অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুখৰ আধাৰ খাদ্য :

সুখৰ আধাৰ খাদ্য :

 

শৰীৰৰ বৃদ্ধি তথা বিকাশৰ বাবে খাদ্য অপৰিহাৰ্য। খাদ্যৰ ওপৰত হোৱা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ওলাই পৰা মতে, দেহৰ প্ৰয়োজন অনুসৰি খাদ্য তিনিপ্ৰকাৰৰ- শক্তিদায়ক, দেহবৰ্দ্ধক তথা দেহৰক্ষক। শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদনৰ বাবে শক্তি অপৰিহাৰ্য, যি শক্তি ভাত, ৰুটী আদিৰ দৰে খাদ্যৰ পৰা আহৰণ কৰা হয়। দেহৰ বৃদ্ধি তথা বিকাশৰ বাবে প্ৰ’টিনৰ আৱশ্যক। ইয়াক দাইল, গাখীৰ, মাছ, মাংস, কণী আদিত পোৱা যায়। আনহাতে, শাক-পাচলি, ফল-মূল আদিত প্ৰচুৰ পৰিমাণে থকা খাদ্যপ্ৰাণ তথা খনিজ লৱণ আদি উপাদানে শৰীৰক বেমাৰ-আজাৰৰ আক্ৰমণৰপৰা ৰক্ষা কৰে বাবে এই ধৰণৰ খাদ্য দেহৰক্ষক। আমেৰিকাৰ চিকিৎসক তথা গ্ৰন্থকাৰ ছৰাহ ব্ৰিৱেৰৰ মতে, খাদ্যত সুখৰ অনুভূতি জগাব পৰা কৌশল আছে যিয়ে কঁকালৰ ঘেৰ পৰিপাটীকৈ ৰাখি সুখৰ হৰম’ন মুকলি কৰে। তেওঁৰ মতে খাদ্যবস্তুবোৰৰ ৰাসায়নিক ধৰ্মবোৰৰ বুজ লৈ সেইবোৰে আমাৰ আৱেগৰ ওপৰত কেনেধৰণৰ কাম কৰে, তাক বুজি ল’ব লাগে।

ডাঃ ব্ৰিৱেৰে কোৱা মতে, খাদ্যই নিঃসন্দেহে মেজাজৰ ওপৰত মুখ্য প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে মাছত থকা ওমেগা-৩ স্নেহ অম্লই মানসিক অৱস্থাৰ অৱনতি অৱনতি ঘটাৰ ফলত মনত উদ্ভৱ হোৱা বিষণ্ণতাই কৰিব পৰা ক্ষতিৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। আনহাতে, উচ্চ চৰ্বিযুক্ত খাদ্যৰপৰা নিম্ন চৰ্বিযুক্ত খাদ্যলৈ পৰিৱৰ্তন সাধন কৰিলে লোকৰ মানসিক চাপৰ অনুভূতি বৃদ্ধি পাব পাৰে। খাদ্যৰ এনে ধৰণৰ পৰিৱৰ্তন ঘটিলে মানুহৰ খঙৰ অনুভূতি বৃদ্ধি পায় আনকি বৈৰীতাৰ অনুভৱো বাঢ়ি যাব পাৰে। খাদ্যত থকা কেতবোৰ উপাদানে সেই খাদ্য ভক্ষণ কৰা লোকৰ মেজাজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কেতবোৰ খাদ্যই ছে’টনিন নামৰ ৰাসায়নিক উৎপাদন কৰে যিবোৰে মগজুৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি সুখানুভূতিৰ সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰে।

গৱেষকসকলৰ মতে, খাদ্যপ্ৰাণৰ মাত্ৰাৰ ওপৰতো মানুহৰ সুখানুভূতি অথবা দুখানুভূতি নিৰ্ভৰ কৰে। খাদ্যপ্ৰাণ খ, থায়ামিন আদি সমৃদ্ধ খাদ্য কম মাত্ৰাত ভক্ষণ কৰা লোকে কম নিৰুদ্বেগ অনুভৱ কৰে যিসকল কম বিশ্বাসী হয়। অধিক মাত্ৰাত খাদ্যপ্ৰাণ গ্ৰহণ কৰা লোকসকলৰ তুলনাত কম মাত্ৰাত খাদ্যপ্ৰাণ গ্ৰহণ কৰা লোকে অধিক বিষণ্ণতাত ভোগে। খাদ্যপ্ৰাণ গ্ৰহণ কৰাৰ মাত্ৰা বৃদ্ধি কৰি পৰীক্ষা কৰা গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি অধিক মাত্ৰাৰ খাদ্যপ্ৰাণে মানুহৰ মনৰ অৱস্থাৰ বাৰুকৈয়ে উন্নতি সাধন কৰে আৰু আত্মবিশ্বাস বৃদ্ধি পায়। একেদৰে কম মাত্ৰাৰ ৰিব’ফ্লেভিন, পাইৰিডক্সাইন আৰু ছেলেনিয়াম উচ্চ মাত্ৰালৈ বৃদ্ধি কৰি খাদ্য হিচাপে গ্ৰহণ কৰিলে আত্মবিশ্বাস, মনৰ অৱস্থা তথা মংগল সাধন আদি উপকাৰী প্ৰভাৱ আশানুৰূপভাৱে বৃদ্ধি পায়।

কেনেধৰণৰ খাদ্য দ্ৰব্য ভোজন কৰিলে শৰীৰে উপযুক্ত মাত্ৰাত ছেৰ’টনিন লাভ কৰি সুখৰ অনুভূতি জাগ্ৰত কৰিব পাৰে, সেই সম্পৰ্কে গৱেষণা কৰি ডাঃ ব্ৰিৱেৰে ভালেমান তথ্য আহৰণ কৰিছে, যিবোৰৰ আধাৰ খাদ্য তালিকা এখন যুগুত কৰিছে। এইবোৰ খাদ্য সময়মতে উপযুক্ত পৰিমাণে ভক্ষণ কৰি সুখী তথা সুস্বাস্থ্যৱান জীৱন যাপন কৰাটো সহজসাধ্য। চিকিৎসকগৰাকীয়ে যথেষ্ট পৰিমাণে নিয়মীয়াকৈ ব্যায়ামৰ অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে যাৰ জৰিয়তে শৰীৰ সুস্থ-সবল কৰি সুখী জীৱন যাপন কৰাটো সম্ভৱপৰ। তদুপৰি নিদ্ৰাহীনতা এৰাই চলি নিয়মীয়া টোপনীৰ আশ্ৰয় গ্ৰহণ কৰিব পাৰিলে মানুহ সুখৰ অধিকাৰী হৈ সুস্বাস্থ্যৱান জীৱন যাপন কৰাটো সম্ভৱপৰ।

লেখক: আনন্দদেৱ গোস্বামী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 12/10/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate