মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শীতৰ ৰঙীন মিঠা আলু :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতৰ ৰঙীন মিঠা আলু :

শীতৰ ৰঙীন মিঠা আলুৰ বিষয়ে লিখা হৈছে ।

শীতৰ দিনৰ পোৰা মিঠা আলুৰ স্বাদৰ আমেজ অনন্য। নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰি প্ৰায় মাৰ্চ মাহলৈ সতেজ মিঠা আলু আমাৰ গাঁৱে-ভূঞে উৎপাদিত হয় আৰু সততে আমাৰ স্থানীয় বজাৰত উপলব্ধ হয়।

ভোগালী বিহুৰ এবিধ অন্যতম পাচলি মিঠা আলু। খেতিপথাৰ থকা ঘৰবোৰত কমকৈ হ’লেও এতিয়াও পুৱা-গধূলি জুইৰ সেক লওঁতে সৰু ল’ৰা-ছোৱালীয়ে জুহাল ৰঙা অঙঠাত দি মিঠা আলু পুৰি খোৱাটো অতি সাধাৰণ কথা।

  • বিটা কেৰ’টিন,
  • পটাচিয়াম,
  • মেগনেচিয়াম,
  • আইৰন,
  • ফাইবাৰ,
  • ভিটামিন ‘এ’, আৰু ‘চি’ৰ চহকী উৎস মিঠা আলু মাঘৰ বিহুৰ মেজি ঘৰৰো আৱশ্যকীয় পাচলি।

আলু, কচু বা কাঠ আলুতকৈ মিঠা। আলুবোৰ বিটা কেৰ’টিনত চহকী। বিটা কেৰ’টিনবোৰ ভিটামিন ‘এ’ৰ পূৰ্বৱৰ্তী যৌগ, য’ৰ পৰা ভিটামিন ‘এ’(ৰেটিনল)ৰ সংশ্লেষণ হয়।

মিঠা আলুবোৰ সাধাৰণতেই বগা, মুগা বৰণীয়া, পাতল কমলা, ৰঙচুৱা, বেঙুনীয়া আদি ভিন ভিন ৰং আৰু স্বৰূপত পোৱা যায়।

সমগ্ৰ বিশ্বত প্ৰায় চাৰিশবিধ ভিন্নধৰণৰ মিঠা আলু আছে। এইবোৰৰ বেছিভাগেই ৰঙীন। ৰঙীন খাদ্যবোৰত সাধাৰণতেই বিটা কেৰ’টিন, এনথোছায়েনিন আদি প্ৰতিৰোধী ক্ষমতা বহু বেছি।

ৰঙীন মিঠা -

ৰঙীন মিঠা আলুবোৰৰ ভিতৰত কমলা সাঁহ থকাবিধত সৰ্বাধিক বিটা কেৰ’টিন থাকে। সেইদৰে, বেঙুনীয়া মিঠা আলুবোৰত থকা অধিক পৰিমাণে এনথোছায়েনিন।

বৈজ্ঞানিকভাৱে মিঠা আলুবোৰক Ipomoea Batatas বুলি জনা যায় আৰু ই morning glory পৰিয়াল অৰ্থাৎ ফুলৰ পৰিয়ালৰ অন্তৰ্গত।

সততে আমি খোৱা সাধাৰণ আলু বা বগা আলুবোৰৰ বৈজ্ঞানিক নাম Solanum tuberosum আৰু এইসমূহ ভিন্ন পৰিয়ালৰ অন্তৰ্গত, যাক জনা যায় nightshade Family বুলি।

মিঠা আলুবোৰ প্ৰকৃততে গছজোপাৰ শিপা বা মূলহে। মিঠা আলুৰ গছৰ কোমল আগ আৰু পাত পাচলি হিচাপেও সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰি। বগা সাধাৰণ আলুবোৰ আনহাতে গছজোপাৰ মাটিৰ তলৰ কাণ্ডহে।

আমাৰ চুবুৰীয়া চীন দেশত সৰ্বাধিক পৰিমাণত মিঠা আলু উৎপাদন হয়। পৃথিৱীৰ মুঠ উৎপাদনৰ ষাঠি শতাংশতকৈও অধিক চীন দেশেই উৎপাদন কৰে।

নাইজেৰিয়া, টাঞ্জানিয়া, উগাণ্ডা, ইণ্ডোনেছিয়া আদি কেতবোৰ দেশত মিঠা আলুৰ প্ৰচুৰ উৎপাদন হোৱাৰ লগতে খাদ্য হিচাপেও বহুল ব্যৱহৃত হয়।

কম-বেছি পৰিমাণে বিশ্বৰ বেছিভাগ দেশতেই মিঠা আলুৰ খেতি হয় যদিও গ্ৰীষ্মপ্ৰধান অঞ্চলত ইয়াৰ ভাল খেতি হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰতো মিঠা আলুবোৰ খাদ্যাভ্যাসৰ অবিচ্ছেদ্য অংগ। নৱেম্বৰ মাহৰ চতুৰ্থ বৃহস্পতিবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰত Thanksgiving Day পালন কৰা হয়। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় হোলী ডে’ বা বন্ধৰ দিব।

বিশেষকৈ শস্য চপোৱাৰ ইতিহাস সমৃদ্ধ এই উৎসৱত টাৰ্কিৰ(Turkey) ব্যঞ্জন আৰু মিঠা আলুৰ পিটিকা খাদ্য তালিকাৰ এক অবিচ্ছেদ্য অংগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে কানাডা, ব্ৰিটেইন,

অষ্ট্ৰেলিয়া আদি দেশৰ কেতবোৰ ঠাইত মিঠা আলু আৰু কাঠ আলুৰ উৎসৱ পালন কৰা হয়। স্পেইনৰ উত্তৰ-পূব সীমান্তৰ কাটা’নিয়াত হালুইন বা ‘All Souls Day’ অৰ্থাৎ ১ নৱেম্বৰৰ ৰাজহুৱা বন্ধৰ দিনা মিঠা মদিৰাৰ সৈতে ভজা মিঠা আলু আৰু চেছটনাট পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হয়।

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘৰ সংক্ৰান্তিৰ দিনাখন নদীৰ পানীত গা ধুই তিলৰ লাডু আৰু মিঠা আলু খোৱাৰ পৰম্পৰা আছে।

আমাৰ চুবুৰীয়া নাগালেণ্ডৰ শীতকালৰ উৎসৱ হৰ্ণবিল ফেষ্টিভেলত আন বহুতো পাচলিৰ লগতে বিভিন্ন ধৰণৰ মিঠা আলুৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ বাবে সজাই থোৱা থাকে।

তামিলনাডুত মকৰ সংক্ৰান্তিত পংগল উৎসৱত মিঠা আলু এক গুৰুত্বপূৰ্ণ খাদ্য।

মিঠা আলুৰ গছৰ জীৱনকাল তিনি মাহৰ পৰা প্ৰায় সাত মাহলৈ। হ্ৰস্বদিনীয়া গছ হোৱাৰ বাবে কাচিৎহে গছজোপাত বেঙুনীয়া আভাৰে বগা এপাহীয়া ফুল ফুলা দেখা যায়।

গ্লিচামিক ইনডেক্সৰ(GI) দিশৰ পৰা সাধাৰণ আলুতকৈ অলপহে কম GI যুক্ত মিঠা আলু। মিঠা আলুৰ GI-63 হোৱাৰ বিপৰীতে সাধাৰণ আলুৰ ৭৮।

অৰ্থাৎ সাধাৰণ আলুতকৈ তুলনামূলকভাৱে কিছু লেহেম গতিৰেই তেজৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। হ’লেও অধিক পৰিমাণত একে সময়তে মিঠা আলু গ্ৰহণ কৰাটো সু-স্বাস্থ্যৰ বাবে যুগুত নহয়।

পুষ্টিগুণ -

কিন্তু পুষ্টিগুণৰ দিশৰ পৰা বিচাৰ কৰিলে ভিটামিন ‘এ’(বিটা কেৰ’টিনৰ ৰূপত), ভিটামিন ‘বি-৬’, ভিটামিন ‘চি’, প’টাচিয়াম আৰু ডায়েটাৰী আঁহজাতীয় খাদ্যত অতি চহটা মিঠা আলুবোৰ তুলনামূলকভাৱে একে পৰিমাণৰ আলু আৰু কাঠ আলুবোৰতকৈ অধিক পুষ্টিগুণসম্পন্ন।

সাধাৰণতেই বাকলি আৰু সাঁহ যিমানেই বেছি গাঢ় ৰঙৰ সিমানেই বেছি কেৰ’টিন আৰু অন্যান্য ফাইট’কেমিকেল থাকে। অন্যান্য পুষ্টিগুণৰ বাহিৰেও মিঠা আলুত থাকে কিছু পৰিমাণে Sporamins নামৰ এক বিশেষ প্ৰ’টিন।

শেহতীয়া কেতবোৰ গৱেষণাই এই প্ৰ’টিনবোৰৰ এটি-অক্সিডেন্ট ধৰ্ম থকাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে।

নিশ্চয়কৈ, ভোগালীৰ এক অন্যতম এক অন্যতম প্ৰিয় পাচলি মিঠা আলুবোৰে, আশা কৰিব পাৰি, আন সময়তো আমাৰ খাদ্য তালিকাত স্থান পাব।

পুষ্টিগুণসমৃদ্ধ গাঢ় ৰঙীন বাকলি আৰু সাঁহযুক্ত মিঠা আলুবোৰে পাচলিৰ বজাৰ কৰোঁতে সঠিক সমাদৰ লাভ কৰিব।

লেখিকা: ড° নিৰ্মলা দেৱী(নিয়মীয়া বাৰ্তা)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top