অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ বাবে আয়’ডিন :

আমাৰ দেহটো সুস্থ, সবল আৰু কৰ্মক্ষম কৰি ৰখাত পুষ্টি উপাদানসমূহৰ গুৰুত্ব অপৰিসীম। এনে উপাদানবোৰৰ ভিতৰত খনিজ লৱণেও এক গুৰুত্বপূৰ্ণ স্থান দখন কৰি আহিছে।

ই বিলাকে ঘাইকৈ-

  • দাঁত আৰু হাড়ৰ গঠনত সহায় কৰে,
  • শৰীৰৰ জুলীয়া অংশৰ ৰসাকৰ্ষী চাপ সঠিকভাৱে ৰখাত বৰঙণি যোগায়,
  • তেজৰ উৎপাদন বৃদ্ধিৰ লগতে ৰক্তক্ষয় ৰোধত সহায় কৰে।

প্ৰজনন ক্ষমতা অটুট ৰখাত সহায় কৰে আৰু থাইৰয়ড গ্ৰন্থিৰ কাম-কাজ নিয়ন্ত্ৰণ কৰে। এই খনিজ লৱণ আমাৰ দেহত অতি কম পৰিমাণে লগাত ইয়াক অনুমাত্ৰিক বা অনুপোষক দ্ৰব্য(micronutrient) হিচাপে অভিহিত কৰা হয়।

আমাৰ দৈনন্দিন কাম-কাজ সম্পন্ন কৰাৰ -

  • প্ৰতিজন প্ৰাপ্তবয়স্ক লোকক প্ৰতিদিনে ০.১৪ মিঃগ্ৰাম,
  • মহিলাক ০.১০ মিঃগ্ৰামৰপৰা ০.১৪ মিঃগ্ৰাম আৰু
  • ল’ৰা-ছোৱালী বা মাতৃক কিছু বেছি পৰিমাণে আয়’ডিনৰ প্ৰয়োজন হয়।

শৰীৰ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে থাইৰয়ড হ’ৰম’নৰ সৃষ্টিৰ বাবে আয়ডিনৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। আমাৰ প্ৰত্যেকৰে ডিঙিৰ সমুখ ভাগৰ তলৰ ফালে দুটি লবৰদ্বাৰা থাইৰয়ড গ্ৰন্থিটো সংগঠিত হৈ থাকে।

এই গ্ৰন্থিৰ অন্তৰভাগ সূক্ষ্ম সূক্ষ্ম গ্ৰন্থিথলীৰদ্বাৰা গঠিত হৈ থাকে আৰু এই থলীবোৰৰ মাজত থাইৰ’গ্লুবিন নামৰ কিছু ডাঠ কলয়ডীয় পদাৰ্থ থাকে।

ইয়াৰ থলীত থকা কোষবোৰে চাৰিওফালে বৰ্তি থাকে কেপিলাৰী জালিকাৰদ্বাৰা তেজৰপৰা আয়’ডিন সংগ্ৰহ কৰি কলয়ডীয় অংশলৈ প্ৰেৰণ কৰে।

তেতিয়া তলীত থকা থাইৰ’গ্লুবিনৰ লগত আয়’ডিনৰ বিক্ৰিয়া ঘটি দুবিধ হ’ৰম’ন-

  • ‘ট্ৰাই আয়’হ’থাইৰনিন(T3) আৰু
  • টেট্ৰাআয়’ডথাইৰ’নিন বা থাইৰক্সিন(T4)ৰ উৎপত্তি ঘটে।

এই দুবিধ হ’ৰম’নে আমাৰ দেহৰ জিনত থকা ৰাইব’নিউক্লিক এচিডৰ সংশ্লেষণ ঘটাই প্ৰ’টিন গঠনৰ পৰিমাণ বৃদ্ধি কৰে। ফলত শৰীৰত তাপ উৎপাদনৰ পৰিমাণো বৃদ্ধি পায়।

উল্লেখ্য, এই দুবিধ হ’ৰম’নৰ আধিক্য বা অভাৱৰ হেতুকে আমাৰ দেহত ক্ৰমে হাইপাৰ থাইৰয়ডিজিম আৰু হাইপ’থাইৰয়ডিজিম অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ প্ৰথম অৱস্থাৰ সৃষ্টি হয়, হ’ৰম’ন দুবিধ বিশেষকৈ ৰ নিঃসৰণ বেছি হ’লে।

এই অৱস্থাত-

  • সততে দেহত পালছ বৃদ্ধি পোৱা,
  • ঘামৰ মাত্ৰা বৃদ্ধি পোৱা,
  • শৰীৰৰ ওজন হ্ৰাস পোৱা,
  • টোপনি কম হোৱা,
  • মানসিক ভাৰসাম্য হ্ৰাস পোৱা,
  • হাতৰ কঁপনি হোৱা আৰু
  • চকুহাল বাহিৰলৈ ওলাই অমৰাগুটিৰ দৰে হৈ পৰাৰ অৱকাশ থাকে।

ইয়াৰ বিপৰীতে থাইৰয়ড গ্ৰন্থিৰপৰা কম পৰিমাণে হ’ৰম’ন নিঃসৰিত হ’লে হাইপ’থাইৰয়ডিজম অৱস্থাৰ সৃষ্টি হয়।

এই অৱস্থাত সাধাৰণতে-

  • গ্ৰন্থিদ্বয় ফুলি উঠি গৰল বা গয়টাৰ(Goitre)ৰ উদ্ৰেক ঘটে,
  • মানুহ স্বভাৱত এলেহুৱা হৈ শুই থকাৰ মন কৰা হয়,
  • দেহৰ পালছ কম হয়,
  • কেতিয়াবা ওজনৰ হ্ৰাস-বৃদ্ধি ঘটে,
  • কন্ঠস্বৰ সলনি হয় আৰু
  • কেতিয়াবা শৰীৰৰ অংশবিশেষ ফুলি উঠাৰো অৱকাশ থাকে।

উল্লেখনীয়, আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰ উৎসৰপৰা আয়’ডিন লাভ কৰাটো সম্ভৱ। বিশেষকৈ-

  • সাগৰীয় মাছ আৰু উদ্ভিদ,
  • আমাৰ পৰিৱেশত পোৱা বিভিন্ন প্ৰকাৰৰ ফল-মূল,
  • শাক-পাচলি,
  • তৈলবীজ,
  • দানাদাৰ শস্য আৰু আনকি পানীতো আয়’ডিন পোৱা যায়।

তদুপৰি, স্থলচৰ মেৰুদণ্ডী প্ৰাণীৰ থাইৰয়ড গ্ৰন্থি, প্ৰাকৃতিক খনিজ জল আদিতো আয়’ডিন পোৱা যায়।

সেয়ে হ’লেও অৱশ্যে বহু বছৰ জুৰি বৰফে ঢাকি ৰখা মাটিত আয়’ডিনৰ অভাৱ ঘটাৰ ফলত তেনে ঠাইত হোৱা উদ্ভিদ তথা কৃষিজাত দ্ৰব্যৰ আয়’ডিনৰ অভাৱ ঘটা পৰিলক্ষিত হয়।

এনে কাৰণতে আমাৰ দেশৰ হিমালয়ৰ পাদদেশৰ ২৪০০ কিলোমিটাৰ জোৰা পাৰ্বত্য এলেকা এটাৰ খাদ্যত আয়’ডিনৰ অভাৱ কাৰ্যতঃ দেখা পোৱা যায়। ইয়াৰ বাহিৰেও-

  • অন্য কাৰণত ৰাজস্থানৰ আৰাৱলী পাহাৰ,
  • মধ্যপ্ৰদেশৰ নিম্ন-বিন্ধ্য পৰ্বত,
  • গুজৰাটৰ নৰ্মদা উপত্যকা আদি ভালেসংখ্যক ঠাইত আয়’ডিনৰ অভাৱ ঘটি থকাত সংশ্লিষ্ট এলেকাৰ লোক,
  • বিশেষকৈ মহিলাৰ দেহত আয়’ডিন অভাৱজনিত বেমেজালি(Indine Deficiency Disorder, সংক্ষেপে IDD) ঘটাৰ উল্লেখ পোৱা যায়।

এনে অসুবিধা দূৰ কৰাৰ বাবে সহজ উপায় হৈছে খাদ্যৰ যোগেদি দেহত আয়’ডিনৰ সংযোগ ঘটোৱা। এইক্ষেত্ৰত উত্তম ব্যৱস্থাটো হৈছে, নিমখত আয়’ডিনযুক্ত দ্ৰব্য, যেনে-

  • পটাছিয়াম আয়’ডেট,
  • পটাছিয়াম আয়’ডাইড।
  • ছডিয়াম আয়’ডেট,
  • ছডিয়াম আয়’ডাইড আদিৰ কোনোবিধক নিমখত মিহলাই আয়’ডিনযুক্ত নিমখ(Iodised Salt) প্ৰস্তুত কৰি তোলা।

যিহেতু নিমখ সকলো লোকৰে ভক্ষণীয় দ্ৰব্য আৰু ইয়াক আয়’ডিনযুক্ত কৰা প্ৰক্ৰিয়াটোও অতি সহজসাধ্য, গতিকে ব্যৱস্থাটো কাৰ্যক্ষম কৰি তোলাটো অতি সহজ হোৱাত আমাৰ দেশত ১৯৯২ চনৰপৰা ‘National Iodine Deficiency Disorder Control Programme’ ৰ জৰিয়তে সামগ্ৰিকভাৱে দেশবাসীক সামৰিব পৰা কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।

ফলত জনসাধাৰণে আয়’ডিনযুক্ত নিমখ প্ৰতিদিনে গ্ৰহণ কৰাটো বাধ্যতামূলকৰ দৰে হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ যে প্ৰয়োজনাবিধ আয়’ডিন গ্ৰহণে মানৱ দেহত হাইপাৰ থাইৰয়’ডিজিমৰ উৎপত্তিৰে দুৰ্ভোগ ভোগোৱাৰো সম্ভাৱনা থাকে।

আৰু বাস্তৱত বৰ্তমানে T4 হ’ৰম’নৰ আধিক্যৰ হেতুকে হোৱা হাইপাৰ থাইৰয়’ডিজিমৰ কবলত পৰা লোকৰ সংখ্যা বৃদ্ধি ঘটালৈ চাই অসমত আয়’ডিনযুক্ত নিমখৰ প্ৰয়োজন আছেনে নাই, সেই সন্দৰ্ভত যথাৰ্থ অনুসন্ধানৰ প্ৰাসংগিকতা আছে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate