মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সোণবৰণীয়া হালধিৰ গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সোণবৰণীয়া হালধিৰ গুণ

সোণবৰণীয়া হালধিৰ গুনৰ বিষয়ে লিখা হৈছে

 

ব’হাগত মাহ-হালধিৰ সুগন্ধ নোপোৱালৈকে অসমীয়া নতুন বছৰৰ আদৰণি আধৰুৱা হৈ ৰয়-

 

ভাৰতীয় সংস্কৃতিত দৈনন্দিন ব্যৱহাৰ হোৱা হালধি অতীতৰে পৰা নিজ বৰ্ণ,সুগন্ধ তথা গুণৰ বাবে জনাজাত হৈ আছে। Zingiberacae কুলৰ অন্তৰ্গত হালধি গছজোপাক Curcuma longa Linn বৈজ্ঞানিক নামেৰে নামকৰণ কৰা হৈছে।ৰুপ,গুণ আৰু কৰ্ম অনুসৰি হালধিক বহু নামেৰে পৰিচিত কৰোৱা হয়-সংস্কৃতত কোৱা হয় ‘হৰিদ্ৰা’বুলি (শৰীৰৰ স্বাভাৱিক বৰ্ণ ৰক্ষা কৰা,কাঞ্চনী (সোণ বৰণীয়া),নিশা (জোনাক সদৃশ),বৰবৰণী (সুন্দৰ বৰ্ণ),গৌৰী (পীতবৰ্ণ),কৃমিঘ্না (কৃমি নষ্টকাৰক),ঘোষিতপ্ৰিয়া (মহিলাসকলৰ ৰোগৰ বাবে উপযোগী)ইত্যাদি ।

উৎপত্তিস্থল তথা কৰ্ম অনুযায়ী হালধিৰ বহুতো প্ৰকাৰ আছে।তাৰ ভিতৰত প্ৰধান হ’ল-

 

বন হালধি (Curcuma aromatic salisb):বন হালধি কাণদ তথা শিপাত কৰ্পুৰ সদৃশ সুগন্ধ থাকে।শৰীৰৰ সকলো ধৰণৰ মল আঁতৰোৱাত ই খুব উপযোগী।এলাৰ্জি সদৃশ কাহ-শ্বাস-হিকটি,কুষ্ঠৰোগ আদি হ্ৰাস কৰে আৰু তেজৰ পৰা বিষজাতীয় পদাৰ্থ কমোৱাত সহায় কৰে।

আমগন্ধি হালধি Curcuma amada Roxb :কেঁচা আমৰ দৰে সুগন্ধ থকা এইবিধ হালধিত ১.১ শতাংশ উদ্বায়ী তেল (Volatele Oil)থাকে আৰু বন হালধিত ৬ শতাংশ থাকে।গুণত ই শীতল,বায়ু আৰু পিত্তনাশক,মধুৰ-তিতা ৰসযুক্ত আৰু শৰীৰৰ সকলোধৰণৰ খজুৱতিৰ নাশ কৰে।হালধিক মধুমেহনাশক আৰু এলাৰ্জিযুক্ত ছালৰ ৰোগ,শ্বাসনলীৰ ৰোগ,ৰক্ত্বিকাৰ আদিৰ বাবে উপযুক্ত বুলি বিবেচিত কৰা হয় ৰুক্ষ,লঘু,তিক্ত ৰসযুক্ত আৰু উষ্ম গুণ অধিকাৰী হালধি বাহ্য তথা আভ্যন্তৰীণ ৰুপত প্ৰযুক্ত-লেপন,কেপচুল,হৰিদ্ৰা,হালধি পাউদাৰ আদি ভিন্ন প্ৰকাৰে উপলব্ধ।তিক্ত ৰসযুক্ত বাবেই হালধিৰ ৰসে শৰীৰৰ পিত্ত কমাই স্বাভাৱিক অৱস্থালৈ আনে আৰু ৰক্তশোধিত কৰায়।ছালত থকা ভ্ৰাজক পিত্তক সমাৱস্থালৈ আনি শৰীৰৰ বৰ্ণ বৃদ্ধি কৰায় তথা ইয়াৰ অনুলোমন গুণৰ বাবে তেজত থকা কলেষ্টেৰ’ল,ইউৰিয়া আৰু শৰ্কৰা কমোৱাত সহায় কৰে।সেইবাবেই গৰ্ভাৱস্থাত অত্যাধিক কেঁচা হালধি খোৱাটো অনুপযোগী।

ৰুক্ষ,লঘু আৰু উষ্ম হোৱা বাবে ই জণ্ডিচ,এচাইটিছ (Ascites),এনিমিয়া কৃমি আৰু ভোক নলগা ক্ষেত্ৰত সুফল দেখুৱায়।‘Cuscumin’শীৰ্ষক পদাৰ্থবিধৰ বাবে হালধি যিকোনো ঘাঁৰ ওপৰত এণ্টিচেপ্টিক ৰুপে,ফোঁহা আদিৰ ওপৰত পাচক (পকি যোৱা)ৰুপে আৰু শৰীৰৰ গাঁঠিৰ বিষ-ফুলা বেমাৰত খুব সুন্দৰভাৱে কাম কৰে।হালধিৰ বিকল্প দ্ৰব্য(substitute) হিচাপে ‘দাৰুহৰিদ্ৰা’(Berberis aristata Dc)ব্যৱহৃত হয়।অসমীয়া সংস্কৃতিত ব’হাগ মাহটো বসন্ত ঋতুত অন্তৰ্ভুক্ত আৰু প্ৰকৃতিত বায়ু-পিত্তৰ অনুপাতত কফৰ পৰিমাণ বাঢ়ি থাকে।সেইবাবে মানৱ দেহত কাণ,নাক,ডিঙি,হাওঁফাওঁ আৰু ছালৰ বেমাৰৰ লগতে পাকস্থলীৰ ৰোগ দেখা পোৱা যায়।তিক্ত আৰু উষ্ম গুণেৰে হালধিয়ে বসন্তত মানৱ দেহক ন-ৰুপ দিয়াত সহায় কৰে তথা ৰোগ নিৰাময় কৰে।

লেখিকা:ডা: ৰীমা ভট্টাচাৰ্য (দৈনিক অসম)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top