰঙা পৰা, দৃষ্টিশক্তি কমি যোৱা আদি নিৰাময় কৰাত সহায় কৰে যদিও বেক্টেৰিয়া আৰু Microorganisms থকা কাৰণে ই চকুৰ কাৰণে ১০০% নিৰাপদ নহয় ।

লালটি উৎপাদনৰ পৰিমাণ কমি গলে দাতৰ ৰোগ বৃদ্ধি হব পাৰে, মুখগহ্বৰৰ বিভিন্ন সমস্যা হব পাৰে, খাদ্যবস্তু গিলোতে আৰু কথা কোৱাত বাধা আহিব পাৰে।ছডিয়াম লৰেল ছালফেট, যিটো আমি দৈনন্দিন ব্যৱহাৰ কৰা টুথপেষ্টত থাকে আৰু ই এন্টিএলকালেইন । যাৰ ফলত আমাৰ লালটি গ্ৰন্থি শুকাই গৈ মুখগহ্বৰ শুকান হৈ যাব পাৰে।। গতিকে, মুখগহ্বৰ শুকান বা লালটিৰ উৎপাদন কমি যোৱা যেন পালে সচেতন হওক কাৰণ, লালটি অত্যন্ত ঔষধীয় গুণসম্পন্ন আৰু আমাৰ শৰীৰৰ বাবে লাগতিয়াল।

লেখক :-হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top