মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শুকান বতৰত সজীৱ খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুকান বতৰত সজীৱ খাদ্য :

শুকান বতৰত সজীৱ খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

*ৰঙা চাহকন খাওঁতে তুলসী পাত দুটামান ধুই চাহত ভাঙি দি দুই মিনিটমান ঢাকি ৰাখি পাছত খাব। সুন্দৰ সুবাস পাব। মন-প্ৰাণ ভৰি উঠিব।

*আইচক্ৰীম, ঠাণ্ডা পানীয় আদি খোৱাতকৈ ফ্ৰেছ দৈ খাওক। দৈৰে লাচি বনায়ো খাব পাৰে।

*দাইলত পিঁয়াজত কৈ নহৰুৰে তেল মাৰি খাব। গৰম দিনত পিঁয়াজ, ঠাণ্ডা দিনত নহৰু উপকাৰী। এতিয়া নহৰু ব্যৱহাৰ কৰিব পৰা হৈ আছে।

*বিলাহী কেঁচাই খালে ফেট কমিব।

*পালেং-চুকা আদিৰে আঞ্জা ৰান্ধিলেগ পাতলকৈ ৰান্ধি খালেহে সোৱাদ পাব। অৰ্থাৎ শাকৰ পৰিমাণ বেছি কৰি আঞ্জা ডাঠ হ’লে ভাল নালাগিব।

*আলু পিটিকাত ধনিয়া মিক্সিত গুড়ি কৰি ভালকৈ মিহলাই দিব।

*ভাতৰ লগত যিকোনো চালাড, চাটনি ৰাখিব।

*ভাতৰ লগত খাবলৈ যিকোনো পিটিকা এখন ৰাখক।

*মছলাৰ তৰকাৰিতকৈ সাধাৰণভাৱে ৰন্ধা ভাজি-তৰকাৰিৰহে ব্যৱস্থা কৰিব।

*পানী-চুপ-লাচি যথেষ্ট পৰিমানে খাওক।

*ঘৰতে তেতেলিৰ চাটনি কৰি খাব।

*ঔটেঙাৰ চৰ্বত কৰি খাব।

লেখিক: সীমা চক্ৰৱৰ্তী(অসম বাণী)

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top