মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুস্বাস্থ্যৰ বাবে নিয়ন্ত্ৰণ কৰক কলেষ্টেৰল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে নিয়ন্ত্ৰণ কৰক কলেষ্টেৰল

সুস্বাস্থ্যৰ বাবে নিয়ন্ত্ৰণ কৰক কলেষ্টেৰল, ৰ বিষয়ে লিখা হৈছে ।

আমাৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে উপচিতি (Anabolism) আৰু অপচিতিৰ (Catabolism) ওপৰত। আমি খোৱা খাদ্য সমূহ বিপাকৰ অন্তত শৰীৰত সঞ্চিত হোৱাক উপচিতি বোলা হয় । শাৰিৰীক শ্ৰম তথা অঙ্গ-প্ৰত্যঙ্গই কাম কৰাৰ সময়ত সঞ্চিত খাদ্যৰ ৰাসায়নিক পৰিৱৰ্তন হৈ কোষক শক্তি যোগান ধৰাক অপচিতি (Catabolism) বোলা হয়। অপচিতিৰ কাৰণে শৰীৰৰ উত্তাপ , সঞ্চালন ,গ্ৰন্থিৰ পৰা ৰসায়ন নি:সৰণ আৰু স্নায়ুমণ্ডলৰ কাৰ্য্য সম্পাদন সুকলমে হয় । আমাৰ শৰীৰৰ কলেষ্টৰল হ্ৰাস-বৃদ্ধি নিৰ্ভৰ কৰে এই উপচিতি আৰু অপচিতি অৰ্থাৎ খাদ্য গ্ৰহণ আৰু শাৰীৰিক শ্ৰমৰ সমানুপাতিকতাৰ ওপৰত নিৰ্ভৰ কৰি।

কলেষ্টেৰল দুই প্ৰকাৰৰ :-
(১) ভাল কলেষ্টেৰল (HDL)- ৰক্তবাহী নলী পৰিস্কাৰ কৰে আৰু বেয়া কলেষ্টেৰলক দমন কৰি ৰাখে।
(২) বেয়া কলেষ্টেৰল (LDL)- এইবিধ কলেষ্টেৰল বৃদ্ধি হলে ৰক্তবাহী নলীত সঞ্চিত হ'বলৈ ধৰে। কলেষ্টেৰলৰ পৰিমাণ কম বা বেছি হলে নানান প্ৰকাৰৰ ৰোগ উৎপত্তি হয়।

কলেষ্টৰল বঢ়াৰ কাৰণ

(১) ঘৰচীয়া জন্তুৰ মাংস, ব্ৰইলাৰ মূৰ্গী , কণী ইত্যাদি প্ৰোটিন খাদ্য বেছিকৈ খোৱা। বিপাকৰ অন্তত জন্তুৰ প্ৰোটিন কলেষ্টেৰলৈ পৰিৱৰ্তন হয়।
(২) ঘিউ , মাখন ,ক্ৰীম, পনীৰ আৰু বনস্পতি ঘিউ আদি সম্পৃক্ত ( Saturated fat) খাদ্যৰ অন্তৰ্গত ধৰা হয়। কাৰণ এইবোৰ সহজে গোটমাৰে । এনে খাদ্য বেছিকৈ খালে বিপাকৰ অন্তত কলেষ্টৰলৈ পৰিবৰ্তন হয়।
(৩) নাৰিকল তেল আৰু কভলিভাৰ অইল অৰ্দ্ধসম্পৃক্ত (Semi Saturated) বা অৰ্দ্ধ গলিত খাদ্য। এনেধৰণৰ খাদ্য বেছিকৈ খালে বিপাকৰ অন্তত কলেষ্টৰলৈ পৰিৱৰ্তন হয় ।
(৪) খোৱা খাদ্যৰ তুলনাত শাৰীৰিক পৰিশ্ৰম কম হলেও তেজত কলেষ্টৰল বৃদ্ধি পায় । সেয়েহে শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তিৰ তেজত সহজেই কলেষ্টৰল বৃদ্ধি হয় ।
(৫) দিনত আহাৰ দুই-তিনিবাৰ খালেও তেজত কলেষ্টৰল বৃদ্ধি পায়। আমাৰ খোৱা খাদ্য চাৰিঘন্টাত হজম হয় । আহাৰ খোৱা সময়ৰ ব্যৱধান বাঢ়িলে খাদ্যনলী সম্পূৰ্ণ খালি হৈ পৰে আৰু এনে অৱস্থাত খাদ্য খালে ক্ষুদ্ৰান্ত্ৰত সম্পূৰ্ণৰূপে শোষণ হয়। ফলস্বৰূপে তেজত কলেষ্টৰল বৃদ্ধি পায়‌। তাৰোপৰি যকৃত, পিত্তাশয় আৰু অগ্ণাশয়ত অধিক চাপ পৰে‌‌ বাবে এই গ্ৰন্থি সমূহৰো ক্ষতিসাধন হয়।
ইয়াত সংক্ষেপে উল্লেখ কৰা কাৰণ বোৰৰ বাবেই তেজত দিনক দিনে কলেষ্টৰলৰ পৰিমাণ বাঢ়িবলৈ ধৰে ।

কলেষ্টৰল বঢ়াৰ লক্ষণ

তেজত কলেষ্টৰল বঢ়াৰ কাৰণে সিৰা-ধমনীৰ ভিতৰৰ বেৰত ক্ৰমে কলেষ্টৰল গোটমাৰি সঞ্চিত হোৱাক গোলযোগ (Thrombophlebitis) বোলে। তাৰোপৰি সিৰা-ধমনীৰ ভিতৰৰ বেৰত কলেষ্টৰল সঞ্চিত হোৱা বাবে সিৰা-ধমনীৰ ফুটাৰ আকাৰ ঠেক বা সৰু হবলৈ ধৰে আৰু স্থিতিস্থাপকতা হ্ৰাস পায় ‌। এই কাৰণত সিৰা-ধমনীত হোৱা অৱৰোধৰ বাবে শৰীৰত ৰক্তসঞ্চালন সথিক ভাৱে হব নোৱাৰে বাবে অক্সিজেনৰো অভাৱ ঘটে। সেয়েহে ভাগৰ লাগে, দূৰ্বল অনুভৱ হয়, শ্বাস-প্ৰশ্বাস ঘন হয়, হামি আহে‌ । সামান্য পৰিশ্ৰম কৰিলেই বুকু ধপধপাই , হৃদপিণ্ডৰ বিষ হয় ,ফোপনী উঠে আৰু ভাগৰ লাগে‌। উচ্চ ৰক্তচাপত ভোগে আৰু সিৰা-ধমনীৰ অৱৰোধ ৭০% ৰ বেছি হলেই যিকোনো মূহুৰ্তত হাৰ্টষ্ট্ৰোক হব পাৰে। এজন মানুহৰ শৰীৰত সাধাৰণতে কলেষ্টেৰল ২০০ থাকিব লাগে , ২৪০ তকৈ বেছি থাকিলে বিপদ জনক হয়।

কলেষ্টেৰল নিয়ন্ত্ৰণৰ আহাৰ-বিহাৰ

আমি সামান্য সচেতন হলেই কলেষ্টৰল নিয়ন্ত্ৰণ কৰিব পাৰো। তলত উপায়সমূহ উল্লেখ কৰা হল।
(১) সদায় আহাৰ ছয়বাৰ খাব । পূৱা ৬ বজাত , ১০ বজাত, আবেলি আৰু সন্ধিয়া পৰত নাম মাত্ৰ আহাৰ । দূপৰীয়া আৰু ৰাতি আহাৰ ১৫-২০ %কমাই খাব ।
(২) সদায় পানী ৪ লিটাৰ খাব ।
(৩) মাংস, কণী নাখাব বা খালেও কমকৈ খাব । ঘি , মাখন ,বনস্পতি ঘি আদি সংপৃক্ত তেল-চৰ্বি নাখাব । সৰিয়হ তেল বা তিল তেল খালে কলেষ্টৰল নাবাঢ়ে‌ ।
(৪) শাৰীৰিক শ্ৰম কৰিব । চাইকেল চলোৱা, সাতোৰা , জগিঙ আৰু নিয়মীয়াকৈ যোগাসন কৰাটো উপকাৰী‌। শাৰীৰিক শ্ৰম নকৰিলে কলেষ্টৰল বাঢ়িব ‌।
(৫) পূৱা খালি পেটত ৪-৫ ফুটা নহৰু বাকলি সহ গিলি খাব । নহৰুৰ বাকলি আৰু সাৰ অংশৰ মাজত তেল (volatile oil) থাকে । ক্ষুদ্ৰান্ত্ৰত নহৰু তেল শোষণ হব আৰু ই তেজত থকা কলেষ্টৰল নিয়ন্ত্ৰণ কৰিব ।
(৬) প্ৰতিদিনে ৩-৪ টা কাৰ্বাইদ নিদিয়িকৈ পকোৱা কল খাব । কলত থকা মেগনেছিয়ামে সিৰা-ধমনীত সঞ্চিত কলেষ্টৰল নাইকিয়া কৰাৰ উপৰিও তেজত থকা কলেষ্টৰল নিয়ন্ত্ৰিত কৰে ।
(৭) ভাত খোৱাৰ আগতে সদায় এটুকুৰা আদা খাব ।
(৮) প্ৰতি দিনে ২ চামুচ কেচা হালধিৰ ৰস খালে কলেষ্টৰল বাঢ়িব নোৱাৰে।
(৯) এসপ্তাহত এদিন উপবাস পালন কৰিলে কলেষ্টৰল নিয়ন্ত্ৰণ হয়।
(১০) তেতেলি টেঙা খালে কলেষ্টৰল আৰু শৰীৰৰ অতিৰিক্ত চৰ্বি কমে‌।
(১১) ৰাতিপুৱা আহাৰ ভালকৈ খালে কলেষ্টেৰল নাবাঢ়ে। ৰাতিপুৱা আহাৰ নাখালে বা কমকৈ খালে কলেষ্টেৰল বাঢ়ে ‌।
(১২) ভিটামিন-চি বিশিষ্ট আহাৰ তথা ফল-মূল বেছিকৈ খাব। বিলাহী , সুমথিৰা , নেমূ , পালেং আদিত থকা পেক্টিনে (pectin) কলেষ্টেৰল আগুৰি ৰাখি তেজত মিলিত হোৱাত বাধা প্ৰদান কৰে।
(১৩) গাজৰ আৰু বিন জাতীয় পাচলি বেছিকৈ খালে কলেষ্টেৰল নিয়ন্ত্ৰণ হৈ থাকে।এই নিয়ম মানিলে ৩ মাহৰ ভিতৰত হাই প্ৰেচাৰ আৰু হাৰ্টৰ ৰোগ বিনা ঔষধত ৪০% উপসম হব ।
আয়ুৰ্বেদিক চিকিৎসা:-
(১) NAVAK GUGULU নাইবা SUDH GUGULU :- যিকোনো এবিধৰ দুটাকৈ টেবলেত দিনে তিনিবাৰ আহাৰৰ পিছত খাব।
(২) LAVAN BHASKAR CHURNA :- এচামুছকৈ দিনে দুবাৰ আহাৰৰ পিছত খাব। দুয়োবিধৰ ঔষধ তিনিমাহ খাই " লিপিড প্ৰফাইল টেষ্ট"কৰিব আৰু প্ৰয়োজন সাপেক্ষে আৰু কিছুমান দিন খাব । ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে খাব ।

লেখক :- ডা: মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top