মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শাকৰ উপকাৰিতাৰ বিষয়ে কিছু কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাকৰ উপকাৰিতাৰ বিষয়ে কিছু কথা :

শাকৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

কলমৌ শাক -

১)কলমৌ শাকৰ বসন্ত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে ৷ সুস্থজনে কলমৌ শাক খালে বসন্ত ৰোগ নহয় ৷

২)জণ্ডিছ ৰোগীয়ে কলমৌৰ আগ বা পাত গাখীৰৰ লগত মিশ্ৰণ কৰি খালে আৰোগ্য লাভ কৰে ৷

৩)নিদ্ৰাহীনতা দূৰ কৰে ৷

৪)আনহাতে মাতৃ দুগ্ধ কম হ’লে ঘিউৰ লগত মিশ্ৰণ কৰি খালে মাকৰ গাখীৰ বেছি হয় ৷

৫)স্নায়ু দুৰ্বল, ধাতু দুৰ্বল আৰু যৌন ব্যাধি দূৰ কৰে ৷

দোৰোণ শাক -

১)মেলেৰিয়া, নিউম’নিয়া, স্বাস-প্ৰস্বাসজনিত ৰোগ, কফ, জণ্ডিছ, ক্ৰিমি, অৰ্শ, অজীৰ্ণ, অভোক আদি ৰোগত বৰ উপকাৰী ৷

২)পানী লগা জ্বৰ বা স্বাস - প্ৰস্বাসজনিত ৰোগত নহৰু- জালুকৰ সৈতে বনাই খালে উপকৃত হয় ৷

৩)কেচুঁৱাক মৌৰ ৰসৰ লগত সিজাই খুৱাব লাগে ৷

৪)ছাইনাছাইটিছ্ ৰোগত নাকেৰে ৰস ল’লে ৰোগ নিৰ্মূল হয় ৷

৫)পুৰণি চৰ্মৰোগত ৰস দিলে সোনকালে শুকায় ৷

মালভোগ শাক -

১)মালভোগ শাকৰ পাতৰ ৰসে কাণৰ বিষ, তেজ-বমি বন্ধ, প্ৰস্বাব কম হ’লে, বৃক্ক, পিত্তস্থলী আৰু হাওঁফাওঁ সবল কৰি ৰাখে ৷

২) জুয়ে পুৰিলে পাত পিহি লগাই দিলে পোৰণি কমে ৷

৩)পাথ্বৰ হোৱা ৰোগত ইয়াৰ ৰস খালে পাথ্বৰ গ’লি প্ৰস্বাবেদি বাহিৰ হয় ৷

হাতীখঁতুৰা -

১)হাতীখঁতুৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে ৷

২)যৌন ক্ষমতা বৃদ্ধি কৰে ৷

*ভেদাইলতাঃ

১)ভেদাইলতা শাক বলবৰ্ধক ৷

২)পেটৰ ৰোগ, অৰুচি,আমাশয়,অতিসাৰ ৰোগত উপকাৰক ৷

৩)বাতবিষ,একাংগী,বুকুৰ বিষত সুফল পাব পাৰি ৷

৪)ফোঁহা বা হাড় ভঙাত ডাল-পাত থেতেলাই প্ৰলেপ দিব লাগে ৷

পিৰালি পালেং -

১)পাত নিয়মিত খালে ৰক্তহীনতা দূৰ কৰে ৷

২)তেজগ্ৰহণীত ভাল কাম কৰে ৷

*মধুসোলেং:

১)মধুসোলেং পাতে অতিসাৰ ৰোগ ভাল কৰে ৷

২)মগজুৰ চিন্তা শক্তি বৃদ্ধি কৰে ৷

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top