মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুগন্ধি মছলা লং আৰু ইয়াৰ উপকাৰিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুগন্ধি মছলা লং আৰু ইয়াৰ উপকাৰিতা

সুগন্ধি মছলা লং আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

'শব্দ' নামক অনলাইন অভিধানমতে লং হ'ল মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ৷

অসমীয়াৰ দৰে নাগামিজটো ই লং নামেৰেই জনাজাত৷ ইংৰাজীত Clove বুলে৷ ইয়াৰ বৈজ্ঞানিক নাম হ'ল Syzygium aromaticum৷ আৰবী ভাষাত কুৰান ফুল, চীনা ভাষাত ডিং জিয়াং, ৰুচ ভাষাত Gvozdika,হিন্দীত বুলে লৌংগ৷

গুজৰাটীত লভিংগ, মাৰাঠীত লবংগ, তামিলত কিৰাংপু, তেলেগুত লবংগালু, মলয়ালমত গ্ৰামপু, পঞ্জাবীত মিৰাকা, ওৰিয়াত লবংগ আৰু বাংলাত লবঁগ নামেৰে জনাজাত৷

অন্যান্য নাম কেইটিমান হ'ল-Caryophylli Flos, Caryophyllum, Caryophyllus aromaticus, Clou de Girofle৷

কি কি লাগতিয়াল তত্ব ইয়াত থাকে ?

প্ৰতি ১০০ গ্ৰাম লঙত-

  • ৩৪ গ্ৰাম ফাইবাৰ,
  • ৬৬ গ্ৰাম কাৰ্বোহাইড্ৰেট,
  • ৬ গ্ৰাম প্ৰটিন,
  • ১০২০ মিলিগ্ৰাম প'টেচিয়াম,
  • ২৭৭ মিলিগ্ৰাম চ'ডিয়াম,
  • ৩% ভিটামিন-এ,
  • ৩% ভিটামিন-চি,
  • ৪% ভিটামিন-কে,
  • ৬৩% কেলচিয়াম,
  • ৬৪% মেগনেচিয়াম,
  • ৬৪% মেংগানিজ আৰু
  • ৬৫% আইৰণ থাকে৷

তদুপৰি কম পৰিমানত ভিটামিন-ই থাকে৷ ইয়াৰ ওপৰিও লঙত থাকে ইউজিনল (Eugenol) নামৰ প্ৰাকৃতিক এন্টিঅক্সিডেন্ট৷ শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰাৰ ক্ষেত্ৰত ইউজিনল ভিটামিন-ইৰ তুলনাত ৫গুণ অধিক শক্তিশালী৷

লঙে কৰা উপকাৰিতাৰ তালিকা –

অতি প্ৰাচীন কালৰ পৰাই আমাৰ দেশত নানাবিধ ঘৰুৱা চিকিৎসাত, ৰন্ধনশালত মছলা হিচাবে আৰু মুখশুদ্ধিৰ বাবে তামোল-পাণ-চুপাৰীৰ সৈতে ব্যৱহৃত হৈ আহিছে৷

আজিকালি ইয়াৰ প্ৰয়োগ বেকাৰীৰ বিস্কুট, কেক,জুলীয়া খাদ্য পদাৰ্থ আদিত সুগন্ধ আৰু উষ্মা আনিবলৈ কৰা হয়৷

ঘাইকৈ এচিয়া আৰু দক্ষিণ আমেৰিকাত লং উৎপাদন হয়৷

ইয়াৰ কলি, শুকান ফুল, পাত আৰু গছৰ অংশ বিশেষৰ পৰা ঔষধ আৰু তেল নিৰ্মাণ কৰা হয়৷ ইয়াৰ ওপৰিও টুথপেষ্ট, চাবুন, প্ৰসাধন সামগ্ৰী, আতৰ, লংযুক্ত চিগাৰেট (Kreteks) আদিতো লঙৰ প্ৰয়োগ হয়৷

ইয়াৰ বিভিন্ন উপযোগিতা তলত উল্লেখ কৰিলোঁ : -

দাঁতৰ বিষ –

দাঁতৰ বিষৰ উপশম ঘটাবলৈ লংতেল ব্যৱহৃত হয়৷ লঙৰ তেলে দাঁতৰ আলুৰ সংক্ৰমণো কম কৰে৷

মুখৰ দূৰ্গন্ধ দূৰ কৰা –

লঙে মুখৰ ভিতৰত দূৰ্গন্ধ উৎপন্ন কৰা বেক্টেৰিয়াৰ বিনাশ ঘটায়৷ ইয়াৰ বাবে ২/৩ টা লং চোবাই খোৱাৰ ওপৰিও লং উতলোৱা কুহমীয়া গৰম পানীৰে কুলকুলি কৰিব পাৰে৷

ওকালি আৰু বমি ভাৱ আতৰ কৰা –

ইয়াৰ বাবে লং পিচি মৌজোলৰ সৈতে মিহলাই খাব পাৰি৷ লংতেলৰ গোন্ধ ৰুমালৰ দ্বাৰা লব পাৰি নাইবা লং সিজোৱা পানীও উপযোগী৷

পাক প্ৰণালীৰ উপকাৰিতা –

এচিডিটি, পেটৰ বিষ অজীৰ্ণ, বদহজমি আৰু বায়ুৰ সমস্যা লঙে আতৰ কৰে৷ ফাইবাৰে শৌচকচা আৰোগ্য কৰে৷ পাকস্থলীৰ ঘাঁ(Peptic ulcer)শুকুৱাত লং সহায়ক হয়৷

লিভাৰৰ সুস্বাস্থ্যৰ বাবে উপযোগী –

এন্টিঅক্সিডেন্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়৷ লিভাৰৰ চিৰচিচ ৰোগ ৰোধ কৰে৷

হাঁড় শক্তিশালী কৰাত লোৱা ভূমিকা –

মেংগানিজৰ বাবে এনে সম্ভৱপৰ৷

মূৰৰ বিষ আতৰ কৰে –

লং তেল কপালত ঘঁহিলে উপকৃত হব পাৰি৷

কাণৰ বিষৰ চিকিৎসা –

লঙৰ তেল অকলে নাইবা সামান্য অলিভ অইলৰ লগত মিহলাই কাণত দিব লাগে৷

শালমনৰ চিকিৎসা –

ইয়াৰ বাবে লং পিচি নাৰিকল তেলৰ সৈতে মিহলাই ঘঁহিব লাগে৷

মুখৰ দাগ আতৰ কৰে –

লঙৰ তেলেৰে মালিছ কৰিলে উপকৃত হব৷

মানসিক চাপ (ষ্ট্ৰেচ) আতৰ কৰাত সহায়ক –

লঙৰ সুগন্ধই মনলৈ প্ৰশান্তি আনে৷

ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় –

এন্টিঅক্সিডেন্ট, ভিটামিন আদিৰ বাবে এয়া সম্ভৱ৷

ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী –

লঙত নাইজেৰিচিন (Nigericin) নামৰ তেজৰ চুগাৰ কমাব পৰা এবিধ তত্ব থাকে৷ নাইজেৰিচিনৰ দ্বাৰা ইনচুলিন হৰমোনৰ সক্ৰিয়তা বাঢ়ে, যাৰ ফলত ডায়েবেটিজ ৰোগী উপকৃত হয়৷

কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক -

ইউজিনল আৰু আন এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে৷ টিউমাৰৰ কোষৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম৷

খাদ্যনলীৰ কৰ্কট ৰোগত ইয়াৰ প্ৰয়োগৰ বাবে গবেষণা চলি আছে৷

বীজানুনাশক(এন্টিবেক্টেৰিয়েল) গুণযুক্ত পদাৰ্থ-

ই-কলাইকে ধৰি ভালেমান বেক্টেৰিয়া বিনাশ কৰিবলৈ ই সক্ষম৷

যৌন অক্ষমতা আৰু শীঘ্ৰে পতন (Premature ejaculation) আদিৰ চিকিৎসাত সহায়ক –

লঙৰ ফুল জিনচেঙৰ শিপাৰ সৈতে মিহলোৱা ক্ৰিম পুৰুষাংগত ঘঁহিলে এনে ৰোগী উপকৃত হয়৷

মহ খেদিবলৈ লঙৰ প্ৰয়োগ –

লঙৰ গোন্ধে ৪/৫ঘন্টালৈ মহ আতৰাই ৰাখে৷

কাহ আৰু ডিঙিৰ সুৰসুৰণি আতৰাবলৈ –

লং সামান্য নিখমৰ সৈতে সেৱন কৰিব পাৰে৷

লঙৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা  –

  • শিশু, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ ক্ষেত্ৰত কম পৰিমানত সাবধানেৰে ব্যৱহাৰ কৰা উচিত৷
  • অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগীৰ ক্ষেত্ৰত –

ইউজিনলে তেজ গোট মৰাত বিলম্ব ঘটায়৷ সেয়ে অপাৰেচনৰ দুসপ্তাহ আগতে লঙৰ সেৱন বন্ধ কৰা উচিত৷

  • ৰক্তক্ষৰণ হৈ থকা ৰোগীৰ ক্ষেত্ৰত –

লঙৰ সেৱন বন্ধ ৰখা উচিত৷

  • আন দৰবৰ সৈতে হব পৰা ক্ৰিয়া(Drug interaction) –

এন্টি-ক'এগুলেন্ট আৰু এন্টি-প্লেটলেট দৰব ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত সতৰ্কতাৰ আৱশ্যক৷

  • কিছুমান লোকৰ মুখৰ ভিতৰৰ ছালখন (Mucus membrane) বেচি সংবেদনশীল৷ তেনেলোকে লং খাবলৈ বা লগাবলৈ লওঁতে সতৰ্ক হোৱাৰ প্ৰয়োজন৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ০৯৭৪৩৩৭৩৮৭২২

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top