অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুকান ফলৰ গুণ:

 

ফল অতি পুষ্টিকাৰক খাদ্যই নহয়, ই ঔষধি গুণসম্পন্নও। ইয়াক গোটাই খাব পৰা মানুহহে কম। কিনি খাব নোৱাৰাসকলে অলপ কষ্ট কৰিলেই কিছুমানল ঘৰতে যোগাৰ কৰি ল’ব পাৰে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে জীৱনকালত প্ৰায় ৫০ টন খাদ্য গ্ৰহণ কৰে। মানুহে পেট ভৰাবলৈ বা ৰুচিৰ বাবে খোৱাতেই সীমাবদ্ধ হৈ থাকে। ফলে পুষ্টি সাধনৰ লগতে অংগ-প্ৰত্যংগৰ সঞ্চালন কৰে, শৰীৰৰ তাপমাত্ৰা সঠিকভাৱে ৰাখে, ক্ষয়প্ৰাপ্ত কোষৰ ঠাইত নতুন কোষৰ সৃষ্টি কৰে আৰু চৰ্বি উৎপন্ন কৰে। এই চৰ্বিয়ে অসুখ বা উপবাসত শক্তি যোগায়। সতেজ ফলৰ দৰে শুকান ফলতো সকলো ধৰণৰ উপাদান খনিজ পদাৰ্থ, ভিটামিন, এন্টিঅক্সিডেন্ট আদি থকাৰ উপৰি আঁহজাতীয় গুণেৰে ভৰপূৰ। এই ফলবোৰে কোষ্ঠকাঠিন্য দূৰ্ কৰে। ইয়াত কেইবিধমান শুকান ফলৰ বিষয়েহে আলোচনা কৰিব খোজা হৈছে।

১)আখৰোট:

আখৰোট এবিধ সৰু গছ। ইয়াৰ গুটি ঘূৰণীয়া। ইংৰাজী নাম । Walnut। বৈজ্ঞানিক নাম Juglans sps। ডাঠ বাকলি গুচালে বাদামৰ দৰে শাহ ওলায়। ফলবিধ সুস্বাদু। সংস্কৃতত ইয়াক আক্ষোট আৰু হিন্দীত আখৰোট বোলা হয়। মানৱ শৰীৰৰ ৬০ শতাংশ এইবিধ ফেটী এটিডেৰে ভৰা। আখৰোটে কোষ্ঠকাঠিন্য আৰু নিদ্ৰাহীনতা দূৰ কৰে। ই কৰ্কট ৰোগৰো প্ৰতিষেধক।

২)কাজু বাদাম:

চিৰহৰিৎ কাজু গছ ক্ৰান্তীয় অঞ্চলত হয়। ইয়াৰ গুটি বৃক্ক আকৃতিৰ। কেঁচা ফলবিধৰ পৰা লোৱা ইয়াৰ আঠা বাৰ্মিছত ব্যৱহাৰ কৰে। কাজু বাদামক ইংৰাজীত কোৱা হয় cashew বুলি। বৈজ্ঞানিক নাম Anacardium occidentale। ইয়াৰ প্ৰ’টিন আৰু আঁহ যথেষ্ট থাকে। ই এন্টিঅক্সিডেন্ট দূৰীকৰণ(নিঃসৰণ) কৰে। সেয়ে ই কৰ্কট ৰোগৰ প্ৰতিষেধক। ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে। কেলচিয়ামৰ লগত সংযোগ হৈ দাঁত আৰু হাড়ৰ গঠন সবল কৰে। কাজু বাদাম এবিধ শক্তিদায়ক খাদ্য। কাজুৱে শৰীৰৰ কাৰ্যক্ষমতা বঢ়ায়। বিশেষকৈ ঋতুস্ৰাৱ বন্ধ হোৱা সময়ত ই মহিলাৰ মানসিক চাপ আৰু নিদ্ৰাহীনতাৰ অসুবিধা আঁতৰ কৰে।

৩)কিচমিচ:

আঙুৰৰ গছ পৰ্ণপাতি আৰু টান লতাজাতীয় উদ্ভিদ। কিচমিচ হ’ল পকা শুকান আঙুৰ। পুষ্টিৰ দিশত একো নাই বুলি আঙুৰৰ বদনাম এটা আছে যদিও কিচমিচে কোষ্ঠকাঠিন্য দূৰ কৰে। এই ৰোগত ভোগা ৰোগীৰ বাবে ই বৰ উপকাৰী। কিচমিচ খোৱাৰ পিছত ইয়াত থকা আঁহজাতীয় পদাৰ্থই পানীবোৰ শুহি লয় আৰু কিচমিচটো ফুলি উঠে। ইয়াত থকা গ্লুক’জ আৰু ফ্লুক্ট’জে শৰীৰক শক্তি যোগায়। কিচমিচে শৰীৰৰ ওজন বঢ়ায়। ইয়াত থকা আইৰনৰ বাবে ই ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে সুপথ্য। কিচমিচত যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকেত। হাড় গঠনত ই সহায় কৰে। দাঁতৰ বাবেও কিচমিচ উপকাৰী। দাঁত ঠুনুকা হোৱা, বিন্ধা হোৱা, ক্ষয় যোৱা আদিৰ পৰা ই ৰক্ষা কৰে।

৪)কোঁটকোৰা:

কোঁটকোৰা অৰণ্যত হোৱা এবিধ মজলীয়া আকাৰৰ গছ। গা-গছ দীঘল আৰু কাঁইট থকা। ফলবোৰ থোপা বান্ধি থাকে। ঘূৰণীয়া ৰসাল ফলবোৰ মধুৰি-আম এটাৰ সমান হয়। বৈজ্ঞানিক নাম- Mizna Zaxiflora বা Vangeria spinosa। এই ফল কেঁচাই খালে খজুৱায়। পকিলে শুকাই থৈ খোৱা হয়। ই কৰ্কট ৰোগৰ প্ৰতিষেধক, ৰক্ত বৃদ্ধি কৰে আৰু উফি নাশ কৰে।

৫)খেজুৰ:

খেজুৰ তামোল-নাৰিকল জাতীয় গছৰ দৰে এবিধ মিঠা, সৰু আৰু ৰসাল ফল। ইংৰাজী নাম Date plum। বৈজ্ঞানিক নাম Phoneix dactylifera। মৰুভূমি অঞ্চলত খেজুৰ যথেষ্ট উৎপন্ন হয়। ইয়াক বহুতে খাজুৰ, খাজুৰী বা খৰ্জুৰ বুলি কয়। এই সুমিষ্ট পুষ্টিদায়ক ফলবিধ বজাৰত পেকেট হিচাপে বা টিনত কিনিবলৈ পোৱা যায়। নিয়মিত খেজুৰ খালে খাদ্যনলীৰ কিছুমান ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। ইয়াত যথেষ্ট পৰিমাণে শৰ্কৰা, প্ৰ’টিন, চৰ্বি আৰু লাগতিয়াল ভিটামিন আছে। ইয়াৰ বাবেও আছে কেৰ’টিন, আঁহ, পানী, স্নেহ পদাৰ্থ, কাৰ্বহাইড্ৰেট, কেলচিয়াম, ফছফৰাছ, আইৰন, নিয়াছিন, ৰিব’ফ্লেভিন, গ্লুক’জ, ফ্লুক্ট’জ আদি। কেলৰি, পটাছিয়াম আদি দ্ৰব্যও ইয়াত পোৱা যায়। ইয়াত থকা ভিটামিনে ওজন বঢ়ায়। হাৰ্ট এটেক, ষ্ট্ৰোক আদি হোৱাত বাধা দিয়ে। ডায়েৰীয়া ভাল কৰে। মদৰ ক্ৰিয়া নাইকিয়া কৰাতো ব্যৱহাৰ হয়। তদুপৰি ই কোষ্ঠকাঠিন্য দূৰ কৰে। শৌচ নিয়মীয়া কৰে, পেটৰ অসুখৰ বীজাণু ধ্বংস কৰে। হৃদপিণ্ড সুস্থ-সবল কৰে, নিম্ন ৰক্তচাপ, বাত ৰোগৰ উপশম ঘটায়। শৰীৰৰ পুষ্টি সাধে। শিশুৰ প্ৰস্ৰাৱ নিয়মীয়া কৰে। প্ৰস্ৰাৱৰ জ্বলা-পোৰা, কফ, ৰক্তপ্ৰদৰ, শ্বেতপ্ৰদৰ, হজমী, আভোক, অৰুচি, বদহজম, বিষ উপশম আদি নানা ৰোগত উপকাৰী।

৬)চীনা বাদাম:

চীনা বাদাম এবিধ সৰু বাদাম। ইংৰাজী নাম Ground nut। বৈজ্ঞানিক নাম Arachis hyopogace। চীনা বাদাম স্বাস্থ্যৰ বাবে বৰ উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে লৱণ, এন্টিঅক্সিডেন্ট, ভিটামিন আছে। চীনা বাদামে তেজৰ পৰা দূষিত কলেষ্টেৰল আঁতৰায়। নিয়মিত এই বাদাম খালে তেজত থকা শৰ্কৰাৰ পৰিমাণ সুস্থিৰকৈ ৰাখি হৃদৰোগত বাধা প্ৰদান কৰে।

৭)বাদাম:

বাদাম এবিধ সৰু গছ। ই মাটিৰ তলত হয়। সেই বাবে ইংৰাজীত ইয়াৰ নাম Ground nut। বৈজ্ঞানিক নাম Aeachis hypogace. ফলৰ(ছেঁই) বাকলি টান। এই বাদাম মানৱ শৰীৰৰ বাবে অতি আৱশ্যকীয় খাল্য। ই তেজত নতুন কোষ গঠন কৰে। গৱেষণাত ধৰা পৰা মতে ই কৰ্কট ৰোগ হোৱাতো বাধা জন্মায়। নিয়মি০ত বাদাম খালে ওজন কমে, ৰক্তচাপ কমেত আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। ই কৰ’নেৰী হৃদৰোগৰ সম্ভাৱনাও কমায়।

৯)ডাব নাৰিকল:

নাৰিকল গছ ছিৰিলা ছিৰিলা পাতেৰে এবিধ ওখ শকত গছ। ইয়াৰ ফল ডাঠ বাকলিৰ তলত থকা টান খোলাৰ ভিতৰত থাকে। ফলৰ ভিতৰত বগা শাহখিনি সুমিষ্ট। ইংৰাজীত কোৱা হয় Coconut। বৈজ্ঞানিক নাম Cocos nucifera। সংস্কৃতত কোৱা হয় নাৰিকল বুলি। নাৰিকলৰ ফলটোৰ তিনিটা অৱস্থা- কুমলীয়া(ডাব), পূৰঠ আৰু শুকান। শুকান অৱস্থাত ইয়াক আমি ডাব নাৰিকল বুলি কওঁ যদিও ডাব নাৰিকল বুলিলে সাধাৰাণতে তৃষ্ণ দূৰ কৰা মিঠা সুস্বাদু কুমলীয়া ডাবৰ কথাহে মনলৈ আহে। শুকান ডাব চফগুটি(গুৱামুৰি), বিভিন্ন প্ৰকাৰৰ মিঠাই, পায়স(পৰমান্ন), খীৰ আদিত দিয়ে। এই নাৰিকল বৰ পুষ্টিকৰ আৰু ই তেজ পৰিষ্কাৰ কৰে। অৱশ্যে দুৰ্বল পাকস্থলীৰ ৰোগীৰ বা অপকাৰী। ই পিত্ত, প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগৰ বাবেও উত্তম আৰু শক্তিকাৰক। ইয়াত থিয়াচিন, থিয়ামিম, প্ৰয়ডক্সিন, ৰিব’ফ্লেবিন, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, পটাছিয়াম, মেগনেছিয়াম, কপাৰ, আইৰন, এমিনো এচিড, ভিটামিন-বি, চি আদি থাকে। মেলেৰিয়া ৰোগ, বমি বমি ভাব, জ্বৰ আদিতো ই উপকাৰী। ইয়াৰ বাদেও শিলিখা, অমৰা, আমলখি, থেকেৰা আদি শুকাই ৰাখিব পৰা যায়।

উৎস: জিএনআৰচি স্বাস্থ্য(ৰুণু তামুলী বৰা)

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top