শৰীৰক সুস্থ সক্ৰিয় কৰি ৰাখিবলৈ যিবিলাক খনিজৰ প্ৰয়োজন তাৰ ভিতৰত মেগনেছিয়ামো এবিধ। ই শৰীৰক বিভিন্ন ৰোগৰপৰা সুৰক্ষা দিয়ে। মেগনেছিয়ামে শৰীৰত থকা পাচকৰসৰ লগত মিলি গ্লুকোজ তৈয়াৰ কৰা কাম কৰে আৰু এইদৰে ই ইনচুলিন তৈয়াৰ কৰা প্ৰক্ৰিয়াটোক সক্ৰিয় কৰি ৰাখে। কেলছিয়ামৰ লগত লগ লাগি মেগনেছিয়ামে আমাৰ শৰীৰৰ হাড়বোৰ মজবুত কৰি ৰাখে। শিশুৰ বিকাশৰ বাবেও সেয়ে ইয়াৰ প্ৰয়োজন। মগজুৰ কৰ্মশক্তি বঢ়োৱাৰ লগতে স্মৃতিশক্তি বৃদ্ধিতো মেগনেছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমাৰ দেহৰ বহুতো কোষকলাৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবেও ইয়াৰ অতিকে প্ৰয়োজন। এইবিধ খনিজ দ্ৰব্যই মগজুৰ কোষবোৰক স্ংকেত গ্ৰহণৰ ক্ষেত্ৰত অধিক সক্ৰিয় কৰি তোলে। টাইপ টু ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদপিণ্ডজনিত ৰোগ, মানসিক চাপ, মইগ্ৰেন, আৰ্থাইঅটিছৰ দৰে ৰোগৰ সমস্যাৰ পৰা সকাহ পাবলৈ আমাৰ শৰীৰত মেগনেছিয়ামৰ প্ৰয়োজন। সেয়ে আমাৰ দেহত যাতে এইবিধ খনিজৰ অভাৱ ঘটিব নোৱাৰে তাৰ বাবে আমি মেগনেছিয়াম সমৃদ্ধ কিছুমান খাদ্যসমূহ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।
উৎস: অসমীয়া খৱৰ।
শেহতীয়া উন্নীতকৰণ: : 3/6/2020
আঁঠুৰ বিষত ভুগিছে নেকি?
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আপোনাৰ শৰীৰত মাংসসাৰৰ অভাৱ ঘটিছে নেকি জনাৰ ৫ টা কি...
আমাৰ শৰীৰৰ ছালখন আৰু ইয়াৰ যতনৰ বিষয়ে দুআষাৰ