মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সকলো ৰোগীয়ে খাব পৰা পুষ্টিকৰ উত্তম ফল- মধুৰিআম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সকলো ৰোগীয়ে খাব পৰা পুষ্টিকৰ উত্তম ফল- মধুৰিআম :

সকলো ৰোগীয়ে খাব পৰা পুষ্টিকৰ উত্তম ফল- মধুৰিআমৰ বিষয়ে লিখা হৈছে ।

মধুৰিআম এটা যে অতি উপকাৰী ফল সেই কথাটো মই দেৰিকৈ হ’লেও উপলব্ধি কৰিছো। কাৰণ সৰুৰে পৰা মধুৰিৰ গছ দেখিলে পক বা পৈণত সেউজীয়া মধুৰি গছৰ পৰা পাৰি বা বগাই গৈ আনি হ’লেও খোৱৰ অভ্যাস আছিল। ফলটোৰ প্ৰতি কিছু দুৰ্বলতা থকাৰ বাবে নিজে পতা হেঙেৰাবাৰীৰ অকণমানি বাৰীখনত আন ফল-মুল, অমিতাৰ লগতে পাঁচজোপাকৈ বেলেগ বেলেগ জাতৰ মধুৰি গছ ৰুই লৈছিলো। ২০১৩ চনলৈকে মধুৰি ইমান নিয়মিতভাৱে খোৱা নাছিলো । ক’ৰবাত পালেহে নাইবা বাৰীৰ গছত দেখিলেই খাইছিলো। মধুৰি পাৰিবলৈ ৬ এম এম লোহাৰ তাঁৰ এডালৰ আগটো বেঁকা কৰি বাঁহৰ আগত বান্ধি লৈছো। উদ্দেশ্য মাত্ৰ আৰু মই খাব খোজা মধুৰিটোহে যাতে ছিঙি আনিব পাৰো। প্ৰকৃততে ই এটা Multi Mineral-Multi Vitamin  ফল বুলি ব পাৰি। ইয়াৰ আগলি পাত আৰু কেঁচা সেউজীয়া মধুৰিৰ সোৱাদ আৰু গুণ বেলেগ। আনহাতে পকা মধুৰিটোৰ গুণো বেলেগ। ইয়াত যিবোৰ Mineral  আৰু ভিটামিন থাকে সেইবোৰে বহুকেইটা ৰোগৰ পৰা মানুহক ৰেহাই দিয়া বুলি এতিয়া জানিব পাৰিছো। কাৰণ আমি নিজেই কিছু বছৰৰ পৰা চাৰিটা ৰোগত আক্ৰান্ত আছিলো। ছাল, মধুমেহ, হাৰ্ট (পেচমেকাৰ আছে) আৰু বৃক্ক (নতুনকৈ সংৰোপিত কৰিছো)। যোৱা চাৰি বছৰ বাৰীৰ মধুৰিৰ লগতে মাজে মাজে বজাৰৰ পৰা অনা মধুৰি প্ৰতিদিনে এটাকৈ খাই আছো। মধুৰি এনে এটা ফল, যিটো ফল দুয়োবিধ মধুমেহ ৰোগীয়ে বিনা চিন্তাই খাব পাৰে। হৃৎপিণ্ড আৰু মধুমেহ দুয়োটা ৰোগ থকা ৰোগীয়েও বিনা চিন্তাই নিয়মীয়াকৈ খাব পাৰে। আটাইতকৈ ডাঙৰ কথা- এই ফলটোত আমাৰ শৰীৰত কেন্সাৰ সৃষ্টি কৰিব পৰা কোষ (Immuture Cell) গঠন ৰোধ কৰিব পৰা ক্ষমতা কিছু পৰিমাণে আছে। বিশেষকৈ ছাল আৰু মগজুৰ।

মধুৰি গছৰ বৈজ্ঞানিক নাম Psidium Guajava   ।প্ৰথমে উত্তৰ আমেৰিকাত ইংৰাজসকলে এই গছ দেখিছিল। উত্তৰ আমেৰিকাৰ বিশেষকৈ মেক্সিকো দেশত ইয়াৰ গছ বেছিকৈ আছে। পানী ৰৈ নথকা লৌহ পদাৰ্থ কিছু থকা (Loamy Soil) বালি-বোকা মিহলি মাটিত মধুৰি গছ ভালকৈ ডাঙৰ হয়। গুৱাহাটী, সোণাপুৰ, নংপো আৰু নামনি অসমৰ ৰঙামাটিত ইয়াৰ উৎপাদন বেছি হয়। বাৰমহীয়া মধুৰি গছবোৰত ফুলৰ দৰে বগা বগা কিছু সৰু ফুল ফুলে। এই ফুলবোৰৰ পৰা ফলবোৰ জুন-জুলাই আৰু ডিচেম্বৰ-জানুৱাৰী মাহত পৈণত হোৱা মধুৰি তৃপ্তিৰে খাব পাৰি। সাধাৰণতে গছবোৰ ১০ ফুটৰ পৰা ১৫-২০ ফুটমান ওখ হয়। এজোপা পৈণত মধুৰি গছে অতিকমেও ১০ কেজিৰ পৰা ৫০-৬০ কিলোগ্ৰাম পৰ্যন্ত ফল দিব পাৰে। প্ৰায় ৩ বছৰ বয়সৰ পৰা ফল ধৰা আৰম্ভ কৰে। সৰহ পৰিমাণে ফল লাগিবলৈ পাঁচ বছৰমান লাগে। মধুৰি গছৰ গুৰিত শিপাবোৰ ওলাই থাকিব দিব নালাগে, পাৰিলে ৰঙা নতুবা সাৰুৱা শুকান মাটিৰে ঢাকি দিব লাগে। মধুৰি গছৰ পাতবোৰ অভিমুখ পত্ৰ-বিন্যাসৰ আৰু জাল আৰু সমান্তৰাল প্ৰকাৰৰ। পাতবোৰৰ আকাৰ বল্লম, উপাবৃত্তাকাৰ আৰু আয়তাকাৰৰ। মধুৰি গছৰ তললৈ যোৱা মুল শিপাডালৰ বাহিৰে শাখা, মুল আৰু চুলিশিপাবোৰ মাটিৰ তলেৰে চাৰিওফালে বিয়পি থাকে। মধুৰি গছৰ ছাল বা বাকলি পাতল আৰু সময়ে সময়ে সলনি হৈ থাকে। ইউকেলিপ্টাছ গছৰো ছাল এৰে। এনেকৈ ঔ-টেঙা আৰু পনিয়ল গছৰো ছাল এৰে। জীৱ-জন্তুৰ ভিতৰত সাপ আৰু কিছুমান সৰীসৃপে মোট সলায়। তেজৰ গোন্ধ পালে খেদি দৌৰি ফুৰা ছাৰ্ক মাছৰ জীয়াই থকা কালত বহুবাৰ নতুন দাঁত ওলায়। কিন্তু আমি মানুহবোৰৰ মাত্ৰ এবাৰহে নতুন দাঁত ওলায়। ষ্টাৰ ফিছৰ (Star Fish) চুলি আৰু ছাল প্ৰয়োজন অনুসৰি পৰিৱৰ্তন হৈ থাকে। মানুহৰো শৰীৰৰ ওপৰিভাগত থকা মাখি ছাল-কমেও ৩০ শতাংশ প্ৰতিদিনে গাৰ পৰা এৰাই যায়।

মধুৰি আমাৰ অসমীয়াত ‘মধুৰি-আম’ বুলিও কোৱা হয়। বড়ো ভাষাত ছমফ্ৰেং (Somfreng), ৰাভাসকলে ‘উৰিয়াম’ আৰু গোৱালৰীয়া ভাষাত ‘বপীৰাম’ বুলি কোৱা হয়। কাৰ্বিসকলে মধুৰি ফলটোক ‘চুপাৰাম’ বুলি কয়। উজনিৰ চিংফৌসকলে ‘থাৰবি আম’ বুলি কয়। উৰিয়াসকলে মধুৰিক পেৰন (Peron), কংকনি (Konkani) বুলি কয়। গুৱাহাটীৰ বজাৰত থাইলেণ্ডৰ মধুৰি বগা বা পাতল সেউজীয়া কমকৈ গুটি থকা ডাঙৰ ডাঙৰ মধুৰি ওলাইছে। থাইলেণ্ডৰ ভাষাত ‘মধুৰি’ক ফাৰাং (Farang)বুলি কয়। তেওঁলোকৰ ভাষাত বিদেশী লোকক ফাৰাং বুলি কয়।

আমাৰ ভাৰতৰ বেছি ঠাণ্ডা অঞ্চলবোৰ, মানে ওখ পাহাৰীয়া অঞ্চলবোৰ বাদ দিলে ব্ৰহ্মপুত্ৰ, গ্ংগা উপত্যকাকে ধৰি দক্ষিণৰ সমভুমি অঞ্চলবোৰত মধুৰিৰ খেতি হয়। পশ্চিমবংগৰ কলকাতাৰ দক্ষিণ অংশত বিশেষকৈ বাৰুইপুৰ, চিটিদাৰ আদি ঠাইত মধুৰিৰ খেতি যথেষ্ট ভাল হয়। বাৰুইপুৰৰ মধুৰিৰ সোৱাদেই বেলেগ। বৰ্তমান ভাৰততো নতুন জাতৰ কম গুটি থকা মধুৰিৰ জাত (VNR B1H1) উৎপন্ন আৰম্ভ কৰিছে। বৰ্তমান ভাৰতত মিৰটাছি, এলাহাবাদ , লক্ষ্ণৌ-৪৯ (Lucknow-49), বেনাৰস, বাপটলা, আৰকা কিৰণ, ললিত, টি আৰ আই (জি)। (Tri(G)-1), তামিলনাডু আৰু টাইৱান জাতীয় মধুৰি পোৱা যায়। পৃথিৱীৰ বিভিন্ন দেশত বহুকেইটা বেলেগ বেলেগ প্ৰজাতিৰ মধুৰি গছ আছে। এইবোৰ হৈছে আপেলৰ দৰে মধুৰি, ষ্ট্ৰবেৰী মধুৰি, থাইলেণ্ডৰ ৰঙা মেৰুন আৰু পাতল সেউজীয়া বৰণৰ মধুৰি আৰু মালেছিয়াৰ বগা মধুৰি আদি। আপেল মধুৰিবোৰৰ গছ বেছি তাপমানত মৰি যায়। আমাৰ জলবায়ুত উৎপন্ন হোৱা স্থানীয় প্ৰজাতিৰ মধুৰিবোৰেই আমাৰ বাবে আটাইতকৈ উপকাৰী। মোৰ বাৰীত থকা ভিতৰখন গুলপীয়া বৰণৰ মধুৰিৰ সোৱাদ আপেলতকৈ বেছি।

মধুৰি গছত কোনো ৰাসায়নিক সাৰ, ঔষধ আদি ব্যৱহাৰ কৰা নহয়। যিহেতু ই স্থানীয়ভাৱে উপলব্ধ। আজিকালি আপেলতো ৰাসায়নিক দ্ৰব্যৰ প্ৰলেপ সনা হয়। গতিকে স্থানীয়ভাৱে হোৱা মধুৰিবোৰ বিনা সংকোচে খাব পাৰো। প্ৰথম কথা হ’ল যে মধুৰি খালে বহু পৰিমাণৰ শক্তি (কেলৰি) পোৱা যায়। এটা বা দুটা পৈণত মধুৰীৰ পৰা আমি কণীতকৈও বেছি কেলৰি (প্ৰয় ৬৮-৭০) শক্তি পাব পাৰো। মধুৰিৰ ভিতৰত আমি খালী চকুৰে নেদেখা আঁহ (Dietary Fibre)থাকে। কলডিন, পচলা আদি আঁহজাতীয় খাদ্যই আমাৰ খাদ্যনলী চাফা কৰে। মধুৰি খালেও একেই কাম কৰে।

আমাৰ বহুতে গুটি থকা ফল, যেনে-ভীমকল, মধুৰি আদি মুঠেই খাব নিবিচাৰে। মধুৰি বিনা সংকোচে খাব পাৰে। ভয় লগাৰ কোনো কাৰণ নাই। মধুৰিত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-বি৩, ৬ আৰু ৯, ফলেট, থিয়ামিন, ৰিব’ফ্লেবিন, কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, আইৰন, পটাছিয়াম, ভিটামিন-কে, কেৰ’টিন, লাইক’পেন থাকে বুলি জনা যায়। এই মধুৰিবিলাকৰ ভিতৰত থকা মৌল আৰু ভিটামিনবোৰে অতি সুক্ষ্ম আৰু প্ৰাকৃতিকভাৱে ক্ৰিয়া কৰি আমাৰ শৰীৰৰ যন্ত্ৰ-পাতিবোৰ সবল অৱস্থালৈ আনে। বৰ্তমানৰ তথ্য অনুসৰি মধুৰি একাধাৰে কেন্সাৰ প্ৰতিৰোধক, শৰীৰত তেজৰ হিম’গ্লবিনৰ পৰিমাণ বঢ়ায়, ডায়েৰীয়া , কনষ্টিপেন, বদহজম আৰু শৰীৰৰ ওজন বৃদ্ধিৰ প্ৰতিৰোধক, ছাল আৰু মুখৰ সৰু-সুৰা দাগ নোহোৱা কৰি মসৃণ কৰাৰ ক্ষমতা আছে। চকুৰ দৃষ্টিশক্তি বঢ়ায়, মানসিক চাপ কমায়, থাইৰয়ড গ্ৰন্থি নিয়ন্ত্ৰণ কৰে আৰু মানুহৰ দাঁত সবল কৰে। আটাইতকৈ ডাঙৰ গুণটো হৈছে মধুৰিয়ে গৰ্ভস্থ সন্তান আৰু শিশুসকলৰ মগজুক সকলো ধৰণে শক্তিশালী কৰে।

বিভিন্ন উৎসৰ তথ্যৰ পৰা এটা কথা ন-দি ক’ব পৰা যায় যে অসমৰ মানুহে বাৰীত হোৱা মধুৰি (সহজলভ্য) নিয়মীয়াকৈ খাই থাকিলে ছাল, মগজু, মুখ, প্ৰষ্টেট, স্তনৰ কেন্সাৰৰ পৰা বহু পৰিমাণে ৰেহাই পোৱাৰ সম্ভাৱনা আছে। কাৰণ এণ্ট-অক্সিডেণ্ট থকা খাদ্যৰ ভিতৰত মধুৰিতে লাইক’পেন নামৰ শক্তিশালী এণ্ট-অক্সিডেণ্ট থাকে। মধুৰিৰ বাকীবোৰ গুণে একেলগে প্ৰতিৰোধী হিচাপে কাম কৰে। মধুৰিত যথেষ্ট পৰিমাণৰ ভিটামিন- চি থাকে। এই ভিটমিন-চিৰ পৰিমাণ কমলা টেঙাত থকা ভিটামিন-চিৰ পৰিমাণতকৈ চাৰি গুণতকৈও বেছি মধুৰিত থাকে। এই দুবিধে আমাৰ শৰীৰৰ ভিতৰত সুৰক্ষা আৰু প্ৰতিৰোধী ব্যৱস্থাত সুন্দৰকৈ সহায় কৰে বুলি জনা যায়। মধুৰিত থকা আঁহজাতীয় পদাৰ্থই মানুহৰ শৰীৰত গ্লুক’জৰ মাত্ৰা কেতিয়াও বাঢ়ি যাবলৈ নিদিয়ে বুলি জনা যায়। মধুৰি নিয়মীয়াকৈ খাই থাকিলে মানুহৰ টাইপ-১ মধুমেহ হোৱাত বাধা দিয়ে বুলি জনা গৈছে।

মধুৰিয়ে তেজত কলেষ্টেৰলৰ পৰিমাণ কমায় বুলি জনা গৈছে। তদুপৰি মধুৰিয়ে তেজ ডাঠ হ’বলৈ নিদিয়ে বাবে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। কেঁচা জলকীয়াত থকাৰ দৰে মধুৰিতো ভিটামিন-এ , ডি আছে। সেইবাবে ই বাকীবোৰ মৌলৰ সহায়ত চকুৰ কোষ, পেশী, স্নায়ু সবল কৰি ৰাখিব পাৰে আৰু কেটেৰেক্ট ৰোগ হোৱাত বাধা দিয়ে বুলি জনা গৈছে। মধুৰিত কিছু পৰিমাণৰ তাম থাকে। এই সামান্য পৰিমাণৰ তামৰ উপস্থিতিত ই মানুহৰ শৰীৰত মেটাবলিজম (Metabolism) আৰু থাইৰয়ড হৰম’ন নিয়ন্ত্ৰণত সহায়ক হয়। ইয়াত বহু পৰিমাণৰ ভিটামিন-চি থকাৰ বাবে স্কাৰ্ভী (Scurvy) ৰোগৰ বাবেও ই উপকাৰী।

আমাৰ গাঁৱৰ ঘৰবোৰত নাইবা বয়সস্থ লোকসকলে কাৰোবাৰ পেটৰ অসুখ হ’লে মধুৰি গছৰ কুমলীয়া আগকেইটামান পৰিষ্কাৰ কৰি ধুই চোবাই খাবলৈ দিয়ে। এনেকৈ খালে পেটৰ অসুখৰ পৰা (Loose Bowels $ Diarrhea) উপশম হয়। কাৰণ মধুৰিৰ পাৰত ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধী ক্ষমতা থাকে। আমি নিজেও এই পাত প্ৰয়োজনত ব্যৱহাৰ কৰিছিলো । এতিয়া নিয়মিত মধুৰি খাই থাকো বাবে প্ৰয়োজন হোৱা নাই।

গুণাৰাম খনিকৰে কিতাপত মধুৰি ফলটো বায়ুৰোগ (পৃষ্ঠা নং-২৭), খজুৱতি , ছাল শোটোৰা পৰা (পৃষ্ঠা নং-৪৭), বুকুৰ ৰোগ (পৃষ্ঠা নং-৬২), হাপানী (পৃষ্ঠা নং-৩৭), দাঁতৰ বিষ (পৃষ্ঠা নং -৯৯)আৰু পায়েৰিয়া (পৃষ্ঠা নং-১০২), বন্ধ্যাত্ব (পৃষ্ঠা নং-১২৯) আৰু ধাতু দুৰ্বলতা (পৃষ্ঠা নং-১৪৭) ৰোগৰ বাবে পথ্য বুলি লিখি থৈ গৈছে। মধুৰিত কিছু পৰিমাণে এলকেলাইন পদাৰ্থ থাকে। এই পদাৰ্থবোৰে খাদ্যনলীত জমা হোৱা পেটৰ অসুখ সৃষ্টি কৰা মিউকাছবোৰ (Extra Mucus) বাহিৰ কৰি পঠিয়ায়। লগতে ফলটোত থকা ভিটামিন-চি, কেৰ’টিনইড আৰু পটাছিয়ামৰ সহায়ত খাদ্য হজম কৰা যন্ত্ৰ (Digestive System) শক্তিশালী কৰি তোলে। মধুৰিত আমি খাব পৰা আঁহজাতীয় খাদ্য (Diatary Fibre) থাকে। আঁহজাতীয় খাদ্য মজুত থকা শাক-পাচলি, ফল-মুল বহুত আছে। তাৰ ভিতৰত আমি সচৰাচৰ কলডিল, পচলা, চজিনা, আলু আদি খাওঁ। কিন্তু মধুৰি ফলটো সদায় খাই থাকিব পাৰি। পচলাজাতীয় খাদ্য সকলো সময়তে পোৱা নাযায়। মধুৰিয়ে আমাৰ খাদ্যনলী আৰু পেট সুন্দৰকৈ পৰিষ্কাৰ কৰে বুলি আমি নিজেই এইকেইবছৰত গম পাইছো। পৰিবাৰৰো এই ফল খাই বহুদিনীয়া অসুবিধা বৰ্তমান নাইকিয়া হৈছে। এটা কথা আমি মনত ৰখা উচিত যে কনষ্টিপেন দীঘলীয়া হৈ থাকিলে প্ৰায় ৭২ বিধ ৰোগৰ ই কাৰণ হোৱাৰ সম্ভাৱনা থাকে। এনে বহু ৰোগী আছে, যিসকলে বাথৰুমত বহু সময় ধৰি সোমাই থাকে। বহুতে এই অসুবিধাৰ কাৰণে ভালকৈ খোৱা-বোৱা কৰিব নোৱাৰে।

মধুৰি খোৱাৰ পিছত পানী লগে লগে খাব নালাগে। ঠাণ্ডা, কাহ, কফ থাকিলে (Cold $ Cuugh) পকা মধুৰি খাব নালাগে। কিছুমান বেছিকৈ পকা মধুৰিত পোক থাকে। ভালকৈ চাই-চিতি খোৱা উচিত। কেঁচা মধুৰি আৰু কুমলীয়া আগ কাহ, জ্বৰ, পেটৰ অসুখ, শ্বাস-প্ৰশ্বাস, ডিঙি (Throat), হাওঁ-ফাঁওৰ সাধাৰণ ৰোগবোৰৰ বাবে ভাল বুলি জনা যায়। মধুৰিৰ আন এটা গুণ হৈছে- ই যিহেতু মানুহৰ হজমী শক্তি বঢ়ায় আৰু কলেষ্টেৰল কমাই ৰাখে বাবে সেউজীয়া পৈণত ফলে শৰীৰৰ ওজনো নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰণ শৰীৰত কোমল অংশবোৰত মেদ জমা হ’বলৈ নিদিয়ে বুলি জনা যায়।

বৰ্তমান জানিব পৰা মতে মধুৰি ফলটোত ভিটামিন বি-৩ আৰু বি-৬ নামৰ দুটা ভিটামিন থাকে। চিকিৎসা-বিজ্ঞানৰ তথ্য মতে এই দুবিধ ভিটামিনে মগজুত তেজৰ গতি ক্ষিপ্ৰতৰ আৰু সক্ৰিয় কৰে। ভিটামিন বি-৬ মগজুৰ তেজৰ সিৰা আৰু স্নায়ুৰ কাৰণে বৰ দৰকাৰী। সেই কাৰণে বিজ্ঞানীসকলে ক’ব খোজে যে মধুৰি নিয়মিত খালে মগজুৰ কোষবোৰ শক্তিশালী হৈ থাকে। গৰ্ভৱতী মাতৃ আৰু সন্তানৰ বাবেও ই বৰ উপকাৰী। পৰোক্ষভাৱে আমি  আৰু এটা কথা অনুমান কৰিব পাৰো যে ফলটো খালে যিহেতু মগজু সবল হয়, গতিকে ই মানুহৰ পাহৰি যোৱা বেমাৰৰ (এলঝেইমাৰ) প্ৰতিৰোধী হিচাপেও কাম কৰাৰ সম্ভাৱনা নুই কৰিব নোৱৰি। তদুপৰি মধুৰিত থকা ভিটামিন-এ, কে আৰু এণ্টি-অক্সিডেণ্ট (কেৰ’টিন, লাইক’পিন) আদিয়ে মানুহৰ ছাল সতেজ কৰি ৰাখে।

বৰ্তমান জনা গৈছে যে গুটিহীন মধুৰিৰ ভিতৰৰ অংশ কণীৰ কুহুমৰ লগত মিহলাই সৌন্দৰ্য চৰ্চাৰ উপাদানে তৈয়াৰ কৰা হৈছে। এনে কৰিলে পাতল মৰা মাখি-ছাল (Epidermis) সহজে আঁতৰি যায়। আমাৰ নিজৰে কিছু ৰঙা আৰু ক’লা দাগ বৰ্তমান নোহোৱা হৈছে।

আমাৰ জলবায়ুত আৰু বিভিন্ন বতৰত হোৱা ফলবোৰ আমি বৰকৈ নাখাওঁ। আচলতে আমাৰ স্থানীয়ভাৱে পোৱা ফলবোৰ আমাৰ বেছি উপকাৰী। মধুৰিও তেনে এটা ফল। কঁঠাল দুবিধ- গছ-কঁঠাল আৰু পাত-কঁঠাল (Jack Fruit)। পাত কঁঠালবোৰ বৰ সৰু সৰু। ভিতৰত বৰ বেছি গুটি থকা ফুটা নাথাকে। পৈণত হ’লে খাবলৈ বৰ সোৱাদ। টান টান গুলপীয়া ৰঙৰ ‘চিঙৰা’ টোৰ সমান আকাৰৰ। মই বিচাৰি বিচাৰি পালে খাওঁ। গছবোৰ বৰ ডাঙৰ নহয়। এই কঁঠাল খালে ঘামচি মুঠেই নহয়। জেঠ মাহতো বৰ বেছি গৰম নালগে। ছালৰ উপকাৰী বহু উপাদান ইয়াত আছে বুলি জনা যায়।

লেখক: হেমন্ত বৰগোহাঁই (জি এনআৰচি স্বাস্থ্য)

 

 

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top