মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শৰীৰত কেলচিয়ামৰ প্ৰয়োজন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰত কেলচিয়ামৰ প্ৰয়োজন :

শৰীৰত কেলচিয়ামৰ প্ৰয়োজনৰ বিষয়ে লিখা হৈছে ।

 

আমি সুস্থ হৈ থাকিলে কেতিয়াবা কেলচিয়াম টেবলেট খাওঁনে ? কেতিয়াও নাখাওঁ । খাব যে লাগে তেনে ভাব আমাৰ মনলৈ কাহানিও নাহে । কিন্তু কেতিয়াবা অকস্মাতে পিছল খাই পৰোতে হাড় ভাগিলে অথবা হিপ জইণ্ট ভাগিলে অপাৰেচন কৰাৰ পিছত চিকিৎসকে কেলচিয়াম টেবলেট খাবলৈ দিয়ে । তেতিয়াহে আমি খাবলৈ আৰম্ভ কৰো ।

চিকিৎসক-গৱেষকৰ মতে কেলচিয়াম আমাৰ দেহৰ বাবে, বিশেষকৈ হাড়ৰ মজবুতকৰণ আৰু সবলীকৰণৰ বাবে অতি প্ৰয়োজন । তদুপৰি দেহত কটা-ছিগা হ’লে তেজ ওলোৱা বন্ধ কৰিবলৈ আৰু তেজ গোট মৰাত সহায় কৰে । মাংসপেশীৰ সঞ্চালন, হাৰ্টৰ সংকোচন আৰু শক্তিশালীকৰণত কেলচিয়ামৰ প্ৰয়োজন অধিক । বহুদিনৰ গৱেষণাৰ অন্তত বহু দশকৰ আগতেই গৱেষকে প্ৰকাশ কৰিছিল যে মহিলাৰ ঋতুকাল বন্ধ হোৱাৰ পিছতেই হাড় ঠুনুকা হ’বলৈ ধৰে আৰু হাড় ঠুনুকা হোৱাৰ গতি একে বয়সৰ পুৰুষৰ হাড়তকৈ ১০ শতাংশই অধিক ।

গৱেষকৰ মতে মহিলাই ৩০ বছৰ অতিক্ৰম কৰাৰ পিছতেই দেহত এষ্ট্ৰ’জেনৰ লেভেল ক্ৰমশ: হ্ৰাস পাই আহে। এনে এষ্ট্ৰ’জেনৰ লেভেল কমি যোৱাৰ মূলতেই হৈছে হাড়ৰ কেলচিয়াম পৰিমাণ কমি অহা । চিকিৎসকৰ মতে এষ্ট্ৰ’জেনৰ পৰিমাণ বৃদ্ধিৰ যদি ব্যৱস্থা গ্ৰহণ কৰা হয় হাড়ত কেলচিয়ামৰ অভাৱ কমি আহে আৰু কয় যে কেলচিয়ামেই নিজেই এষ্ট্ৰ’জেনৰ  সৃষ্টি কৰিব পাৰে । সেয়েহে চিকিৎসকে মহিলাক নিয়মিতভাৱে ব্যায়াম আৰু কেলচিয়ামৰ পৰিপূৰক খাবলৈ পৰামৰ্শ দিছে ।

সমগ্ৰ জীৱনটোতে হাড়বোৰ ক্ৰমশ: দুৰ্বল হৈ আহি থাকে । জনা যায় যে কেলচিয়াম শোষিত হয় তেজত আৰু দেহৰ পৰা ফছফেট আকাৰে প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ ওলাই যায় । বয়স বাঢ়ি অহাৰ লগে লগে কেলচিয়ামৰ পৰিমাণ কমি আহে আৰু হাড় সুদৃঢ় কৰাত কম পৰিমাণে অংশ ল’ব পাৰে । ফলত হাড়ৰ ঘনত্ব (density) হ্ৰাস পাই আহে আৰু এনে পৰিঘটনা আৰম্ভ হয় ৩০ বছৰ অতিক্ৰম কৰাৰ মুহূৰ্তৰ পৰাই ।

খাদ্যৰ পৰা আমি কম পৰিমাণেহে কেলচিয়াম পাওঁ । ব্ৰাউন আটাত থকা ফাইটিক এচিড (Phytic acid) বহুদিন ধৰি খাই থাকিলে দেহৰ পৰা কেলচিয়াম ফাইটেট (Calcium phytate) হিচাপে প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ ওলাই যায় । যেতিয়া বেছি পৰিমাণে ফছফেট গ্ৰহণ কৰা হয় তেতিয়া অদ্ৰৱণীয় ট্ৰাইকেলচিয়াম গঠিত হয় ক্ষাৰকীয় মাধ্যমেৰে । অৱশ্যে এচিড থাকিলেহে কেলচিয়াম ফছফেট গঠিত হয় । ক্ষাৰকীয় গুণ বৃদ্ধি পালে কেলচিয়াম গ্ৰহণো বৃদ্ধি পায় । কেলচিয়াম বিপাকীয় কাৰ্যৰ লগত ভিটামিন-ডিৰ সম্পৰ্ক আছে । ভিটামিন ডিয়ে হাড়ত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰে । কিন্তু অধিক পৰিমাণে ভিটামিন ডি খালে বমি বমি ভাব, মূৰৰ বিষ, ডায়েৰীয়া আদি ৰোগ দেখা দিব পাৰে । ভিটামিন ডিয়ে তেজত অজৈৱ ফছফেট বৃদ্ধি কৰে আৰু বৃত্তীয় টিবুলছে (Renal tubules) হাড়ৰ কোষত কেলচিয়াম ফছফেট গঠন কৰে । কেলচিয়ামৰ উপৰি হাড় মজবুত কৰাত প্ৰ’টিন, ভিটামিন এ- আৰু ভিটামিন চিৰো প্ৰয়োজন আছে ।

কৈশোৰ কালত প্ৰতিদিনে ০.৬ গ্ৰামৰ পৰা ১ গ্ৰাম কেলচিয়ামৰ প্ৰয়োজন । গৰ্ভৱতী মহিলাই নিতৌ ১.৫ গ্ৰাম কেলচিয়াম খাব লাগে যদিও শিশুক পৰিপুষ্টি দিবলৈ ২.০ গ্ৰাম কেলচিয়াম খোৱাহে প্ৰয়োজন । গৱেষণাত গৱেষকে পাইছে যে গৰ্ভৱতী মহিলাই আৰু স্তনদুগ্ধ পান কৰা মহিলা অথবা ৩০ বছৰ অতিক্ৰম কৰা মহিলাই কেলচিয়ামৰ পৰিপূৰকা খাব লাগে । চিকিৎসকৰ মতে, যদি খাদ্যত উপলব্ধ কেলচিয়াম সঠিক জোখৰ নহয়, তেনেহ’লে কেলচিয়াম গ্লুক’নেট কেলচিয়ামৰ পৰিপূৰক হিচাপে খাব পাৰি ।

মনত ৰাখিব, চিকিৎসকৰ পৰামৰ্শ লৈহে কেলচিয়ামৰ পৰিপূৰক খাব লাগে । একে লেথাৰি কে’বামাহ খাব নালাগে । মাজে-সময়ে বিৰতি দিব লাগে । নহ’লে কিডনীত ষ্টোন হোৱাৰ সম্ভাৱনা বেছি । চিকিৎসকৰ মতে, ১-৩ বছৰৰ শিশুৰ বাবে নিতৌ ৩০০ গ্ৰাম, ৪-১২ বছৰৰ বাবে ২৫০ গ্ৰাম আৰু ১৩ বছৰৰ ঊৰ্ধ্বৰ ল’ৰা-ছোৱালীৰ বাবে ২০০ গ্ৰাম কেলচিয়ামৰ প্ৰয়োজন। অৱশ্যে গাখীৰৰ পৰাই এনে পৰিমাণৰ কেলচিয়াম পাব পাৰি । পিছৰ বয়সত অধিক খাদ্যত উপলব্ধ কেলচিয়াম গ্ৰহণ কৰিলে ভালতকৈ বেয়াহে বেছি হয় । ফলত হাৰ্ট, স্নায়ু আৰু দেহৰ প্ৰক্ৰিয়াসমূহ বিষম পৰিণতি ঘটে । সেইবাবে সৰু কালতেই কেলচিয়ামযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। সাধাৰণতে গাখীৰ, যেনে-skimmed Milk আৰু Butter Milk, চীজ আৰু সেউজীয়া শাক-পাচলি, যেনে- চালগোম, সৰিয়হ, চজিনা আদিৰ পাতত প্ৰয়োজনীয় কেলচিয়াম থাকে । শিপাযুক্ত পাচলিৰ ভিতৰত টেভিঅ’কা কেলচিয়ামৰ মুখ্য উৎস । দৈ আৰু বাটাৰ মিল্কত লেকটিক এচিড থাকে আৰু এই এচিডে অন্ত্ৰীয় কোষৰ পৰা কেলচিয়াম শোষণ কৰি লয় । যেতিয়া অতিৰিক্ত চৰ্বি আৰু ফাইবাৰে শোষণত বাধা দিয়ে, তেতিয়া প্ৰ’টিন , ভিটামিন-চিয়ে সহায় কৰে । কিছুমান খাদ্যত অক্সেলেটৰ লগত কেলচিয়াম থাকে । খুতুৰা শাক আৰু পালেং শাক এনে খাদ্যৰ অন্তৰ্গত । চাউলত কেলচিয়ামৰ অভাৱ ঘটে আৰু সেয়ে প্ৰধান খাদ্য ভাত গ্ৰহণকাৰী লোক কেলচিয়ামৰ নাটনিত ভোগে । জন্তুৰ লিভাৰ, লিভাৰৰ তেল, কণীৰ কুহুম আদিত কেলচিয়াম থাকে । সূৰ্যৰ পোহৰত মানুহৰ দেহত ভিটামিন-ডিৰ সৃষ্টি হয় । সেয়ে বোৰ্খো পৰিহিত মহিলা ভিটামিন-ডিৰ অভাৱ ভোগে । যদি সময়মতে তেওঁলোকে হাড়ৰ বাবে প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ নকৰে তেনেহ’লে লাহে লাহে অষ্টিঅ’পৰ’ছিছত ভুগিবলৈ আৰম্ভ কৰে । দৈহিকভাৱেও কিছুমান পৰিৱৰ্তনৰ সন্মুখীন হয় । বিশেষকৈ তেওঁলোকৰ উচ্চতা কমি আহে, পিঠি বেঁকা হয় , বিশেষকৈ তেওঁলোকৰ উচ্চতা কমি আহে, পিঠি বেঁকা হয় আৰু গাঁঠি, ভৰি আদিত বিষ আৰম্ভ হয় । ফলত স্নায়ুকোষ আৰু মাংসপেশীত হেঁচা পৰে । মেৰুদণ্ডৰ ক্ষতি হয় । কেতিয়াবা অৱশ্যে সাৱধানতা অৱলম্বন কৰিলে আপোনা-আপুনি নিৰাময় হৈ যায় । সেইবুলি এনে ধাৰণা লৈ চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ নাথাকিব । চিকিৎসকৰ পৰামৰ্শ মানি চলিব আৰু আপুনি ভুগি থকা ৰোগৰ নিৰাময়ৰ বাবে ফিজিঅ’থেৰাপিষ্টৰ সহায়ত নিয়মিতভাৱে ব্যায়াম কৰক।

লেখক- ড: পৱিত্ৰ কুমাৰ পাটোৱাৰী

উৎস-জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top