অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সোণালী মছলা কেশৰ

সোণালী মছলা কেশৰ

কেশৰ হ’ল এবিধ বহুমূলীয়া অসাধাৰণ মছলা। আন মছলা যেনে- জিৰা, ধনিয়া, মেথি, গুৱামুৰী, কালজিৰা, জালুকৰ দৰে এইবিধ মছলা বৰকৈ ক’লে আচৰিত হ’ব লগা কথা নহয়। এইবিধ মছলা দক্ষিণ ইউৰোপীয় দেশৰ স্থানীয় কিন্তু বৰ্তমান ইয়াক পৃথিৱীৰ কিছুমান দেশৰ যেনে- ইৰাণ, ফ্ৰান্স, গ্ৰীচ, তুৰস্ক, স্পেইন, ইটালী আৰু ভাৰতবৰ্ষৰ একেবাৰে সীমাবদ্ধ স্থানতহে এই খেতি কৰা হয়। ভাৰতবৰ্ষৰ কেৱল কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ কিছুমান ঠাইতহে এই খেতি কৰা হয় তথা পৃথিৱীৰ ১০ শতাংশ কেশৰ উৎপাদন কৰে। শ্ৰীনগৰৰ প্ৰায় ৩ কিলোমিটাৰ নিলগত কাশ্মীৰৰ পেম্পৰ নামৰ ঠাইত কৰা কেশৰৰ বাবে কাশ্মিৰী কেশৰ পৃথিৱীৰ উৎকৃষ্ট কেশৰ হিচাপে প্ৰতিপন্ন হৈছে। কেশৰ উদ্ভিদজোপা তেনেই সৰু প্ৰায় ১৫ ছেন্টিমিটাৰমান এবিধ বহুবৰ্ষজীৱি উদ্ভিদ। প্ৰত্যেকজপা উদ্ভিদৰ মূৰাৰ পৰা মুঠতে মাত্ৰ চাৰি পাহমান ফুলহে সৃষ্টি হয়। সাধাৰণতে অক্টোৱৰ-নৱেম্বৰ মাহত ফুল ফুলাৰ সময়ত ঠাইডোখৰ চালে চকু ৰোৱা হৈ পৰে। ইয়াৰ বৈজ্ঞানিক নাম হ’ল Crocus sativus। এটা অতি উল্লেখ্যযোগ্য কথা হ’লে মছলা হিচাপে এপাহ ফুলৰ কেৱল স্ত্ৰীস্তৱকৰ গৰ্ভমুণ্ড তিনিডাল তথা সামান্য গৰ্ভদণ্ড অংশহে ব্যৱহৃত হয়। সেয়ে এপাহ ফুলৰ পৰা মাত্ৰ ৭ মি:গ্ৰাম শুকান (কেঁচা অৱস্থাত ৩০ মি:গ্ৰাম) মছলাহে পাব পাৰি। গতিকে আচৰিত কথা যে ১ কিলোগ্ৰাম শুকান কেশৰ পাবৰ বাবে ৪০-৫০ কিলোগ্ৰাম ফুল অথবা সংখ্যাত প্ৰায় ডেৰ লাখ ফুলৰ প্ৰয়োজন। সেয়ে ইয়াৰ মূল্য ভাবিব নোৱাৰা ধৰণে অতি বেছি।

কেশৱৰত প্ৰায় ১৫০ বিধ উদ্বায়ী তথা সুগন্ধি সৃষ্টিকাৰী যৌগ আছে, প্ৰধানত terpenes, terpene-alcohol esters তদুপৰি কিছু অনুদ্বায়ী যৌগও থাকে যেনে- কেৰ’নটিনয়ড, লাইক’পিন তথা কেৰ’টিন আদি। কেশৰৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ সুগন্ধিৰ কাৰণ হ’ল ইয়াত থকা Picrocrocin আৰু Safrunal, ইয়াৰ সুগন্ধি, ৰং, গুৰুত্বপূৰ্ণ গুণাগুণ আদিৰ বাবে কেশৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান মছলা বুলি পৰিগণিত হ’ব পাৰিছে। অতিৰিক্ত মূল্যৰ বাবে এইবিধ মছলা বৰ বেছি ব্যৱহাৰ হোৱা দেখা নাযায়। কিন্তু ইয়াৰ গুণাগুণবোৰ অসাধাৰণ, অতি গুৰুত্বপূৰ্ণ। কেশৰে অম্লশূল গেষ্ট্ৰিকজনিত সমস্যা দূৰ কৰিব পাৰে। কেশৰে বহন কৰা সামান্য মানসিক উত্তেজনা প্ৰশমিত কৰা গুণৰ বাবে স্নায়ুবোৰক সকাহ দিয়ে তথা মনক স্থিৰতা প্ৰদান কৰে আৰু টোপনি গভীৰ হোৱাত ধনাত্মক প্ৰভাৱ পেলায়। বিভিন্ন ধৰণৰ উচ্চস্তৰীয় গৱেষণাৰ পৰা দেখা গৈছে যে কেশৰত থকা বহুমূলীয়া উপাদানবোৰে মগজুৰ শিকিব পৰা গুণ বা শিকাৰ প্ৰতি আগ্ৰহ মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে। দৃষ্টিশক্তি ভালে ৰখাতো হেনো কেশৰৰ অৰিহণা আছে। অতি গুৰুত্বপূৰ্ণ কথা যে কেশৰে তেজত কলেষ্টেৰলৰ পৰিমাণ কমাই ৰখাত সহায় কৰে তথা উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণত ৰাখিব পাৰে। ইয়াৰ এন্টিঅক্সিডেন্ট ক্ষমতাই তেজৰ শিৰা তথা ধমনীবোৰত কলেষ্টেৰলৰ প্ৰলেপ সৃষ্টিত বাধা জন্মায় বাবে আন কথাত হৃদধমনীয় সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰে। এজমা বা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা ব্যক্তিৰ বাবে কেশৰ এবিধ বৰ উপকাৰী মছলা। এনে ৰোগীৰ জটিল অৱস্থাত উশাহ নলী ঠেক হোৱা বাবে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় যাৰ বাবে ‘ইনহেলাৰ’ৰ ব্যৱস্থা কৰা হয়। গতিকে তেনে ব্যক্তিয়ে কেশৰ গ্ৰহণ কৰি কিছু উপকৃত হ’ব পাৰে। কেশৰত থকা কেৰ’নটিনয়ড, বি ভিটামিন আন আন দ্ৰব্যবোৰে মগজুত ছেৰ’টিননৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে যিয়ে মানুহৰ হতাশা দূৰ কৰাত সহায়ক হয়। কেশৰৰ ব্যৱহাৰে ছালৰ মসৃণতা, উজ্জ্বলতা বৃদ্ধি তথা বৰ্তাই ৰাখিব পাৰে। এন্টিঅক্সিডেন্টবোৰ থকা বাবে অসময়ত পৰা ছালৰ বয়সৰেখা সৃষ্টি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

ই অতিৰিক্ত দামী মছলা হোৱা হেতুকে ভেজালকৰণৰ সম্ভাৱণাও বৰ বেছি। কিন্তু কিছুমান সহজ পদ্ধতিৰ দ্বাৰা কেশৰৰ শুদ্ধতা নিৰ্ণয় কৰিব পৰা যায়। সামান্য কুহুমীয়া পানীত কেইডালমান কেশৰ পেলাই দিলে যদি তৎক্ষণাৎ নিজৰ ৰং এৰি দি পানীখিনি ৰঙচুৱা কৰে তথা লাহে লাহে পানী পাত্ৰৰ তলীত পৰি ৰয় তেতিয়া বুজিব লাগিব যে পৰীক্ষা কৰা কেশৰখিনি শুদ্ধ নহয় বৰং ভেজালদ্ৰব্যহে। আনহাতে, শুদ্ধ সুন্দৰ কেশৰ এইদৰে এৰি দিলে খুব লাহে লাহে নিজৰ ৰং এৰি দি পানীখিনিক পাতল হালধীয়া বৰণ প্ৰদান কৰে তথা মছলাখিনি পানীত ভাঁহি থাকে।

লেখিকা: ড° নমিতা নাথ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate