অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে আমলখি :

আমলখি এবিধ ঔষধি গুণসম্পন্ন গছ। গছৰ পাত সৰু। ঠাৰিডালৰ দুয়োফালে সৰু সৰু পাতবোৰ ঘনাই থাকে। বাৰিষা কালত আমলখি গছত ফুল আৰু ফল ধৰে। ফলবোৰ খৰালি কালতহে পুৰঠ হয়। একোজোপা গছতে পুংকেশৰ আৰু স্ত্ৰীফুল ফুলে। একোজোপা গছত বহু ফলপোৱা যায়। ফলবোৰ গোলাকাৰ, মঙহাল আৰু খাবলৈ টেঙা।

১০০ গ্ৰাম আমলখি ৰসত পোৱা ৰাসায়নিক দ্ৰব্য এনেধৰণৰ- জলীয় বাষ্প ৭৯.৮০ শতাংশ, শৰ্কৰা ১৩.৭০ শতাংশ, প্ৰটিন ০.৬৯ শতাংশ, খাদ্যপ্ৰাণ ‘গ’ ৬০০ মি:গ্ৰাম, ফছফৰাছ ২৮.২০ মি:গ্ৰাম, কেলচিয়াম ২৮.২০ মি: গ্ৰাম, লো ৩.৩ মি:গ্ৰাম, ছডিয়াম ৪.২০ মি:গ্ৰাম, তাম ০.২৮ মি: গ্ৰাম, মেগনেছিয়াম ১১.৮০ মি:গ্ৰাম পটাচিয়াম ২৮২.০ মি:গ্ৰাম। তদুপৰি এমিন’এচিড, চেবুলিক এচিড, চেবুলেজিক এচিড, ইলাজিক এচিড পোৱা যায়।

টেঙা জাতীয় আমলখিৰ প্ৰায় সকলো ৰোগ আৰোগ্য কৰাৰ ক্ষমতা আছে। ই আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে। এটা ভাল আমলখিয়ে এটা কুকুৰা কণী বা এগিলাছ গাখীৰতকৈ ভাল ফল দিয়ে। আমলখিয়ে যৌৱন প্ৰদান কৰাত বিশেষ সহায় কৰে। ই শক্তি, মেধা আৰু স্বাস্থ্যবৰ্ধক।

বিভিন্ন ৰোগ আৰোগ্যত আমলখিৰ ব্যৱহাৰ তলত দিয়া হ’ল -

১) মুৰ কামোৰণিত: আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়।

২) চুলি সৰা: কেইটামান আমলখি থেতেলিয়াই এৰাতি মুৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়।

৩) সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগ: এই বেমাৰত আমলখিৰ ৰসে সুফল দিয়ে। নিয়মীয়াকৈ কেঁচুৱাক ইয়াৰ ৰস ১০ গ্ৰামকৈ প্ৰতিদিনে খুৱাব শিশুৰ পয়ালগা ৰোগ কেতিয়াও হ’ব নোৱাৰে। শিশুৰ স্বাস্থ্য দিনক দিনে দেখনিয়াৰ হৈ পৰে।

৪) সৰু ল’ৰা-ছোৱালীয়ে বিছনাত প্ৰস্ৰাৱ কৰিলে: ১ গ্ৰাম আমলখি ৰসৰ লগত ২ গ্ৰাম ক’লাজীৰী পিহি মিচিৰিৰ লগত খুৱালে কেঁচুৱাই বিছনাত প্ৰস্ৰাৱ কৰা বন্ধ হয়।

৫) স্বপ্নদোষ দুৰ কৰিবলৈ: প্ৰতিদিনে ৰাতিপুৱা দুটা আৰু গধুলি দুটাকৈ আমলখি কেইদিনমান একেৰাহে খাব লাগে।

৬) সাধাৰণ বিষ-কোব: এচামুচ আমলখি ৰসৰ লগত আধা গিলাচ পানী মিহলি গাখীৰ মিশ্ৰণ কৰি দিনে দুবাৰকৈ খালেই সাধাৰণ বিষ-কোব নাইকিয়া হয়।

৭) দৃষ্টিশক্তি বৃদ্ধিৰ কাৰণে: নিয়মীয়াকৈ দুটা বা তিনিটা আমলখিৰ ৰস মৌৰ লগত ৰাতিপুৱা খালে দৃষ্টিশক্তি বৃদ্ধি পায়।

৮) ছাল নিমজ কৰিবলৈ: প্ৰতিদিনে ৪/৫ টা আমলখি খালে অতি চমৎকাৰ ফল পোৱা যায়।

৯) মগজুৰ দুৰ্বলতা নাশ কৰিবলৈ: আমলখি প্ৰতিদিনে ৪/৫ টাকৈ খোৱা উচিত।

১০) উচ্চ ৰক্তচাপৰ কাৰণে: আমলখি মিচিৰিৰ সৈতে খালে এই ৰোগৰ পৰা উপশম পোৱা হয়।

১১) হৃদৰোগ: আমলখিৰ ৰস ৫-৬ চামুচ আধা গিলাচ গৰুৰ গাখীৰৰ লগত মিহলাই নিয়মিত খালে এই মাৰাত্মক ৰোগ ভাল হয়।

১২) পেলু আৰু কৃমি নাশক: কেঁচা আমলখিৰ দিনে ১০ গ্ৰামকৈ একেৰাহে তিনি দিন ৰাতিপুৱা শুদা পেটত খালেই পেলু আৰু কৃমি মৰে।

১৩) তেজ গ্ৰহণী: এই ৰোগ ভাল কৰিবলৈ হ’লে এটা গোল নেমুৰ ৰসৰ লগত ৫-৬ চামুচ আমলখিৰ ৰস মিহলি কৰি খাব লাগে।

১৪) মেলেৰিয়া ৰোগ: আমলখি ৪-৫ টা থেতেলিয়াই ঘিউত ভাজি খালে মেলেৰিয়া জ্বৰ নাইকিয়া হয়।

১৫) প্ৰস্ৰাবৰ ৰোগ: আমলখি ৰসৰ লগত কম পৰিমাণৰ মৌজোল মিহলি কৰি খালে যথেষ্ট আৰাম পোৱা যায়।

১৬) প্ৰস্ৰাৱত তেজ পৰিলে: আমলখি ৰসত কুঁহিয়াৰৰ ৰস মিহলি কৰি খালে তেজ পৰা বন্ধ হয়।

১৭) বমি নিবাৰণ: আমলখি ৰসৰ লগত চেনি মিশ্ৰণ কৰি খাব লাগে।

১৮) অতিসাৰ বা পেটচলা ৰোগ: এই ৰোগ হ’লে আমলখি এটা থেঁতেলিয়াই নাড়ীৰ চাৰিওফালে প্ৰলেপ দি আগতে পিহি থোৱা আদা নাড়ীৰ মাজত ৰাখিলে অতি চমৎকাৰ ফল দিয়ে।

১৯) অম্লপিত্ত ৰোগত: ২০ গ্ৰাম আমলখিৰ ৰসৰ লগত সমপৰিমাণৰ মৌজোল মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে ১৫-২০ দিন খালেই অম্লপিত্ত ৰোগ ভাল হয়।

২০) পিত্ত ৰোগ: ২-৩ টা আমলখি পিটিকা কৰি ভাতৰ লগত খালে পিত্তৰোগ ভাল হয়।

২১) বহুমুত্ৰ ৰোগ: এই ৰোগ হ’লে পুৰঠ আমলখি ১৮-২০ টাৰ ৰস উলিয়াই ৪ চামুচ মৌজোল মিহলি কৰি দিনে দুবাৰকৈ খাব লাগে। কেইদিনমান খালে বহুমুত্ৰ ৰোগ ভাল হয়।

২২) শিশুৰ ঘোমোৰোকীয়া ৰোগ: এই ৰোগত দুচামুচ ছাগলী গাখীৰৰ লগত এক চামুচ আমলখিৰ ৰস মিহলাই খাব লাগে।

২৩) বায়ু বিকাৰ: এই ৰোগ থাকিলে আমলখিৰ ৰস নাৰিকল তেলৰ লগত মিহলি কৰি মুৰত ঘহিব লাগে।

২৪) পেট কামোৰণি: এই ৰোগত আমলখিৰ গুড়ি মৌজোলৰ লগত খালে উপকাৰ পোৱা যায়।

২৫) মুৰত উফি হ’লে: আমলখি, শিলিখা আৰু ভোমোৰা গুটিৰ ৰস উলিয়াই মুৰত সানিব লাগে।

২৬) মেদ কমাবলৈ: যিসকল লোক অতিপাত শকত তেওঁলোকৰ দেহৰ মেদ কমাবলৈ হ’লে দিনে চাৰিটাকৈ আমলখি খোৱা উচিত।

২৭) শৰীৰৰ ছাল নিমজ কৰিবলৈ: যিসকলৰ ছাল খহটা তেওঁলোকে প্ৰতিদিনে চাৰি-পাঁচটা আমলখি খালে চমৎকাৰ ফল পোৱা যায়।

২৮) বদহজম: বদহজম নাশ কৰিবলৈ আমলখি ৰসৰ উপৰি ইয়াৰ কুমলীয়া পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰি।

২৯) অকালতে চুলি পকা: অকালতে চুলি নপকিবৰ কাৰণে আৰু আয়ুস ব্ৰিদ্ধিৰ কাৰণে নিতৌ গা ধোৱাৰ আগতে ৫-৬ টা আমলখি পিহি মুৰত সানি পিহি ধুব লাগে। আৰু আমলখিৰ ৰস মৌৰ সৈতে খালে আয়ুস বাঢ়ে।

৩০) আমলখিৰ ডাঙৰ গুণ: ইয়াত ফলিক এচিড পোৱা যায়। এই এচিডৰ এণ্টি অক্সিডেণ্ট ধৰ্ম আছে। ই মানুহক ডেকা কৰি ৰাখে।

দেহৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ হ’লে ২৫ গ্ৰাম আমলখি গুড়িত এচামুচ গৰুৰ ঘিউ ২ চামুচ মৌজোল মিহলাই কেইদিনমান খাব লাগে। গতিকে আমাৰ প্ৰতিদিনৰ খাদ্য তালিকাত আমলখি থকা উচিত।

লেখক: অনিল চন্দ্ৰ শৰ্মা (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate