মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সমৃদ্ধিকৃত খাদ্য আৰু স্বাস্থ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমৃদ্ধিকৃত খাদ্য আৰু স্বাস্থ্যঃ

সমৃদ্ধিকৃত খাদ্য আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে

সমৃদ্ধিকৃত খাদ্য আৰু স্বাস্থ্যঃ

 

ভাৰতৰ বৃহৎসংখ্যক শিশু আৰু বয়স্ক লোক অপুষ্টিত ভোগে। খাদ্যত পৰ্যাপ্ত পৰিমাণৰ পুষ্টিদ্ৰব্য নাথাকিলে অপুষ্টি হোৱাটো অৱধাৰিত। অপুষ্টিৰ ব্যাপক প্ৰভাৱ পৰে আমাৰ স্বাস্থ্যত। এনে অপুষ্টি নিৰ্মূল কৰাৰ উদ্দেশ্য আগত ৰাখি কেতবোৰ খাদ্য পুষ্টিদ্ৰব্যৰে সমৃদ্ধিকৃত কৰা হয়।

যোৱা বৰ্ষৰ অক্টোবৰ মাহত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক অংগ ভাৰত খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে (Food safety and standards of India) এক দৃষ্টান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতবাসীৰ পুষ্টি নিশ্চিত কৰাৰ উদ্দেশ্যে খাদ্য সুৰক্ষা মান সমৃদ্ধিকৰণ নিৰ্দেশনা ৰাজহুৱা কৰে। এই নিৰ্দেশনাই সকলো ধৰণৰ সমৃদ্ধিকৃত, সংসাধিত খাদ্য, পেকেজকৃত খাদ্য আদিৰ মান নিৰ্দিষ্ট কৰি দিয়ে।

নিমখ উৎপাদনকাৰী কোম্পানীসমূহে নিমখত আয়োডিন মিহলি কৰি সমৃদ্ধিকৃত খাদ্য বুলি দাবী কৰে। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে যে নিমখত প্ৰতি নিযুত অংশত ন্যূনতম ৩০ শতাংশ আয়োডিন থাকিব লাগিব। লৌহ পদাৰ্থ থাকিব লাগিব ৮৫০ৰ পৰা ১১০০ অংশ। ভেষজ তেল আৰু গাখীৰত ভিটামিন ‘এ’ আৰু ‘ডি’ সংযোজন কৰি সমৃদ্ধিকৃত কৰিব পাৰিব। লৌহ পদাৰ্থৰে সমৃদ্ধিকৃত পেকেজ কৰা খাদ্যৰ লেবেলত স্পষ্টকৈ লিখিব লাগিব যে সেই খাদ্য থেলাচিমিয়াত ভোগা ৰোগীয়ে খাব নোৱাৰে।

ভাৰতত খাদ্য সমৃদ্ধিকৰণ নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে। বিশ্ববেংকৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত লৱণ আৰু ভিটামিনৰ স্বল্পতা হেতু মুঠ ঘৰুৱা আয়ৰ ১২ বিলিয়ন ডলাৰ লোকচান হয়। পাঁচ বছৰ বয়সৰ তলৰ শিশুৰ ৪৮ শতাংশৰ উচ্চতা হ্ৰাস হয়, ৪৩ শতাংশৰ ওজন কম হয়, ২০ শতাংশ লেৰেলা-চেপেটা হয় আৰু প্ৰতি ৪ জনৰ ভিতৰত এজনৰ জন্মৰ সময়ত ওজন কম হয়।

প্ৰস্তাৱিত নিৰ্দেশনাৰ আওতাত সমৃদ্ধিকৰণ কৰিবলগীয়াৰ ভিতৰত অন্যান্য খাদ্যৰ লগতে আছে চাউল, আটা, ময়দা, বনস্পতি আদি। এইবোৰ লৌহ পদাৰ্থ, আয়োডিন, দস্তা, ভিটামিন ‘এ’ আৰু ‘ডি’, ফলিক এচিড (ভিটামিন বি-৯), থিয়ামিন (ভিটামিন বি-১), ৰাইবফ্লেবিন (ভিটামিন বি-২), নিয়াচিন (ভিটামিন বি-৩), পাইৰিডক্সিন (ভিটামিন বি-৬) আদিৰে সমৃদ্ধিকৃত হ’ব লাগিব। অদ্যাৱধি কেতবোৰ খাদ্য বাধ্যতামূলকভাৱে সমৃদ্ধিকৃত কৰাৰ কথা চিন্তা কৰা হোৱা নাই। অৱশ্যে প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ আগৰৱালাৰ মতে ভৱিষ্যতে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব পাৰে।

প্ৰধান সমস্যা হৈছে কেতবোৰ খাদ্যৰ অত্যধিক সমৃদ্ধিকৰণ। আমেৰিকাৰ এটা বেচৰকাৰী সংগঠনে কৰা অধ্যয়নত দেখা গৈছে যে শিশু আৰু কিশোৰসকলে অত্যধিক সমৃদ্ধিকৃত খাদ্য খোৱাৰ ফলত মাত্ৰাধিক ভিটামিন ‘এ’, দস্তা আৰু নিয়াচিন খোৱাৰ সম্ভাৱনা থাকে। এনে অৱস্থা স্বাস্থ্যৰ বাবে হানিকাৰক। সমৃদ্ধিকৃত পুৱাৰ জলপানত উক্ত তিনিওবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয়। শিশু আৰু কিশোৰ, গৰ্ভৱতী মহিলা, বয়স্ক লোক সকলোৱেই অত্যধিক মাত্ৰাত এইবোৰ দ্ৰব্য খোৱা উচিত নহয়। উক্ত তিনিও দ্ৰব্য স্বাস্থ্যবৰ্ধক যদিও অত্যধিক মাত্ৰাত এইবোৰ বিষতুল্য হয়। সংস্থাটোৰ অধ্যয়ন অনুসৰি অত্যধিক মাত্ৰাত ভিটামিন ‘এ’ খালে যকৃত বিকল হ’ব পাৰে, হাড় ফোঁপোলা হয়, ছাল শুকাই এৰা যায়, নখ থুনুকা হয় আৰু চুলি সৰে। গৰ্ভাৱস্থাত অত্যধিক ভিটামিন খালে গৰ্ভস্থ সন্তানৰ গঠনৰ বিসংগতি হ’ব পাৰে। অত্যধিক দস্তা খালে তামৰ অৱশোষণ বিঘ্নিত হয়, ফলত তেজৰ লোহিত ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকাৰ উৎপাদনত বিঘিনি ঘটে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া বিঘ্নিত হয়। নিয়াচিন ভিটামিন ‘এ’ আৰু দস্তাৰ নিচিনা বিষাক্ত নহয়, কিন্তু অত্যধিক মাত্ৰাত নিয়াচিন খালে ছালত দমলা বান্ধে, ওকালি হয়, বমিও হ’ব পাৰে।

প্ৰশ্ন উঠে, সমৃদ্ধিকৃত খাদ্যৰ উৎপাদনকাৰী সংস্থাসমূহে সমৃদ্ধিকৰণৰ দ্ৰব্যসমূহৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা মানি চলা সম্ভৱপৰনে ? ১০-১২ টা ডাঙৰ কোম্পানীৰ বাবে সেয়া সম্ভৱ হ’ব পাৰে, কিন্তু ক্ষুদ্ৰ উৎপাদনকাৰী আৰু কুটিৰ উদ্যোগৰ ক্ষেত্ৰত সেয়া সম্ভৱ হোৱা কঠিন।

সমৃদ্ধিকৃত খাদ্যৰ পেকেটৰ লেবেল পঢ়ি সমৃদ্ধিকৰণৰ দ্ৰব্যসমূহৰ মাত্ৰা নিশ্চিত কৰা উচিত। প্ৰয়োজন হ’লে পুষ্টি বিশেষজ্ঞ অথবা চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

আতপস্নানঃ

আয়ুৰ্বেদত আতপস্নানৰ নাম স্বেদক্ৰিয়া। এই ক্ৰিয়াত প্ৰচুৰ স্বেদ অৰ্থাৎ ঘাম দেহৰ পৰা ওলায় কাৰণে ইয়াৰ নাম স্বেদক্ৰিয়া। এই স্বেদক্ৰিয়া বায়ুপ্ৰধান বা পিত্তপ্ৰধান লোকৰ পক্ষে নিষিদ্ধ। শ্লেষ্মাপ্ৰধান, পিত্ত-শ্লেষ্মাপ্ৰধান আৰু বায়ু-শ্লেষ্মাপ্ৰধান নৰ-নাৰীৰ পক্ষে এই স্বেদক্ৰিয়া বা আতপস্নান বিশেষ উপকাৰী।

প্ৰণালীঃ শীতকালত আতপস্নানৰ সমস পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজা পৰ্যন্ত, গৰমকালত আতপস্নানৰ সময় পুৱা ৮ বজাৰ পৰা ১১ বজা পৰ্যন্ত। শীতকালত মূৰটো ছাঁত ৰাখি উবুৰি খাই শুই কাপোৰ গুচাই দি গোটেই পিঠিত ৰ’দ লগাব। পিঠিখন বেছ উত্তপ্ত হৈ উঠিলে বা কিছু ঘামত ভিজি উঠিলে চিৎ হৈ শুই কিছু সময় উদৰ আৰু তলপেটত ৰ’দ লগাব। নিৰ্জন ঠাইত আতপস্নান কৰিব পাৰিলে বিবস্ত্ৰ হৈ আতপস্নান গ্ৰহণ কৰিব. অন্যথা পুৰুষে পাতল হাফপেণ্ট পিন্ধি আৰু মহিলাই পিঠিৰ বাহিৰে আন অংগ পাতল কাপোৰেৰে ঢাকি আতপস্নান গ্ৰহণ কৰিব।

শীতৰ তিনিমাহৰ বাহিৰে অন্য সময়ত আতপস্নান গ্ৰহণৰ সময়ত ২-৩ লোটা পানীৰে মূৰটো ভালকৈ ধুই এখন ভিজা গামোচাৰ দ্বাৰা মূৰটো মচি পেলাব। তাৰ পাছত সেই ভিজা গামোচাখনেৰে মূৰ আৰু কাণ ঢাকি ৰ’দত বহি প্ৰথমে পিঠিৰ ফালে আৰু পাছত সন্মুখৰ ফালে ৰ’দ লগাব। যিমান সময় আতপস্নান গ্ৰহণ কৰিব তাৰ চাৰিভাগৰ তিনিভাগ সময়েই পিঠিৰ ফালে আৰু বাকী এভাগ সময় সন্মুখৰ ফালে ৰ’দ লগাব। আতপস্নান শেষ কৰি ছাঁত আহি ভিজা গামোচাৰে মূৰ আৰু গোটেই শৰীৰ মচি পেলাব।

শয্যাশায়ী ৰোগীসকলে শুই শুই আতপস্নান গ্ৰহণ কৰিলেও এইদৰে ভিজা গামোচাৰে গোটেই শৰীৰ মচিব লাগে আৰু আতপস্নান গ্ৰহণৰ আৰম্ভণিতে পূৰ্বোক্ত নিয়মে মূৰটো ধুই পেলাব লাগে।

মাত্ৰাঃ প্ৰথমতে ৮-১০ মিনিট আতপস্নান গ্ৰহণ কৰিব। ক্ৰমশঃ সামৰ্থ্য অনুযায়ী আতপস্নানৰ মাত্ৰা অলপ অলপকৈ বঢ়াই নিব। শৰীৰ অলপ উত্তপ্ত হ’লে বা ঘামত ভিজিলে আতপস্নান সমাপ্ত কৰিব। আতপস্নানৰ পাছত শৰীৰত এটা সুন্দৰ স্নিগ্ধভাব, আৰামপ্ৰদ ভাবৰ উদয় হয়। এনেকুৱা স্নিগ্ধভাবৰ পৰিৱৰ্তে যদি মূৰ গৰম হৈ উঠে বা যদি মূৰটো ঝিম্ ঝিম্ কৰে তেনেহ’লে বুজিব- সামৰ্থ্যৰ অতিৰিক্ত আতপস্নান কৰা হৈছে। এনেকুৱা হ’লে আতপস্নানৰ মাত্ৰা কমাই দিব। শীতৰ সময়ত শৰীৰ উত্তপ্ত হ’বলৈ বেছি সময় লাগে, গতিকে শীতকালত আতপস্নানৰ সময়ৰ মাত্ৰা অলপ বঢ়াই দিব।

উপকাৰিতাঃ চৰ্দি, কাহ, হাঁপানী, যক্ষ্মা, ৰক্তশূন্যতা, শোথ, স্নায়ুৰোগ প্ৰভৃতি আৰোগ্যত আতপস্নানে বিশেষভাৱে সহায় কৰে। ইয়াৰ দ্বাৰা ভিটামিন ‘ডি’ দেহে লাভ কৰে। এই ভিটামিন ‘ডি’ দেহপুষ্টিৰ এটা প্ৰধান উপাদান আৰু স্বাস্থ্যোন্নতিৰ বিশেষ সহায়ক। মানুহৰ ছালত একপ্ৰকাৰ তৈলাক্ত পদাৰ্থ আছে, সূৰ্যৰ ৰশ্মিৰ উপাদান এই তৈলাক্ত পদাৰ্থৰ লগত মিলি ভিটামিন ‘ডি’লৈ ৰূপান্তৰিত হয়। ভিটামিন ‘ডি’য়ে দেহৰ কেলচিয়াম আৰু ফছফৰাছৰ অভাৱ হ’লে নানা জটিল আৰু মাৰাত্মক ৰোগে দেহক আক্ৰমণ কৰে। গতিকে সুস্থ-অসুস্থ সকলোৰে পক্ষেই আতপস্নান হিতকৰ। আতপস্নানে জীৱনীশক্তি বৰ্ধিত কৰে, ক্ষুধা বৃদ্ধি কৰে, ৰোগবিষ নাশ কৰে। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে পুৱাৰ পৰা বেলা ৯টা পৰ্যন্ত সূৰ্যৰ ৰশ্মিত যথেষ্ট আলট্ৰা ভায়োলেট-ৰে থাকে। এই সময়ত গাত ৰ’দ লগালে শৰীৰ বিশেষ উপকৃত হয়। কোৱা বাহুল্য, পুৱাৰ সূৰ্যৰ তাপ আতপস্নান গ্ৰহণৰ অনুপযোগী।

(উৎসঃ অসমীয়া খবৰ, পাৰ্থপ্ৰতিম দাস)।

2.86956521739
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top