মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুস্বাদু আৰু পুষ্টিকাৰক ফল কঁঠালঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাদু আৰু পুষ্টিকাৰক ফল কঁঠালঃ

কঁঠাল অসমৰ লোকৰ এক অতি পৰিচিত ফল। ই বৰ্ষাকালীন

কঁঠাল অসমৰ লোকৰ এক অতি পৰিচিত ফল। ই বৰ্ষাকালীন হোৱাত মাথোঁ দুটামান মাহৰ ভিতৰতহে পোৱা যায়। অসমৰ মাটি আৰু পৰিৱেশ ইয়াৰ খেতিৰ বাবে অতি উপযোগী। ইয়াৰ গা-গছ, ডাল, পাত আদিৰ সুকীয়া সুকীয়া ব্যৱহাৰ আছে। ই গছ খৰি আৰু উত্তম ব্যৱহাৰ্য কাঠৰূপেও খ্যাত। ইয়াৰ গছ ফালি সাধাৰণতে তক্তাৰ ৰূপত বাহিৰ কৰা হয়। পূৰঠ গছৰ তক্তাৰ ৰং আকৰ্ষণীয়, হালধীয়া হোৱাত এনে কাঠেৰে তৈয়াৰী ফাৰ্ণিচাৰত ৰং নঘঁহিলেও হয়। তাতেই পূৰঠ কাঠ ঘূণ-পোকে নধৰে আৰু পাতল হোৱাত কঢ়িয়াবলৈও ভাল। ইয়াৰ পাত গৰু, ছাগলী আদিৰ প্ৰিয় খাদ্য। ইয়াৰ ফল বেছিভাগ লোকৰে প্ৰিয়। কাৰণ সাধাৰণ লোকৰ দৃষ্টিত ই এক সুস্বাদু আৰু উদৰ পূৰাব পৰা খাদ্য। লগতে ইয়াৰ এক মোহনীয় গোন্ধও থাকে। এই গোন্ধ পকা কঁঠালৰ এক সুকীয়া বৈশিষ্ট্য, যাৰ প্ৰতি কেৱল মানুহেই নহয়, গৰু, ছাগলী, ভেনামাখি, আনকি বৰল আদিও আকৰ্ষিত হয়। ইয়াৰ গোন্ধে গৰুক এনেভাৱে আকৰ্ষিত কৰে যে গোন্ধৰ আমেজ বিলোৱাৰ ব্যৱস্থা কৰিলে গৰু নেখেদাকৈয়ে পিছে পিছে গৈ থাকিব।

অসমীয়াৰ চিনাকি আৰু প্ৰিয় ফল হোৱাৰ বাবেই ইয়াক লৈ পুৰণি কালৰ পৰাই আমাৰ গ্ৰাম্য সমাজত নানা সাঁথৰ, প্ৰবচন আদিৰ সৃষ্টি হৈ আহিছে। তাৰে বহুল প্ৰচলিত সাঁথৰটোৰ কথানো কোনে নাজানে ?  সেই যে ‘ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা।‘ নাজানিলে পিছে এই সাঁথৰৰ অৰ্থভেদ সহজ নহয়। তেনেকৈ ইয়াৰ এঠা, পকা অৱস্থাত গাত ঢকিয়াই দিলে ওলোৱা শব্দ আদিৰ দিশতো পূৰ্বৰ মানুহে বিভিন্ন চিন্তা-চৰ্চা কৰাৰো নিদৰ্শন পোৱা যায়। এঠাৰ ক্ষেত্ৰত- হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ এঠাই সাক্ষী, গছত কঁঠাল ওঁঠত তেল, নৌখাওঁতেই ছেলবেল, কঁঠালৰ এঠা লগাদি লগা, উদৰত গেছ জমা হৈ পেট ফুলি থকা অৱস্থাত পেট টুকুৰিয়াই দিলে ওলোৱা শব্দক পকা কঁঠাল বজাদি বজা আদি আভিধাৰে প্ৰকাশ কৰা হয়। কঁঠাল অৱশ্যে কেইবা প্ৰকাৰৰো পোৱা যায়, যেনে- গছ কঁঠাল, পাত কঁঠাল, চাম কঁঠাল ইত্যাদি। এইখিনিৰ উপৰি মাটি কঁঠাল নামৰ এবিধ কঁঠালো পোৱা যায়। পিছে ইয়াক প্ৰকৃত কঁঠালৰ শাৰীত অন্তৰ্ভুক্ত কৰা নহয়। কঁঠাল পকা অথবা কেঁচা, দুয়ো অৱস্থাতে খাব পাৰি। অৱশ্য এবিধ কেঁচাই খোৱা কঁঠালো পোৱা যায়, যাক পকাই খোৱাতকৈ কেঁচাই খালেহে অধিক তৃপ্তি পোৱা যায়। এনে কঁঠাল পকিলেও সাধাৰণ কঁঠালৰ দৰে হালধীয়া আৰু ঢিলা নহয়। পাত কঁঠাল আৰু চাম কঁঠাল আকাৰত সৰু আৰু গছত লাগেও বেছিকৈ। কেঁচাই খোৱা কঁঠালৰ ফোটবোৰ সাধাৰণভাৱে খোৱাৰ বাহিৰেও প্ৰসাদৰ লগত ফলাহাৰ ৰূপে দিয়া হয়। পূৰঠ কঁঠাল পকাই খোৱাৰ নিচিনাকৈ মুচি অৱস্থাত জুতি লগাই ৰান্ধি খাব পাৰি। তেনেকৈ পকা কঁঠালৰ গুটিবোৰ উলিয়াই পুৰি, দাইলত দি বা ভাজি তৰকাৰী কৰি খাব পাৰি। এই গুটিবোৰ যথেষ্ট পুষ্টিকৰো।

কঁঠাল সুস্বাদু তথা সুমিষ্ট ফল হ’লেও আৰু খোৱাৰ মন থাকিলেও কিন্তু কিছু লোকে পকা কঁঠাল খাবলৈ ইচ্ছা নকৰে। কাৰণ এনে কঁঠাল খালে সততে গৰম উঠে। এনে হোৱাৰ কাৰণ হৈছে আমি খোৱাত সতৰ্কতা অৱলম্বন নকৰা। মিঠা আৰু ঢিলা পাই নচোবোৱাকৈ গিলি খোৱাৰ হেতুকে বিপাকীয় কাৰ্যত বেমেজালি ঘটাৰ বাবেই এনে ঘটে। কিন্তু কেঁচা কঠাল চোবাই খোৱাৰ হেতুকে তেনে অসুবিধা নহয়। এতিয়া কঁঠালত কি পুষ্টি উপাদান পোৱা যায় চোৱা যাওক। ইয়াৰ প্ৰতি ১০০ গ্ৰাম খাদ্যোপযোগী অংশত থকা পুষ্টি উপাদানবোৰ এনে-

উপাদান

পৰিমাণ

পানী

৭৬.২ গ্ৰাম

শক্তি

৮৮ কেলৰি

প্ৰ’টিন

১.৯ গ্ৰাম

কাৰ্ব’হাইড্ৰেট

১৯.৮ গ্ৰাম

স্নেহ পদাৰ্থ

০.১ গ্ৰাম

কেলছিয়াম

২৫ মিলিগ্ৰাম

আইৰণ

০.৫ মিলিগ্ৰাম

 

ভিটামিন-

২৯২ আই ইউ

বি১

০.০৩ মিলিগ্ৰাম

বি২

০.৭৪ মিলিগ্ৰাম

চি

৭.০ মিলিগ্ৰাম

 

কঁঠাল যে এবিধ পুষ্টিকাৰক ফল সেই কথা তালিকাৰ পৰাই ওলাই পৰে। তালিকাৰ পৰা এইটো স্পষ্ট হয় যে ইয়াত যথেষ্ট পৰিমাণে শক্তি, কাৰ্ব’হাইড্ৰেট আৰু কেলছিয়ামৰ দৰে লাগতিয়াল দ্ৰব্যৰ উপৰি কেইবাবিধ ভিটামিনো থাকে। ভিটামিনৰ ভিতৰত আকৌ ভিটামিন ‘এ’ৰ পৰিমাণ অধিক। কোৱা বাহুল্য এইবিধ ভিটামিন আমাৰ দৃষ্টিশক্তি অটুট ৰখাৰ বাবে অত্যন্ত জৰুৰী। ইমানবিলাক গুণ থাকিলেও ইয়াৰ কাৰ্ব’হাইড্ৰেট ভাগত শৰ্কৰাৰ পৰিমাণ বেছি থকাৰ হেতুকে মধুমেহ ৰোগীৰ বাবে ই উপকাৰী ফল বুলিব নোৱাৰি। বাকী অন্য লোকে ইয়াক কেঁচাই, পকাই, পিঠাগুড়ি-সান্দহগুড়িৰ লগত বা ভাত-জলপানৰ লগত ইয়াক সানি খাব পাৰে। পকা কঁঠালৰ ফোট ভালকৈ শুকুৱাই বহুদিনলৈ খোৱাৰ উপায়ো কৰিব পৰা হয়। মুঠতে বতৰৰ ফল বুলি ধৰি সকলো লোকেই যিকোনো ৰূপত কম-বেছি পৰিমাণে কঁঠাল উপভোগৰ আমেজ ল’ব পাৰে, কেৱল খোৱাৰ ইচ্ছা থাকিব লাগিব।

লেখকঃ অৰ্পণ দত্ত

উৎস:অসমীয়া খবৰ

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top