মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / লেটেকুৰ পুষ্টিকৰ গুণ আৰু স্বাস্থ্য উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লেটেকুৰ পুষ্টিকৰ গুণ আৰু স্বাস্থ্য উপকাৰিতা :

লেটেকুৰ পুষ্টিকৰ গুণ আৰু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

টেঙা মিঠা সোৱাদেৰে সমৃদ্ধ লেটেকু বা বাৰ্মিজ গ্ৰেপ ফল বিধ সাধাৰণতে দক্ষিণ এছিয়াৰ দেশবোৰত বহুলভাৱে পোৱা যায়। হালধীয়া, সৰু ও গোলাকাৰ এই ফলবিধ সুস্বাদু হোৱাৰ লগতে, পুষ্টি আৰু ঔষধি গুণেৰেও পৰিপূৰ্ণ।

আহকচোন তেনে আজি জানি থ‌ওঁ ফলবিধৰ নানান পুষ্টি গুণ আৰু উপকাৰিতাৰ বিষয়ে :-

১)লেটেকুত প্ৰচুৰ পৰিমাণে vitamin C পোৱা যায়। বৰ্তমান সময়ত লেটেকুৰ চিজন আৰু এনে সময়ত দৈনিক যদি দুই তিনিটা লেটেকু খাব পৰা যায় তেনে মানৱ দেহত vitamin C ৰ চাহিদা ই পূৰণ কৰে।

২)লেটেকুত পোৱা যায় প্ৰচুৰ পৰিমাণে চৰ্বি, আমিষ, লোহ তথা খনিজ পদাৰ্থ।

৩)লেটেকুৰ ভিতৰত ৰৈছে দেহৰ সুস্বাস্থ্যৰ হকে কাৰ্য্য কৰা তথা মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা এনজাইম ও এমাইন এচিড দৰে উপাদান।

৪)লেটেকুৱে মুখৰ ৰুচি বঢ়াই, বমি বমি ভাৱ দূৰ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।

৫)vitamin C ৰ উপৰিও লেটেকুত পোৱা যায় Vitamin B1 আৰু Vitamin B২।

৬)এই ফলৰ গুটি গনোড়িয়া ৰোগৰ ঔষধ তৈয়াৰী ত ব্যৱহৃত হয়।

৭)প্ৰতি ১০০ গ্ৰাম লেটেকুত খাদ্যশক্তি থাকে প্ৰায় ৯২ কিল কেলৰি।

সেয়েহে প্ৰকৃতিয়ে দিয়া চিজনৰ ফল, চিজনতে উপভোগ কৰক আৰু স্বাস্থ্য অটুট ৰাখক।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top