মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুস্থ-সবল শৰীৰৰ বাবে হৰম’নৰ ভাৰসাম্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্থ-সবল শৰীৰৰ বাবে হৰম’নৰ ভাৰসাম্য

সুস্থ-সবল শৰীৰৰ বাবে হৰম’নৰ ভাৰসাম্যৰ বিষয়ে লিখা হৈছে ।

হৰম’ন কি ?

হৰম’ন শৰীৰৰ জৈৱিক   । যি আমাৰ শৰীৰৰ সকলো অংগত তেজৰ জৰিয়তে পায় আৰু তাক সক্ৰিয় কৰে । যদি হৰম’ন সন্তুলিত হয়, তেতিয়াহ’লে ইয়াৰ ধনাত্মক প্ৰভাৱ হয় আৰু যদি সন্তুলিত নহয়, তেতিয়াহ’লে ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰে । হৰম’নে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ উপৰি মেটাবলিজিম, জৈৱ ৰাসায়নিক ক্ৰিয়া, প্ৰজনন, টোপনি আদিকো প্ৰভাৱিত কৰে ।

সন্তুলিত নোহোৱাৰ মুখ্য কাৰণ

  • ওজন বঢ়া
  • পেটত চৰ্বি বঢ়া
  • টোপনি নোহোৱা
  • বেছি ঘাম ওলোৱা
  • গেছ, বদহজমী হোৱা আদি ।

সন্তুলিত কেনেকৈ কৰিব পাৰি

যিমান পাৰি কেফেইনৰ মাত্ৰা কমাই দিয়া, যেনে- কফি, চাহ কম পৰিমাণে সেৱন কৰিব । নিজৰ খাদ্যত নাৰিকলৰ তেল ব্যৱহাৰ কৰা । যোগ, প্ৰাণায়াম, জিম, খোজ কঢ়া আদি নিয়মিতভাৱে কৰা ।

  • স্বাস্থ্যসন্মত খাদ্য খাওক, যেনে- গাজৰ, ব্ৰ’কলি, সেউজীয়া শাক-পাচলি খোৱাৰ অভ্যাস কৰক ।
  • গ্ৰীনটি খাব পাৰে ।
  • শুকান ফল –মূল আদি খোৱা ।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে ।
  • ওটছ খাব লাগে ।
  • দৈ গাখীৰ খোৱাৰ উপৰি খাদ্য তালিকাত আদা, নহৰু, জীৰা আদি অন্তৰ্ভুক্ত কৰিব পাৰে ।

লেখক:- নৱজ্যোতি বৈশ্য

উৎস :- দেওবৰীয়া সম্ভাৰ

পুৱাৰ আহাৰত কি খোৱা উচিত

আমাৰ প্ৰতিগৰাকীৰ বাবে পুৱা গ্ৰহণ কৰা আহাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ । কিয়নো গোটেই ৰাতিটো প্ৰায় ১২ ঘণ্টা বা ইয়াতকৈ অধিক সময় একো নোখোৱাকৈ থকাৰ পাচত শৰীৰটোক কোনো পোষকত্বৰ প্ৰয়োজন হয় । এনে অৱস্থাত এই প্ৰয়োজন পুৱা গ্ৰহণ কৰা আহাৰেই যোগান ধৰে । তদুপৰি সাৰ পোৱাৰ পাচত মস্তিষ্কই যিখিনি কাম দিনটোৰ বাবে কৰিব তাৰ বাবে গ্লুক’জ’ৰ মাত্ৰাক সন্তুলিত কৰে । লগতে পুৱাৰ আহাৰে স্মৰণশক্তি অধিক বল প্ৰদান কৰাৰ লগতে ওজন সঠিক কৰি ৰখাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । পুৱাৰ আহাৰ গ্ৰহণৰ ফলত উচ্চ ৰক্তচাপ, হৃসৰোগ আৰু মধুমেহ আদিৰ পৰা আক্ৰান্ত হোৱাসকলৰ বাবেও যথেষ্ট উপকাৰী । কিন্তু কেনে হোৱা উচিত পুৱাৰ আহাৰ ? খাদ্য বিশেষজ্ঞসকলৰ মতে পুৱা গ্ৰহণ কৰা আহাৰ, পুৱা শুই উঠাৰ ঠিক দুঘণ্টাৰ ভিতৰত গ্ৰহণ কৰিব পাৰে । কিন্তু কি খাব ? দিনটোৰ আৰম্ভণি কৰা আহাৰত থাকিব লাগে কেলচিয়াম, আয়ৰন, প্ৰ’টিন ফাইবাৰ তথা ভিটামিন আদি খাদ্যপ্ৰাণ তথা পোষকতত্বৰে ভৰপূৰ । অধিকসংখ্যকে গ্ৰহণ কৰা চেনি, মাখন, ঘিউ , তেল আদিৰে ভৰা খাদ্যসমূহ নিতান্তই সমস্যা সৃষ্টিৰ কাৰক । এইবোৰ খাদ্যত অধিক মাত্ৰাত কেলৰি থকা বাবে শকত হোৱাৰ সম্ভাৱনাই অধিক ।

মিঠা কমাই খাওক

এটা ভাল স্বাস্থ্যৰ বাবে পুৱাৰ আহাৰৰ সময়ছোৱাৰ পৰাই মিঠা কমাই আনিব লাগিব । এনে৩ সামগ্ৰী বাছনি কৰিব লাগিব যেন তাত ফাইবাৰ আৰু কাৰ্ব’হাইড্ৰেট সম্পূৰ্ণৰুপে থাকে । সদায় একে ধৰণৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক । পুৱাৰ আহাৰত বিবিধতা থকাৰ প্ৰয়োজন । অলপ অলপ মাত্ৰাত কেইবাবিধো খাদ্যসামগ্ৰী গ্ৰহণ কৰিব পাৰিলে ভাল । যেনে- দালিয়া, ফলৰ চালাদ, ঘেঁহুৰ ৰুটী, মাল্টি গ্ৰেন ব্লেড, অংকুৰিত দাইল, পাচলিৰ চেণ্ডুইছ, মাকৈ, চৰ্বিযুক্ত গাখীৰ, দৈ বা লাচ্চি, কটেল চীজ কল আদি । আনহাতে পেষ্ট্ৰী, ঘিউত ভজা পৰঠা, ব্ৰেড, মাখন আদি নোখোৱাই ভাল । তদুপৰি পুৱাৰ আহাৰ ল’ৰা-ছোৱালী তথা কিশোৰ-কিশোৰীসকলৰ বাবেও স্বাস্থ্যসন্মত হোৱাটো আটাইতকৈ অধিক প্ৰয়োজনীয় । বিভিন্ন ধৰণৰ খেল-ধেমালি আৰু পঢ়া-শুনাত জড়িত হৈ থকা তেওঁলোকে সুন্দৰভাৱে আগুৱাব পাৰে । আনহাতে সঠিক আহাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাম কৰাৰ একাগ্ৰতা বৃদ্ধি পোৱাৰ উপৰি খিংখিঙীয়া হোৱাৰ পৰা হাত সাৰি থাকে । ভাগৰুৱা অনুভৱ নকৰা আৰু সুস্থ মন- মগজুৰ অধিকাৰী হয় । মুঠতে বয়সিয়ালেই হওক বা কিশোৰ-কিশোৰী বা শিশু সকলোৰে বাবে পুৱাৰ আহাৰ স্বাস্থ্যসন্মত হোৱা প্ৰয়োজন ।

উৎস :- দেওবৰীয়া সম্ভাৰ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top