মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ পুষ্টিকৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ পুষ্টিকৰণ

স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ পুষ্টিকৰণৰ বিষয়ে লিখা হৈছে ।

 

স্কুললৈ নোযোৱাৰ আগলৈকে ল’ৰা- ছোৱালীবোৰ বিভিন্ন পুষ্টিহীনতাত ভোগে । অপুষ্টিকৰ খাদ্যৰ বাবেই তেওঁলোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে । তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু তেওঁলোকৰ শ্ৰীবৃদ্ধিত বাধা আহি পৰে ।

উন্নয়নশীল দেশত বেছিকৈ অপুষ্টিজনিত বেমাৰ প্ৰায়ভাগ ল’ৰা- ছোৱালীৰ মাজত দেখা যায় । এক গৱেষণাত এই সত্য ওলাই পৰিছে ।

গৱেষণাত ওলাই পৰিছে যে বেছিভাগ ল’ৰা-ছোৱালী পৰ্যাপ্ত পৰিমাণে পুষ্টি লাভ ক ইব পৰা খাদ্যৰ অভাৱত ভোগে ।

এইটো বাঢ়ি অহা ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ প্ৰখৰ হৈ পৰে । ইয়াৰ কাৰণ দুটা- দৰিদ্ৰতা, পুষ্টি সংক্ৰান্তীয় অধ্যয়নৰ অভাৱ ।

কণ কণ ল’ৰা-ছোৱালীবোৰ প্ৰথম ছমাহলৈ পৰিপূৰ্ণ পুষ্টি লাভ কৰে, কাৰন এই সময়খিনিত তেওঁলোকে মাতৃদুগ্ধ পান কৰি থাকে । ছমাহৰ পৰা বাৰ মাহৰ ভিতৰত তেওঁলোকৰ স্বাস্থ্যৰ শ্ৰীবৃদ্ধিৰ অৱনতি ঘটিবলৈ ধৰে ।

কাৰণ মাকৰ গাখীৰ খাবলৈ বন্ধ কৰি দিয়ে । সেই সময়ছোৱাত শিশুবোৰে ভাত, দাইল, মাহজাতীয় খাদ্য আদি খাবলৈ আৰম্ভ কৰে । কিন্তু লাগতিয়াল পুষ্টি লাভ কৰিব নোৱাৰে । আই চি এম আৰ-এ প্ৰস্তুত কৰি উলিওৱা পুষ্টি সম্বন্ধীয় এক লেখাত উল্লেখ কৰিছে যে আমেৰিকাৰ ল’ৰা-ছোৱালীতকৈ আমাৰ দেশৰ ল’অৰ-ছোৱালীবোৰৰ ওজন আৰু উচ্চতা তেনেই নগণ্য ।

উন্নত দেশৰ ল’ৰা-ছোৱালীবোৰে বাধ্যতামূলকভাৱে বেছি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে । খাদ্য আৰু পুষ্টিৰ সমীক্ষাত কোৱা হৈছে যে আমাৰ দেশত ল’ৰা-ছোৱালীবোৰে শ্ৰী বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টি লাভ কৰিবলৈ সক্ষম নহয় । শ্ৰী বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কেলৰি, প্ৰ’টিন, ভিটামিন – এ, ৰিঅ’ফ্লেভিন, ফ’লিক এচিড আৰু আইৰন ।

এইবোৰৰ অভাৱত ভোগা ল’ৰা- ছোৱালীয়ে আমাৰ দেশৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিৰুপ প্ৰভাৱ পেলোৱা দেখা গৈছে । অধিক দামৰ সন্তুলিত আহাৰতকৈ আমাৰ দেশৰ ল’ৰা-ছোৱালীবোৰে কম দামৰ সন্তুলিত আহাৰ গ্ৰহণ কৰা দেখা যায় । সন্তুলিত আহৰ অধিক দামত উপলব্ধ ।

১) গাখীৰ (প্ৰচুৰ পৰিমাণত), মাছ, মাংস

২) সন্তুলিত আহাৰ

৩) কম পৰিমাণে গাখীৰ, পশুজাত খাদ্য

৪) কম দামত উপলব্ধ সন্তুলিত আহাৰ

৫) অতি কম পৰিমানৰ গাখীৰ, অন্য সন্তুলিত খাদ্য (কম পৰিমাণে)

স্কুলৰ ল’ৰা-ছোৱালীৰ্ খাদ্য গেহণ – বৃদ্ধিত ইয়াৰ প্ৰভাৱ -

পশ্চিমীয়া দেশ আৰু জাপানৰ স্কুলত যোগান ধৰা খাদ্যবোৰ পুষ্টিসমৃদ্ধ আৰু ভাৰতবৰ্ষত এনেকুৱা খাদ্য যোগান এতিয়াহে আৰম্ভ হ’বলৈ ধৰিছে । আশা কৰা হৈছে অহা বা ৰ বছৰৰ ভিতৰত আঞ্চলিক প্ৰাপ্তি অনুযায়ী স্কুলীয়া ল’ৰা-ছোৱালীৰ পুষ্টিৰ খাদ্যৰ যোগান ধৰিব পৰা যাব ।

অভিভাৱকৰ পৰা লাভ কৰা তথ্য অনুযায়ী স্কুললৈ যোৱা ল’ৰা-ছোৱালীবোৰ সন্তুলিত পুষ্টি যোগানৰ পথত অমিল থাকি যায় । কিছুমান ঠাইত পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্য পোৱা যায় আৰু কিছুমান ঠাইত ইয়াৰ অভাৱ দেখা যায় ।

পুষ্টিৰ প্ৰয়োজন অনুসৰি আমেৰিকাত খাদ্য যোগান ধৰা হয় । গাখীৰ যোগানৰ পৰিমাণ য’ত কম আৰু অন্যান্য পুষ্টি যোগোৱা আহাৰসমূহ যেনে- পশুজাত প্ৰ’টিন অন্যান্য খাদ্যপ্ৰাণসমূহৰ  অভাৱ সূচীকৰণ প্ৰক্ৰিয়া বিৰল পদ্ধতিৰে যোগান ধৰি অহা হৈছে । যদিও ই পৰ্যাপ্ত নহয় । সেয়েহে বিকল্প পদ্ধতিৰে এই পুষ্টি যোগান ধৰা হয় ।

তেল-মাহজাতীয় শস্যৰ পৰা উৎপাদিত খাদ্যৰ প্ৰস্তুতি -

কেলৰি প্ৰতি ১০০ গ্ৰাম খাদ্যত ৮৪ ৰ পৰা ৮৪৭ কিলোকেলৰিলৈ হয় । খাদ্যত থকা জলীয় বাষ্প আৰু চৰ্বিৰ ওপৰত ভিত্তি কৰি এই হিচাপ উলিওৱা হয় ।

চৰ্বিৰ পৰিমাণ হয় ০.২% ৰ পৰা ৩.৩৮%, তাৰ লগত যোগ দিয়া উপৰি চৰ্বিৰ পৰিমাণে ইয়াক অধিক মাত্ৰা প্ৰদান কৰে । প্ৰ’টিন ২.০% ৰ পৰা ৮.৮% লৈ থাকে । ই নিৰ্ভৰ কৰে বাষ্প আৰু মাহজাতীয় শস্যৰ পৰিমাণৰ ওপৰত ।

মাহজাতীয় শস্যৰ ৰন্ধন -

১০০ গ্ৰাম্য মাহজাতীয় খাদ্যত কেলৰিৰ মূল্য ১৫ ৰ পৰা ১৯২ কিলোকেলৰি হয় । ইয়াৰ মাত্ৰা নিৰ্ভৰ কৰে ইয়াত থকা বাষ্পৰ ওপৰত । চৰ্বিৰ পৰিমাণ ইয়াত ০.৫ ৰ পৰা ১০.৯% থাকে । অৱশ্যে এইটো নিৰ্ভৰ কৰে অতিৰিক্ত চৰ্বিৰ মিশ্ৰণৰ ওপৰত ।

চৰ্বিৰ পৰিমাণ ইয়াত ০.৪ ৰ পৰা ৯.৫% লৈ থাকে । জলীয় বাষ্পৰ পৰিমাণত ই নিৰ্ভৰ কৰে ।

শাক-পাচলিৰ ৰন্ধন -

শাক-পাচলিত চৰ্বিৰ পৰিমাণ ৬.২ ৰ পৰা ২৩.৮% থাকে । ইয়াত কেলৰি প্ৰতি ১০০ গ্ৰামত থাকে ১১০ ৰ পৰা ২২৬ কিলোকেলৰি । অৱশ্যে ই নিৰ্ভৰ কৰে অতিৰিক্ত চৰ্বিৰ পৰিমাণৰ ওপৰত । প্ৰ’টিনৰ পৰিমাণ নিৰ্ভৰ কৰে মাহজাতীয় শস্যৰ পৰিমাণৰ ওপৰত । ই ২, ৭ ৰ পৰা ৬ % পৰ্যন্ত থাকে ।

ই নিৰ্ভৰ কৰে খাদ্যত মাহজাতীয় শস্যৰ পৰিমাণৰ ওপৰত । কেলচিয়ামৰ পৰিমান হয়গৈ ০.০৪ ৰ পৰা ০.৫% লৈ । ভিটামিন –এৰ মূল্য ২০ ৰ পৰা ৬৯৩৪ (আই ইউ ) । ভিটামিন –চিৰ পৰিমাণ হয় ২২.৫ মিলিগ্ৰামৰ পৰা ১৮২ মি:গ্ৰামলৈ প্ৰতি ১০০ গ্ৰাম প্ৰস্তুতি খাদ্যত ।

গাখীৰ মিহলি খাদ্যৰ প্ৰস্তুতি -

গাখীৰ মিহলি খাদ্যত কেলৰিৰ মাত্ৰা প্ৰতি ১০০ গ্ৰামত ১৮ ৰ পৰা ১৬৪ কিলোকেলৰিলৈ থাকে । ই নিৰ্ভৰ কৰে তেনেকৈ প্ৰস্তুত কৰা খাদ্যৰ লগত কিমান পৰিমাণৰচেনি মিহলোৱা হয় । ইয়াত প্ৰ’টিনৰ পৰিমাণ ০.৩৫ ৰ পৰা ৫.৫% লৈ থাকে । ই গাখীৰৰ মাত্ৰা আৰু মানৰ ওপৰত নিৰ্ভৰ কৰে । পায়সৰ ক্ষেত্ৰত গাখীৰেই প্ৰ’টিনৰ যোগান ধৰে ।

কেলচিয়ামৰ পৰিমাণ ০.০৪ ৰ পৰা ০.২১% । অৱশ্যে ই নিৰ্ভৰ কৰে গাখীৰৰ পৰিমাণৰ ওপৰত ।

কণী, মাছ ,মাংসৰ প্ৰস্তুতি -

এই তিনিবিধ আহাৰ প্ৰস্তুতিত কেলৰিৰ পৰিমাণ ১১৪ ৰ পৰা ১৮.৩% থাকে । ইয়াত প্ৰ’টিনৰ উপ থিতি ৯.১ ৰ পৰা ১৭.৫% লৈ থাকে । অৱশ্যে ই নিৰ্ভৰ কৰে ইয়াত থকা বাষ্পৰ ওপৰত । এইক্ষেত্ৰত ছাগলীৰ মাংসৰ লগত ভাত বা পোলাও নিহিত থাকে ৬.০% প্ৰ’টিন । প্ৰয়োজনীয় মাত্ৰাৰ খাদ্যত ইচ্ছানুসৰি প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি কৰি ল’ব পাৰি ।

ইয়াত থাকিব লাগিব (Protetive Food) । ই সকলো প্ৰকাৰৰ খাদ্যজনিত উপাদানসমূহ শৰীৰলৈ যোগান ধৰিব পাৰিব লাগিব । পশ্চিমীয়া দেশত খাদ্য সংক্ৰান্তীয় অনুসন্ধানমূলক গৱেষণাত পোৱা গৈছে যে এই দেশবোৰৰ খাদ্য প্ৰস্তুত কৰা প্ৰণালীবোৰত থাকে প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনযুক্ত আহাৰ । প্ৰ’টিনযুক্ত খাদ্য, যেনে- কণী, মাছ, মাংস, গাখীৰত এই প্ৰ’টিন যথেষ্ট পৰিমানে থাকে ।

পশ্চিমীয়া দেশত পুষ্টিৰ ক্ষেত্ৰত ল’ৰা- ছোৱালীৰ স্বাস্থ্যৰ সমীক্ষাত পোৱা যায় যে তেওঁলোকে যথেষ্টভাৱে আগবঢ়া  আৰু  যতনশীল । পুষ্টিৰ ক্ষেত্ৰত তেওঁলোক বৰ সংবেদনশীল আৰু সেইকাৰণেই ল’ৰা-ছোৱালীৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও আপোচ নকৰে । ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চলোৱা এক সমীক্ষা মতে, ১৯১০ চনৰ পৰা ১৯৬০ চনৰ ভিতৰত মানুহে তাত অধিক পৰিমাণৰ খাদ্য গ্ৰহণ কৰিছিল ।

১৯৬০ চনৰ পিচত মানুহৰ খাদ্যৰ পৰিমাণতে কোনো বৃদ্ধি ঘটা নাই । শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনোধৰনৰ উল্লেখযোগ্য বিভ্ৰান্তি ঘটা নাই । সকলো স্বাস্থ্যৰ নিয়মতে চলি আছে আপোচহীন বাবে । আনহাতে উন্নয়নশীল দেশবোৰত, যেনে- এছিয়া, আমেৰিকা, লেটিন আমেৰিকা আদি দেশবোৰৰ মানুহৰ ল’ৰা-ছোৱালী পুষ্টিহীনতাত ভুগি আছে । এইবোৰ দেশত গৃহহীন মানুহৰ সংখ্যা বেছি । স্বাভাৱিকতে প্ৰ’টিনযুক্ত আহাৰ গোটোৱা সেইবোৰ দেশৰ মানুহৰ কাৰণে জটিল সমস্যা হৈ পৰিছে । সেইবোৰ দেশৰ বাসিন্দাসকল অভাৱ আৰু অনাটনৰ মাজত জীয়াই থাকোতে শৰীৰৰ লাগতিয়াল খাদ্যৰ অভাৱত ভুগি থাকিবলগীয়া হয় । আৰু ল’ৰা-ছোৱালীবোৰে অস্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰি ৰুগীয়া হৈ জীয়াই থাকিবলৈ বাধ্য হৈ পৰে । ফলত এইবোৰ দেশৰ ল’ৰা-ছোৱালী পুষ্টিহীনতাৰ বলি হয় আৰু শাৰীৰিক বৃদ্ধিত তেনেই পিচপৰি থাকে ।

লেখক :- মনোজ কুমাৰ তালুকদাৰ

উৎস :- দেওবৰীয়া সম্ভাৰ

 

 

 

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top