মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / শৰীৰৰ বাবে ফলিক এচিড
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ বাবে ফলিক এচিড

শৰীৰৰ বাবে ফলিক এচিডৰ প্ৰয়োজনীয়তা লিখা হৈছে

আমি সকলোৱে আহাৰৰ মাধ্যমত প্ৰতি দিনে ফলিক এচিড গ্ৰহণ কৰি থাকো যদিও ইয়াৰ ব্যৱহাৰিক গুৰুত্বৰ প্ৰতি সাধাৰণতে সজাগ নহওঁ।আনকি যোৱা কেইবছৰমানৰ আগলৈ ফলিক এচিড শব্দটোৱেই আমাৰ বেছিভাগৰ বাবে অচিনাকি বা আচহুৱাৰ পৰ্যায়তে আছিল।কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰপৰা এই উপাদানবিধ বিশেষকৈ গৰ্ভৱতী মহিলাৰ বাবে অতি দৰকাৰী বুলি আগবঢ়োৱা পৰামৰ্শৰ পিছৰ পৰা সমগ্ৰ বিশ্বতে ইয়াৰ গুৰুত্ব বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে।আমাৰ ৰাজ্যতো আজিকালি গাঁৱে-ভুঞে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে।তাৰ মুলতে হৈছে আশা কৰ্মীৰ জৰিয়তে বিনামুলীয়া দ্ৰব্যৰ ৰুপত প্ৰদান কৰি থকা ফলিক এচিডৰ টেবলেট আৰু চৰকাৰী প্ৰচাৰ।নি:সন্দেহে এনে কাৰ্যৰদ্বাৰা দুখীয়া গৰ্ভৱতী মহিলাসকল বাৰুকৈ উপকৃত হৈছে।

অৱশ্যে এইটো নহয় যে ইয়াৰ যোগেদি কেৱল গৰ্ভৱতী মাতৃসকলহে উপকৃত হৈছে,প্ৰকৃততে বয়স-লিংগ নিৰ্বিশেষে সকলো লোকেই কম-বেছি পৰিমাণে উপকৃত হ’ব পাৰিছে।

ফলিক এচিডনো কি বাৰু?

 

ৰাসায়নিক ভাৱে ই হৈছে টেৰইল গ্লুটামিক এচিড।ভিতামিন “বি”কমপ্লেক্স গোষ্ঠীৰ ই এক সক্ৰিয় প্ৰতিনিধি।ইয়াক ভিটামিন বি হিচাপে অভিহিত কৰা হয়।ই পানীত দ্ৰৱণীয় এক স্ফটিকাৰ হালধীয়া উপাদান।কোনো কোনোৱে ইয়াক ভিটামিন এম ৰুপেও চিহ্নিত কৰে।কাৰণ ই ৰক্তক্ষৰণৰোধী ক্ষমতাৰো অধিকাৰী।ডা: টি ডি স্পাই ১৯৪৫ চনত ৰক্তহীনতাত ভোগা ৰোগীক সেৱন কৰাই সুফল পোৱাৰ পিছৰপৰাই ইয়াৰ ব্যৱহাৰিক পৰিসৰ বৃদ্ধি পোৱাৰ সন্দৰ্ভত তথ্য পোৱা যায়।ই তেজৰ ৰঙা ৰক্তকণিকা তথা হিম’গ্লবিনৰ উৎপাদান বৃদ্ধিত প্ৰধান অৰিহণা যোগায়।মন কৰিবলগা যে ফলিক এচিডে আইৰণৰ সংশ্লেষণ ঘটাই হিম’গ্লবিনৰ উৎপাদনত অৰিহণা যোগোৱাৰ হেতুকেই ফলিক এচিড আমাৰ সকলোৰে বাবে অতিকৈ প্ৰয়োজনীয় দ্ৰব্য।ইয়াৰ অভাৱত আমাৰ দেহত ৰক্তহীনতা ঘটাটো অৱধাৰিত।ৰক্তহীনতাত ভোগা লোক সততে দুৰ্বল,নিস্তেজ আৰু কৰ্মদক্ষতাহীন হৈ উঠাটো স্বাভাৱিক।ইয়াৰ অভাৱত বিশেষকৈ বৰ্দ্ধিত অৱস্থাত থকা শিশুসকল ,গাভৰুসকল আৰু বিশেষকৈ গৰ্ভৱতী মাতৃসকল বাৰুকৈ প্ৰভাৱান্বিত হয়।সম্প্ৰতি পোহৰলৈ আহিছে যে ফলিক এচিডৰ অভাৱত গৰ্ভস্থ সন্তান বিকলাংগ হোৱাৰো অৱকাশ থাকে।মন কৰিবলগীয়া যে স্বাভাৱিক অৱস্থাত মাহেকীয়া ঋতস্ৰাৱৰ জৰিয়তে গাভৰু-বোৱাৰীসকলে প্ৰতিমাহে ৰক্তক্ষৰণৰ সন্মুখীন হোৱাৰ দৰেই কোনো আকস্মিক দুৰ্ঘটনা,ৰোগ বিশেষ আৰু অস্ত্ৰোপচাৰৰ হেতুকে বহু লোকে দেহৰপৰা ৰক্তৰ মুল চালিকা শক্তি হিম’গ্লবিন বহুখিনি হেৰুৱাব লগা হয়।গতিকে তেনে অৱস্থাত তেজত হিম’গ্ল’বিনৰ পৰিমাণ বৃদ্ধিৰ বাবে বিশেষ খাদ্য কিছুমানৰ লগতে ফলিক এচিডযুক্ত ঔষধ অতিৰিক্তভাৱে খোৱাটো জৰুৰীভাৱে প্ৰয়োজনীয় হৈ পৰে।ৰোগীৰ অৱস্থাভেদে কি পৰিমাণৰ আহৰণ-ফলিক এচিড গ্ৰহণ কৰাটো প্ৰয়োজনীয় হ’ব,সেই পৰামৰ্শ অভিজ্ঞ চিকিৎসকৰপৰা পোৱাটো সম্ভৱ।

প্ৰসংগক্ৰমে উল্লেখনীয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বয়স আৰু অৱস্থাভেদে প্ৰতিদিনে লগা ফলিক এচিডৰ পৰিমাণ (মাইক্ৰ’গ্ৰাম)এনেদৰে নিৰ্ণয় কৰা হৈছে-প্ৰাপ্তবয়স্ক-২০০,গৰ্ভৱতী -৪০০,পোৱাঁতী-৩০০ ,শিশু ১০০-৫০০।সাধাৰণ অৱস্থাত এনে পৰিমাণ ফলিক এচিডসমৃদ্ধ খাদ্যৰ পৰা পোৱাটো সম্ভৱ।

কেইবিধমান খাদ্য আৰু ফলিক এচিডৰ পৰিমাণ

 

আটা (ৰঙা আঁহযুক্ত)

১২.১

জোৱাৰ

১৪.০

বজ্ৰা

১৪.০

লোবিয়া

৬৯.০

বুটমাহ

৩৪.০

চাতুগুড়ি

৩২.০

মচুৰ মাহ

১৪.৫

ৰহৰ দাইল

১২.৫

পালেং শাক

৫১.০

ফ্ৰেন্স বিন

৫০.০

ভেণ্ডি

২৫.৩

নৰসিংহ পাত

২৩.৫

বাদাম

১৬.৫

নাৰিকল

১৬.০

কণী

৭০.৩

জন্তুৰ যকৃৎ

৬৫.৫

 

 

 

লেখক:অৰ্পণ দত্ত (দৈনিক অসম)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top