মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শৰীৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ :

শৰীৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

ঠাণ্ডাৰ দিনকেইটা অহাৰ লগে লগে ক’ব নোৱাৰাকৈয়ে আমি সূৰ্যৰ ৰশ্মিৰ প্ৰেমত পৰোঁ। পুৱা শুই উঠিয়েই এচেৰেঙা ৰ’দৰ স্পৰ্শ বিচাৰি থাকোঁ আৰু গৰমৰ দিনত সূৰ্যটো দেখিলেই খং উঠে। ছাতিটোৰে ঢাকি ৰাখোঁ। গছৰ ছাঁ বিচাৰোঁ আৰু যে কি কি নকৰোঁ।

দৰাচলতে সূৰ্যৰ ৰশ্মি গোটেই জীৱজগতৰ লগতে গছ-গছনিৰো অতিকৈ প্ৰয়োজনীয়। সূৰ্যৰ ৰশ্মিত তিনি প্ৰকাৰৰ বৈদ্যুতিক চুম্বকীয় তৰংগ পোৱা যায়। ইয়াৰে ৫২ৰ পৰা ৫৫ শতাংশ ৰশ্মি, ৪২ৰ পৰা ৪৩ শতাংশ দৃশ্যমান ৰশ্মি আৰু ৫ শতাংশ হৈছে আলট্ৰা ভায়োলেট ৰশ্মি।

সূৰ্যৰ এই ৰশ্মি তথা উত্তাপৰ প্ৰভাৱ আমাৰ শৰীৰত পৰে। ইয়াৰ প্ৰভাৱ অতি প্ৰয়োজনীয় তথা অত্যধিক ৰশ্মিয়ে হানিও কৰিব পাৰে।

আমাৰ চাৰিওপিনে গছ-গছনি কমি অহাৰ ফলত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ বাঢ়িব ধৰিছে আৰু প্লাষ্টিকজাতীয় সামগ্ৰী তথা বিভিন্ন উদ্যোগৰ পৰা নিঃসৰিত ধোঁৱাই বায়িমণ্ডলৰ অতি প্ৰয়োজনীয় অ’জনৰ তৰপৰ হানি কৰিবলৈ ধৰিছে।

আমি মনত ৰখা উচিত যে বায়ুমণ্ডলত অ’জন নামৰ এটি তৰপ থাকে। এই অ’জন তৰপৰ ফলত সূৰ্যৰ ৰশ্মিত থকা বহু হানিকাৰক ৰশ্মি পৃথিৱীলৈ আহি নাপায়। এই ৰশ্মিসমূহ পৃথিৱীত প্ৰৱেশ কৰিলে জীৱ-জন্তুৰ লগতে গছ-গছনিৰো বহু অনিষ্ট হ’ব পাৰে।

অ’জন তৰপে ২৯০ নেনোমিটাৰতকৈ বেছি দৈৰ্ঘ্যৰ তৰংগসমূহ পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বিশেষকৈ আলট্ৰা ভায়োলেট ৰশ্মিৰ বেছি অংশ ইয়াতেই শোষিত হয় আৰু অতি কম পৰিমাণেহে পৃথিৱীত পৰে। কেতবোৰ দেশত এই তৰপ পাতল হয়।

উদাহৰণস্বৰূপে অষ্টেলিয়া। সেইবাবেই অষ্টেলিয়াত ছালৰ কেন্সাৰ ৰোগ অতি বেছি। UV তৰপ তলৰ পৰা ওপৰলৈ সাধাৰণ ১৫ৰ পৰা ৩৫ কিলোমিটাৰ পৰ্যন্ত থাকে আৰু ই UV C ৰশ্মি শোষিত কৰি জীৱকুলক মাৰাত্মক বহু ৰোগৰ পৰা বচাই ৰাখিছেফ।

প্লাষ্টিক পুৰিলে যি ধোঁৱাৰ সৃষ্টি হয় সেই ধোঁৱাই অ’জনৰ আৱৰণত ফুটাৰ সৃষ্টি কৰে, যিয়ে এদিন মানৱ সমাজলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব।

সূৰ্যৰ ৰশ্মিৰ সুপ্ৰভাৱ -

আগতেই উল্লেখ কৰিছোঁ যে সূৰ্যৰ ৰশ্মি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। আমাৰ শৰীৰত ইয়াৰ প্ৰভাৱসমূহ হ’ল এনেধৰণৰ-

ভিটামিন ডিৰ উৎপাদনত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ -

ভিটামিন ডি আমাৰ শৰীৰত অতি প্ৰয়োজনীয়। অতি কমসংখ্যক খাদ্যতহে ইয়াক পোৱা যায় বা যিখিনি পোৱা যায় সেইখিনি শৰীৰৰ কাৰণে যথেষ্ট নহয়। ভিটামিন ডিয়ে আমি খোৱা খাদ্যত থকা কেলচিয়াম আৰু মেগনেছিয়াম শোষণ কৰাত সহায় কৰে।

শৰীৰত কেলচিয়াম আৰু মেগনেছিয়ামৰ সন্তুলন বজাই ৰাখে। ইয়াৰ অভাৱত হাড়বোৰ ঠুনুকা হয় আৰু ভাঙি যাবও পাৰে।

ভিটামিন ডিৰ প্ৰয়োজনীয় অংশৰ বেছিভাগেই আমাৰ শৰীৰত উৎপাদিত হয় সূৰ্যৰ ৰশ্মিৰ আলট্ৰা ভায়োলেটৰ সহায়ত। আমাৰ ছালখন যেতিয়া সূৰ্যৰ সংস্পৰ্শলৈ আহে, তেতিয়া শৰীৰৰ ৭ ডি হাইড্ৰ’কলেষ্টেৰলৰ এটি অংশ কলিকেলচি ফেৰললৈ ৰূপান্তৰিত হয়।

এই কলিকেচলি ফেৰল লিভাৰত গৈ ২৫ হাইড্ৰক্সি কলিকেলচি ফেৰললৈ ৰূপান্তৰিত হয়। আমি সাধাৰণতে পৰীক্ষাগাৰত কৰা ভিটামিন ডিৰ পৰীক্ষাত এই ২৫ হাইড্ৰক্সি কলিকেলচি ফেৰল অংশহে চোৱা হয়। এই কেলচিফেৰলে কোনো কাম কৰিব নোৱাৰে অৰ্থাৎ ইয়াক ভিটামিন ডিৰ inactive form বুলি কোৱা হয়।

কেলচিফেৰলক বৃক্কই ২২৫ ডি হাইড্ৰক্সি কলিকেলচি ফেৰললৈ ৰূপান্তৰিত কৰে আৰু এই যৌগবিধহে ভিটামিন ডিৰ প্ৰকৃত কাম কৰে।

গতিকে আমি বুজি পালোঁ যে সূৰ্যৰ ৰশ্মি অবিহনে ভিটামিন ডি শৰীৰে পৰ্যাপ্ত পৰিমাণে নাপায়। লগতে লিভাৰ আৰু কিডনীৰ ভূমিকাও অপৰিসীম।

বৰ্তমান আমি সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ খুব কমেই আহোঁ। বিশেষকৈ নৱপ্ৰজন্ম, লগতে মহিলাসকল। মহিলাসকল ছালত ছানস্ক্ৰীম ব্যৱহাৰ কৰে, লগতে ছাতি ব্যৱহাৰ কৰে। যাৰ ফলত সূৰ্যৰ আলট্ৰা আয়োলেট ৰশ্মি শৰীৰত প্ৰৱেশত বাধা প্ৰদান কৰে।

আমি চিকিৎসক হিচাপে প্ৰায়েই দেখোঁ যে পুৰুষৰ তুলনাত মহিলাৰ ভিটামিন ডিহীনতা ৰোগ বেছি দেখা যায়। ভিটামিন ডিৰ অভাৱত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ইয়াৰ অভাৱত-

  • কঁকালৰ বিষ,
  • গাঁঠিৰ বিষ,
  • মাংসপেশীৰ বিষ,
  • ভাগৰুৱা অনুভৱ কৰা,
  • টোপনি কম হোৱা আদি লক্ষণ দেখা দিবলৈ ধৰে।

মস্তিষ্কৰ সন্তুলনত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ:

সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত আমাৰ মস্তিষ্কত চেৰেটনিন নামৰ এবিধ হৰম’নৰ নিঃসৰণ হয়। চেৰেটনিন পৰ্যাপ্ত পৰিমাণে নিঃসৰিত হ’লে আমি সফূৰ্তি অনুভৱ কৰোঁ আৰু কমি গ’লে উদাসীনতা তথা ড্ৰিপ্ৰেছন ৰোগত ভোগো।

লগতে এই হৰম’নবিধ কমি গ’লে কৰ্মস্পৃহা কমি যায় আৰু কাম কৰাৰ হেঁপাহ কমি যায়। এইবাবেই ঠাণ্ডাৰ দিনত কাম কৰাৰ হেঁপাহ কমি যায় আৰু গৰমৰ দিনত গৰম হ’লেও সকলোৱে বেছি সময় কামত ব্যস্ত থাকে।

নিদ্ৰাৰ বাবে সূৰ্যৰ ৰশ্মি -

নিদ্ৰাৰ মূল কাৰণ হৈছে মস্তিষ্কৰ ভিতৰৰ পিনীয়েল নামৰ এবিধ গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা মেলাটনিন নামৰ এবিধ হৰম’নৰ বাবে।

এই হৰম’নবিধ সূৰ্যৰ ৰশ্মিৰ কম পোহৰত নিঃসৰিত হয়। যেতিয়া সূৰ্যৰ ৰশ্মি কম থাকে বা নিশা আমাৰ টোপনো অহাৰ মূল কাৰণ হৈছে মেলাটনিনৰ নিঃসৰিণ এন্ধাৰত হয়।

সেয়েহে অত্যধিক টোপনি নাশ কৰিবলৈ সূৰ্যৰ পোহৰৰ অতি প্ৰয়োজন। অৱশ্যে যিকোনো পোহৰেও নিদ্ৰা নাশ কৰিব পাৰে।

উদাহৰণস্বৰূপে আপোনাৰ চেনফোনৰ পোহৰ, টিভিৰ পোহৰ। ৰাতি শুৱাৰ পিছত এন্ধাৰত ম’বাইল টিপি থাকিলে টোপনিত ব্যাঘাত জন্মাৰ কাৰণো এয়াই।

অত্যধিক টোপনিয়ে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ উপৰি ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ প্ৰ্ৰভৃতি ৰোগক আমন্ত্ৰণ জনায়। সেইবাবেই নিয়ন্ত্ৰিত প্ৰয়োজনীয় নিদ্ৰাৰ বাবে সূৰ্যৰ ৰশ্মি বা পোহৰৰ সংস্পৰ্শ অতিকৈ প্ৰয়োজন।

ছালৰ বীজাণু নাশত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ -

এন্ধাৰ বা শৰীৰৰ যিবোৰ অংশত সূৰ্যৰ ৰশ্মি নপৰে, তেনেবোৰ অংশত ভেঁকুৰজাতীয় বীজাণুৰ আক্ৰমণ হোৱা দেখা যায়।

পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ ৰশ্মি যদি সেই অংশত পৰে, তেন্তে এই বীজাণুসমূহে আক্ৰমণ কৰিব নোৱাৰে।

অৱশ্যে এটি কথা মনত ৰখা প্ৰয়োজন যে অত্যধিক গৰমত বা প্ৰখৰ ৰ’দত ঘাম বেছি ওলালেও ভেঁকুৰে আক্ৰমণ কৰিব পাৰে। সেয়েহে সন্তুলিত সূৰ্যৰ ৰশ্মিৰ উত্তাপ ল’ব লাগে।

ছালত বগা বেমাৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ -

আমাৰ ছালৰ কোষৰ অন্য কোষসমূহৰ লগতে মেলানোচাইট নামৰ এবিধ কোষ থাকে। এই কোষবিধৰ পৰা মেলানিন নামৰ এবিধ ৰস নিঃসৰিত হয়। যাৰ ফলত ছালৰ ৰং ক’লা হয়। ইয়াৰ সন্তুলিত নিঃসৰণৰ ফলত ছালৰ স্বাভাৱিক ৰং দেখা পায়।

কম নিঃসৰিত হ’লে ছালৰ ৰং বগা পৰে, যাক vitiligo বুলিও কোৱা হয়। মানুহজনৰ শৰীৰৰ বিভিন্ন অংশত বগা দাগ পৰে। সূৰ্যৰ ৰশ্মি যদি এই অংশত পৰে, তেন্তে ছালৰ ৰং স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

আমি চিকিৎসকসকলে কেতবোৰ ঔষধ সেই ঠাই টুকুৰাত লগাব দি ৰাতিপুৱা প্ৰথম সূৰ্যৰ ৰশ্মি ক’মেও আধা ঘন্টাকৈ লগাব দিওঁ আৰু সময়ত ছালৰ ৰং স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

এটি কথা সকলোৰে জ্ঞাতাৰ্থে জনাওঁ যে পুৱাৰ সূৰ্যৰ ৰশ্মিৰ লাগতিয়াল আলট্ৰা ভায়োলেট ৰশ্মি পৰ্যাপ্ত পৰিমাণে থাকে।

সেয়েহে আমি সকলোৱে পুৱা সূৰ্যৰ ৰশ্মি গাত লগাব লাগে। গৱেষণাত দেখা গৈছে যে কমেও আধা ঘন্টা নিতৌ সূৰ্যৰ ৰশ্মি শৰীৰত পৰিলে আমাৰ দিনটোৰ লাগতিয়াল ভিটামিন ডিৰ উৎপাদন হয়।

অত্যধিক সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালৰ কেন্সাৰ ৰোগ হোৱাৰ উপৰি ছালখন শোটোৰা পৰে, ছালত ক’লা দাগো পৰিব পাৰে। সেয়েহে সূৰ্যৰ ৰশ্মি প্ৰয়োজনীয় পৰিমাণেহে সংস্পৰ্শলৈ অহাটো উচিত।

আয়ুৰ্বেদিক দৃষ্টিভংগী -

আয়ুৰ্বেদৰ মূল্যৱান গ্ৰন্থ চৰক সংহিতাত মহৰ্ষি চৰকে এফাকি কথা কৈছিল-

‘য’ত পিণ্ডে ত’ত ব্ৰহ্মাণ্ডে’

অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডত যি আছে আমাৰ শৰীৰটোও একে তত্ত্বৰেই গঠিত। বিশ্বব্ৰহ্মাণ্ড পঞ্চমহাভূত-

  • পৃথিৱী,
  • জল,
  • তেজ,
  • বায়ু আৰু
  • আকাশৰ দ্বাৰা গঠিত।

শৰীৰটোৰ গোটা অংশ পৃথিৱী মহাভূত, জলীয় অংশ জল বা অপ মহাভূত, গৰম বা পৰিপাক প্ৰক্ৰিয়া তেজ বা অগ্নি মহাভূতৰ দ্বাৰা, বায়ু মহাভূত সৰ্বত্ৰ বিৰাজমান আৰু আকাশ মহাভূত সকলো কোষৰ মাজৰ খালী অংশত থাকে। এনেদৰেই আমাৰ শৰীৰটো গঠিত।

আমাৰ শৰীৰৰ সমূহ প্ৰক্ৰিয়া প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিশ্ব ব্ৰহ্মাণ্ডৰ লগত জড়িত। সূৰ্যৰ ৰশ্মিয়ে আমাৰ শৰীৰৰ পিত্তদোষক নিয়ন্ত্ৰণ কৰে। পানীয়ে শৰীৰৰ জলীয় অংশ বা কফৰ নিয়ন্ত্ৰণ কৰে আৰু বায়ুয়ে শৰীৰৰ বায়ুক নিয়ন্ত্ৰণ কৰে।

এই বায়ু, পিত্ত, কফক আয়ুৰ্বেদত ত্ৰিদোষ বুলি কোৱা হয়। ত্ৰিদোষে শৰীৰটো নিয়ন্ত্ৰণ কৰে। ইয়াৰ বিসংগতি হ’লে শৰীৰৰ কোষ বা ধাতুসমূহৰ বিসংগতি হয়, এই দোষসমূহৰ প্ৰভাৱ সূৰ্যৰ ৰশ্মি, পানী আৰু বায়ুৰ লগতে আমি গ্ৰহণ কৰা খাদ্য আৰু আমাৰ চলন-ফুৰণৰ ওপৰত নিৰ্ভৰ কৰে।

আয়ুৰ্বেদত সূৰ্যৰ ৰশ্মিক আঁতপ নামেৰে জনা যায়। খাদ্য নোখোৱাকৈ অকল সূৰ্যৰ ৰশ্মি সেৱন কৰিলেও লঘোনে থকা বুলি বুজা যায়।

এই প্ৰক্ৰিয়াৰ ফলত শৰীৰৰ আন্তঃশ্ৰাৱী আৰু বহিঃশ্ৰাৱী গ্ৰন্থিৰ লগত হজম শক্তিৰ বাবে প্ৰয়োজনীয় এনজাইমৰ নিঃসৰণৰ প্ৰয়োজনীয় বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মিৰ পৰা শৰীৰে উত্তাপ গ্ৰহণ কৰি বিভিন্ন কৰ্ম সম্পাদন কৰে।

সূৰ্যৰ ৰশ্মিয়ে-

  • শৰীৰৰ অলাগতিয়াল কফৰ পৰিমাণ কমাই শৰীৰটো সুদৃঢ় কৰি ৰাখে,
  • ফুলি থকা গাঁঠিসমূহৰ ফুলা কমাই দিয়ে,
  • শৰীৰত শক্তি প্ৰদান কৰে,
  • ভোক বঢ়ায়,
  • চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে,
  • ছালৰ উজ্জ্বলতা বঢ়ায়,
  • শৰীৰৰ দুৰ্গন্ধ নাশ কৰে।

লেখক: ডাঃ অনুপ বৈশ্য(নিয়মীয়া বাৰ্তা)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top