অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুমিষ্ট আম

সুমিষ্ট আমৰ বিষয়ে লিখা হৈছে

 

ঋতুভেদে ভিন ভিন ফলৰ সমাহাৰ ঘটে। এতিয়া গৰমৰ দিন আৰম্ভ হৈছে। এই সময়ছোৱাত নানা তৰহৰ ফলমূলৰ পয়োভৰ দেখিবলৈ পোৱা যায়। ফলমূলৰ ভিতৰত হয়তো আমেই সকলোতকৈ সুমিষ্ট, সুস্বাদু আৰু তৃপ্তিদায়ক। আমক ফলৰ ৰজা বুলি কোৱা হয়।

আমৰ উৎপত্তি স্থল চাব-হিমালয়ান সমতল ভূমি (Sub-Himalayan Plain)| ই দক্ষিণ এছিয়াৰ স্থানীয় উদ্ভিদ। আমৰ বৈজ্ঞানিক নাম Mangifera indica| আমৰ প্রায় ১০০০ বিধ প্ৰকাৰ আছে। ভাৰতবৰ্ষ, পাকিস্তান আৰু ফিলিপাইনত যথেষ্ট পৰিমাণে আমৰ উৎপাদন হয়। আম উৎপাদনত আমাৰ ভাৰতবৰ্ষৰ স্থান বিশ্বৰ ভিতৰতে প্রথম। বছৰি প্ৰায় ১৮ মিলিয়ন টন আম ভাৰতবৰ্ষই উৎপাদন কৰে। ই আমাৰ অর্থনীতি টনকিয়াল কৰাতো অৰিহণা যোগাইছে।

আমৰ পুষ্টিকৰ গুণ

 

সুস্বাদু আৰু সুমিষ্ট হোৱাৰ উপৰি আম এবিধ পুষ্টিকৰ ফল। আম ভিটামিন, খনিজ পদার্থ আৰু এণ্টি অক্সিডেণ্টৰ চহকী ভঁৰাল।

  • ভিটামিনবোৰ হৈছে— ভিটামিন এ, ভিটামিন চি, ভিটামিন বি-৬, ফলেট, থায়েমিন, ৰাইব'ফ্লেভিন, নিয়াচিন, পেণ্টথেনিক এচিড, ভিটামিন-ই, ভিটামিন কে|
  • খনিজ পদার্থবোৰৰ ভিতৰত কেলচিয়াম, আইৰন, মেগনেচিয়াম, মেংগানিজ, ফছফৰাছ, পটাচিয়াম, ছডিয়াম, জিংক আদি।
  • সংপৃক্ত ফেট, ছডিয়াম আৰু কেলৰি কম কাৰণে ই এক স্বাস্থ্যসন্মত ফল।
  • আমত কোৱাৰচেটিন, আইচ’কোৱাৰচেটিন, এষ্ট্ৰাগেলিন, গেলিক এচিড, বিটা কেৰ'টিন যথেষ্ট পৰিমাণে থাকে। এই শক্তিশালী এণ্টি অক্সিডেণ্টবোৰে শৰীৰত উৎপন্ন হোৱা অপকাৰী ফ্রি-ৰেডিকেলবোৰ প্রশমিত কৰি হৃদপিণ্ডৰ অসুখ, কৰ্কট ৰোগ, বার্ধক্য আৰু অন্যান্য অৱক্ষয়জনিত ৰোগবোৰ (Degenerative disease) প্ৰতিৰোধ কৰে।
  • আমত থকা আঁহ বা ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে।
  • আমে তেজত থকা কলেষ্টেৰলৰ পৰিমাণ হ্রাস কৰে।
  • ছাল পৰিষ্কাৰ আৰু সতেজ কৰে। ছালত থকা ৰন্ধ্ৰবোৰ মুকলি কৰি শালমইনা দূৰ কৰে।
  • আমে দৃষ্টিশক্তি উন্নত কৰে। কুকুৰীকণা আৰু শুষ্ক চকু প্ৰতিৰোধ কৰে।
  • ই তেজৰ ইনচুলিনৰ পৰিমাণ নিয়ন্ত্রণ কৰে।
  • কেন্‌ছাৰ কোষবোৰৰ এচিড মাধ্যমত অধিক বাঢ়ন হয়। কিন্তু আমে সমগ্ৰ শৰীৰ এলকেলাইজ (alkalize) কৰি কেন্‌ছাৰ ৰোগ প্রতিৰোধ কৰে।
  • গৰমত শৰীৰৰ পৰা নির্গত হোৱা ঘামত শৰীৰৰ পানী আৰু ইলেক্‌ট্ৰলাইট নষ্ট হয়। এইবোৰ পূৰাব পাৰে পকা সুমিষ্ট আৰু ৰসেৰে ভৰা আমে।

কৃত্রিমভাৱে পকা আমৰ গুণাগুণ

আজি বজাৰত পোৱা আমবোৰ দেখিবলৈ আকর্ষণীয় হ’লেও স্বাস্থ্যসন্মত হৈ থকা নাই। ব্যৱসায়ীৰ লাভালাভৰ আগত প্রকৃতিপ্রদত্ত এই পুষ্টিকৰ আমৰ গুণাগুণ লোপ পাইছে। আবতৰত আম পকাবৰ বাবে কেলচিয়াম, কাৰ্বাইড নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। আমৰ উপৰি আপেল, কল, লিচু, খেজুৰ আদি পকাবলৈ এইবিধ ৰাসায়নিক দ্রব্য প্রয়োগ কৰা হয়। লোহা ৱেল্ডিং কৰা

কাৰ্যত কেলচিয়াম কাৰ্বাইড পানীত মিহলালে এচিটাইলন গেছলৈ ৰূপান্তৰ হয়। এচিটাইলিনৰ প্ৰভাৱত পকোৱা আম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। স্বাভাৱিকভাৱে আম এবিধ ৰাসায়নিক পদাৰ্থ ফলটোত মজুত থাকে। ইয়াৰ প্ৰভাৱত যথা সময়ত আম পকিবলৈ ধৰে। স্বাভাৱিকভাৱে পকা আমৰ বাকলি সম্পূর্ণ সমানভাৱে হালধীয়া নহয়। ই বেছি দিনলৈ ভালে থাকে। কাৰ্বাইড প্রয়োগ কৰি কৃত্ৰিমভাৱে পকোৱা আমৰ বাকলি সম্পূর্ণ সমানভাৱে হালধীয়া হয়। এনেবোৰ আমৰ সোৱাদ আৰু গোন্ধৰ মান নিকৃষ্ট আৰু বেছিদিনলৈ ভালে নাথাকে। কেঁচা আম চাউল বা ধানৰ মাজত ভৰাই থ’লেও সোনকালে পকে| আপেলৰ লগত আম মিহলাই থ’লে আপেলৰ পৰা নিৰ্গত হোৱা ইথিলিনে আম পকাত সহায় কৰে।

১০০ গ্রাম আমত থকা উপাদানসমূহ

 

শক্তি

৬০ কিল'কেলৰি

কাৰ্ব'হাইড্রেট

১৫ গ্ৰাম

ছুগাৰ

১৩.৭ গ্ৰাম

ফাইবাৰ

১.৬ গ্ৰাম

ফেট

০.৩৮ গ্ৰাম

প্ৰ’টিন

০.৮২ গ্ৰাম

ভিটামিন এ

৫৪ মাইক্ৰ’গ্ৰাম

থায়োমিন

০.০২৮ মিলিগ্ৰাম

ৰাইব'ফ্লেভিন

০.০৩৮ মিলিগ্ৰাম

নিয়াচিন

০.৬৬৯ মিলিগ্ৰাম

পেণ্ট’থেনিক এচিড

০.১৯৭ মিলিগ্ৰাম

ভিটামিন বি-৬

০.১১৯ মিলিগ্ৰাম

ফলেট

৪৩ মাইক্ৰ’গ্ৰাম

কলিন

৭.৬ মিলিগ্ৰাম

ভিটামিন-চি

৩৬.৪ মিলিগ্ৰাম

ভিটামিন-ই

০.৯ মিলিগ্ৰাম

কেলচিয়াম

১১ মিলিগ্ৰাম

আইৰন

০.১৬ মিলিগ্ৰাম

মেগনেচিয়াম

১০ মিলিগ্ৰাম

মেংগানিজ

০.০৬৩ মিলিগ্ৰাম

পটাচিয়াম

১৬৮ মিলিগ্ৰাম

ছডিয়াম

১ মিলিগ্ৰাম

জিংক

০.০৯ মিলিগ্ৰাম

কিছুমান ব্যৱসায়ীয়ে ক’ব বিচাৰে যে স্বাভাৱিকভাৱে গছত আমি পকিবলৈ হ’লে বহুত সময় লাগে আৰু বৰষুণৰ বতৰত বহুতো আম আগতেই সৰি নষ্ট হয়। সেয়ে তেওঁলোকে আগতীয়াকৈ আম পাৰি কৃত্রিমভাৱে পকাই বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰে। কিন্তু স্বাস্থ্যৰ নিৰাপত্তাতকৈ ব্যৱসায়িক লাভালাভ ঊৰ্ধত হ’ব নোৱাৰে। ‘Food safety and standard act 2006’ আৰু ‘Food safety and standard regulation 2011” এই দুখন আইনৰ যোগেদি কাৰ্বাইড ব্যৱহাৰৰ ক্ষেত্ৰত ১ আৰু ৪ লাখ টকা পর্যন্ত জৰিমনা ভৰাৰ নিয়ম আছে। তথাপি আমত কার্বাইডৰ প্রয়োগ চলিয়েই আছে।

স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণ সজাগ হ’ব লাগিব। গুণাগুণ নির্ণয় কৰি আম ক্ৰয়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। তেতিয়াহে হয়তো কার্বাইডযুক্ত আমৰ প্ৰচলন ৰোধ হ’ব। আহক আমি এই জহকালি প্রাকৃতিকভাৱে পকা সুমিষ্ট আৰু পুষ্টিকৰ আম তৃপ্তিৰে গ্রহণ কৰি স্বাস্থ্যৱান হওঁ।

ডা: মিৰান্দা দত্ত, দৈনিক জনমভূমি।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top