অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সদায় পুৱা এগিলাছ্ গাখীৰৰ লগত খাওক দালচেনি :

সদায় পুৱা এগিলাছ্ গাখীৰৰ লগত খাওক দালচেনি :

আমাৰ চৌপাশে থকা সমাজখনত বিভিন্ন শাৰীৰিক অৱয়বৰ লোক আছে। তাৰে কিছুমানৰ দেহ সুগঠিত আৰু খেলুৱৈৰ দৰে আঁটিল। আন কিছুমান লোকৰ দেহ মেদবহুল আৰু দেখাত বৰ বেছি ফিট যেন নালাগে। আন কিছুমান লোকৰ আকৌ শৰীৰটো একেবাৰে শীৰ্ণ আৰু কোনোমতেহে চলা-ফুৰা কৰি থকা যেন লাগে। খুব কম সংখ্যক মধ্যমীয়া আকৃতিৰ লোক থাকে, যিসকলে প্ৰতি মুহূৰ্ততে দৌৰি-ঢাপৰি নিজৰ কামবোৰ কৰি ফুৰে।

ইমানকেইটা শ্ৰেণীৰ মানুহে আমাৰ দৌদিশে পুৱাৰে পৰা ৰাতিলৈকে ঘূৰি ফুৰি নিজৰ কামত ব্যস্ত থাকে। যদিও দুৰ্বল শৰীৰৰ মানুহে দপদপাই ঘূৰি নিজৰ কামবোৰ সময়মতে কবিব নোৱাৰে আৰু নিজৰ শাৰীৰিক দুৰ্বলতাৰ কাৰণে প্ৰায়ে অশান্তিত ভুগি সমাজত বৰকৈ ঘূৰা-ফুৰা কৰি নুফুৰে।

দুৰ্বল হোৱাৰ প্ৰধান কাৰণ কি?

শাৰীৰিক দুৰ্বলতাৰ প্ৰদান কাৰণ হ’ল- খোৱা খাদ্যবোৰ সঠিকভাৱে হজম কৰিব নোৱাৰা আৰু তাৰ ফলত পেট সম্পূৰ্ণৰূপে খোলোচা নোহোৱা। অৰ্থাৎ এনে লোকে প্ৰায়ে কোষ্ঠবদ্ধতাত ভোগে। পাচন তন্ত্ৰই সঠিকভাৱে কাম নকৰিলে মানুহৰ ভালদৰে ভোক নেলাগে আৰু সেয়ে খোৱা খাদ্যৰ পৰিমাণো কমে। ইয়াৰ পৰিনতিত ব্যক্তিজনে খাদ্যৰ পৰা প্ৰয়োজনীয় শক্তি আহৰণ কৰিব নোৱাৰে।

আজি এই চুটি প্ৰবন্ধটিৰ যোগেদি আপোনালোকলৈ এটি ঘৰুৱা দিহা আগবঢ়োৱা হৈছে। এই দিনাটি মনোযোগেৰে একেৰাহে পালন কৰিলে আপোনাৰ শৰীৰ সবল হৈ পৰিব আৰু খুব কম দিনৰ ভিতৰতে শৰীৰৰ শক্তি বহুগুণে বৃদ্ধি পাব আৰু শৰীৰটো আঁটিল আৰু খেলুৱৈসুলভ হৈ পৰিব।

আপুনি নিজৰ দুৰ্বল শৰীৰটোৰ বাবে হীনমন্যতাত ভুগিব লগা নহ’ব। বৰং আপুনি যুৱাৱস্থাৰ দৰে এজন তজবজীয়া আৰু কৰ্মক্ষম লোক হৈ নিজৰ কামবোৰ সফলতাৰে সম্পাদন কৰাত সক্ষম হৈ উঠিব। এই ঘৰুৱা দিহাটো পালন কৰি থাকিলে নিজৰ শৰীৰটো সুদৌল আৰু পেশীবোৰ সুগঢ়ী হৈ উঠিব।

আজি প্ৰ্ত্যেকজন লোকেই নিজৰ শৰীৰটো শক্তিশালী আৰু সুগঢ়ী কৰি গঢ়ি তোলাৰ প্ৰতি আহগ্ৰী। যদি আপুনিও এনে হোৱাটো বিচাৰে তেনেহ’লে অতি কমেও তিনি মাহৰ কাৰণে এই দিহা আন্তৰিকতাৰে মানি চলক। এই দিহাটো বিশেষ একো টান নহয় আৰু সহজে পালন কৰিব পৰা বিধৰ। এই দিহাৰ বাবে প্ৰয়োজন হোৱা দ্ৰব্য মাত্ৰ দুবিধ। এবিধ হ’ল গাখীৰ আনবিধ দ্ৰব্য হ’ল দালচেনি। গাখীৰ গৰুৰ হ’লে ভাল আৰু ভেজাল হ’ব নেলাগে। তেনেদৰে দালচেনিও পূৰঠ গছৰ হ’লে ভাল। পৰাপক্ষত বিশ্বাসযোগ্য দোকানৰ পৰা নিৰ্ভেজাল ১০০ গ্ৰাম দালচেনি কিনি আনিব। এই দালচেনি ভালদৰে চফা কৰি ৰ’দত শুকুৱাই খুন্দি গুড়ি কৰি টানকৈ সাঁফৰ মাৰি বটল এটাত ভৰাই থ’ব।

এতিয়া আপুনি প্ৰতিদিনে পুৱা এগিলাছ গাখীৰ গৰম কৰি লওক আৰু ইয়াৰ লগত এচামুচ দাচেনিৰ গুড়ি মিহলোৱা গাখীৰ পুৱাতে সেৱন কৰিলে আপোনাৰ শৰীৰৰ দুৰ্বলতা আঁতৰিব আৰু শৰীৰৰ গঠনো ঠিক কৰি আনিব।

লগতে আপোনাৰ শৰীৰত বাহ লোৱা অন্য ৰোগবোৰো এই মিশ্ৰণে নিয়ন্ত্ৰণলৈ আনিব আৰু লাহে লাহে এইবোৰ নিৰ্মূল কৰি পেলাব। দালচেনি মিহলোৱা গাখীৰে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰি আনিব।

আপুনি প্ৰতিদিনে পুৱা প্ৰায় একে সময়তে এই মিশ্ৰণটো খাবলৈ অৱহেলা নকৰিব। বহুতে আকৌ প্ৰথম অৱস্থাত এই মিশ্ৰণটো একেৰাহে কিছুদিন খোৱাৰ পিছত খাবলৈ এৰি দিয়ে। কেৱল এই মিশ্ৰণটোৱেই নহয়, নিজে প্ৰস্তুত কৰি খাবলগা অন্যান্য ঘৰুৱা ঔষধো বহুতে নিয়মীয়াকৈ নেখায়।

কিছুদিন পৰম উৎসাহেৰে ঔষধ খোৱাৰ পিছত খাবলৈ পাবলগা উপকাৰ নেপায় আৰু শৰীৰৰ ওপৰতো ঔষধৰ পুৰা প্ৰভাৱ নপৰে বা প্ৰভাৱ পৰাটো বন্ধ হৈ পৰে।

এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে, দালচেনি আৰু গাখীৰৰ মিশ্ৰণক ‘প্ৰভাৱশালী মছল’ বুলি পৌৰাণিক আয়ুৰ্বেদীয় চিকিৎসাত উল্লেখ আছে।

দালচেনিত মজুত থকা উপাদানৰ যৌগবিলাক ঔষধীয় গুণেৰে ভৰা। এইবিলাক উপাদান আমাৰ শৰীৰৰ সৌন্দৰ্য আৰু স্বাস্থ্য দুয়োটাৰ কাৰণে বৰ উপকাৰী বুলি প্ৰমাণিত হৈছে।

দালচেনি নিজেও এটি বৰ ফলপ্ৰসূ ঔষধ। কিন্তু দালচেনি গাখীৰৰ সৈতে মিহলাই খালে শৰীৰৰ কাৰণে আৰু বেছি উপকাৰী হৈ পৰে।

লেখিকা: বিনীতা বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 11/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate