মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুস্বাস্থ্যৰ বাবে ভিটামিন বি কমপ্লেক্স
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে ভিটামিন বি কমপ্লেক্স

সুস্বাস্থ্যৰ বাবে ভিটামিন বি কমপ্লেক্সৰ বিষয়ে লিখা হৈছে

 

ভিটামিন বি কমপ্লেক্সত কেইবাবিধো ভিটামিন থাকে আৰু সেই ভিটামিনবিলাকৰ মাজত নিবিড় সম্বন্ধ থকাৰ কাৰণে ইয়াক “ভিটামিন বি কমপ্লেক্স” বোলা হয়। ভিটামিন বি কমপ্লেক্সৰ পৰিয়ালটোৱে শৰীৰত একেলগে কাম কৰে। তলত কেইবিধমানৰ Vitamin B Complex-ৰ বিৱৰণ দিয়া হ’ল।

ভিটামিন B1 (Thiamine)

 

এই ভিটামিন মানুহৰ শৰীৰৰ কাৰণে অতি আৱশ্যক। ঢেঁকীত বনা চাউল, মুগা বৰণৰ আটা, সতেজ ফল-মূল, সতেজ শাক-পাচলি, কণী আদিত এই ভিটামিন থাকে। অন্য ভিটামিনৰ দৰে এই ভিটামিন শৰীৰত মজুত নাথাকে কাৰণে প্রতিদিনৰ খাদ্যৰ তালিকাত এই ভিটামিন থাকিব লাগে৷ খাদ্য প্রস্তুত কৰোঁতে ছ’ডা বা খাৰ ব্যৱহাৰ কৰিলে এই ভিটামিন সহজে নষ্ট হয়। কম বয়সৰ ল’ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰ এই ভিটামিন বেছি পৰিমাণে প্রয়োজন হয়। মানৱ শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে বেৰিবেৰি ৰোগত ভোগে।

ভিটামিন B2(Riboflavin)


গাখীৰ, কণী, সেউজীয়া শাক-পাচলিত এই ভিটামিন পোৱা যায়। এই ভিটামিন বেছি পৰিমাণৰ পানী দি খাদ্য ৰান্ধিলে সহজে নষ্ট হয়। আমাৰ খাদ্যত vitamin B2 বা Riboflavin কম হ’লে বা নাথাকিলে মুখৰ দুই ওঁঠৰ চুকত ঘাৰ সৃষ্টি হয়। মুখ মেলাত কষ্ট হয়। জিভাৰ বং বগা হয়, হজম শক্তি কমি যায়।

 

নিকটনিক এচিড(Niacin)


আমাৰ শৰীৰৰ ছালৰ কাৰণে Niacin-ৰ প্রয়োজন হয়। ইয়াৰ অভাৱ হ'লে ছালৰ মসৃণতা নোহোৱা হয়। ৰোগ পুৰণা হ’লে ছাল খহতা হয়। ছালৰ ৰং সলনি হয়। জিভাত ঘা হয়। মূৰ ঘূৰায়। এই ৰোগক বাধা দিয়া সহজ। যিকোনো পুষ্টিকৰ খাদ্যত এই ভিটামিন থাকে। গাখীৰ, কণী, মাছ, মাংস, সেউজীয়া শাক-পাচলি আদিত প্ৰচুৰ পৰিমাণে Niacin বা Nicotinic Acid পোৱা যায়।

 

ভিটামিন B12

 

শৰীৰত তেজৰ ৰক্তকণিকা উৎপাদন কৰিবলৈ Vitamin B12 ৰ প্রয়োজন হয়। ইয়াৰ অভাৱ হ'লে শৰীৰ ৰক্তহীনতা (Anaemia) ৰোগত ভোগে। ৰোগীয়ে গাত বিষ অনুভৱ কৰে। ৰোগ বেছি হ’লে পেৰালাইছিছ হ’ব পাৰে।

শৰীৰত Macrocytic anaemia হ’লে Vitamin B12 যুক্ত খাদ্য খাব লাগে। Pernicious anaemia ৰোগত Vitamin B12 ৰ বেজি (Injection) দিলে ৰোগ ভাল হয়।

প্রাণীজ খাদ্যই হ’ল ভিটামিন B12 ৰ মূল উৎস। এনে খাদ্য তালিকাত গাখীৰো অন্তর্ভুক্ত কৰিব লাগিব। নিৰামিষভোজীৰ শৰীৰত এইবিধ ভিটামিনৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়। নিৰামিষ আৰু আমিষাহাৰীৰ মাজত বহুতো পার্থক্য পৰিলক্ষিত হ’লেও মূলতঃ ভিটামিন B12 ৰ ক্ষেত্ৰত বিশেষ পার্থক্য ফুটি উঠে। যিসকল নিৰামিষভোজী তেওঁলোকে প্রাণীজ  প্ৰ’টিনৰ পৰা উৎপন্ন হোৱা ভিটামিন B12 আহৰণ কৰিব নোৱাৰে। ভিটামিন B12 আৰু ফলিক এচিডে শৰীৰত এমাইনো এচিডক পর্যায়ক্ৰমে মেঠিঅ’মিন ছিষ্টিনলৈ ৰূপান্তৰিত কৰাত বিশেষ ভূমিকা গ্রহণ কৰা দেখা যায়।

প্রকৃতিৰ বিভিন্ন উপাদানেৰে সমৃদ্ধ বিশাল ভাণ্ডাৰত মানুহৰ স্বাস্থ্য ৰক্ষাৰ সকলো উপাদান পোৱা যায়। প্রকৃতিৰ পৰা পোৱা খাদ্য-শস্য আৰু ফল-মূলক আমি খাদ্য বুলিহে জানো। কিন্তু এই খাদ্যবোৰ যে ভিটামিনেৰে ভৰপূৰ। সেই কথা আমি ভাবি নাচাওঁ। বিশেষকৈ ফল-মূল খোৱাত আমি গুৰুত্ব নিদিওঁ। নিজৰ বাৰীতে থকা মধুৰী, অমিতা, বগৰী, ৰবাব টেঙা, লেটেকু আদি আমদানিকৃত আপেল, আঙুৰ আদিতকৈ কম পুষ্টিকাৰক নহয়। এই ফলবিলাকত প্ৰচুৰ পৰিমাণে সকলো ধৰণৰ ভিটামিন পোৱা যায়।

 

লিখক: অনিল চন্দ্ৰ শৰ্মা, দৈনিক জনমভূমি।

 

2.97297297297
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top