মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সোঁৱাদতেই লুকাই আছে ৰোগ-নিৰোগৰ ব্যৱস্থা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সোঁৱাদতেই লুকাই আছে ৰোগ-নিৰোগৰ ব্যৱস্থা :

সোঁৱাদতেই লুকাই আছে ৰোগ-নিৰোগৰ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

খাদ্য আমাৰ জীৱনৰ বাবে অপৰিহাৰ্য্য। আমি খোৱা খাদ্য সমূহ ছয় বিধ ৰস যুক্ত হয়। মধুৰ(মিঠা), অম্ল(টেঙা), লৱন(নিমখীয়া), কটু(জ্বলা), তিক্ত(তিতা)আৰু কষায়(কেহা)।

পৃথিৱীৰ প্ৰতিবিধ খাদ্যই এই ছয় বিধ ৰসৰ সমষ্টি। কেতিয়াবা অত্যাধিক মিঠা, মধ্যম মিঠা নতুবা সামান্য মিঠা ইত্যাদি ধৰনেও খাদ্য সমূহ বিভাজন কৰা হয়। আমি এই ৰস সমূহৰ উপযোগ স্বাস্থ্য ৰক্ষা তথা চিকিৎসাতো ব্যৱহাৰ কৰিব পাৰো।

সাধাৰণতেই আমি কোৱা শুনো যে ডায়েবেটিচ ৰোগীয়ে তিতা খাব লাগে, গেষ্ট্ৰিক হলে টেঙা জ্বলা নাখাব তথা মিঠা খাব ইত্যাদি ইত্যাদি কথা জনমানসত প্ৰচলিত হৈ আছে যাৰ বৈজ্ঞানিক ভিত্তি আছে।আজি আমি ইয়াৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। প্ৰতিবিধ ৰস ৰ গুণ-দোষৰ বিষয়ে অলপ জানি লওঁ আহক।

মধুৰ ৰস(মিঠা)-

আটাইকেইবিধ ৰসৰ ভিতৰত মিঠা সকলোৰে প্রিয়। সেয়েহে আমাৰ যিকোনো শুভ কামত মিঠাই খুওৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে।মধুৰ ৰস আমাৰ শৰীৰৰ প্ৰতিটো কোষৰ প্রিয়। আমাৰ শৰীৰৰ অবয়ব তথা ধাতু সমূহৰ ভৰণ পোষণৰ বাবে মধুৰ ৰসৰ প্ৰয়োজন। মধুৰ ৰসে সকলো ইন্দ্ৰিয়কে প্ৰসন্ন কৰি ৰাখে।

*আমাৰ আয়ুস বঢ়ায়,

*শৰীৰক বল প্ৰদান কৰে,

*ৰূপ লাৱণ্য বঢ়ায়,

*তৃষ্ণা দূৰ কৰে,

*চুলি কণ্ঠ আৰু

*ছালৰ বাবে উপকাৰী।

শৰীৰৰ সকলো জীৱনীয় তত্বৰ যোগান ধৰে। বেছিকৈ খালে শৰীৰৰ ওজন বৃদ্ধি হব পাৰে।

*শৰীৰৰ স্থিৰতা বৃদ্ধি কৰে,

*শৰীৰৰ ধাতু সমূহৰ ক্ষীণতা নাশ কৰে,

*কটা ঘা শুকোৱাত সহায় কৰে,

*শৰীৰৰ জ্বলন নোহোৱা কৰে,

*মধুৰ ৰস স্বভাৱত গুৰু,

*স্নিগ্ধ, আৰু শীত প্ৰকৃতিৰ হয়।

গুৰু গুণৰ কাৰণে শৰীৰ ভাৰী কৰে তথা শৰীৰৰ অবয়বৰ বৃদ্ধি কৰে, স্নিগ্ধ গুণৰ কাৰণে শৰীৰত চৰ্বী বৃদ্ধ কৰে(সকলো মিঠা দ্ৰব্যত চৰ্বি নাথাকে) আৰু শীত গুণৰ কাৰণে শৰীৰটো ঠাণ্ডা কৰি ৰাখে।

মধুৰ ৰসযুক্ত আহাৰ অত্যাধিক সেৱন কৰিলে -

*স্থূলতা,

*নিদ্ৰাধিক্য,

*শৰীৰৰ ভাৰী পন,

*খাদ্য খোৱাৰ ৰুচি কম হোৱা,

*এজমা ৰোগ,

*কাহ,

*চৰ্দি,

*বমি হোৱা,

*মুখ খন মিঠা মিঠা লাগি থকা,

*স্মৃতিশক্তি কম যোৱা,

*থাইৰয়ড ৰোগ হোৱা,

*ধমিনিৰ ৰোগ আৰু

*বিভিন্ন ধৰণৰ কফ প্ৰধান ৰোগৰ সৃষ্টি হব পাৰে।

অম্ল ৰস(টেঙা) -

টেঙা ৰসযুক্ত আহাৰে খোৱাৰ ৰুচি উৎপন্ন কৰে,আমাৰ শৰীৰৰ পাঁচক ৰসৰ বৃদ্ধি কৰি খাদ্য সমূহ হজম হোৱাত সহায় কৰে। ইয়াৰোপৰি-

*শৰীৰৰ ওজন কমায় অৰ্থাৎ ক্ষীনোৱাত সহায় কৰে,

*শৰীৰৰ শক্তি বৃদ্ধি কৰে,

*মনৰ কৰ্ম ক্ষমতা বৃদ্ধি কৰে,

*শৰীৰৰ ইন্দ্ৰিয় সমূহক বল প্ৰদান কৰে,

*পেটৰ বায়ু বাঁহীৰ কৰাত সহায় কৰে,

*হৃদয়ৰ কাৰণে ভাল,

*মুখৰ পৰা লেলেৱতী বৃদ্ধি কৰি আমি খোৱা খাদ্যসমূহ মসৃণ কৰি পেটলৈ লৈ যোৱাত সহায় কৰে।

শৰীৰৰ কোষ সমূহকো তৃপ্তি প্ৰদান কৰে। অম্ল ৰস লঘু, উষ্ণ তথা স্নিগ্ধ গুণ যুক্ত কাৰণে ওপৰোক্ত কৰ্ম সমূহ কৰাত সহায় কৰে।

অত্যাধিক অম্ল ৰস প্ৰধান আহাৰ সেৱন কৰিলে দাঁতৰ অতি সংবেদনশীলতা বৃদ্ধি হয় যাৰ ফলত কোনো খাদ্য চোৱাই খোৱাত অসুবিধা হয়। ইয়াৰোপৰি অত্যাধিক খালে পিয়াহ বেছি লাগে, শৰীৰৰ নোম বোৰ থিয় হয়, চকুত ক্লেদ উৎপন্ন কৰি দৃষ্টিশক্তিত ব্যাঘাত জন্মায়। পিত্তক বঢ়ায়, ৰক্ত দূষিত কৰে যাৰ ফলত বিভিন্ন ছালৰ ৰোগ হব পাৰে।

মাংসপেশীত জ্বলন উৎপন্ন কৰিব পাৰে, শৰীৰৰ গাঁঠি সমূহৰ বন্ধন দুৰ্বল কৰিব পাৰে যাৰ ফলত আৰথ্ৰাইটিছ ৰোগ ভুগিব পাৰে। যদি ব্যক্তিজন ক্ষীণ তথা বলহীন বা অন্য ৰোগত ভুগি দুৰ্বল হৈছে তেনে ৰোগীৰ শৰীৰটো ফুলিব পাৰে। অত্যাধিক সেৱন কৰিলে কণ্ঠ, বুকু আৰু হৃদয়ৰ ভিতৰত জ্বলন অনুভৱ কৰিব পাৰে লগতে গেষ্ট্ৰিক আলচাৰ থকা ৰোগীৰ মেলিনা ৰোগ হোৱাৰ সম্ভাৱনা অধিক।

লৱন ৰস(নিমখীয়া) -

নিমখ অবিহনে কোনো খাদ্য খোৱাৰ কথা যেন ভাবিবই নোৱাৰি। নিমখ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।

*লৱন ৰসে খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াত সিজাওঁতে সহায় কৰে,

*অন্নৰ কঠিনতা দূৰ কৰি খাদ্যসমূহ কোমল কৰে,

*পাঁচক ৰসৰ বৃদ্ধি কৰে,

*শৰীৰৰ সমূহ ছিদ্ৰৰে ৰক্ত সংবহনত সহায় কৰে,

*শৰীৰত জমা হোৱা অলাগতিয়াল মল সমূহক গলাই বাঁহীৰ কৰাত সহায় কৰা,

*মুখৰ লালা শ্ৰাৱ বৃদ্ধি কৰে,

*শৰীৰত সঞ্চিত কফক গলাই দি বাঁহীৰ কৰাত সহায় কৰে,

*শৰীৰৰ সম্পূৰ্ণ অবয়বক কোমল কৰি ৰাখে।

লৱন ৰস অধিক গুৰু নহয়, স্নিগ্ধ আৰু উষ্ণ গুণযুক্ত হয়। বজাৰত পাচ প্ৰকাৰৰ নিমখ পোৱা যায়। তাৰ ভিতৰত সৈন্ধৱ লৱন উৎকৃষ্ট হয় কিয়নো ইয়াত চডিয়ামৰ বাহীৰেও প্ৰায় ৯৪ বিধমান অন্য খনিজ দ্ৰব্য পোৱা যায়।

লৱন ৰস অত্যাধিক সেৱন কৰিলে উচ্চ ৰক্তচাপত ভূগিব লগা হয়। ইয়াৰোপৰি ই পিত্ত দোষক প্ৰকুপিত কৰে যাৰ ফলত পিত্ত জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। অত্যাধিক খালে পিয়াহ বঢ়ায়, মুৰ্ছিত হব পাৰে তথা শৰীৰৰ তাপ বৃদ্ধি কৰে। ছাল ফাটিব পাৰে, মাংসপেশী বিকৃত হব পাৰে। ছালত যদি ঘাঁ আছে তেন্তে তাত পুজ উৎপন্ন কৰিব পাৰে, দাঁত দুৰ্বল কৰে নতুবা সৰিবও পাৰে। পুৰুষৰ যৌন শক্তি হ্ৰাস কৰে।

অকাল চুলি পকা, সৰা তথা ছাল সমূহ সোঁতৰা সোঁতৰি হৈ অকাল বৰ্ধক্য কৰিব পাৰে। শৰীৰৰ ৰক্ত শ্ৰাৱ জনিত ৰোগো হব পাৰে। ছালৰ খজুৱতি, গাউট, এচিডিটি আদি ৰোগ অত্যাধিক নিমখ সেৱনৰ ফলত হব পাৰে। বেছিকৈ নিমখ খালে শৰীৰত পানী জমা হব পাৰে অৰ্থাৎ শৰীৰটো ফুলিব পাৰে।

কটু ৰস(জ্বলা)-

কটু ৰসযুক্ত খাদ্যই মুখৰ ভিতৰখন শোধিত কৰাত সহায় কৰে। পাচন শক্তি বৃদ্ধি কৰি খোৱা খাদ্যসমূহ হজম হোৱাৰ পিছত আন্ত্ৰৰ পৰা শোষণত সহায় কৰে যাৰ ফলত খোৱা খাদ্যৰ লাগতিয়াল তত্ত্বসমূহ আমাৰ কোষ সমূহে পায়। কটু ৰসে নাকৰ আৰু চকুৰ শ্ৰাৱ বৃদ্ধি কৰি দুয়োটা অংগকে শোধন কৰি ৰাখে। ইয়াৰোপৰি আমাৰ জ্ঞানেন্দ্ৰিয় তথা মস্তিষ্কৰ কোষ সমূহক উত্তেজিত কৰি লাগতিয়াল কৰ্ম সম্পাদন কৰাত সহায় কৰে। পেটৰ হজম নোহোৱা বেমাৰ, ক্ৰনিক ডিচেন্ত্ৰী, শৰীৰ ফুলা ৰোগ, ছালৰ বহু পুৰণি বেমাৰ(eczema আদি), খজুৱতি আদি দূৰ কৰাত সহায় কৰে। ইয়াৰোপৰি শৰীৰত ঘাম বৃদ্ধি কৰি ছালখন নিমজ কৰি ৰাখে।

ভোজনত ৰুচি উৎপন্ন কৰাৰ উপৰিও-

*তেজত জমা হোৱা মল দূৰ কৰা,

*তেজ চলাচল বৃদ্ধি কৰা, কৃমি নাশ কৰা,

*ঘা ব্ৰন আদি শুকোৱাত সহায় কৰা,

*দূষিত মাংসপেশীক সঠিক কৰা আদি বিভিন্ন শৰীৰৰ হিতকাৰী কৰ্ম কটু ৰস যুক্ত আহাৰ তথা ঔষধীয়ে সম্পাদন কৰে। কটু ৰস লঘু, উষ্ণ আৰু ৰুক্ষ গুণযুক্ত হয়।

অত্যাধিক কটু ৰস সেৱন কৰিলে -

*পুৰুষৰ যৌন শক্তি হ্ৰাস হয়,

*মোহ উৎপন্ন কৰে,

*শৰীৰৰ গ্লানি আৰু অৱসাদ উৎপন্ন কৰে তথা শৰীৰৰ কোষ সমূহক শিথিল কৰে।

*ইয়াৰোপৰি অত্যাধিক কটু ৰস খালে ৰোগী মূৰ্চ্চা যাব পাৰে,

*মন বিক্ষিপ্ত কৰিব পাৰে,

*উত্তেজনা বৃদ্ধি কৰিব পাৰে,

*শৰীৰত জ্বলন উদ্ভৱ কৰিব পাৰে,

*অত্যাধিক পিয়াহ উৎপন্ন কৰিব পাৰে।

*তাৰোপৰি শৰীৰৰ কম্পন উৎপন্ন কৰা,

*তাপ বৃদ্ধি কৰি জ্বৰৰ প্ৰাদুৰ্ভাৱ কৰা,

*বেজী বিন্ধাৰ দৰে বিষৰ অনুভৱৰ সৃষ্টি কৰা তথা বায়ু বিকৃত হোৱা সকলো ৰোগৰ সৃষ্টি কৰিব পাৰে।

তিক্ত ৰস(তিতা) -

তিতা সাধাৰণতে বেছিকৈ খোৱা নাযায় নতুবা সকলোৰে প্রিয় নহয়। তথাপিও অতীজৰে পৰা সপ্তাহত কমচে কম এবাৰকৈ তিতা খোৱাৰ বিধান আছে।

*তিতা ৰসে জিভাৰ সোৱাদ নষ্ট কৰে অৰ্থাৎ খোৱাৰ ৰুচি নোহোৱা কৰে যদিও তিতা খালে ভিতৰৰ পৰা ভোকৰ প্ৰাদুৰ্ভাৱ হয় বাবে তিতা খাব লাগে।

*শৰীৰৰ ভিতৰৰ বিষক্ৰিয়া তিতা ৰসে নাইকিয়া কৰে।

*ছালৰ খজুৱতী, ফোঁহা, ইনফেক্সন, জ্বলন আদি নাশ কৰে।

*ছাল আৰু মাংসপেশীক স্থিৰতা প্ৰদান কৰে আৰু ঘনাই ঘনাই পিয়াহ লগা নাশ কৰে।

*জ্বৰৰ বাবে তিতা ৰস মহৌষধী।

*খোৱা আহাৰ তিতা ৰসে হজম কৰাত সহায় কৰে।

*মহিলাৰ স্তনৰ গাখীৰ শোধিত কৰাত সহায় কৰে। অৰ্থাৎ মাতৃদুগ্ধ শোধিত কৰি শিশুৰ পুষ্টি যোগায়।

*শৰীৰৰ চৰ্বি, ক্লেদ, পূঁজ, মল, মূত্ৰ পিত্ত আৰু কফক শুকাই দিয়ে। তিক্ত ৰস গুণ গুৰু ৰুক্ষ, শীত আৰু লঘু হয়।

অত্যাধিক তিতাৰস খালে শৰীৰৰ ধাতু সমূহক শুকুৱাই কোষ সমূহকো শুকুৱাই দিয়ে তথা ৰক্ত নলিকাৰ ভিতৰ অংশ ৰুক্ষ উৎপাদন কৰে কাৰণে যিবিলাক হৃদৰোগীৰ ৰক্ত নলিকা বন্ধ হৈছে যাক coronary arterial disease বুলি কোৱা হয় তেনেবোৰ ৰোগীৰ কাৰণে উপকাৰী। তিতাৰস বেছিকৈ খালে গেষ্ট্ৰিক ৰোগ বেছি হব পাৰে। তাৰোপৰি শৰীৰৰ দুৰ্বলতা, মানসিক গ্লানি, মোহ, ভ্ৰম, মুখৰ উজ্বলতা নাশ তথা বিভিন্ন ধৰণৰ বাত ৰোগৰ সৃষ্টি হব পাৰে।

কষায় ৰস(কেহা) -

কেহা ৰস সাধাৰণতে কম খোৱা যায়। আমলখি কেহা বুলি আমি জন্মলগ্নৰে পৰা জানি আহিছো। তাৰোপৰি অমৰা, শিলিখা আদিও কেহা হয়। কেহা ৰসে সংগ্ৰাহী হিচাবে কাম কৰে। অৰ্থাৎ ৰক্তক্ষৰণ, পেটচলা আদি ৰোগ কেহা ৰসযুক্ত দ্ৰব্য খালে প্ৰশমন হয়। শৰীৰৰ কটা ঘাট কেহা ৰসৰ প্ৰয়োগ কৰিলে অতি সোনকালে শুকায়। কফ, ৰক্ত, আৰু পিত্তৰ দোষ কেহা ৰসে প্ৰশমন কৰাত সহায় কৰে। শৰীৰৰ ভিতৰত উৎপন্ন অলাগতিয়াল toxin নাশ কৰাত কেহাৰসে সহায় কৰে। কেহা ৰসৰ গুণ ৰুক্ষ, শীত আৰু গুৰু হয়।

অত্যাধিক কেহা ৰসযুক্ত খাদ্য খালে হৃদয়ৰ বিষ অনুভৱ তথা মুখমণ্ডলৰ শোষণ কৰিব পাৰে। পেটত গেছ হৈ পেট ফুলি ধৰিব পাৰে। পাইখানা টান হব পাৰে, তেজ গোটমৰা শক্তি বৃদ্ধি হৈ পেৰালাইছিছ তথা হৃদৰোগৰ সৃষ্টি হব পাৰে। কথা কোৱা শক্তি কমি যাব পাৰে তথা পুৰুষৰ যৌন শক্তি হ্ৰাস হব পাৰে।

বায়ু, মূত্ৰ আদিৰ সম্যক প্ৰবৃত্তিত বাধা আহিব পাৰে। নিতৌ সেৱন কৰিলে শৰীৰৰ ওজন হ্ৰাস হৈ খিনাই যাব পাৰে। শকত ব্যক্তিয়ে নিতৌ চাৰিটাকৈ শিলিখা ছয় মাহ খালে শৰীৰৰ ওজন দহ কিলোলৈ হ্ৰাস হয়। কেহা ৰস খৰ, বিশদ আৰু ৰুক্ষ হয় কাৰণে পেৰালাইছিছ, আদি বিভিন্ন বায়ু বিকাৰৰ সৃষ্টি কৰে।

ওপৰোক্ত দোষ গুণ সমূহ ৰস সমূহ একল ভাবে প্ৰয়োগ কৰিলেহে দেখা যায়। এটি ৰসৰ লগত আন ৰসৰ সংমিশ্ৰণত এনে প্ৰভাৱ দেখা নাযায়। সেই বাবেই আমাৰ খাদ্য তালিকাত প্ৰায় আটাইবোৰ ৰসেই অন্তৰ্ভুক্ত কৰা হয়। কেহা আৰু তিতা সদায় খোৱা নহয় যদিও সপ্তাহত খালে নিৰোগী হৈ থকাত সহায় কৰে। আমি যদি আমাৰ খাদ্যৰ তালিকাখন চাওঁ দেখিম যে আমি দাইল, ভাত, চবজি, নেমু, অন্তৰ্ভুক্ত কৰো। এইখিনিতে প্ৰথম চাৰিওটা ৰস অন্তৰ্ভুক্ত যিয়ে আমাক সন্তুলিত আহাৰ যোগানত সহায় কৰে।

*বায়ুজনিত ৰোগ কটু, তিক্ত, কষায় ৰসযুক্ত আহাৰ বা ঔষধি খালে সৃষ্টি হয় যাক মধুৰ, অম্ল, লৱন ৰসে নাশ কৰে।

*পিত্তজনিত ৰোগ কটু, অম্ল, লৱন ৰস অত্যাধিক খালে হয় যাক কষায়, মধুৰ, আৰু তিক্ত ৰসৰ দ্বাৰা শান্ত কৰিব পাৰি।

*ঠিক তেনেদৰে কফ জনিত ৰোগ মধুৰ, অম্ল, লৱন ৰসযুক্ত আহাৰ বা ঔষধি খালে হয় যাক কটু, তিক্ত, কষায় ৰসৰ দ্বাৰা চিকিৎসা কৰিব পৰা যায়।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোনং নং-8638211711

 

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top