মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শেৱালি ফুল আৰু স্বাস্থ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শেৱালি ফুল আৰু স্বাস্থ্যঃ

শেৱালি ফুল আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে

শেৱালি ফুলৰ বিৱৰণ-

ফুল সকলো লোকৰে প্ৰিয়। ইয়াৰ মূলতে হয়তো ফুলৰ বৰণ আৰু সুগন্ধই হ’ব। ফুলৰ তাত্ত্বিক দিশ সম্পৰ্কে বাংলা সাহিত্যিক চন্দ্ৰনাথ বসুৱে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল। সেইমতে ‘যদি সুন্দৰ হ’ব বিচৰা আৰু যদি জগতৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰাৰ ইচ্ছা থাকে, তেনেহ’লে ফুলৰ ওচৰলৈ যোৱা। ফুলে তোমাক শিকাব যে সৌন্দৰ্য ৰূপত নাই, সৌন্দৰ্য গুণতহে আছে। সৌন্দৰ্য আকাৰত নাই, গঠনত নাই, ৰঙত নাই, সৌন্দৰ্য ভাবতহে আছে। ফুলৰ পৰা এই শিক্ষা লৈ ফুলৰ ভাবতে বিভোৰ থাকিবা, তেতিয়া দেখিবা তোমালোকৰ সুখৰ সীমা নাই, তোমালোকৰ অদৃষ্ট চক্ৰ অনন্ত উন্নতি পথেৰে ঘূৰি আহিছে’। হয়, ফুলে আমাৰ মনোজগতক প্ৰশান্তি যোগোৱাৰ লগতে উৎফুল্লিত কৰে আৰু যদি সেই ফুল সুগন্ধী হয়, তেতিয়া উভয়ৰে মাত্ৰা বহুগুণে বৃদ্ধি পোৱাটো সম্ভৱ। শেৱালিও হৈছে তেনে এবিধ ফুল যাৰ প্ৰকৃত আমেজ এই ফুলৰ ওচৰলৈ অহা ব্যক্তিয়েহে পাব পাৰে। ইয়াৰ ফুল একোপাহ আকাৰত তেনেই সৰু, মাত্ৰ ১.২-২.০ ছেঃমিঃ ব্যাসৰহে হয়। পাহিৰ সংখ্যাও ৩-৭টা মান, বক্ৰাকাৰে একেলগে হোৱা। আকাৰত সৰু হ’লেও বগা পাহিৰ লগত সংযুক্ত নিম্নাংশৰ ৰঙা বৰণে ফুল একোপাহক আকৰ্ষণীয় কৰি তোলে। তাতোকৈ আকৰ্ষণীয় অৱশ্যে ইয়াৰ মৃদু স্নিগ্ধ গোন্ধহে।

শেৱালি ফুলৰ মোহনীয় ৰং আৰু সুমধুৰ গোন্ধৰ বাবেই বহুতে ঘৰৰ বাৰীত একোজোপা ইয়াৰ গছ লগাই লোৱাত গুৰুত্ব দিয়াটো পৰিলক্ষিত হয়। ফলশ্ৰুতিত ইয়াৰ সুফলো খৰতকীয়াকৈ পোৱা হয়। দুবছৰৰ ভিতৰতে গছত ফুল পোৱা যায় আৰু সেই ফুলৰ গধূলি সময়ত সুগন্ধই চাৰিওফালে মুখৰ কৰি তোলে। এইবিধ ফুলৰ বিশেষত্ব এয়ে যে শৰতৰ আগমনৰ লগে লগেই গছত ফুল ওলাব ধৰে। ফুলবোৰো আকৌ ৰাতিৰ ভিতৰতে ফুলি পুৱাৰ আগে-ভাগে গছৰ পৰা মাটিত সৰি গুৰি শুকুলা কৰি তোলে। অৱশ্যে শৰতৰ শেৱালি হ’লেও সাম্প্ৰতিক সময়ত ঘটা জলবায়ুৰ পৰিৱৰ্তনৰ হেতুকে আজিকালি প্ৰায় বছৰৰ সকলো সময়তে গছত ফুল পোৱা যায়। কিন্তু তেনে ফুলৰ পৰিমাণ তথা গোন্ধ ভালেখিনি কম হয়। শেৱালি ফুলৰ ইংৰাজী নাম হৈছে Night Jasmine/Coral Jasmine ইয়াৰ বৈজ্ঞানিক নাম হৈছে Nyetanthes arbortistis। প্ৰকৃততে ইও এবিধ শিশিগন্ধা জাতীয় ফুল। শেৱালি শব্দই অৱশ্যে ইয়াৰ ফুলৰ লগতে গছজোপাকো সামৰি লয়। মন কৰিবলগীয়া যে ইয়াৰ ফুল আৰু পাত খোৱাৰ উপযোগী আৰু উভয়েই ঔষধি গুণসম্পন্নও। ইয়াৰ ফল কেঁচাই খোৱাৰ লগতে ৰদত শুকুৱাই লৈ সংৰক্ষিত অৱস্থাত বহুদিনলৈ ৰাখি সময়ত ভাজি বা তৰকাৰী কৰি খাব পাৰি। এনেদৰে খালে জ্বৰ, কাহ আদি উপশম হয়। সেইদৰে ইয়াৰ ফুল ভালকৈ পানীৰে ধুই লৈ উঠি সেই ফুলখিনি চেপি লৈ তাৰ লগত তিনিভাগৰ এভাগমান বগা সৰিয়হ মিহলাই লগত অলপমান নিমখ দি এক সুস্বাদু চাটনি তৈয়াৰ কৰি ভাতৰ লগত খাব পাৰি। এই চাটনিয়ে উদৰত কৃমিৰ উপদ্ৰৱ নাশ কৰাৰ লগতে পিত্তৰ বিকাৰো উপশম ঘটায়। কোনো কোনোৱে অৱশ্যে শুকান ফুলৰ লগত মাছৰ খাৰ দিয়া তৰকাৰী কৰিও খায়।

উল্লিখিত যতনৰ বাহিৰেও শেৱালি গছৰ ছাল আৰু পাতক কিছু আন উপায়েৰে তৈয়াৰ কৰি ঔষধি কাৰ্যত ব্যৱহাৰ কৰাৰো তথ্য পোৱা যায়। তাৰে কিছু তলত উল্লেখ কৰা হ’ল।

শেৱালি গছৰ ঔষধি গুণ-

-  ইয়াৰ কোমল পাত কলপাতেৰে মেৰিয়াই জুইত (তুঁহ জুই হ’লে ভাল) পুৰি সেইখিনি চেপি পোৱা ১০-১২ মিঃ লিঃ ৰসৰ লগত অকণমান মৌজোল মিহলাই দিনে তিনিবাৰকৈ কেইদিনমান খালে মেলেৰিয়া জ্বৰকে ধৰি আন জ্বৰ, যকৃত প্লীহা বৃদ্ধি, বাতবিষ আদি নিৰাময়ৰ লগতে ৰক্ত পৰিশোধনৰ জৰিয়তে চৰ্ম ৰোগ নাশ কৰে। অৱশ্যে প্ৰতিদিনে নতুনকৈ প্ৰস্তুত কৰা দ্ৰব্যহে ব্যৱহাৰ কৰা উচিত।

-  পাতৰ ৰস পূৰ্বৰ পদ্ধতিৰে উলিয়াই অলপ গৰম অৱস্থাত ১০-১২ মিঃ লিঃ লৈ তিনিদিনমান খালে কোষ্ঠাকাঠিন্য দূৰ হয়।

-  পাত ১০-১২টা মান আৰু গছৰ বাকলি ২০ গ্ৰাম ভালকৈ থেঁতেলি ২০০ মিঃ লিঃ পানীত সিজাই ৫০ মিঃ লিঃ মান থকা অৱস্থাত চেকি লৈ পোৱা ক্কাথখিনি পুৱা-গধূলি ২৫ মিঃ লিঃকৈ লৈ কেইদিনমান খালে ছায়াটিকা ৰোগ উপশম হয়।

- গছৰ ছালৰ ৰস সঘনাই খালে বৰ্ধিত মেদ হ্ৰাস পায়

 

(উৎসঃ আমাৰ অসম, অৰ্পণ দত্ত)।

3.03571428571
Anonymous Feb 11, 2017 06:34 PM

ভাল পালো পঢ়ি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top