অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতল পানীয়, ফলৰ ৰস আৰু স্বাস্থ্য :

শীতল পানীয়, ফলৰ ৰস আৰু স্বাস্থ্য :

 

গ্ৰীষ্মৰ প্ৰখৰ ৰ’দত এবটল শীতল পানীয়ই আমাৰ তৃষ্ণা দূৰ কৰে আৰু দেহলৈ সতেজতা আনে । পিছে এই শীতল পানীয়ই আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায়, চাওচোন আহক ।

পানীৰ লগত অম্লজাতীয় দ্ৰব্য মিহলাই বটলত থকা শীতল পানীয় প্ৰস্তুত কৰা হয় । এই দ্ৰব্যবোৰ হৈছে- ফচফৰিক এচিড, চাইট্ৰিক এচিড, মেলিক এচিড, টাৰটাৰিক এচিড ইত্যাদি । তদুপৰি সোৱাদৰ কাৰণে যথেষ্ট পৰিমাণে চেনি মিহলোৱা হয় । কোলাজাতীয় পানীয়ত কোকো থাকে । এই কোকো কেফেইনৰ উৎস । নষ্ট নহ’বৰ কাৰণে শীতল পানীয়বোৰত কৃত্ৰিম ৰাসায়নিক দ্ৰব্যও প্ৰয়োগ কৰা হয় । চডিয়াম বেনজোৱেট আৰু চালফাৰ-ডাই-অক্সাইড এনেধৰণৰ সংৰক্ষক দ্ৰব্য । পানীয়বোৰ সুস্বাদু, সুগন্ধি আৰু আকৰ্ষণীয় কৰিবলৈ কেৰামেল, কাৰা মায়োচিন, টেট্ৰাজিন, পনচু আদি দ্ৰব্য মিহলোৱা হয় । কিছুমান শীতল পানীয় প্ৰস্তুত কৰোঁতে বটলৰ ঠিলা মৰাৰ আগতে উচ্চ চাপযুক্ত কাৰ্বন-ডাই-অক্সাইড হেঁচি প্ৰয়োগ কৰা হয় । বটলৰ ঠিলা খোলাৰ সময়ত বুৰবুৰণি তুলি এই গেছ নিৰ্গত হয় ।

দেহত শীতল পানীয়ৰ প্ৰভাৱ -

স্বাস্থ্যৰ ক্ষেত্ৰত এই শীতল পানীয়বোৰৰ বিৰুপ প্ৰভাৱ পৰে । বিশেষকৈ যিসকল ব্যক্তিয়ে সঘনাই আৰু অধিক শীতল পানীয় গ্ৰহণ কৰে, তেওঁলোকৰ স্বাস্থ্যৰ হানি হ’ব পাৰে । শীতল পানীয়ত থকা ফচফৰিক এচিডে অন্ত্ৰৰ পৰা কেলচিয়াম আৰু ফচফৰাচৰ শোষণত বাধা দিয়ে । ইয়াৰ ফলত হাড়ৰ সমস্যা হ’ব পাৰে । ফচফৰিক এচিডে বৃক্কৰো ক্ষতি সাধন কৰিব পাৰে । ইয়াত দ্ৰৱীভূত হৈ থকা কাৰ্বন-ডাই-অক্সাইডে পাকস্থলীত থকা পানী আৰু চডিয়ামৰ লগত ক্ৰিয়া কৰি কাৰ্বলিক এচিড আৰু চডিয়াম-বাই-কাৰ্বনেট উৎপন্ন কৰে । চডিয়াম-বাই-কাৰ্বনেটে পাকস্থলীত থকা গেষ্ট্ৰিক গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হাইড্ৰ’ক্লৰিক এচিড প্ৰশমিত কৰে । ইয়াৰ ফলস্বৰুপে পাকস্থলীৰ অম্লতা হ্ৰাস হয় । এইদৰে সাময়িকভাৱে অম্লতা কমিলেও দ্ৰৱীভূত হৈ থকা কাৰ্বন-ডাই-অক্সাইড পাকস্থলীৰ ভিতৰত জমা হৈ ইয়াৰ সম্প্ৰসাৰণ ঘটায় আৰু বেছিকৈ অম্লৰ ক্ষৰণ হয় । গতিকে বেছিকৈ শীতল পানীয় খালে এচিডিটি থকা মানুহৰ ভীষণ ক্ষতি হ’ব পাৰে । খালী পেটত শীতল পানীয় খালে গেষ্ট্ৰাইটিক আৰু আলচাৰ হোৱাৰ আংশকা থাকে । শীতল পানীয়ত থকা কেফেইন স্বাস্থ্যৰ ক্ষতিকাৰক । ই ভোক কমায় । ইয়াৰ ফলত বিশেষকৈ শৈশৱ আৰু বয়:সন্ধিৰ কলছোৱা অপুষ্টিত ভোগাৰ সম্ভাৱনা থাকে । শীতল পানীয় ৰঙীন কৰিবলৈ প্ৰয়োগ কৰা কাৰামায়’চিন নামৰ ৰাসায়নিক পদাৰ্থ কৰ্কট ৰোগৰ কাৰক । চডিয়াম বেনজোৱেটে এলাৰ্জি আৰু এজমা সৃষ্টি কৰিব পাৰে । ইয়াত উপলব্ধ চালফাৰ-ডাই-অক্সাইডৰ প্ৰভাৱ অতি গুৰুতৰ । দীৰ্ঘদিন ব্যৱহাৰৰ ফলত ক্ৰ’মজ’মৰ পৰিৱৰ্তন ঘটিব পাৰে । শীতল পানীয়ত থকা এচিডে দাঁতৰ এনামেলৰ ক্ষয় কৰে । দাঁতৰ ওপৰত চামনি (Plaque), কেভিটিৰ সৃষ্টি হ’ব পাৰে । আলুৰ (Gum) সমস্যা হ’ব পাৰে । পানীয়বোৰত যথেষ্ট পৰিমাণে ছুগাৰ থকাৰ বাবে মধুমেহ ৰোগ আৰু মেদবহুলতা হ’ব পাৰে । অতিমাত্ৰা ছুগাৰ আৰু চডিয়ামে ডিহাইড্ৰেশ্যন কৰিব পাৰে । দীঘলীয়াকৈ এনে পানীয় গ্ৰহণ কৰাত ফলত ক্ৰনিক ডিহাইড্ৰেশ্যনত ভুগিব পাৰে । তদুপৰি হাৰ্টৰ অসুখ,  Copd হোৱাত সম্ভাৱনা থাকে । অধ্যয়নৰ পৰা দেখা গৈছে যে নিয়মীয়াকৈ শীতল পানীয় গ্ৰহণ কৰিলে ২৬% মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা থাকে । ঠিক সেইদৰে ২০% হাৰ্টৰ অসুখ আৰু ৭৫% গাউট হোৱাৰ সম্ভাৱনা থাকে ।

দেহত ফলৰ ৰসৰ প্ৰভাৱ -

শীতল পানীয়ৰ দৰে আমাৰ সকলোৰে প্ৰিয় বিভিন্ন ফলৰ ৰসবোৰো স্বাস্থ্যসন্মত বুলি ক’ব নোৱাৰি । ফলৰ ৰসত অধিক পৰিমাণে ছুগাৰ থাকে ।

এগিলাচ চেপি উলিওৱা সতেজ ফলৰ ৰসত প্ৰায় পাঁচ চাহ চামুচ ছুগাৰ থাকে । চেপা পদ্ধতিত (squeezing process) মিঠাটো অধিক গাঢ় হৈ পৰে । অধিক ফলৰ ৰস সেৱনৰ ফলত মেদবহুলতা হ’ব পাৰে । তেজত গ্লু’কজৰ মাত্ৰা নিয়মীয়া হ’ব পাৰে । শৰীৰৰ বিপাকীয় কাৰ্যত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে । বিপাকীয় কাৰ্যৰ পৰিৱৰ্তনে নানা ৰোগৰ সৃষ্টি কৰিব পাৰে । মেদবহুলতা নানাবিধ ৰোগৰ কাৰক । গতিকে ফলৰ ৰস সেৱন কৰাৰ পৰিৱৰ্তে গোটা ফলহে খাব লাগে । ফল-মূলত এণ্টি অক্সিডেণ্ট আৰু আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নিউট্ৰিয়েণ্টবোৰ থাকে । এই ফলবোৰ ভিটামিন, মিনাৰেল আৰু ফাইটোকেমিকেলৰ চহকী ভঁৰাল। এতিয়া দোকান-পোহাৰবোৰ বিভিন্ন শীতল পানীয়ই ভৰি পৰিব । কিন্তু আমি এই পানীয় সেৱন কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে । অতিমাত্ৰা শীতল পানীয় গ্ৰহণৰ ফলত হ’ব পৰা স্বাস্থ্য সমস্যাবোৰৰ বিষয়ে সকলোৱে অৱগত হোৱা উচিত ।

লেখক : ডা° মিৰান্দা দত্ত

উৎস: দৈনিক জনমভূমি

 

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate