মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুস্বাস্থ্যৰ বাবে সতেজ ফল-মূল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাস্থ্যৰ বাবে সতেজ ফল-মূল

স্বাস্থ্য ভালে থাকিবলৈ প্ৰত্যেকজন মানুহে ফল-মূল খোৱাটো যে আৱশ্যক সেই বিষয়ে ইয়াত বহলভাৱে লিখা হৈছে।

প্ৰকৃতিৰ পৰা পোৱা ফল-মূল আৰু খাদ্য শস্যই আমাৰ শৰীৰৰ উৎকৰ্ষ সাধনত বিশেষ ভূমিকা পালন কৰি আহিছে। ফল-মূল আৰু খাদ্য শস্যকে আদি কৰি সকলোবোৰকে আমি কেৱল খাদ্য বুলিহে জানো। কিন্তু সেইবিলাক খাদ্য যে আমাৰ সুস্বাস্থ্যৰ অতি প্রয়োজন সেই লৈ আমি সচেতন নহয়। অসমীয়াই প্রয়োজনীয় পৰিমাণৰ ফল-মূল নাখায়। এই লেখাত কেইবিধমান সহজলভ্য ফল-মূলৰ বিষয়ে আলোচনা কৰা হ’ল।

কল

কলত কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ পদার্থৰ উপৰি আঁহজাতীয় দ্রব্যও থাকে। কল নিয়মীয়াকৈ খালে বৃক্কৰ বেমাৰৰ পৰা ৰেহাই পাব পাৰি বুলি অভিজ্ঞসকলে মতপোষণ কৰে। দৃষ্টিশক্তি, দেহৰ ওজন, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত কল সহায়ক হয়। কল খালে কোষ্ঠকাঠিন্য আৰু ছালৰ বেমাৰৰ পৰা উপশম হয়। ভীমকলে তেজ গ্ৰহণী ভাল কৰে। পকা ভীমকল এটা পাতলকৈ চকলিয়াই ৰাতিটো তিয়াই থৈ পুৱা খালী পেটত এই কলৰ পানীখিনি খালে যকৃৎ সৰল হয় আৰু গেষ্ট্ৰিকো ভাল কৰে। ভীমকলৰ বাকলি শুকুৱাই পুৰি খাৰ তৈয়াৰ কৰা হয়। কল খাৰণি ভাতৰ লগত মিহলাই তেলত ভাজি ৰাতি শুবৰ সময়ত খালে  মাত বহি যোৱা ৰোগ ভাল হয়। ভীম কল, ম’হৰ দৈ, গুৰ কোমল চাউলৰ লগত খালে স্বাস্থা বঢ়োৱাত সহায় হয়। কিন্তু হাপানী ৰোগীয়ে এনে খাদ্য খালে ৰোগ বৃদ্ধি হয়। কলডিল এবিধ উত্তম পাচলি। পুৰা কলে পেটচলা ৰোগ ভাল কৰে।

কঁঠাল

এই ফলত প্ৰচুৰ পৰিমাণে আইৰন থাকে। ১০০ গ্রাম কঁঠালত পানী ৭৭.২ শতাংশ, ফাইবাৰ ১.১ শতাংশ, কেলচিয়াম ২০ মিলিগ্ৰাম, ফছফৰাছ ৩০ মিলিগ্রাম, আইৰন ৫০০ মিলিগ্রাম, কেলৰি ৮৪ মিলিগ্রাম, মিনাৰেল ০.৮ মিলিগ্রাম, ভিটামিন এ, ৫৪০ আই ইউ আৰু কেলৰি ৮৪ মিলিগ্রাম থাকে। হিম’গ্লবিনৰ পৰিমাণ কম হ’লে কঁঠাল বেছিকৈ খাব লাগে। শ্বাসতন্ত্ৰ আৰু পৰিপাক তন্ত্ৰৰ কাৰ্য স্বাভাৱিক কৰি ৰখাত এইবিধ ফলৰ ভূমিকা মন কৰিবলগীয়া। কঁঠালে শৰীৰৰ ক্লান্তি দূৰ কৰে। অৰুচি দূৰ কৰে আৰু হৃদপিণ্ডৰ গতি নিয়ন্ত্রিত কৰে।

মাটিকঁঠাল

এই বিধ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি আৰু চি পোৱা যায়। তদুপৰি কেলচিয়াম, ফছফৰাছ আৰু আইৰণো পোৱা হয়। প্ৰতি কিলোগ্ৰাম আনাৰসৰ পৰা ৫০০ কেলৰি শক্তি আহৰণ কৰিব পাৰি। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে তেজত চৰ্বিৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰে। সেই চৰ্বি ৰক্ত পৰিবাহী ধমনীৰ বেৰত জমা হৈ প্লাক তৈয়াৰ কৰে। প্লাকে ৰক্ত সঞ্চালনত বাধা দিয়ে। ফলত হৃদপিণ্ডই স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব নোৱাৰে। নিয়মিতভাৱে নহ’লেও এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এই ফল খালে ধমনীৰ পৰা প্লাকবোৰ এৰা খোৱাত সহায়ক হয়। আনাৰসে পেট পৰিষ্কাৰ কৰে, পানী লগা আৰু কাহ ভাল হয় আৰু কটা-ছিঙা ঘাত এটুকুৰা আনাৰস লগালে তেজ ওলোৱা বন্ধ হয়। ভোকত বা খালী পেটত কেতিয়াও আনাৰস খাব নালাগে।

মধুৰিআম

এই বিধ ফলৰ ১০০ গ্ৰামত থকা বিভিন্ন উপাদানৰ পৰিমাণ হ’ল এনেধৰণৰ— পানী ৮২.৫ শতাংশ, কার্বহাইড্রেট ১৪.৫ শতাংশ, প্রটিন ১.৫ শতাংশ, ফেট ০.২ শতাংশ, আইৰন ১ শতাংশ, মিনাৰেল ০.৮ শতাংশ, ফছফৰাছ ০.০৪ শতাংশ কেলছিয়াম ০.০১ শতাংশ, আইৰণ ১ শতাংশ, ভিটামিন বি আৰু চি ইত্যাদি। পকা মধুৰিআমত চি ভিটামিন কমি যায়। আধা পকা মধুৰিআম খালে কোষ্ঠকাঠিন্য দূৰ হয়। তেজ শোধনত সহায় কৰে। হজম শক্তি স্বাভাৱিক কৰে। কৃমি নাশ হয়। বুকুত কফ জমা হ’লে দূৰ হয় আৰু দাঁতৰ আলু মজবুত হোৱাৰ লগতে আলুৰ গুৰিয়েদি তেজ ওলোৱাও বন্ধ হয়।

অমিতা

পকা অমিতা নিয়মীয়াকৈ খালে অজীৰ্ণ, শাকস্থলীৰ ৰোগ, অৰ্শ, কোষ্ঠকাঠিন্য আদি ভাল হয়। কাঠআচিনাই, খৰ আদি বিভিন্ন চৰ্মৰোগত অমিতাৰ আঠা ব্যৱহাৰ কৰিলে সুফল পোৱা হয়। অমিতাত থকা কেৰাটিনৰ ঘা শুকোৱা আন কেনছাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা গুণ থাকে।

বেল

ই এবিধ ঔষধি গুণসম্পন্ন ফল। বেল খালে ক্ৰনিক ডিচেণ্টি, গেছ, এচিডিটি, ডায়েৰিয়া, নিউম'নিয়া ৰোগৰ পৰা উপশম লাভ কৰে। বেল শক্তি, বীর্য বর্ধকাৰক। ১০০ গ্রাম বেলত পানী ৬০ গ্রাম, চৰ্বি ০.৩ গ্রাম, কার্বহাইড্রেট ৩১ মিঃগ্রাম, প্রটিন ১ মিঃ গ্রাম, ফছফৰাছ ৫০ মিলিগ্রাম, কেলচিয়াম ৮৫ মিলিগ্রাম আৰু আইৰন ০.৬ মিলিগ্রাম থাকে।

তৰমুজ

আয়ুৰ্বেদ শাস্ত্ৰমতে তৰমুজ কফনাশক, জ্যোতি বর্ধক আৰু তৃষ্ণা নিবাৰক ফল। ইয়াত কার্বহাইড্রেট, প্রটিন, ভিটামিন, মেগনেচিয়াম, ছডিয়াম, পটাচিয়াম, ফছফৰাছ, আইৰন আৰুত কেলচিয়াম থাকে। গৰমৰ দিনত সদায় পুৱা-গধূলি এগিলাচকৈ তৰমুজৰ ৰস খালে অনিদ্ৰা, হিষ্টিৰিয়া, মস্তিস্কৰ গৰম ভাব আৰু  মানসিক অশান্তি বহুলাংশে লাঘৱ হয়। বৃক্কৰ পাথৰ, চৰ্মৰোগ, বাতবিষ, গাঁঠিৰ বিষ, মূত্ৰৰোগ, ৰক্তচাপ, কাহ আদিৰ পৰাও বহুখিনি পৰিত্ৰাণ পোৱা যায়। তৰমুজ খালে তেজ পৰিষ্কাৰ হয়। তৰমুজ খালী পেটত খাব নালাগে। তুৰমুজ খোৱাৰ পাছত কিছু সময়লৈকে পানী, গাখীৰ, দৈ আদি খাব নালাগে। হাপানী ৰোগত আক্ৰান্তসকলে নিয়মীয়াকৈ তৰমুজ খাব নালাগে।

বৰজামু

বৰজামুত প্ৰটিন, ফেট, কার্বহাইড্রেট, শর্কৰা, ফছফৰাছ, আইৰন, কেলচিয়াম, ভিটামিন এ, বি, চি থাকে। এইবিধ ফলে হজম শক্তি বৃদ্ধি কৰে, ভোক বৃদ্ধি কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে আৰু কাহ, ডায়েবেটিছ, লিভাৰৰ ৰোগ হোৱাৰ ক্ষেত্ৰত বাধা দিয়ে। ই তেজত হিমগ্ল’বিনৰ মাত্ৰাও স্বাভাৱিক কৰি ৰাখে।

জামু বেছিকৈ খালে সুষম আহাৰ গ্ৰহণ প্রক্রিয়াত বাধা জন্মে। জামুত এচিড থাকে। বেছিকৈ খালে এচিডিটি হোৱাৰ আশংকা বৃদ্ধি পায়। দাঁতৰো ক্ষতিসাধন হ’ব পাৰে। উচ্চ ৰক্তচাপ থাকিলে জামু খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত।

ওপৰত উল্লেখ কৰা ফলবিলাকত থকাৰ দৰে বগৰী, আম, অমৰা, লেতেকু , পনিয়াল, আমলখি, আটলাচ আদিত পুষ্টিকাৰক গুণ আছে। সতেজ ফল-মূল পৰা কিনি খোৱা কেইবা দিনৰ আগতে ছিঙা ফল-মূল সিমান পুষ্টিকাৰক নহয়। দীঘলীয়া পৰিবহণ আৰু অনুপযুক্ত সংৰক্ষণৰ অভাৱতে এনেবোৰ ফল-মূলত পুষ্টিকাৰৰ গুণ কম থাকে। সেয়েহে বাৰীৰ সতেজ ফল খোৱা ভাল।

লিখক: অনিল চন্দ্ৰ শৰ্মা, দৈনিক জনমভূমি।

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top